পৃষ্ঠা:কনফুচিয়াছ.djvu/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
কনফুচিয়াছ

যাপন কৰা প্ৰকৃত নীতি-পৰায়ণ লোক আছে। তেওঁলোক কোনোৱে নজনাকৈ নিৰ্লিপ্ত জীৱন যাপন কৰে। শুদ্ধাত্মা দেৱপ্ৰকৃতিৰ লোকেহে এই জীৱন নিয়াব পাৰে।

৮। বিশ্বৰ সাৰ্ব্বজনীন নৈতিক বিধান সৰ্ব্বত্ৰ বিৰাজমান, অথচ ই গুহ্য আৰু ৰহস্যময়।
৯। বিশ্বব্ৰহ্মাণ্ডত আধ্যাত্মিক শক্তি অতি সক্ৰিয় আৰু ব্যাপক। চকুৰ অদৃশ্য, ইন্দ্ৰিয়ৰ অবোধ্য, অথচ ই সকলোৰে অন্তৰ্নিহিত। ইয়াৰ হাত কোনোৱে সাৰিব নোৱাৰে।
১০। মনুষ্যধৰ্ম্মৰ পৰা সত্য কেতিয়াও তিৰোহিত নহয়। মনুষ্যধৰ্ম্মৰ পৰা তিৰোহিত হোৱা সত্য কেতিয়াও সত্য হব নোৱাৰে। যদি কুঠাৰৰ নাল এডাল কাটিব লাগে তেন্তে নালটো কাটোতে নালৰ ৰূপটো তোমাৰ মনতেই আছে। সেইদৰে মানুহে আনৰ লগত ব্যৱহাৰ কৰোতে মানব প্ৰকৃতিৰ সাৰ্ব্বজনীন ধৰ্ম্মকো পাহৰিব নোৱাৰে। এই মানব ধৰ্ম্মৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ জীৱন গঢ়ি লব পৰাই নৈতিকতা।
১১। আনৰ পৰা তুমি যেনে ব্যৱহাৰ আশা নকৰা আনকো কেতিয়াও তেনে ব্যৱহাৰ নকৰিবা।

 মই মোৰ লৰাৰ পৰা যেনে ব্যৱহাৰ আশা কৰো মোৰ পিতাকো মই সেইদৰে সেৱা শুশ্ৰূষা কৰিব লাগে। মোৰ তলত কাম কৰা মন্ত্ৰীৰ পৰা মই যেনে