কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী

[ প্ৰথম পৃষ্ঠা ]

কুমৰ-হৰণ

 

কবি চন্দ্ৰভাৰতীৰ

বিৰচিত

 

ধলৰ সত্ৰ পুথি ভঁৰাল
পোঃ ধলৰ সত্ৰ
যোৰহাট
অসম

[ প্ৰকাশন ]

 প্ৰকাশক:
ধলৰ সত্ৰ পুথি ভঁৰালৰ হৈ
 এন্‌ গোস্বামী
পোঃ ধলৰ সত্ৰ, অসম


প্ৰথম তাঙ্গৰণ—১৯৫৬

মূল্য ১৷৹ এটকা চাৰি অনা




 মুদ্ৰাকৰ:
 শ্ৰীকালীচৰণ পাল
 নবজীৱন প্ৰেছ
৬৬ গ্ৰে ষ্ট্ৰীট, কলিকতা-৬

[  ]

শ্ৰীকৃষ্ণায় নমঃ

কুমৰ-হৰণ

পদ
⸺৹:(✴):৹⸺

জয় জয় গণেশ্বৰ জয় দিনকৰ।
জয় দামোদৰ জয় জয় মহেশ্বৰ॥
জয় মহালক্ষ্মী দেৱী জয় সৰস্বতী।
একবাৰে সবাহাঙ্কে কৰোহোঁ প্ৰণতি॥
জয় নমো কৃষ্ণ বিষ্ণু বৈকুণ্ঠ মাধৱ।
জয় ত্ৰিজগত পতি জগত বান্ধৱ॥
জয় হৰি অপাৰ সাগৰে কৰা পাৰ।
জয় জয় দৈত্যাৰি দানৰ অনিবাৰ॥

[  ]

প্ৰণামো সহস্ৰ শিৰ সহস্ৰ লোচন।
প্ৰণামো সহস্ৰ বাহু সহস্ৰ চৰণ॥
প্ৰণামো সহস্ৰ নাসা সহস্ৰেক কৰ্ণ।
প্ৰণামো মাধৱ তত্ত্ব দুতয় চৰণ॥
সংসাৰ সাগৰে মজি আছে সৰ্ব্বজন।
মহাভাগৱত নৌকা তাহাৰ চৰণ॥
যদি শুদ্ধ চিত্তে শুনে এহি ভাগৱত।
সংসাৰ সাগৰে জলে তৰিব লীলাত॥
মহাভাগৱত চাৰি বেদতে প্ৰধান।
পুৰাণ ভাৰতে আক নুহিকে সমান॥
আৰ এক পদ যিবা শুনে শুদ্ধ মনে।
কোটি এক বংশে লৈয়া চলে বিষ্ণু-থানে॥
হেন মহাভাগৱত পদ বন্ধ কৰি।
বিৰচিবো হৈয়ো মোত সুপ্ৰসন্ন হৰি॥
মুকুতিত মন যাৰ ৰঙ্গে শুনিয়োক।
বিষ্ণুৰ কথাত নিন্দা নকৰিবা মোক॥
অনিৰুদ্ধ কুমৰ যে স্বৰূপে মুৰাৰি।
তেহে বিহাইলন্ত ঊষা বাণৰ কুমাৰী॥
কুমৰ-হৰণ কথা অমৃত সঙ্কাশ।
শ্ৰীচন্দ্ৰভাবতী পদ কৰিলা প্ৰকাশ॥

[  ]

