পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
ষষ্ঠ আধ্যা

পিছত ২৫০ নম্বৰ গ্ৰেন্ড ট্ৰাঙ্ক ৰোডত ঘৰ এটা লৈ জ্ঞান থাকেহি। ইয়াৰ কিছু কালৰ আগতে হুগলী কলেজৰ প্ৰিঞ্চিপেল গুণী আৰু বিদ্বান শ্ৰীযুত ক্ষীৰোদচন্দ্ৰ ৰায়চৌধুৰীৰে সৈতে স্বৰ্ণলতাৰ পুনৰ্ব্বাৰ বিবাহ হৈছিল। শিয়ালদহ ষ্টেশ্যনৰপৰা কিছুদূৰতে হেৰিছন ৰোডত ক্ষীৰোদ বাবুৱে জ্ঞানৰ নিমিত্তে (অৱশ্যে জ্ঞানৰ টকাৰেই) এটা পকাঘৰ সজায় , তাতে ক্ষীৰোদ বাবু আৰু স্বৰ্ণ কিছু দিন আছিল। ক্ষীৰোদ বাবু, হুগলী কলেজৰ পৰা, কটকৰ ৰেভেন্সা কলেজৰ প্ৰিঞ্চিপেল হৈ বদলি হৈ যায়। এদিন হেৰিছন ৰোডৰ ঘৰটোৰ তলত এন্দুৰ মৰা দেখি, স্বৰ্ণৰ ভাত-ৰান্ধনি বামুণটোক ঘৰটোৰ ৰখীয়া কৰি থৈ স্বৰ্ণক মই আমাৰ ঘৰত থওঁহি। দুদিনৰ পিছত তাতে সেই ৰখীয়া বামুণটো প্লেগত মৰে। তাৰ পাছত স্বৰ্ণ ছোৱালী দুটিৰ সৈতে ক্ষীৰোদ বাবুৰ লগলৈ কটকলৈ গুচি যায়।

 ইয়াৰ কিছুদিনৰ পিছত জ্ঞান আসামলৈ যায়। পূজাৰ পিছত তেওঁ কলিকতালৈ উভতি আহি হাওড়াত আমাৰ ৰোজমেৰি লেনৰ ঘৰতে আমাৰে সৈতে থাকে। ১৯০৬ খ্ৰীষ্টাব্দত তেওঁ বালিগঞ্জৰ ঝাউতলা ৰোডৰ ঘৰ এটালৈ উঠি যায়। সেই বছৰতে তেওঁৰ বিয়া হয়। মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰৰ বৰ পুতেক দাৰ্শনিক পণ্ডিত শ্ৰীযুত দ্বিজেন্দ্ৰনাথ ঠাকুৰৰ মাজু পুতেক শ্ৰীযুত অৰুণেন্দ্ৰনাথ ঠাকুৰৰ বৰ জীয়েক শ্ৰীমতী লতিকা দেৱীৰে সৈতে তেওঁৰ বিয়া হয়। মই সেই সময়ত শ্ৰীযুত ভোলানাথ বৰুৱাৰ (বি বৰুৱা) সৈতে কাশ্মীৰত আছিলোঁ।

 মোৰ ককাইদেও ডাক্তৰ গোলাপচন্দ্ৰ বেজবৰুৱাই (ডাক্তৰ জি চি বেজবৰুৱা) বিলাতত ডাক্তৰী (L R. C. P আৰু, L F. P. S.) পাছ কৰি, অনেক বছৰ দক্ষিণ আমেৰিকাৰ ডামৰাৰা নামৰ ঠাইত থকা মাৰা চহৰত চিভিল ছাৰ্জ্জন হৈ কাম কৰিছিল। ১৫৷ ১৬ বছৰৰ পিছত তেওঁ অৱসৰ লৈ তাৰ পৰা গুচি আহি হাওড়াত আমাৰ লগতে আছিল। হাওড়া মিউনিচিপেলিটিৰ তেওঁ হেলথ-অফিচাৰৰ কাম পাই কাম কৰিছিল। কিছুদিনৰ পিছত তেওঁ আমাৰ লগৰপৰা গৈ শ্ৰীমান জ্ঞানদাভিৰামেৰে সৈতে হাওড়াতে গোলাবাৰী ৰোডৰ ৩৪ নম্বৰৰ ঘৰ এটা সুকীয়াকৈ লৈ থাকেগৈ। তাতে মোৰ ককাইদেওৰ বিয়া হয়। তেওঁৰ বিয়াৰ পিছত ওপৰত কৈ অহা বেষ্টিঞ্চ্ লেনৰ ঘৰলৈ আহে। ১৯০০ চনৰ মাৰ্চ্চ কি এপ্ৰিল মাহত, মই যেতিয়া শ্ৰীযুত ভোলানাথ বৰুৱাৰে সৈতে একেলগে হাওড়াৰ ডবচন, ৰোডত ঘৰ এটা কিনি তাক আৰু ভালকৈ সজাই-পৰাই লৈ তাত থাকিবলৈ, যিদিনা “গৃহ প্ৰবেশ” উৎসৱ কৰো সেইদিনা তাত জ্ঞান আৰু তেওঁৰ ভগ্নীপতি ক্ষীৰোদ বাবু, উপস্থিত থাকি সেই উৎসৱত যোগ দি আমাৰ আনন্দ বৰ্দ্ধন কৰিছিল। আদি ব্ৰাহ্মসমাজৰ পণ্ডিত প্ৰিয়নাথ শাস্ত্ৰীয়ে সেই উৎসৱত মন্ত্ৰপাঠ আদি কৰি সেই উৎসৱৰ কাৰ্য্য সম্পাদন কৰিছিল। ১৯০৮ খ্ৰীষ্টাব্দত শ্ৰীযুত ভোলানাথ বৰুৱা যেতিয়া বিলাতলৈ যাবলৈ ওলাল, জ্ঞানক তেওঁৰ পদ-প্ৰদৰ্শক সহায়ক-স্বৰূপে তেওঁ লগত লবৰ প্ৰস্তাৱ কৰিলত জ্ঞানো লগতে বিলাতলৈ গ'ল। অৱশ্যে জ্ঞানেও জাহাজৰ কেৰেয়া ইত্যাদি নিজে বহন কৰিছিল।