পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
মোৰ জীৱন-সোঁৱৰণ

and left this world in such a cheerful way as if he was going to visit a friend. He had his senses up to the last moment and performed all the rites that are necessary before the death of a devout Hindu. At last fixing his eyes towards Heaven he faintly repeated the prayer similar to “Unto Thy hands I commit my soul, for Thou hast redeemed me. O! Thou God of my salvation!” and then closed his eyes never to be opened again.

 মোৰ গৃহিণী অকল ৰন্ধনবিদ্যাতে নহয়, চিত্ৰবিদ্যাতো নিপুণ। সেই কালত তেওঁ অনেক তৈল-চিত্ৰ (oil painting) আঁকিছিল। Portrait-painting অৰ্থাৎ মানুহৰ প্ৰতিকৃতি অঁকাতো তেওঁ নৈপুণ্য প্ৰকাশ কৰিছিল। পিতৃদেৱতাৰ ফটোগ্ৰাফ এখন চাই তাৰেপৰা পিতৃদেৱতাৰ এখন তৈলচিত্ৰ (oil painting) ডাঙৰকৈ (enlarge কৰি) তেওঁ আঁকিছিল। সেই ছবিখন মই শিৱসাগৰলৈ যাওঁতে লগত লৈ গৈছিলো। পিতৃদেৱতাক বোৱাৰীয়েকৰ ভক্তি উপহাৰৰ চিন-স্বৰূপে এখন বহুমূলীয়া বেনাৰছী ছিল্কৰ চুৰিয়াৰে সৈতে সেই ছবিখন দিছিলোঁ। সেই উপহাৰ পাই পিতৃদেৱতাই বৰ সন্তোষ মনেৰে বোৱাৰীয়েকক আৰ্শীবাদ দিবলৈ ধৰিলে। তেওঁ নৰিয়া গাৰেই গা ধুই উঠি সেই বেনাৰছী পাটৰ চুৰিয়াখন আনন্দেৰে পিন্ধি, আমাৰ গোসাঁইঘৰত নাম-প্ৰসঙ্গত বহিছিলগৈ। ছবিখন দেউতাই আমাৰ চ’ৰাঘৰৰ বৰ খুটা এটাত ভালকৈ অঁৰাই থোৱালে। সেই ছবিখন আজিলৈকে আমাৰ শিৱসাগৰৰ ঘৰত কিজানি আছে, কাৰণ আসাম সাহিত্য সন্মিলনীয়ে ১৮৫৩ শকৰ ১৩ পুহ, ইংৰাজী ১৯৩১ ডিচেম্বৰত মোক দিয়া অভিনন্দন-পত্ৰ লবলৈ যেতিয়া মই শিৱসাগৰলৈ গৈছিলোঁ তেতিয়াও সেইখন মই তাত দেখি আহিছিলোঁ।

 পিতৃদেৱতাৰ মৃত্যু ১৮৯৫ খ্ৰীষ্টাব্দৰ ২৭ মেইত হয় বুলি ওপৰত মই কৈ আহিছোঁ। ঠিক তাৰ এমাহৰ পিছত অৰ্থাৎ জুনত, জোড়াসাঁকোৰ ঘৰতে সুৰভি ওপজে। মই অৱশ্যে তেতিয়া আসামৰপৰা কলিকতালৈ উভতি আহিছিলোঁ। সেই ছোৱালীটিয়েই মোৰ প্ৰথম কন্যা। নিজৰ ল’ৰা-ছোৱালীক আনৰ ল’ৰা-ছোৱালীতকৈ ভাল দেখাটো মানুহৰ স্বভাৱ। সেইদেখি যদি মই কওঁ যে মোৰ ছোৱালীটি দীপলিপ আছিল, সেই কথাৰ মূল্য নাই। কিন্তু দেখাতো দহে যদি তাকে কয়, তেন্তে সেই কথাটো উৰাই দিবৰ উপায় নাই। সেইবাবেই মই দহৰ লগত মিলি কওঁ যে, সেই সময়ত জোড়াসাঁকো ঠাকুৰ পৰিবাৰৰ ভিতৰত আৰু তেওঁলোকৰ সম্পৰ্কীয় কলিকতাৰ আন আন ঠাইত থকা সকলৰ ভিতৰতে তেনে দীপলিপ্ ছোৱালী নাছিল। ঘাইকৈ সেই দেখিয়েই সুৰভি সকলোৰে আতোল-তোল বস্তু হৈ মৰমৰ পাত্ৰ হৈ পৰিছিল। ঠিক পাঁচ বছৰ বয়সত সুৰভিৰ মৃত্যু হয়।

 অলপ কালৰ ভিতৰতে তাই নিজৰ ৰূপৰ উপৰিও গুণৰ চিনাকি এনেকৈ দিছিল যে তাইক দেখাসকলে তাইৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিল। তাইৰ তিনি-চাৰি বছৰ বয়সতে ইংৰাজী Nursery Rhyme-অৰ ডাঙৰ কিতাপ এখন তাই মুখস্থ কৰি