হেন শুনি পৰীক্ষিতে কৰি যোড়-হাত।
কুমৰ-হৰণ কথা পুছিলা সাক্ষাত॥
কেনে চিত্ৰলেখা কুমৰক নিলে হৰি।
অনিৰুদ্ধে ঊষাক বিহাইল কেন কৰি॥
হৰি হৰ যুদ্ধ তাত ভৈলা যেন কৰি।
কহিয়ো কৌতুক কথা শুনো কৰ্ণ ভৰি॥
একচিত্তে আছোহো ভোজন তেজি বলে।
হৰি কথা শুনি নিতে শৰীৰ শীতলে॥
হেন শুনি শুকমুনি ব্যাসৰ তনয়।
পৰীক্ষিত নৃপতিৰ বুলিলা বিনয়।
শুনিয়ো নৃপতি ইটো আতি বিতোপন।
সাৱশেষে কহো কথা কুমৰ-হৰণ।॥
অনিৰুদ্ধ কুমৰক বাণৰ নগৰী।
যেনমতে চিত্ৰলেখা আনিলেক হৰি॥
যেনমতে আনিলা শোণিতপুৰ থান।
ঊষায়ে সহিতে বিহা ভৈল যেন থান॥
বাণ নৃপতিৰ কৰ সহস্ৰ সুবেশ।
শুনা যেনমতে ছেদিলন্ত হৃষাকেশ॥
হৰি হৰ যুদ্ধ তাত ভৈলা যেনমতে।
শুনিয়োক নৃপবৰ কহিবো সমস্তে॥

[  ]

শোণিত পুৰত বলি নৃপতিৰ শাল।
বামন স্বৰূপে হৰি পঠাইলা পাতাল॥
তান বীৰ্য্যে এক শত পুত্ৰ ভৈলা জাত।
সবাহাতে শ্ৰেষ্ঠ বাণ নামত প্ৰখ্যাত॥
বাপৰ ৰাজ্যত বলৱন্ত মহাৰাজা।
পুত্ৰৱতে স্বধৰ্ম্মে পালন্ত সবে প্ৰজা॥
তপে জপে বলে বীৰ্য্যে বাণ মহাশয়।
সমুখ সমৰে ত্ৰিদশকো নগণয়॥
সহস্ৰেক বাহু তাৰ কৰে জাতিষ্কাৰ।
হাজাৰেক অস্ত্ৰ বীৰ ধৰে একেবাৰ॥
সহস্ৰ কিৰণ ৰবি সম দেখি যাক।
কোন বীৰ আছয় সমুখ হুইবে তাক॥
তপে জপে ধ্যানে আৰাধয় মহাদেৱ।
শঙ্কৰত পৰে তান আন নাহি কেৱ॥
হৰগৌৰী পূজন কৰ্ম্ম নিতে নিতে।
শিৱত ভকতি আতি কৰে একচিত্তে॥
তাৰ নৃত্য গীতে তুষ্ট ভৈলা গৌৰীহৰ।
আগতে বেকত হুয়া বুলিলা উত্তৰ॥
তুষ্ট ভৈলো ভকতিত লৈয়ো ইষ্ট বৰ।
হেন শুনি বলি সুতে দিলন্ত উত্তৰ॥

[  ]

যদি মোত সুপ্ৰসন্ন ভৈলা দেৱ হৰ।
তোমাত ভকতি হৌক দিয়ো এহি বৰ॥
প্ৰতি দিনে যেন মই দেখিবো তোমাক৷
আত পৰে আন বৰ নালাগে আমাক॥
এহি হৌক বুলি দিলা হৰেও উত্তৰ।
বৰ পাই নিজ থানে গৈলা নৃপবৰ॥
শঙ্কৰক পূজিতে সাজিলা দেৱঘৰ।
কৈলাস শিখৰ যেন দেখি মনোহৰ॥
সেহি ঘৰে হৰগৌৰী পূজে নিতে নিতে।
শঙ্কৰত ভকতি কৰয় একচিত্তে॥
সৰ্ব্বক্ষণে শিৱ শিৱ বোলে মহাভাগ।
নিতে একবাৰ শঙ্কৰক পাৱে লাগ॥
মহাবীৰ বাণাহুৰ ত্ৰৈলোক্য বাখানি।
শত পুত্ৰ ভৈল তান কন্যা একখানি॥
গণি পঢ়ি তান পাছে ঊষা নাম থৈল।
পুত্ৰতো অধিক শত গুণে স্নেহ ভৈল॥
প্ৰতি দিনে অতিশয় বাঢ়ে বৰ বালা।
শুকুল পক্ষত যেন চন্দ্ৰমাৰ কলা॥
সকল লক্ষণে পূৰ্ণ নাহি ক্ষতি ক্ষুণ।
কোনেনো বৰ্ণাইবে ঊষা কুমাৰীৰ গুণ।

