পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
মোৰ জীৱন-সোঁ‌ৱৰণ


ওলোৱা মোৰ প্ৰবন্ধৰ তলত মোৰ নামটিৰে সৈতে দিয়া “বেজবৰুৱা” উপাধিটো সলাই তেওঁ‌লোকে “বিদ্যাবৰ্য্য” কৰি ছপালে। মই নথৈ হাঁহিলোঁ। গ’ল কথা গুচিল। মুঠতে কাৰো লগত জীণ যাব নোৱাৰা এই দুৰ্ভগীয়া অজীণপাতকীয়ে ঘৰত আৰু পৰত সকলোকে নিৰাশ কৰিলে।

 বিয়াৰ দুমাহমানৰ পিছতে মই অকলেই আমাৰ শিৱসাগৰৰ ঘৰলৈ গ’লো। পিতৃ- দেৱতাই আৰু মাতৃদেৱীয়ে মোক পাই নথৈ সন্তোষ পালে। তেওঁ‌লোকৰ মনত হেৰোৱা ৰতন মোক পাই তেওঁ‌লোকৰ বুকুত সামৰি ললে, যদিও orthodox অৰ্থাৎ প্ৰাচীন মতাৱলম্বী নৈষ্ঠিক তৰপৰ অগ্ৰণী আছিল, তথাপি তেওঁ‌ৰ গাত এটা মহৎ গুণ আছিল। তেও সকলো কথা দকৈ ভাবি-চিন্তি চাই মনতে তাৰ সমালোচনা কৰি উদাৰ ভাৱ অবলম্বন কৰিব পাৰিছিল। সেই দেখি তেওঁ‌ক দেখা কৰিবলৈ আহোঁ‌তা ভদ্ৰ- লোকসকলৰ আগত মোৰ বিয়াৰ কথা সম্পৰ্কে ওলোৱা কথাত উদাৰ মত প্ৰকাশ কৰা মই নিজ কাণেৰই শুনিবলৈ পাইছিলোঁ। মাতৃদেৱী বৰ হোজা আছিল। তেওঁ‌ মোক পুনৰাই পাই তেওঁ‌ৰ হেৰোৱা বস্তু আকৌ তেওঁ‌ৰ হাতলৈ উভতি অহা যেন লাগিছিল। মোৰ বিয়াৰ বাতৰি শুনি তেওঁ‌ শিৱসাগৰৰ কালীপ্ৰসাদ চলিহা প্ৰভৃতি ডাঙৰ লোকসকলক মতাই আনি হেনো পৰামৰ্শ সুধিছিল—কলিকতাৰ ঠাকুৰসকলৰ ওপৰত কেনেকৈ ডাঙৰ মোকৰ্দ্দমা এটা কৰি ক্ষতিপুৰণেৰে সৈতে তেওৰ ল’ৰাটোক “দখল” কৰি লব পাৰিব। এবাৰ নহয়, কেইবাবাৰো তেওঁ‌ সেইদৰে সঁ‌চাকৈ ভাবি হেনো পৰামৰ্শ বিচাৰিছিল। তেওঁ‌ ভাবিছিল ঠাকুৰহঁ‌তে প্ৰবঞ্চনা কৰি তেওঁ‌ৰ হোজা ল’ৰাটোক ভুলাই তেওঁ‌ৰ বুকুৰপৰা কাঢ়ি নি ঘৰজোঁৱাই কৰি ল'লে। এতেকে এনে অন্যায় অধৰমৰ প্ৰতিকাৰ হবই লাগিব।

 মোক ঘৰ জোঁৱাই কৰাৰ সম্পৰ্কে এটা ইতিহাস অৱশ্যে আছিল। মাতৃদেৱীৰ মনত সেই কথাটো আমাৰ জনচেৰেক বন্ধুৱে অতি প্ৰবন্ধ কৰি সুমাই দি, তেওক দুখ দি আত্মসুখ অনুভৱ কৰিছিল। ঘটনাটো মই শিৱসাগৰ পায়েই তেওঁ‌ৰ মুখৰপৰাই তলত দিয়াদৰে শুনিলোঁ। মানুহ কেইজনৰ নাম নাকাঢ়োঁ , কাৰণ সেইকেইজন আজি ইহ- জগতত নাই।—“যিদিনাই তই তাঁ‌ৰেৰে দিয়া বাতৰি শিৱসাগৰ পালেহি সেইদিনাই সি চাৰিওফালে বিয়পি পৰিল। দেউতাৰ আৰু মই শোকত বিয়াকুল হলোঁ‌। চহৰৰ মানুহৰ মুখে মুখে ৰৌঢ়ি ফুটি গ’ল। বঙ্গালীপটিতো তুমুল আন্দোলন চলিল। কলিকতাৰ ঠাকুৰসকল বঙ্গালীৰ শিৰৰ মুকুট , এনে হেন ঠাকুৰৰ ঘৰত অসমীয়া এটাৰ বিয়া। নানা কথা-বাৰ্তা চলিবলৈ ধৰিলে। আমাৰ কালীপ্ৰসাদ চলিহা বোপাই শিৱসাগৰৰ চিভিল চাৰ্জ্জন কলিকতীয়া বঙ্গালী হেমচন্দ্ৰ বন্দোপাধ্যায়ৰ ওচৰলৈ গ’ল, কথাটোৰ ভু লবলৈ। বানুৰ্জ্জীয়ে চলিহাক ক’লে—'কলিকতাৰ জোড়াসাঁকোত কেইবাঘৰো ঠাকুৰ আছে, তাতে কোনোবা ছালছিগা ভিকহু এঘৰত খুব সম্ভব এইখন বিয়া৷’ কালী বোপাৰপৰা কথাটো শুনি মোৰ আমঠু ক’লা পৰি গ’ল। ডাক্তৰ চাহাবে আৰু কৈছিল হেনো, “দেবেন্দ্ৰনাথ ঠাকুৰৰ ঘৰত যদি বিয়া হৈছে, তেন্তে তাত হেনো তই ঘৰজোঁ‌ৱাই সোমাইছ; নহ’লে বিয়া হোৱা অসম্ভৱ।”