পৃষ্ঠা:কনফুচিয়াছ.djvu/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
কনফুচিয়াছ

ভাল নাপালে গতানুগতিক কাম কৰা হয়; সাহস ভাল পাই পঢ়িব ভাল নাপালে সি উচ্ছৃঙ্খল হয়; সিদ্ধান্তত উপনীত হবলৈ ভাল পাইও পঢ়িব ভাল নোপোৱা হলে তেনে মানুহ স্বৈৰাচাৰী আৰু গৰ্ব্বিত হয়।

৯৯। জন্মজ্ঞানী উত্তম, শিকিহোৱা জ্ঞানী মধ্যম, শিকিবলৈ ইচ্ছা নকৰা জ্ঞানহীন লোক অধম।
১০০। ডেকা লৰা ঘৰত সুপুত্ৰ হব লাগে, সমাজত বিনয়ী আৰু শ্ৰদ্ধাবান হব লাগে, চৰিত্ৰৰ ওপৰত নজৰ ৰখা, বিশ্বাসী, সকলোকে মৰম কৰা আৰু মৰমিয়াল লোকৰ লগত মিলামিশা কৰা হব লাগে। এই আটাইখিনি কৰিবলৈ শিকিও যদি উৎসাহ আৰু শক্তি থাকে তেন্তে কিতাপ পঢ়িব লাগে।
১০১। ধাৰ্ম্মিক শাসক ধ্ৰুবতৰাৰ দৰে। ই সদায় নিজস্থানত থাকে আৰু আন তৰাবিলাকে ইয়াক বন্দনা কৰি চাৰিওফালে পৰ্য্যটন কৰে।
১০২। আইনৰ বলেৰে শাসিত প্ৰজাই শাস্তিৰ ভয়ত আইন অমান্য নকৰিব পাৰে কিন্তু তেওঁলোকে নৈতিক বল হেৰুৱায়। ন্যায় আৰু চৰিত্ৰৰ বলেৰে শাসিত প্ৰজাই আত্মসংযমৰ নীতিৰে সুশৃঙ্খলিত হয়, নৈতিকতাও ৰক্ষা কৰে আৰু সৎ হয়।
১০৩। ন্যায়বান আৰু সত্যপৰায়ণ কৰ্ম্মচাৰীসকলৰ পদোন্নতি কৰা আৰু দুৰ্নীতিপৰায়ণসকলক পদচ্যুত কৰা— সকলো