পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
মোৰ জীৱন-সোঁৱৰণ

গিৰীশ বাবু তেতিয়া একছত্ৰী ক্ষমতাশালী ৰজা আছিল বুলিলে বঢ়াই কোৱা নহয়। গিৰীশ বাবুৰ দিহা আৰু পৰামৰ্শ আনবোৰ কাঠৰ ব্যৱসায়ীয়ে মানি চলিছিল। গিৰীশ বাবুই প্ৰথমতে কলিকতাৰ সুপ্ৰসিদ্ধ তাৰকানাথ প্ৰামাণিকৰ পুতেক কালীকৃষ্ণ প্ৰামাণিকৰ “ফাৰ্মত” সামান্য চাকৰি কৰিছিল। তাৰ পাছত লাহে লাহে সুকীয়াকৈ নিজৰ বুদ্ধি আৰু কপালৰ বলত তেনে অৱস্থা পাইছিলগৈ। বি বৰুৱাই তেওঁৰ সৈতে চিনাকি হৈ লৈ, তেওঁৰ সম্পৰ্কতে অলপ-অচৰপ কাঠৰ ব্যৱসায়ত হাত দিলে। বি. বৰুৱা আৰু তেওঁৰ লগত মই গিৰীশ বাবুৰ কাষত গিৰীশবাবুৰ কাঠৰ গোলাত বহিছিলোঁগৈ। বি বৰুৱাই মোক গিৰীশ বাবুৰ আগত তেওঁৰ নিজা ভায়েক বুলি পৰিচিত কৰিছিল। শ্ৰীযুত কালীকৃষ্ণ প্ৰামাণিকেৰে সৈতেও আমাৰ ভালকৈ চিনাকি হৈছিল। প্ৰামাণিক আন আন ব্যৱসায়ৰ লগতে জাহাজ মেৰামত কৰা “ডক্‌” এটা হাওড়াত আছিল। "ডক্‌"টোৰ নাম কেলিডনিয়া ডক্‌ (Caledonia Dock)। ডক্‌ৰ মেনেজাৰ বৰ চাহাবজন য়ুৰোপীয়। এছিষ্টেন্ট মেনেজাৰ আছিল এজন বাঙ্গালী, তেওঁৰ নাম বাবু অতুলকৃষ্ণ ঘোষ। অতুল বাবুৰ নিচিনা ওখ মনৰ অমায়িক আৰু পৰোপকাৰী মানুহ বিৰল। কলিকতাৰ সুবিখ্যাত “গাইনোকোলজিষ্ট আৰু ধাত্ৰী-বিদ্যাত অপ্ৰতিদ্বন্দী ডাক্তৰ ছাৰ কেদাৰনাথ দাস (যাৰ অলপতে মৃত্যু হ’ল) অতুল বাবুৰ নিজা ভাগিনিয়েক আছিল। অচিৰতে অতুল বাবুৰ সৈতে আমাৰ ঘনিষ্ঠ বন্ধুত্ব সঙ্ঘটিত হ’ল। সুবিধা পালেই মই কেলিডনিয়া ডকলৈ গৈ অতুল বাবুৰ কাষত বহি তেওঁৰে সৈতে কথাবাৰ্তা পাতি আনন্দ উপভোগ কৰিছিলোঁ আৰু বি বৰুৱাও কলিকতালৈ আহিলেই আমি দুয়ো লগলাগি গৈছিলো। বুঢ়া কালীকৃষ্ণ প্ৰামাণিক আৰু তেওঁৰ তিনি পুতেক আশুতোষ, প্ৰমথ আৰু, মন্মথ প্ৰামাণিকৰে সৈতেও আমাৰ বন্ধুত্ব হৈছিল। মাজে মাজে আমি কালীকৃষ্ণ প্ৰামাণিকৰ ঘৰলৈ গৈছিলোঁ। তেওঁলোকৰ প্ৰকাণ্ড ঘৰ কলিকতাৰ কাসাৰী-পাডাৰ বাৰাণসী ঘোষৰ ষ্ট্ৰীটত। কালীকৃষ্ণ প্ৰামাণিকৰ মোৰ প্ৰতি কথাবাৰ্তা বৰ স্নেহসূচক আছিল। তেৱোঁ জানিছিল যে ভোলানাথ আৰু লক্ষ্মীনাথ দুয়ো ককায়েক ভায়েক। প্ৰামাণিকেৰে সৈতে আমাৰ অলপ-অচৰপ ব্যৱসায়ৰ সম্পৰ্ক লগাই লোৱা হ'ল।

 আমাৰ প্ৰথমডোখৰ ব্যৱসায়-জীৱনৰ পাঁচ বছৰমানলৈকে, কলিকতাত আমাৰ নিজৰ গাড়ী, ঘোঁৰা আৰু কেৰাণী-মহৰীৰ অস্তিত্ব সমূলি নাছিল। আমি "নিতাই গৌৰ দুইভায়ে” নিতৌ ট্ৰেমগাড়ীত বা পদব্ৰজে ফুৰিছিলোঁ। দুয়ো সকলোবোৰ ঠাইলৈকে একেলগে গৈছিলোঁ। বি বৰুৱাৰ গাত খাকী কোট (ডিঙ্গি নোখোলা) আৰু পট্‌লং, মূৰত ক'লা বা ছাই-বৰণীয়া টুপী এটা, হাতত ছাতি এটা আৰু মোৰ মূৰৰ পৰা ভৰিলৈকে পূৰা য়ুৰোপীয় সাজ। বি. বৰুৱাই ট্ৰেনৰপৰা নামি পদব্ৰজৰ আশ্ৰয় ললেই তেওঁৰ মুখত এই গানটো ওলাইছিল-

চল ৰে মন যাই ৰে কাশী
বাবা বিশ্বনাথকে দেখে আসি।