দিনৌ দুবেলা তেওঁ তেওঁৰ থকা ঘৰৰপৰা আহি খোঁটালীটোত সোমাই সমুখৰ দুৱাৰখন মাৰি লৈ, ভিতৰত অকলে বহি, ঈশ্বৰৰ ধ্যান-ধাৰণা উপাসনা কৰিছিল। তেওঁ ৰামকৃষ্ণ পৰমহংসদেৱৰ এজন প্ৰধান শিষ্য আছিল “ম-কথিত” নাম দি “ৰামকৃষ্ণ কথামৃত” নামৰ পাঁচ খণ্ড কিতাপ ৰচনা কৰিছিল। মানুহজন বৰ ধৰ্ম্মপ্ৰৱণ আৰু নিৰ্ম্মল চৰিত্ৰৰ আছিল। মোৰে সৈতে তেওঁৰ বন্ধুত্বও দৃঢ় হৈছিল।
কিছুদিনৰ পাছত শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতা এৰি পাটনাত বি, এ পঢ়িবলৈ গ’ল। তেওঁৰ খোঁটালীটো তেওঁলোকৰ হৈয়েই আছিল। মাজে মাজে তেওঁৰ দেউতাক ডাঙৰীয়া হৰিবিলাস আগৰৱালা তাত থাকিছিলহি। পিছত শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালাই (ৰাযবাহাদুৰ) তাতে থাকি কলেজত পঢ়িছিল। মাজিৱে মযে তাৰেপৰাই পিছডোখৰত “জোনাকী” কাকত চলাইছিলোঁ। মাজিউ পাটনালৈ গলত শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালাক মই সহায়ক পালোঁ। ৺লক্ষেশ্বৰ শৰ্মা বি এ কিছুদিন আমাৰ লগতে আছিলহি। তেওঁকো মই সহায়কভাৱে পাইছিলো।
কেইমাহমানৰ পিছত মহেন্দ্ৰ বাবুৱে তেওঁৰ খোঁটালীটো এৰি দিলে। তাৰ পিছত ভোলানাথ বৰুৱা ডাঙৰীযা ( বি, বৰুৱা) সেই খোঁটালী-নিবাসী হ’ল। হৰেন্দ্ৰনাথ সেন (এইচ, এন্, সেন) নামৰ উকীল এজনো মাহচেৰেকৰ নিমিত্তে আমাৰ লগত আছিলহি। তেওঁ কলিকতা বিশ্ববিদ্যালযৰ “ডবল” এম্, এ, আইনত বি, এল্. আৰু পিছত বোধকৰো বেৰিষ্টাৰ হৈছিল। মানুহজন বিদ্বান; কিন্তু স্বভাৱটো খঙাল আছিল। খঙাল নুবুলি খিট্ খিটীয়া বুলিলেই বোধকৰোঁ ঠিক হ’ব। বিশ্ববিদ্যালয়ৰ মহলাত উঠিবলৈ দিনে-ৰাতিয়ে পঢ়ি থাকি কিতাপৰ পোক হলে, মানুহ যেনে হয়, তেওঁ তেনেকুৱাই হৈছিল। কথাই কথাই তেওঁৰ মূৰ তপত হৈ উঠিছিল আৰু চাকৰে তেওঁৰ মূৰত থপিয়াই দি দি সততে তেওঁক বিচি থাকিবলগীয়াত পৰিছিল। তেওঁ উজনী আসামতো কিছুদিন ওকালতি কৰিছিলগৈ। ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱাই তেওঁক ভাল পাইছিল আৰু তেখেতৰ “চুপাৰিচতে” তেওঁক মই আমাৰ লগতে ৰাখিছিলোঁ। কিন্তু তেওঁ নিজৰ খিট্খিটিয়া স্বভাৱৰ নিমিত্তে সৰহ দিন আমাৰ লগত থাকিব নোৱাৰিলে। যাবৰ সময়ত আমাৰ সৈতে থকা আৰু খোৱাৰ খৰচৰ কাৰণে তেওঁৰ সৈতে মোৰ অলপ মনোমালিন্যও হৈছিল। কিছুদিনৰ পিছত শুনিলোঁ তেওঁ একেবাৰেই বিলাতবাসী হবলৈ বিলাতলৈ গুচি গ'ল।
আসামত মাণিকচন্দ্ৰ বৰুৱাৰে সৈতে কৰা তেওঁলোকৰ ডাঙৰ ব্যৱসায়টো বন্ধ হলত, ভোলানাথ বৰুৱা কলিকতালৈ গুচি আহিল। মোৰে সৈতে যদিও, আগেয়ে এই কলিকতাত অসমীয়া ছাতৰৰ মেছত থাকোঁতে, মাজে-সময়ে তেওঁৰ দেখা-শুনা আৰু অলপ-অচৰপ আলাপ-পৰিচয় হৈছিল; কিন্তু এতিয়াহে দুয়ো একেলগে থকাৰ নিমিত্তে, সি দিনে দিনে পৰিপূৰ্ণতা লাভ কৰিলে। ভোলানাথ বৰুৱা মানুহজন কেনে সৰবৰহী আৰু সুচতুৰ পকা ব্যৱসায়ী আছিল, তেওঁক দেখাসকলক সৰহকৈ কৈ দিবৰ আৱশ্যক নাই। মই তেতিয়াও কলেজীয়া জীৱনৰপৰা একেবাৰেই হাত ধুই নোলোৱা কেঁচা ডেকা ছাতৰ। তেওঁৰে সৈতে কথা-বাৰ্তা পাতি মিলি-জুলি মই একেবাৰেই তেওঁৰ