মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, —ভালকৈ কব নোৱাৰো, “এৰেবিয়ান-নাইটছ” অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কান্ধত উঠিল, তাক একোপধ্যেই দলিয়াই পেলাব নোৱাৰা হলোঁ। সেই বস্তুটোৰ নাম বিয়া। কাব্য আৰু উপন্যাসে মৌখিক দান-পত্ৰত বিয়াৰ যৌতুক স্বৰূপে দিব খোজা বস্তুবোৰে অৱশ্যে তেতিয়া মোৰ সেই মন ৰঙ কৰি যে নথৈছিল এনে নহয়; তথাপি যাক বিয়াৰ বায়ু বোলো, সেই বায়ুৱে মোৰ মূৰত দীঘলীয়াকৈ ঠাই লৈ মোক বায়ুৱা কৰিছিল বুলি মই কব নোৱাৰোঁ। বিপদ বুজি সেই অলিয়া বলিয়া দক্ষিণ বতাহৰ প্ৰৱেশদ্বাৰ যথাসাধ্য মই বন্ধ কৰি থবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু, থলেকি হ’ব? লোকে ঠেলি-হেঁচুকি দুৱাৰখন যিমান পাৰে মেলি দি মোক কিছু পৰিমাণে বায়ুৱা কৰিবলৈ ত্ৰুটি নকৰিছিল। মই সংকল্প কৰিছিলোঁ যে পঢ়া-শুনা শেষ কৰি, যেতিয়া মই আৰ্জ্জি খাব পৰা হ'ম আৰু মোৰ সহধৰ্ম্মিণীকো খুৱাই-বুৱাই সুখত ৰাখিব পৰা হ'ম, তেতিয়াহে মই বিয়াৰ ভাবনা ভাবিম। কিন্তু পঞ্চচক্ৰত ভগৱানো ভূত-হয় বুলি বঙ্গলাত কোৱা কথা এষাৰ আছে। মোকো তেনে চক্ৰত পেলাই ভূত-যোনিত স্থান দিবলৈ সকলো লাগি গ'ল। দেখিলোঁ, আকাশে-পাতালে মোৰ বিয়াৰ কথা। কলিকতাৰপৰা ঘৰলৈ উভতি গলোঁ; তাতো মোৰ বিয়াৰ কথা। সম্বন্ধীয়া স্ত্ৰী-মহামণ্ডলীত মোৰ বিয়াৰ আন্দোলন। বেজাৰৰ কথা এইটোৱেই যে মই নেদেখিলোঁ মোৰ মাতৃদেৱীয়ে সেই মহা মণ্ডলৰ সভানেত্ৰীৰ বাব লৈছিল। পোন-পটীয়ে তেওঁলোকে দুৰ্গ ভেদ কৰিব নোৱাৰি, কুট-নীতি অৱলম্বন কৰিবলৈ ধৰিলেটি বিয়াৰ দুৰ্গ ভেদত স্ত্ৰী-জাতি, ঠিক যেন জাপানী সেনাপতি জেনাৰেল নোগি। যি হওক মই মুখৰ মহলা মাৰি মহা মণ্ডলৰ সভ্যাসকলক কিছুদুৰ বিমুখ কৰি সাৰি কলিকতালৈ গুচি আহিলোঁ। কিন্তু ভূতে মোৰ পিছ নেৰিলে। দেখিলোঁ কলিকতাতো মোৰ পিছত সেই ভূত আনফালে—মই যে সেইদৰে সকলোৰ স্পৃহনীয়, বৰণীয় আৰু গ্ৰহণীয় হৈ পৰিছো, সেই ভাবেও মোৰ মনত গন্ধৰ্ব-পৰ্বত তুলি দিলে আৰু তাৰপৰ সন্তোষৰ শীতল নিজৰ ববলৈ ধৰিলে, অৱস্থা কাহিল হৈ উঠিল; তথাপিও মই মনত বল বান্ধি বিয়াৰ বিৰুদ্ধে দুহতীয়া খাপৰ হাতত ললোঁ। যেয়ে মোৰ বিয়াৰ প্ৰস্তাৱ কৰে বা সঙ্কেত দিয়ে, তাকে একেষাৰেৰে কৈ দিওঁ “নকৰাওঁ।” মই সেইদৰে কবলৈ শিকি থৈছিলোঁ আমাৰ “মনপুৰ কাই” ৰ পৰা। মোৰ জীৱন-সোঁৱৰণ পঢ়োঁতা সকলে সুধিব পাৰে এই “মনপুৰ কাই” আকৌ কোন? এই কাই এই আখ্যানৰ ভিতৰত ক'ৰপৰা সোমালহি।” উত্তৰটো সেই দেখি আগতে দি থওঁ। আমাৰ শিৱসাগৰৰ ঘৰত অনেক কালৰপৰা পুৰণি লগুৱা এটা আছিল, তাৰ নাম মনপুৰ। তাৰ ঘৰ যোৰহাটৰ কাষৰ চাওখাত মৌজাত। সৰুৰেপৰা
পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১১০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে