পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
মোৰ জীৱন-সোঁৱৰণ

সকলোৰে সৈতে ব্যৱহাৰত পাৰ্থক্য নকৰিছিল। বিদেশত অসমীয়া মানুহ এটা দেখিলেও তেওঁ দুই হাত মেলি আঁকোৱালি ধৰিছিল— তেহেলৈ সেইজন ডাঙৰেই হওক বা সামান্য মানুহেই হওক। এবাৰ তেওঁ পশ্চিমত ফুৰোঁতে ৰেলত এজন সাধাৰণ গাৱঁলীয়া অসমীয়া মানুহ দেখি, আনন্দত উত্ৰাৱল হৈ দুই হাত মেলি সেইজনক আঁকোৱাল মাৰি ধৰি কথাবাৰ্তা হৈ আনন্দ পাইছিল আৰু সেই কথা মই তেওঁৰ নিজৰ মুখৰপৰাই শুনিছিলোঁ। সকলোৱে দেখিছে, কলিকতাৰ ঘোঁৰাৰ গাড়ীৰ মুছলমান গাৰোৱানে ভেৰোণলৈ খাপ দি গাড়ী ৰখা ঠাইত (stand) থাকোঁতে এটা মুছলমান ধপাত বেচোঁতাই দীঘল নল লগোৱা গুৰগুৰী এটাত ধপাত লগাই গাৰোৱানবোৰক খুৱাই ফুৰি সিহঁতৰপৰা একোটাকৈ পইচা লয়। এদিন আমাৰ ডাঙৰীয়াই খোজ কাঢ়ি হেৰিশ্যন ৰোডেদি যাওঁতে তেনে গাড়ী ৰখা ঠাই এখনৰ কাষ পালত, সেইদৰে ধপাত বেচোঁতা এটাই ডাঙৰীয়াৰ দীঘল ডাঢ়ি দেখি, তেওঁক তাৰ ধৰ্মাৱলম্বী বুলি ভাবি, গুৰগুৰীৰ নলটো তেওঁৰফালে আগবঢ়াই দিছিল। ৰহস্যটো ততালিকে বুজি, হাঁহি সেই নলিচাডাল হাতেৰে ধৰি মুখৰ ফালে মিছাকৈ টোঁৱাই, তাক নিৰাশ নকৰি পইচা এটা দি গুচি গ’ল। সেই ঘটনাটো তেওঁ নিজেই বঢ়িয়াকৈ ৰং দি আমাক কৈ হহুঁৱাইছিল আৰু নিজেও নথৈ হাঁহিছিল। এনেজন “প্ৰশান্ত পুৰুষ আনন্দময়” আছিল আমাৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়া।

 ৰায়বাহাদুৰ ডাঙৰীয়াৰ মৃত্যুৰ পিছত ৰজনীনাথ ৰায়ে (Mr. R. N. Ray) কমলা আৰু জ্ঞানক স্বৰ্ণেৰে সৈতে তেওঁৰ “ৰিট্ৰিট” (The Retreat) বোলা ঘৰলৈ লৈ যায়। ৰজনীনাথ ৰায় ৰায়বাহাদুৰ ডাঙৰীয়াৰ জোঁৱায়েক ডাক্তৰ নন্দকুমাৰ ৰায়ৰ ককায়েক। তেওঁ গৱৰ্ণমেণ্টৰ এজন ডাঙৰ বিষয়া আছিল। এইডোখৰ কালতে এটা গলাগোপা (rumour) ওলাই আমাৰ মনত বৰকৈ কষ্ট দিছিল—বিশেষকৈ ডাঙৰীয়াৰ বিধৱা জীয়েক স্বৰ্ণক আৰু তেওঁৰ সৰু ভায়েক দুটিক। সেই গলাগোপাত ওলোৱা কথাটো প্ৰকৃততে সঁচা নে মিছা মই ভালকৈ ক’ব নোৱাৰোঁ; কিন্তু ৰায়বাহাদুৰ পৰিয়ালৰ হিতাকাক্ষী বঙ্গালীসকলেও শুনিবলৈ পাইছিল। গলাগোপাটো হৈছে— ৰায়বাহাদুৰৰ বংশৰে গণ্যমান্য মানুহ এজনে হেনো আদালতত গোচৰ এটা কৰি চেষ্টা কৰি চাবলৈ গৈছিল, যাতে ডাঙৰীয়া গুণাভিৰাম বৰুৱাৰ সৈতে তেওঁৰ গৃহণীৰ বিবাহটো আইনমতে অসিদ্ধ প্ৰমাণিত হয়। তেনেহলে ডাঙৰীয়াৰ টকা-কড়ি বিষয় সম্পত্তিৰ উত্তৰাধিকাৰী কমলা আৰু জ্ঞান নহৈ তেওঁলোক হব পাৰে। ডাঙৰীয়াই কোনো উইল কৰি যোৱা নাছিল। বোধকৰোঁ তেওঁ সমাজিকতো ভবা নাছিল যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বিষয়-সম্পত্তি লৈ এনেকুৱা কোনো কথা উঠিব পাৰে। বাবু দুৰ্গামোহন দাস ডাঙৰীয়াৰ পৰিয়ালৰ এজন বিশিষ্ট বন্ধু আছিল। তেওঁ হাইকোৰ্টৰ এজন ডাঙৰ উকীল আছিল।

 এদিন তেওঁ ৰজনী ৰায়ৰ ঘৰলৈ গৈ স্বৰ্ণলতাক ক’লে, “স্বৰ্ণ, তোমাদেৰ কোনও ভয় নেই। তোমাৰ ভাইদেও ভয় নেই। আমি তোমাদেৰ ইষ্টেটৰ এডমিনিস্ট্ৰেশনেৰ বন্দোবস্ত কৰেছি।” বাস্তৱিক তেওঁ তাকে কৰিছিলো। এনে বিষয়ত দুজন দুজন জামিন (surities) বা সাক্ষীৰ আৱশ্যক। এজন তেওঁ নিজে হৈছিল আৰু আনজন শ্ৰীযুত জগদীশ বসুকে (Sir Jagadish Bose) তেওঁ কৰি দিছিল, যদিও ছাৰ