পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
মোৰ জীৱন সোঁৱৰণ

বি বৰুৱা বিলাতত প্ৰায় ছমাহমান আছিল। জ্ঞানে তাতে থাকি এইবাৰ বেৰিষ্টাৰী পৰীক্ষাত উঠি ১৯০৯ খ্ৰীষ্টাব্দত ডিচেম্বৰ মাহত কলিকতালৈ উভতি আহে।

 মই গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে এইদৰে বহলাই লেখাৰ অভিপ্ৰায় এয়ে যে কেনেকৈ বিধিৰ বিড়ম্বনাত এনে এটা শ্ৰেষ্ঠ আৰু সুন্দৰ অসমীয়া পৰিয়াল অলপ কালৰ ভিতৰতে ভাগি-ছিগি গ’ল, সেইটো সকলোকে জনাব লাগে। আমি কত আশা কৰিছিলোঁ , আমাৰ আশা ঈশ্বৰৰ অলঙ্ঘ্য বিধানত অনেকখিনি ছেদ হ’ল। পুনৰবাৰ কওঁ, ডাঙৰীয়া গুণাভিৰাম বৰুৱাই অন্ততঃ আৰু দহ বছৰমান জীয়াই থাকি তেওঁৰ অৱসৰ কালৰ সুখ-শান্তি ভোগ কৰিবলৈ যদি পালেহেঁতেন তেওঁ অসমীয়াৰ মঙ্গলৰ অৰ্থে আৰু ঘাইকৈ অসমীয়া সাহিত্যৰ অৰ্থে কিমান কাম কৰি গ’লহেঁতেন, সেইটো সহজতে অনুমান কৰিব পাৰি। তেওঁৰ এটাইকেইটি ধুনীয়া পুতেক যদি কলিতে শুকাই নগৈ, সৰি নপৰি জীয়াই থাকিলেহেঁতেন, আমি আৰু দুটি অসমীয়াৰ আদৰৰ ধন জে বৰুৱা পালোহেঁতেন বুলি মোৰ বিশ্বাস। ঈশ্বৰৰ অশেষ কৃপা যে কোনোমতে চুকে-কোণে লাগি থাকি জ্ঞানদাভিৰাম বৰুৱা ৰ’ল যিজনেই আজি অসমীয়াৰ আদৰৰ আৰু গৌৰৱৰ বস্তু “প্ৰিঞ্চিপেল জে বৰুৱা। তেওঁ তেওঁৰ বৰণীয় পিতদেৱতাৰ ওখ মন আৰু বহল হৃদয়ৰ প্ৰকৃত উত্তৰাধিকাৰী নহয়নে? গোটেই আসামত উঠা প্ৰতিধ্বনিয়ে কৈছে, “হয়।” ঈশ্বৰে তেওঁক দীৰ্ঘজীৱি কৰি কুশলে ৰাখক, ঈশ্বৰৰ চৰণত এই জীৱন-সোঁৱৰণৰ লেখকৰ এয়ে আন্তৰিক প্ৰাৰ্থনা।

 কলিকতা য়ুনিভাৰ্ছিটিৰ হাতত শেষত এইদৰে মাৰ খাই ধিক্কাৰ লাগি সেইফালে আৰু মুখ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ , আৰু স্বাধীনভাৱে ব্যৱসায়-বাণিজ্যবৃত্তিকে ধৰি জীৱন কটাবলৈ সঙ্কল্প কৰিলো। শ্ৰীযুত ভোলা নাথ বৰুৱাক মোৰ মনৰ কথা এদিন কলতে তেওঁ মোক আকোৱাল মাৰি ধৰিলে। তেওঁৰ সৈতে লগলাগি ব্যৱসায় কৰাকে স্থিৰ কৰি একান্তমনেৰে মই কাৰ্য্যত লাগি গলোঁ। তেওঁ গা ভাল পাই (১৮৯৩ খ্ৰীষ্টাব্দত) নৰিয়াৰপৰা উঠি সৰু-সুৰা ব্যৱসায়ত ধৰিছিল। প্ৰথমতে কলিকতাৰ মেকলিউড (Mc-Leod) কোম্পানীৰ তেওঁ বাৰচেৰেক গাৰো পৰ্বতৰপৰা অলপ-অচৰপ কপাহ আনি বেচিছিল। তাৰ পিছত “বি বাদাৰ্ছ” নাম দি, কলিকতাৰ বঙ্গলা বাতৰি কাকত সঞ্জীৱনীত বিজ্ঞাপন দিছিল যে, বি. ব্ৰাদাছ কোম্পানীয়ে চেগুণ কাঠৰ চ’তি, বৰগা, চৌকাঠ ইত্যাদি যাক লাগে, সোনকালে আৰু সস্তাত যোগাব। তেওঁৰ এই উদ্যম সফল নহ’ল। তাৰ পিছত তেওঁ ই আই আৰৰ আছান্সোল ষ্টেশ্যনত সৰু দুমহলীয়া ঘৰ এটা কেৰেয়াকৈ লৈ তাতে অসমৰ চাহ খুচুৰাকৈ বিক্ৰী কৰাত ধৰিছিল। চাহৰ লগতে দুইচাৰিডাল কাঠো বিক্ৰী কৰিবলৈ লৈ থৈছিল। বঙ্কুবিহাৰী কৰ নামৰ বঙ্গালী এজনক মাহে টকাচেৰেক দৰ্ম্মহাত সেই ব্যৱসায়ৰ কাৰ্য্যত তেওঁ ৰাখিছিল। তাৰ পিছত বেঙ্গল নাগপুৰ ষ্টেশ্যন গুইলকেৰ আৰু মনোহৰপুৰত সৰু-সুৰাকৈ ৰেলৰ স্লিপাৰৰ ব্যৱসায় কৰিবলৈ মনস্থ কৰি তেওঁ গৱৰ্ণমেন্ট