[  ]

এক দুই তিনি চাৰি পাঞ্চ ছয় ভৈল।
সাত আঠ নৱ দশ বৰ্ষ বহি গৈল॥
একাদশ এড়াই ভৈল দ্বাদশ বৎসৰ। ৯
ৰূপ দেখি লোভ ভৈল সুৰাসুৰ নৰ॥
বিচিত্ৰ অঙ্গত আছে অলঙ্কাৰ পান্তি।
চিকিমিকি কৰে যেন চন্দ্ৰমাৰ কান্তি॥
পূৰ্ণিমাৰ শশী সম বদন প্ৰকাশে।
জ্বলি যায় কামানল মুচুকীয়া হাসে॥
অধৰক বিম্বফল বুলিবাক পাৰি।
দশন পঙ্কতি যেন মুকুতাৰ শাৰী॥
হৃদয়ত দুই স্তন দেখি কৌতূহল।
যেন অভিনৱ দাড়িম্বৰ দুই ফল॥
ক্ষীণ দেহা কুমাৰীৰ মধ্যে হালে কায়।
বতাসতে লৰে অতি ভাগি নপৰয়॥
উৰু কৰি-কৰ সম বলিত সুহায়।
গগনত যেন ৰাজহংসিনী পৰায়॥
নাসা তিলফুল যেন দেখিতে শোভন।
বলিত বৰ্ত্তুল উৰু বহল জঘন।
ৰাজহংস গমনে চলয় ধীৰে ধীৰ।
ৰূপ দেখি পুৰুষৰ মন নোহে থিৰ॥

[  ]

ঊষাৰ ৰূপত উপমাৰ নাহি ঠাই।
যেহি অঙ্গে দৃষ্টি পৰে তাকে থাকে চাই॥
সৰ্ব্বসুলক্ষণী সৰ্ব্বগুণে গুণৱতী।
শুদ্ধভাৱে হৰক পূজয় নিতে নিতি॥
শিৱৰ মন্দিৰ যৈত সাজি আছে বাণা৷
নিতে শিৱ গৌৰীক পূজয় সেই থান॥
ঊষাত ভৈলন্ত তুষ্ট দেৱী জগন্মাতা॥
বান্ধিলন্ত গোসানী ঊষাৰে সখিয়তা।
প্ৰতিদিনে যান্ত ঊষা গোসানীৰ ঠাৱ।
গোসানী সহিতে ভৈল মিত্ৰৱতী ভাৱ॥
ঊষাক দেখিয়া পাৰ্ব্বতীৰ ৰঙ্গমন।
গাৱে তুলি কোলে কৰি চুম্বে ঘনে ঘন॥
এহি মতে দুইৰো যেবে কতো দিন গৈল।
শুনিয়োক তাত পাছে যেন কথা ভৈল॥
এক দিনা ঊষাক বুলিলা বলী বাণ।
মনে বিমৰষি ঊষা থৈব কোন থান॥
অল্পতে ঊষাৰ দেখো ভৈল কন্যা কাল॥
আউৰ মোৰ গৃহত থৈবাক নোহে ভাল॥
নতু বিহা দেন্তে কন্যা যদি নষ্ট যায়।
ইহলোকে পাপ পৰলোকে নৰ্ক পায়॥

[  ]

