পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
মোৰ জীৱন-সোঁৱৰণ

উলিওৱাটো মোৰ পক্ষে সাধ্যাতীত। মই এই মাথোন জানো যে প্ৰকৃত বিবাহ মাথোন পাৰ্থিব বস্তুৰ পাৰ্থিৱ মিলন নহয়; সি দুই আত্মাৰ (soul) আধ্যাত্মিক মিলন, আৰু ঈশ্বৰৰ ইচ্ছাত সংঘটিত ব্যাপাৰ। বিয়াৰ আগেয়ে ময়ো প্ৰথমতে ফটোগ্ৰাফত তেওঁৰ প্ৰতিকৃতি দেখিলোঁ, হঠাৎ মোৰ মনত বিজুলী মৰাৰ দৰে মাৰিলে যেন সেই মুখখন মোৰ অনেক কালৰ চিনাকি। এই কথাবোৰ trash অৰ্থাৎ ফপহুতা বুলিবৰ যাৰ ইচ্ছা হয়, বোলক, মই কিন্তু জানোঁ - ধ্ৰুব।

 বিয়াৰ তিনি দিনৰ পিছত ২নং ভবানীচৰণ দত্ত লেনৰ ঘৰলৈ মই উভতি আহিলোঁ আৰু আগৰ দৰে থাকিবলৈ ধৰিলোঁ। মোক উভতি অহা দেখি মোৰ মেছৰ লগৰীয়াসকলে আচৰিত মানিলে, কাৰণ তেওঁলোকে ভাবিছিল যে সজাৰপৰা ওলাই যোৱা এই চৰাইটো আকৌ উভতি নাহে। অৰ্থাৎ তেওঁলোকে ভাবিছিল, মই শহুৰৰ ঘৰতে বসতি কৰিম। ঠাকুৰ পৰিয়ালৰ জোঁৱাইৰ সম্পৰ্কে তেওঁলোকৰ তেনে ধাৰণা হোৱাটো আচৰিত কথা নহয়। আহি মই দুই হাত মেলি তেওঁলোকক আকোঁৱাল মাৰি ধৰিলোঁহি; ভাবাৰ্থ — মই আগেয়ে যেনেকৈ তোমালোকৰ আছিলোঁ, এতিয়াও তেনে; তোমালোকে মোক সামৰি লোৱাঁহক।

 ওপৰত কৈ আহিছো, ১৮৯১ গ্ৰীষ্টাব্দৰ মাৰ্চ মাহৰ ১১ তাৰিখে মোৰ বিয়া হয়। সেই কালত ঠাকুৰ পৰিয়ালৰ মুকুট-মণি মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ জীয়াই আছিল। তেতিয়া তেওঁ নিজা ঘৰ জোড়াসাঁকোত নাথাকি পাৰ্ক ষ্ট্ৰীটত এটা প্ৰকাণ্ড ঘৰ কেৰেয়া কৰি লৈ তাতে আছিল। জোড়াসাঁকোৰ ঘৰত তেতিয়া তেওঁৰ বৃহৎ পৰিবাৰ— পুতেক, নাতি-নাতিনী প্ৰভৃতিৰে ভৰপুৰ; ঠিক যেন ডাঙৰ মৌচাক এটাত মৌ-মাখিৰ থুপ। পাৰ্ক ষ্ট্ৰীটৰ ঘৰত মহৰ্ষিৰে সৈতে তেওঁৰ বৰ পুতেক সুবিখ্যাত দাৰ্শনিক দ্বিজেন্দ্ৰনাথ ঠাকুৰ; “অশ্ৰুমতী”, “সৰোজিনী” প্ৰভৃতি নাটক-প্ৰণেতা আৰু প্ৰথমতে কলিকতাত স্বদেশী জাহাজ চলাওঁতা পঞ্চম পুতেক জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ, মহৰ্ষিৰ বিধবা বৰ জীয়েক সৌদামিনী দেৱী আছিল। জোড়াসাঁকোৰ ঘৰত মহৰ্ষিৰ নুমলীয়া পুতেক ৰবীন্দ্ৰনাথ ঠাকুৰ (পিছত বিশ্ববিখ্যাত কবি), চতুৰ্থ পুতেক বীৰেন্দ্ৰনাথ ঠাকুৰ (যি প্ৰতিভাশালী সন্তান বলেন্দ্ৰনাথ ঠাকুৰৰ বাপেক) আৰু ষষ্ঠ পুতেক সৌমেন্দ্ৰনাথ ঠাকুৰ। মহৰ্ষিৰ তৃতীয় পুতেক হেমেন্দ্ৰনাথ ঠাকুৰৰ বিধবা পত্নী মোৰ শাহু আই, তেওঁৰ তিনি পুতেক হিতেন্দ্ৰ, ক্ষিতীন্দ্ৰ, ঋতেন্দ্ৰ আৰু জীয়েকহঁতৰে সৈতে তাতে। সৌদামিনী দেৱীৰ পুতেক সত্যপ্ৰকাশ গাঙ্গুলী সপৰিবাৰে সেই ঘৰতে আৰু মহৰ্ষিৰ এজন জোঁৱায়েক যদুনাথ মুখাৰ্জ্জী সপৰিয়ালে তাতে বাস কৰিছিল। কাৰেঙৰ নিচিনা সেই বিৰাট ঘৰখন সাজ-পাৰ, দাৰোৱান, চন্তৰী, কৰ্ম্মচাৰীৰে সৈতে তেতিয়া এটা বিৰাট ব্যাপাৰ। মহৰ্ষিৰ জমিদাৰী কছাৰীও সেই টোলৰ ভিতৰতে। মহৰ্ষিৰ পৰিয়ালৰে ভিতৰুৱা গগনেন্দ্ৰনাথ ঠাকুৰ। কলাবিদ অবনীন্দ্ৰনাথ ঠাকুৰ (পিছত চি. আই. ই) আৰু ভায়েক সমৰেন্দ্ৰনাথ ঠাকুৰো সপৰিবাৰে সেই প্ৰকাণ্ড টোলৰ ভিতৰতে।

 অনেক বছৰৰ পিছত জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালৰ ভিতৰত এইখন বিয়া; সেই