ঈশ্বৰে জানে প্ৰকৃত ঋষি-সদৃশ এইজন মহাপুৰুষৰ বাক্য আমাৰ জীৱনত ফলিয়াইছে নে নাই।
অনেক দিনৰ পিছত, সেই সুবৃহৎ পৰিবাৰৰ ভিতৰত হোৱা এই বিয়াৰ উদ্দীপনা সেই পৰিবাৰৰ সুশিক্ষিত সুমাৰ্জ্জিত ডেকাসকলৰ মনত অনেক বাটেদি অনেক দিনলৈকে চলিছিল। তেওঁলোকৰ ভিতৰত নৱ নৱ উন্মেষণাৰ কাৰ্য্য সংসাধিত হৈছিল। তাৰে দুটা-চাৰিটাৰ মাথোন উল্লেখ কৰিম। উঠি অহা ডেকা কবি পূজনীয় ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰাই আগেয়ে ৰচিত “মায়াৰ খেলা” নামৰ নাটকৰ অভিনয় হৈছিল মিচেজ সত্যেন্দ্ৰনাথ ঠাকুৰৰ বিৰ্জিতলাৰ ঘৰত। কবিবৰে তেওঁৰ গুণাকৰ ককায়েক জ্যোতিৰিন্দ্ৰেৰে সৈতে সেই নাটকৰ অভিনয়ত ভাও লৈছিল। তিৰোতাৰ ভিতৰত সত্যেন্দ্ৰনাথ ঠাকুৰৰ বিদুষী গ্ৰেজুৱেট কন্যা শ্ৰীমতী ইন্দিৰা দেৱী, ভাৰতীয় সম্পাদিকা, মহৰ্ষি কন্যা স্বৰ্ণ কুমাৰী দেৱীৰ গ্ৰেজুৱেট জীয়েক শ্ৰীমতী সৰলা ঘোষাল আৰু; ঠাকুৰ পৰিবাৰৰ সঙ্গীতজ্ঞ আন আন মহিলাসকল আছিল। মোৰ নৱ পৰিণীতা ভাৰ্য্যা প্ৰজ্ঞাসুন্দৰীও তেওঁৰ ভনীয়েকসকলেৰে সৈতে অভিনয়ৰ ভিতৰত আছিল। প্ৰজ্ঞা তেতিয়া বিবাহিতা দেখি মোৰ অনুমতি গ্ৰহণ কৰা হৈছিল। কোৱা বাহুল্য যে মই আনন্দেৰে অনুমতি দিছিলোঁ। বাচক-বনীয়া অভিজাত শ্ৰেণীৰ দৰ্শকেৰে ভাওনা ঘৰ ভৰি পৰিছিল। অভিনয় দেখি আৰু, তাৰ পিছত আহাৰাদি কৰি সকলোৱে পৰম প্ৰীতি লভি ঘৰাঘৰ গৈছিল।
সুধীন্দ্ৰনাথ ঠাকুৰ, বলেন্দ্ৰনাথ ঠাকুৰ প্ৰভৃতি ডেকাসকলে “সুহৃদ সমিতি” জোড়াসাঁকোৰ ঘৰতে পাতিলে; আমি আটাইবোৰ সেই সমিতিৰ সভ্য হলোঁহক। বাহিৰৰ দুই চাৰিজন ডেকা শিক্ষিত বন্ধুকো তাত স্থান দিয়া হৈছিল। সপ্তাহৰ ভিতৰত এদিনকৈ তাৰ অধিবেশন হৈছিল। সভাৰ উদ্দেশ্য সভ্যসকলৰ ভিতৰত মিলা-প্ৰীতিৰ ভাব বঢ়োৱা। উপায়—সাহিত্য চৰ্চ্চা আৰু অন্তত মধুৰ প্ৰীতি-ভোজন। সমিতিৰ কেইবাখনো অধিবেশন হৈছিল। তাত সভ্যসকলৰ দ্বাৰাই ৰচিত ইংৰাজী আৰু বঙলা ভাষাত ৰচনা পঠিত হৈছিল আৰু তাৰ সমালোচনা চলিছিল। তাৰপৰাই “সাধনা” নামৰ বঙলা মাহেকীয়া কাকতৰ জন্ম হয়। তাৰ সম্পাদকৰ পদত সুধীন্দ্ৰনাথ ঠাকুৰক বহুৱা হৈছিল। কিছুদিনৰ পিছত সুধীন্দ্ৰনাথৰ ঠাই কবীন্দ্ৰ, ৰবীন্দ্ৰনাথ ঠাকুৰে ল’লে। “সাধনাই” বঙ্গলা মাহেকীয়া কাকতবোৰৰ ভিতৰত শ্ৰেষ্ঠ আসন অধিকাৰ কৰিছিল। কিছুকালৰ পিছত “সাধনা” অন্তৰ্দ্ধান হ’ল। সমসাময়িক নহলেও প্ৰায় অগাপিছাকৈ সেই পৰিবাৰৰপৰা আৰু এখন মাহেকীয়া বঙলা কাকতৰ জন্ম হৈছিল। তাৰ গুৰি ধৰোঁতা আছিল—মোৰ নিজ জেঠেৰী—হিতেন্দ্ৰনাথ ঠাকুৰ, ক্ষিতীন্দ্ৰনাথ ঠাকুৰ আৰু ঋতেন্দ্ৰনাথ ঠাকুৰ। সম্পাদিকাৰ আসনত মোৰ সহধৰ্ম্মিণী শ্ৰীমতী প্ৰজ্ঞাসুন্দৰী দেৱী। এবছৰমানৰ পিছত সেইখন কাকতো শুন্যত বিলয়প্ৰাপ্ত হল।
শহুৰৰ ঘৰৰ এই সাহিত্যিক মহিলা আৰু পুৰুষসকলে অসমীয়া ভাষা আৰু বঙ্গলা ভাষাৰ পাৰ্থক্য আৰু, বাঙ্গলা ভাষাৰ শ্ৰেষ্ঠত্বৰ বিষয় লাহে লাহে মোৰে সৈতে আলোচনাত প্ৰবৃত্ত হবলৈ ধৰিলে। তেওঁলোকেই আগবাঢ়ি আহি মোক তৰ্ক যুদ্ধত