যদি নষ্ট কন্যা বিহা দেই মাৱে বাপে৷
একৈশ পুৰুষ ভুঞ্জে নৰ্ক সেই পাপে॥
আৰো শুনি আছো মই ভাৰত পুৰাণ৷
জীউ দুষ্টা ভৈলে পিতৃ চণ্ডাল সমান॥
চৱাল কালত বাপে ৰাখিবে কন্যাক।
যুবা ভৈলে স্বামী সঙ্গে লাগে বঞ্চিবাক॥
বৃদ্ধকাল ভৈলে পুল্ৰে পোষে যত্ন কৰি।
তিনিয়ো কালত নাৰী নোহে স্বতন্তৰী॥
এতেকেসে ৰাখিবাক লাগে ভাল কৰি।
যেনমতে শুদ্ধভাৱে থাকন্ত সুন্দৰী॥
বিহাকাল মানে মোৰ ৰাখিবে যুৱাই।
পাছে যেহি লাগে হোক কৰ্ম্ম অভিপ্ৰায়॥
ঊষা উপযোগ্য বৰ যাৱে নাহি পাওঁ।
তাৱে নিয়া ঊষাক নিৰ্ব্বাস দিয়া থওঁ॥
হেন মতে গুণি থিৰ কৰিলন্ত বাণে।
পাতিল বেৱস্থা আতি নিজঞ্জাল থানে॥
চতুৰ্ভিতি বেঢ় আতি দিল গঢ়ি গড়।
দুৱৰীক দিলে আতিশয় মহা দৃঢ়॥
গড়ক বেঢ়িয়া দিলা খাই বিপৰীত।
আছোক মনুষ্য দেৱ নাপাৰে লঙ্ঘিত॥

[  ]

ঊষাক থৈলন্ত নিয়া তাহাৰ মাঝত।
বৃদ্ধা বৃদ্ধা নাৰীগণ দিলেক লগত॥
বাণ নৃপ অমাত্য কুভাণ্ড নাম যাৰ।
চিত্ৰলেখা নামে এক কন্যা আছে তাৰ॥
ৰূপে গুণে ঊষাৰ সমান চিত্ৰলেখী।
ঊষা চিত্ৰলেখী দুইহন্তো প্ৰাণসখী॥
শয়নে ভোজনে একেলগে দুই সখী।
দণ্ডেকো নিজীয়ে দুই দুহাঙ্কো নেদেখি॥
সৰ্ব্বক্ষণে উষাৰ নছাৰে তাই পাশ।
উষাৰ লগতে চিত্ৰলেখাৰ নিবাস॥
হেনমতে থাকে দুয়ো নাহি সুখ শান্তি।
দেখিতে নাপাই সূৰ্য্য চন্দ্ৰৰ জেউতি॥
চিত্ৰলেখা সুন্দৰী পঢ়ান্ত কাব্যকোষ।
খনো পাশা খেলি কৰে হৃদয় সন্তোষ॥
বন্দীৰ আকাৰে ঊষা থাকয় ভিতৰে।
বাহিৰ নোলাই বাণ নৰপতি ডৰে।
ঊষায়ে বোলন্ত সখি কৰি আছো পাপ।
নজানো কিষক লাগি খঙ্গিলেক বাপ
দ্ৰোহীয়াৰ থানে নিৰ্ব্বাসক দিলে মোক
বন্দীৰ আকাৰ ভৈলো নেদেখোহো লোক॥

[ ১০ ]

চিত্ৰলেখা সমে দুয়ো আলোচন্ত কায।
হৰগৌৰী চাহিবাৰ ছলে হুইবো বাজ॥
হৰগৌৰী দেখিয়া খণ্ডোক ঘোৰ পাপ৷
সদকৰ্ম্ম কৰিলেনো কি কৰিবে বাপ৷
এহি আলোচিয়া ঊষা নিতে চেগ চাই।
সথী সমে গৈলা হৰ পাৰ্ব্বতীৰ ঠাই॥
বিদ্যমানে বসিয়া আছন্ত হৰগৌৰী।
প্ৰত্যক্ষ দেখিলা গৈয়া ৰাজাৰ কুমাৰী॥
মহাৰঙ্গে চিত্ৰলেখা তান পাশে গৈলা।
কৰযোৰ কৰি পাছে তাই থিয় ভৈলা॥
শুনা সভাসদ লোক ভাগৱত কথা।
বোলা হৰি হৰি জন্ম নকৰিও বৃথা॥

