পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
চতুৰ্থ আধ্যা

লবলৈ বাধ্য হয়। কঁকালত টঙালি বান্ধি আমি দুগুণ উৎসাহেৰে এই যুদ্ধত লাগি গলোহঁক। স্যৰ ৰমেশচন্দ্ৰ মিত্ৰৰ পুতেক বিনোদচন্দ্ৰ মিত্ৰ (পিছত স্যৰ আৰু এডভোকেট জেনেৰেল) আমাৰ কৰ্ণধাৰ হ’ল। বিনোদ মিত্ৰ যদিও আমি ফেল মৰা দলৰ ভিতৰৰ নহয়, কাৰণ তেওঁ আগৰ বছৰতে বি-এল পৰীক্ষাত উঠি তেতিয়া হাইকোৰ্টত ওকালতি কৰিছিল, তথাপি তেওঁ আৰু তেওঁৰ ভায়েক প্ৰভাস মিত্ৰ (পিছত স্যৰ) আমাৰ সহায়ক হৈ উঠিল। ভৱানীপুৰতে এজনৰ ঘৰত এটা ডাঙৰ ভোজৰ আয়োজন হ’ল। তালৈ আমাৰ ফলীয়া অনেক ডাঙৰ ডাঙৰ লোকক নিয়ন্ত্ৰণ কৰা হৈছিল—ভোজ বৰ সমাৰোহেৰে সম্পাদিত হ’ল, আৰু আমি ভোজ-ভাত খাই গাত বল বান্ধি ললোহক।

 আৰ্জ্জিপত্ৰ (Plaint) প্ৰস্তুত হ’ল। আমাৰ ফালৰপৰা বেৰিষ্টাৰ এল্ পি পিউ, এ-চৌধুৰী, এছ-পি সিংহক নিযুক্ত কৰিবলৈ থিৰ হ’ল। শেহান্তৰত এটা বিষম সমস্যা উপস্থিত। আৰ্জ্জিপত্ৰত চহী কৰিবলৈ আমাৰ ভিতৰৰপৰা এঘাৰজন ছাতৰক ঠিক কৰা হ’ল। কিন্তু চহী কৰিবৰ সময়ত অ’ হৰি! কোনেও চহী কৰিব নোখোজে। এজন এজনকৈ আটাইকেইজনে পুলুকা মাৰিলে। কোনোৱে কয়, “বাবা মানা কৰেছেন,” কোনোৱে কয়, “মামা বলেছেন নৰেন খবৰ্দ্দাৰ। তুমি সহ্য কৰবে না” ইত্যাদি। ইমান দুখকৈ তৰি অনা তাঁতখন সেইখিনিতে সামৰিবলগীয়া হ’ল। মই আগবাঢ়ি ওলাই ক’লো, “আনে চহী দিয়ক বা নিদিয়ক, মই দিম।” চাৰিওফালৰপৰা মোৰ ওপৰত সাধুবাদৰ বৰষুণ পৰিবলৈ ধৰিলে। মোৰ অকলশৰীয়া চহীৰ ওপৰতে মোকৰ্দমাটো থিয় হৈ পৰিল। মোৰ চহীৰে সেই “প্লেইন্ট”খন দেখি বেৰিষ্টাৰ এ-চৌধুৰীয়ে কৈছিল, “দেখছি, একলা আমাদেৰ লক্ষ্মীনাথেৰই সহি।” তেওঁৰ ওচৰলৈ সেইখন লৈ যোৱা ছাতৰসকলে তাৰ উত্তৰত কি কৈছিল মই নাজানো। সেই বিষয়ে চৌধুৰীয়ে পিছত মোক এটা কথাও কোৱা নাছিল। তেওঁৰ দেশৰ বঙ্গালী ভাইসকলৰ তেনে ব্যৱহাৰ দেখি তেওঁ লজ্জিত আৰু দুঃখিত যে হৈছিল তাত সংশয় নাই। বিনোদ মিত্ৰই (স্যৰ বিন্দোদে) তেওঁৰ স্বদেশী ভ্ৰাতাসকলৰ এনে ব্যৱহাৰৰ কথা অনেক দিনলৈকে কিন্তু কৈ আছিল। আনকি, কিছুদিনৰ পিছত তেওঁ বিলাতলৈ গৈ বেৰিষ্টাৰ হৈ অহাৰ পিছতো, এদিন তেওঁ মোক ইণ্ডিয়া ক্লাবত দেখা পাই, আগবাঢ়ি আহি মোক কৰমৰ্দ্দন কৰি সেই কথা কৈ দুখ কৰিছিল।

 আমাৰ মোকৰ্দ্দমাটো হাইকোৰ্টত জষ্টিছ ছেলৰ (Sale) আদালতত উঠিছিল। আমাৰ ফালৰ বেৰিষ্টাৰ আছিল—বেৰিষ্টাৰ পিউ চৌধুৰী আৰু সিংহ। সিফালত আছিল ষ্টেডিং কাউঞ্চিল ফিলিপ্স প্ৰভৃতি। ছিণ্ডিকেটৰ মেম্বৰ হিচাপে আমাৰ প্ৰতিবাদী ডাক্তৰ ৰাসবিহাৰী ঘোষ, কালীচৰণ বানুৰ্জ্জী, আশুতোেষ মুখুৰ্জ্জী প্ৰভৃতি। হাইকোৰ্টে কলিকতা য়ুনিভাছিটিৰ ওপৰত আমাৰ পক্ষে “ৰিট অব মেন্ডেমাছ”, (writ of Mandamus) “ইছু” কৰিলে, আমি আনন্দত নাচিবলৈ ধৰিলো। গোটেই কলিকতাত এটা “ছেন্ ছেছন” (sensation) অৰ্থাৎ উদ্বেগ লাগি পৰিল। তাৰ পিছত আমাৰ বিপক্ষ ক্ষমতাশালীসকলৰ ভিতৰত নানা চেষ্টা-চৰিত্ৰ চলিবলৈ