পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
মোৰ জীৱন-সোঁৱৰণ

আজকে এদেৰ বাড়ীতে যাত্ৰা হবে। হৈ হৈ ব্যাপাৰ ৰৈ ৰৈ কাণ্ড হবে। আজ ৰাত্ৰে দেখা যাবে এখন।”

 এই সকলোবোৰকে খুৱাই-বুৱাই মই লগত লৈ দিনৌ কলিকতাত দেখুৱাবলগীয়া ঠাইবোৰ দেখুৱাই ফুৰিছিলোঁ। বছৰি এনেকুৱা “উৎসৱ” তিনি-চাৰি বাৰকৈ সম্পাদিত হৈছিল।

 “Out of evil cometh good” বুলি এষাৰ ইংৰাজী প্ৰচলন আছে। গৃহিণীৰ বিশাল বিপুল ৰন্ধন-কাৰ্য্যৰপৰা এটা ডাঙৰ উপকাৰ হ’ল। তেওঁৰ দ্বাৰাই “আমিষ ও নিৰামিষ আহাৰ” নামৰ বৰ তিনি “ভলিউম” অৰ্থাৎ তিনিখণ্ড ৰন্ধা-বঢ়াৰ কিতাপ ৰচিত হ’ল। আজিও গোটেই বঙ্গদেশত সেই কিতাপ প্ৰচলিত। তাৰ আগেয়ে তেনে কিতাপ বঙ্গদেশত নাছিল বুলিলেই হয়। তাৰ আগতে বিপ্ৰদাস মুখুৰ্জ্জী নামেৰে এজনে “পাক-প্ৰণালী” নামেৰে সৰু কিতাপ এখন ৰচনা কৰিছিল যদিও “আমিষ ও নিৰামিষ" কিতাপেৰে সেইখনৰ তুলনাই নহয়।

 আমি গোপীকৃষ্ণ পাল লেনৰ ঘৰত থাকোঁতেই, আমেৰিকাৰপৰা ডাক্তৰ গোপালচন্দ্ৰ বেজবৰুৱা (Dr G C. Bezbaroa) আহি আমাৰ লগতে কিছুদিন আছিল। তাৰ পিছত তেওঁ S S Mersey নামৰ জাহাজত, কলিকতাৰ গাৰ্ডেন বিচপৰপৰা কুলীৰ তত্ত্বাবধায়ক ডাক্তৰস্বৰূপে কুলী লৈ আকৌ আমেৰিকালৈ যায়। প্ৰায় এবছৰ কি ডেৰ বছৰৰ মুৰতহে তেওঁ বিলাতেদি ঘুৰি আকৌ আমাৰ ঘৰলৈ আহে। অৱশ্যে তেতিয়া আমি গোপীকৃষ্ণ পাল লেনৰ ঘৰত থকা নাছিলোঁ। তাৰপৰা ২৭ নম্বৰ বলৰাম দে ষ্ট্ৰীটৰ ঘৰ এটালৈ উঠি আহি, তাতে এবছৰমান থাকি হাওড়ালৈ উঠি গলোঁ।