ছবি


হৰক দেখিলা বালা কপালত চন্দ্ৰকলা
 গাৱে দোলে বাসুকিৰ মালা।
পৰিধান বাঘছাল তিনিগোট৷ চক্ষু ভাল
 চন্দ্ৰ সূৰ্য্য অগনিৰ জালা॥

[ ১১ ]

শ্বেতবৰ্ণ কলেৱৰ  ফটিকতো ৰুচিকৰ
 শিৰে গঙ্গা কৰন্ত প্ৰকাশ।
দুৰ্গাদেবী মনোৰঙ্গে  আনন্দতে মন মগ্নে
 আলিঙ্গি ধৰিলা তুলি হাস॥
ধৰি আনি অবিকলে  অতিবৰ কৌতূহলে
 বদন চুম্বন্ত ৰঙ্গ মনে।
দেখিলেক ঊষা যাই  দৃষ্টি ভৰি আছে চাই
 আনন্দে পূৰিত সৰ্ব্বক্ষণে॥
ভৈল অৱনত ভাৱ  নমিয়া গৌৰীৰ পাৱ
 জানুশিৰে পৰিল ভূমিত॥
ঊষাৰ দেখিয়া ভাৱ  সম্বোধিলা জগমাৱ
 হাসি হাসি বোলন্ত উচিত॥
তোমাকে বৰিবে স্বামী  স্বৰূপে বুলিলো আমি
 অল্পকালে পাইবা তুমি পতি।
চিন্তা এৰা মহাদেৱী  লভিবা আপোন স্বামী
 পৰম পুৰুষ শুদ্ধ মতি॥
গোসানীৰ বাণী শুনি  ঊষায়ে মাতন্ত গুণি
 মোৰ স্বামী হৈবে কতোকালে।
স্বৰূপে কহিয়ো মাৰ  জুৰায়োক মোৰ গাৱ
 পুৰি মাৰে কাম অগ্নি জ্বালে॥

[ ১২ ]

হেন শুনি মহামায়া  শতগুণে ভৈল দয়া
 ঊষাক বুলিলা হেন বানী।
স্বৰূপ কহিলো কথা  নুহি মোৰ বাণী বৃথা
 সুমৰি থাকিবা মনে গুণি॥
বৈশাখ মাসত আসি  তিথি শুক্লা দ্বাদশী
 সেহি নিশা দেখিবা সপোন।
সুন্দৰ পুৰুষে আসি  আলিঙ্গিবে হাসি হাসি
 তোৰ স্বামী হৈব সেহি জন॥
চিত্ৰলেখা ৰঙ্গে পাছে  শঙ্কৰৰ গৈলা কাষে
 স্তুতি নতি কৰিলা বিস্তৰ।
তুষ্ট হুয়া শূলপাণি  বুলিলন্ত প্ৰিয় বাণী
 বাঞ্ছিত লৈয়োক আবে বৰ॥
শুনি কৰযোৰ কৰি  চিত্ৰলেখা পদে পৰি
 নমি বোলে দেৱ বিশ্বেশ্বৰ।
সুৰাসুৰ নৰ যত  আছে চৈধ্য ভুবনত
 ৰূপগুণ জানিবো সবাৰ॥
ৰঙ্গে বুলিলেক হৰ  দিলো তোক এহি বৰ
 হৰগৌৰী ভৈল অন্তৰ্দ্ধান।
বৰ পায়া ৰঙ্গ ভাৱে  দুয়ো সখী নম্ৰভাবে
 গৈলা চলি আপোনাৰ স্থান॥

[ ১৩ ]

