পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
মোৰ জীৱন-সোঁৱৰণ

ধৰিলে, যাতে য়ুনিভাৰ্ছিটিয়ে মোকৰ্দ্দমাত হাৰি প্ৰেস্টিজ (Prestige) অৰ্থাৎ মান নেহেৰুৱায়; ফলত জজ ছেলে আমাৰ বিপক্ষে ৰায় দিলে আৰু, আমি হাৰিলোঁ। মঠতে য়ুনিভাৰ্ছিটিৰ “প্ৰেষ্টিজৰ” আগত আমাক বলি দিয়া হ'ল। মোৰ ওপৰত মোকৰ্দ্দমাৰ খৰচো ডিগিৰি দিলে। যি হওক, আমাৰ এই আন্দোলনৰ ফলত, তিনি মাহৰ মূৰত য়ুনিভাৰ্ছিটিয়ে আকৌ এটা পুৰক বা পৰিশিষ্ট বি-এল পৰীক্ষা (Supplementary Examination) পাতিলে। সেই পৰীক্ষাত আনবোৰ ছাতৰেৰে সৈতে ময়ো পৰীক্ষা দিবলৈ বহিছিলো। কিন্তু প্ৰথমদিনাৰ পৰীক্ষাৰ প্ৰশ্নৰ কাকতৰ উত্তৰ দি আৰু, নগলোঁ। কাৰণ পৰীক্ষাৰ ঘৰত য়ুনিভাছিটিৰ কাৰ্য্যকাৰকবোৰে মোৰ ওপৰত এনেকৈ “নজৰ” দিবলৈ ধৰিলে, যেন মই এটা ‘দাগী চোৰ” হে তাত ওলাইছোঁগৈ। প্ৰশ্নৰ উত্তৰৰ কাকতবোৰ এজন কাৰ্যকাৰকৰ হাতত দি উঠিবলৈ গৈছোঁ, এনেতে অফিচৰে মোৰপৰা মোকৰ্দ্দমাত ডিগিৰি হোৱা খৰচৰ টকা দাবী (demand) কৰিলেহি। মোৰ টিকচি-বিকচি খং উঠি সেইজনক “চলা জাও” বুলি ডাবি দি গুচি আহিলোঁ। ভাবিলোঁ, ইহ'তে মোক আৰু পৰীক্ষাত কেতিয়াও “পাছ” নকৰে। তাকে ভাবি, কলিকতা য়ুনিভাৰ্ছিটিৰ চৰণত নমস্কাৰ কৰি মেলানি মাগি আৰু পৰীক্ষা দিবলৈ নগলো। মোৰ লগৰীয়াৰ ভিতৰৰ অনেক ছাতৰ সেই পৰীক্ষাত উত্তীৰ্ণ হ'ল।


 আমাৰ সেই পুৰণি ফকৰাটো মনত পৰিল,-

খাই কাৰ্শলা ডালত উঠিল।
কাঠি চেলেকাৰ মৰণ মিলিল॥

আৰু; উকীল নহওঁ বুলি মনতে দৃঢ়সঙ্কল্প কৰিলোঁ। ভাবিলোঁ আমাৰ বংশত উকীলে নুশুজে। সেই দেখিয়েই হবলা পিতৃদেৱতাই একষ্ট্ৰা এছিষ্টেণ্ট কমিছনাৰ হৈ থাকোঁতে উকীলৰ বহীত নাম লিখি দি অনেকক উকীল পাতিছিল; কিন্তু নিজৰ পুতেক এজনকো সেই কাৰ্য্যলৈ আগ নবঢ়াইছিল। সেই কালত বি-এল বা এল-এল, পৰীক্ষা নিদিয়াকৈয়ে হাকিমৰ “চুপাৰিচতে” উকীল হব পৰা নিয়ম আছিল। উকীলৰ ব্যৱসায়টোও তেওঁৰ দ্বাৰাই বৰ সন্মানৰ বুলি বিবেচিত নহৈছিল।