তাত থকা থাপনাৰ ফালে মূৰ থৈ সাষ্টাঙ্গে সেৱা কৰিলে। থাপনা মানে কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাৱলী পুথি থৈ, তাৰ ওপৰত পাহে পাহে সোণ আৰু ৰূপৰ ফুল লগোৱা বগা কাপোৰ এখন দি ঢাকি থোৱা বস্তু। এই থাপনাই আমাৰ গোসাঁই ঘৰৰ ভিতৰত পূূবফালে এমূৰত সোঁঁ-মাজতে শ্ৰেষ্ঠ আসন সিংহাসন অধিকাৰ কৰি আছিল। থাপনাৰ সোঁফালে একে শাৰীতে সুকীয়াকৈ শালগ্ৰামসমূহ ৰখা হৈছিল; আৰু তাৰ পূূূজা পিতৃদেৱতাই নিতৌ নিজে কৰিছিল। থাপনাৰ বাওঁফালে একে শাৰীতে সুকীয়াকৈ ক’লা শিলৰ ডাঙৰ কৃষ্ণমূৰ্ত্তি এটা খোৱা হৈছিল; আৰু সেই মূৰ্ত্তিৰ পূজা আমাৰ ঘৰতে ব্ৰাক্ষ্মণ এজনৰ দ্বাৰাই দিনৌ নিয়মিত ৰূপে কৰোৱা হৈছিল। মাহ-চাউল-ফলৰ শৰাই সদায় থাপনাৰ সিংহাসনৰ আগত থোৱা হৈছিল। থাপনাৰ ফালে মুখ কৰি নাম গোৱাসকলে দিনৌ তিনি প্ৰসঙ্গ কৰিছিল। দেউতাই পূজা কৰি থাকোঁতেই নাম-লগোৱাই থাপনাৰ আগত, কিছু দূৰত বহি, হাতত ভোৰ-তাল লৈ দৈনিক প্ৰসঙ্গ অৰ্থাৎ নাম গোৱা আৰম্ভ কৰিছিল; আৰু নামত যোগ দিয়া আন আন মানুহে দুফালে দুশাৰী হৈ সেই নাম গাইছিল। দেউতাই পূজা সাঙ্গ কৰি সোঁফালৰ নাম-গোৱাসকলৰ শৰীতে এমূৰে বহি, আগতে ঠগিত থকা কীৰ্ত্তন ঘোষা পুথি মেলি তাৰপৰা কীৰ্ত্তন-ঘোষা লগাই দিছিল। সেই ঘোষা নাম- লগোৱাৰ ভোৰ-তালেৰে সৈতে আৰু দুফালে শাৰী নাম-গোৱা ভকতৰ হাত- চাপৰিৰে সৈতে সমাপন হৈ প্ৰসঙ্গ কৰা হৈছিল; আমাৰ ঘৰত এইটো নিত্য-নৈমিত্তিক ব্যাপাৰ আছিল আৰু দিনৌ কম পক্ষে তিনিবাৰকৈ। এয়ে সংক্ষেপ বৰ্ণনা।
এতিয়া আগৰ কথালৈ যাওঁ। পিতৃদেৱতাই গোসাঁই-ঘৰত থাপনাৰ আগত সাষ্টাঙ্গে প্ৰণিপাত কৰাৰ পিছত, গোসাঁই-ঘৰৰ ভিতৰতে আঁৰি খোৱা বৰকাঁহখন, যাক নাম-প্ৰসঙ্গৰ অন্তত বজোৱা হয়—নিজেই বজাবলৈ ধৰিলে। তাৰ পিছত তেওঁ বাহিৰলৈ আহি মোৰ মূৰত হাত দি মোক আৰ্শীবাদ কৰিলে আৰু আদৰ কৰি মূূূৰ শূঙিলে। দেখিলোঁ তেওঁৰ চকু সেমেকা। পিতৃদেৱতা গহীন-গম্ভীৰ প্ৰকৃতিৰ লোক আছিল। তেওঁ নিজৰ পুতেক এজনৰ মত্যু-শয্যাৰ কাষত বহি উচ্চৈঃস্বৰে ঈশ্বৰৰ নাম সোঁৱৰাওঁতেও তেওঁৰ চকুত পানী এটোপাল দেখাৰ কথা আমি কোনেও ক’ব নোৱাৰোঁ। সেই দেখিয়েই সেইদিনৰ এই কথাই মোৰ মনত ইমানকৈ সাঁচ বহুৱালে।
সেই সময়ত অসমত বি-এ “পাছ” কৰাটো অসাধাৰণ ব্যাপাৰ আছিল। সুবিখ্যাত জগন্নাথ বৰুৱাই তেতিয়া অসমত বি-এ জগন্নাথ। যদিও আনন্দৰাম বৰুৱা তেওঁৰ আগৰেই বি-এ হৈছিল, তথাপি আনন্দৰামে চিভিল চাৰ্ভিচ “পাছ” কৰি “চিভিলিয়ান” হৈছিল দেখি দেখি সেই সৰু খ্যাতি তল পৰি, তেওৰ চিভিলিয়ান বৰ খ্যাতি ওপৰ উঠিল আৰু সেই দেখিয়েই অসমত প্ৰথম বি-এ “পাছ” বুলি জগন্নাথ বৰুৱা “বি-এ জগন্নাথ” নামেৰে বিখ্যাত হৈছিল। মোৰ আগেয়ে অৱশ্যে অনেকে বি-এ “পাছ” কৰিছিল; আৰু তেওঁলোক যদিও পৰি মৰা বিধৰ নাছিল, তথাপি সেই সময়লৈকে “বি-এ পাছ” নামৰ পদাৰ্থটো অপদাৰ্থত পৰা