পুতেক কমলা আৰু জ্ঞান তেতিয়া সৰু ল'ৰা। স্কুলৰপৰা আহি সিহঁতে দেখিলে যে সিহঁতৰ মাতৃদেৱী আৰু ইহসংসাৰত নাই। ডাঙৰীয়াৰ অন্তৰ যদিও শােক শেলত থকা-সৰকা হৈছিল, তথাপি তেওঁ অচল অটল। ধৈর্য্য তেওঁৰ অসীম। ব্রাহ্ম সমাজৰ আচাৰ্য্য পণ্ডিত শিবনাথ শাস্ত্রী প্রভৃতি ব্রাহ্মসকলে মৃতকৰ শৱ বেঢ়ি বহি আছে। এজনে ব্রাহ্মসঙ্গীত গাইছে-
ঐ যে দেখা যায় আনন্দধাম,
ভবজলধিৰ পাৰে।
ব্রাহ্মসকলে পৰামৰ্শ কৰি এখন গৰুৰ গাড়ীৰ ওপৰত শৱটো তুলি নিমতলা ঘাটত পুৰিবলৈ লৈ গ'ল। ডাঙৰীয়াই “নিবাত নিষ্কম্প তৰু”ৰ দৰে চাই আছিল মাথােন, সেই বন্দবস্তত একো হস্তক্ষেপ নকৰিছিল। মই বেজাৰ মনেৰে স্থানলৈ উভতি আহিলোঁ। ডাঙৰীয়াই গৃহিণীক নৰিয়াত কলিকতাৰ ডাঙৰ ডাঙৰ ডাক্তৰ আৰু, গঙ্গাপ্রসাদ আৰু দ্বাৰকা নাথ কবিৰাজ প্রভৃতিৰ দ্বাৰাই চিকিৎসা কৰােৱাইছিল; জল-বায়ু; পৰিবৰ্তনৰ নিমিত্তে গিৰিধি প্রভৃতি ঠাইত ফুৰাই আনিছিল। কিন্তু কালৰ হাতৰ-পৰা তেওঁক তেওঁ ৰক্ষা কৰিব নােৱাৰিলে। আজিকালি য'ত বঙ্গবাসী কলেজ হৈছে সেই ২৬ নম্বৰ স্কট্চ্ লেনৰ ঘৰতে ডাঙৰীয়ানীয়ে ইহসংসাৰ পৰিত্যাগ কৰি ডাঙৰীয়াক সেই বুঢ়া বয়সত অকলশৰীয়া কৰি আৰু ল'ৰা-ছােৱালীকেইটিক নিঠৰুৱা কৰি গুচি গ'ল। আমি তেতিয়া ৩ নম্বৰ ওল্ড বৈঠকখানাত আছিলাে। সেই বিপদৰ কেইদিন সৰু ল'ৰা কমলা আৰু জ্ঞানে গধুলি আমাৰ তাত খাইছিলগৈ।
ইয়াৰ কিছুদিন পিছত আমি ৩ নম্বৰ ওল্ড বৈঠকখানাৰ ঘৰ এৰি দিলত ডাঙৰীয়া
গুণাভিৰাম বৰুৱাই সেই ঘৰটো লৈ তাতে থাকেগৈ। মাহচেৰেক তাতে তেওঁলােক সুখেৰে আছিল, আকৌ বিপদে তেওঁলােকৰ লগ ললেগৈ। ডাঙৰীয়াৰ বৰ লৰাটি কৰুণা তাতে জৰত পৰিল। আকৌ ডাঙৰ ডাঙৰ ডাক্তৰ আৰু কবিৰাজৰ সমাৰােহ ঘটিল। ডাক্তৰ দেবেন্দ্রনাথ ৰায়, জহুৰুদ্দিন, মেকডনেন্ড ইত্যাদি। মেকডনেল্ডে কৰণাক সমুদ্রত ফৰাই আনিবলৈ পৰামৰ্শ দিলত, ডাঙৰীয়াই শ্ৰীযুত আনন্দচন্দ্র আগৰৱালাক (তেতিয়া কলেজৰ ছাত্ৰ পিছত ৰায়বাহাদুৰ) লগত দি কৰুণাক
জাহাজেৰে বৰ্ম্মা লৈ পঠিয়াই দিলে। জাহাজত অহা-যােৱা কেৰেয়া আদি ২৫০ টকা দি দুইকো পঠিওৱা হ’ল। যিদিনা কৰুণাক জাহাজত তুলি দি তেওঁ বৰ্ম্মালৈ পঠিয়ালে সেইদিনা ডাঙৰীয়াৰ অপাৰ আনন্দ। আচৰিত কথা, যি কেইদিন কৰুণা জাহাজত আছিল, কৰুণাৰ জ্বৰ হােৱা নাছিল। যাওঁতে চাৰিদিন, আহোঁতে চাৰিদিন। ৰেঙ্গুনত থাকোঁতে কৰুণাৰ গা ভালে আছিল। কিন্তু উভতি কলিকতা পালত আকৌ সেই আপদীয়া জ্বৰে কৰুণাক ধৰিলে। তাৰ পিছত কৰুণাক লগত লৈ
ডাঙৰীয়া পুৰুলিয়ালৈ গ'ল। সেই কালত পুৰুলিয়া বেঙ্গল-নাগপুৰ ৰেল কোম্পানীৰ এটা উঠি অহা ষ্টেচন আৰু স্বাস্থ্যকৰ ঠাই। তাতো একো উপকাৰ নােহােৱা দেখি, তেওঁ কৰণাক মধুপুৰলৈ লৈ গ'ল। ৩ নম্বৰ ওল্ড বৈঠকখানাৰ ঘৰতে তেওঁৰ বাকী ল’ৰা দুটি আৰু জীয়েক আছিল। পিছত কমলা আৰু জ্ঞানকো মধুপৰলৈ লৈ যােৱা হ'ল। কিছুদিনৰ পিছত কমলা আৰু জ্ঞান উভতি আহি, আমাৰ লগতে