পৃষ্ঠা:কনফুচিয়াছ.djvu/১৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
কনফুচিয়াছ

দুৰ্ব্বলতাৰ বাবে ভুল কৰে। সেইকাৰণে সাধুলোকৰ দোষবোৰ আঙুলিয়াই দিবলৈ এতিয়া সহজ হৈছে।

৬৭। নিজৰ প্ৰকৃত আত্মাৰ সন্ধান আৰু নৈতিক জীৱনৰ শৃঙ্খলা আনয়নৰ ওপৰত প্ৰকৃত মনুষ্যত্ব লাভনিৰ্ভৰ কৰে।
৬৮। বিনয় নৈতিক শৃঙ্খলাৰ ওচৰে ওচৰে যায়, চৰিত্ৰৰ সৰলতা প্ৰকৃত মনুষ্যত্বৰ কাষে কাষে যায় আৰু আনুগত্য আন্তৰিক নিষ্ঠাৰ সমান। এই তিনিটা সযত্নে পালন কৰিলে মানুহে কাচিৎ হে ভুল কৰে আৰু মনুষ্যত্বৰ প্ৰকৃত আদৰ্শৰ ওচৰ চাপিব পাৰে।

 নম্ৰ লোকে কমেই ভুল কৰে, নিষ্ঠাবান লোক সততে বিশ্বাসৰ পাত্ৰ হয় আৰু সৰল চৰিত্ৰৰ লোক সততে উদাৰ হয়। এই তিনিটা গুণৰ অধিকাৰী হলে তোমাৰ কাচিৎহে ভুল হব।

৬৯। বাকচাতুৰিৰ কোনো মূল্য নাই। তুমি যিমানেই অনৰ্গল বক্তৃতাৰে আত্মপক্ষ সমৰ্থন কৰি নিজৰ নিৰ্দ্দোষিতা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিবা মানুহে তোমাক তিমানেই বেচি ঘিণ কৰিব।
৭০। প্ৰকৃত সাধুলোক নহলে দাৰিদ্ৰ্য আৰু সমৃদ্ধি এই দুই অৱস্থাৰ কোনোটোতেই মানুহে বেচিসময় ধৈৰ্য্য ধৰি থাকিব নোৱাৰে।
৭১। মানুহক কেনেকৈ ভাল পাব লাগে আৰু কেনেকৈ ঘিণ কৰিব লাগে আৰু প্ৰকৃত সাধুলোকেহে জানে।