দিন যাই আলে জালে  ৰাত্ৰি নিদ্ৰা নাসে ভালে
 দ্বাদশী হৈবেক কত কালে।
অকস্মাত মহেশ্বৰ  মোহোক দিলন্ত বৰ
 স্বামী নাই মোহোৰ কপালে॥
এহিমতে চৈত্ৰ গৈল  বৈশাখ আসিয়া ভৈল
 দ্বাদশী তিথিৰ সমযোগে।
উষা আছে শয়নত  দেখিলেক সপোনত
 পুৰুষেক আছন্ত সম্ভোগে॥
ঘুমটিত থাকে ভালে  জাগিলেক ততকালে
 গুচয় সম্ভোগে যত ভোগ।
ঊষায়ে নিদ্ৰাত পায়  স্বামী বুলি আলিঙ্গয়
 ৰতিৰস কৰে সতী ভোগ॥
ৰূপে কামদেৱ সম  সিংহ সম পৰাক্ৰম
 গম্ভীৰত সাক্ষাতে সাগৰ৷
তেজে দ্যুতি দিনকৰ  শীতলত শশধৰ
 পণ্ডিতে ভাৰ্গৱ পুৰন্দৰ॥
সপোনত কামে ধৰে  শৰীৰ বিকল কৰে
 ধৰিবে চাৱই আঙ্কোৱালি।
আৰ হোৱে দুইৰ আগ  ধৰিবে নপায় লাগ
 স্বামী বুলি গেড়িয়া আওঢালি॥

[ ১৪ ]

শয্যাত বুলাই হাত  কৈক গৈল প্ৰাণনাথ
 তুমি বিনে প্ৰাণ ছাৰি যাই।
কোন দোষে গৈলা এৰি  প্ৰভু বুলি পাৰে গেৰি
 জাগি চিত্ৰলেখা আছে চাই॥
শয্যাৰ ধৰিলা তুলি কি কি ভৈল কি ভৈল বুলি
 চিত্ৰলেখা পুছে ধীৰে ধীৰে।
সখি মোত কহিয়োক  শুনি হাসিবেক লোক
 তুমি মোত কহিও সুথিৰে॥
চেতন লভিয়া পাছে  মাত বোল এৰি আছে
 নিশ্বাস কাঢ়য় ঘনে ঘন।
ভাগৱত পদ ছবি  শ্ৰীচন্দ্ৰ ভাৰতী কবি
 পদ বিৰচিলে সুপ্ৰসন্নে॥
শুনিয়োক সৰ্ব্বজন  হৰিপদে দিয়া মন
 এৰিয়োক হৃদয়ৰ কাম।
গুচোক দুৰ্গতি যত  মিলোক মঙ্গল শত
 জানি ডাকি বোলা ৰাম ৰাম॥

⸻⸺

[ ১৫ ]

পদ

যেনে তেনে আলেজালে নিশা গৈল ক্ষয়।
ৰজনী প্ৰসন্ন ভৈল সূৰ্য্যৰ উদয়॥
ঊষাৰ কথাক আবে এখনে থাকোক।
বাণ ৰাজা যি কৰিলে তাক শুনিয়োক॥
কৌশিকী নদীত ৰাজা কৰিলন্ত স্নান।
হৰগৌৰী মন্দিৰক চলি গৈলা বাণ॥
শঙ্কৰক গৈয়া দেখিলন্ত নৃপবৰ।
ভকতি মিনতি স্তুতি কৰিলা বিস্তৰ॥
কৃতাঞ্জলি কৰিয়া উঠিয়া নৃপবৰ।
হৰক সম্মুখে চাই বুলিলা উত্তৰ॥
এতকাল ভৈল মই নপাইলোঁ সমৰ।
ধৰোঁ কি কাৰণে মই হাজাৰেক কৰ॥
কোন দিনা যুদ্ধ পাইবো তাক কহিয়োক।
আছোক পুৰুষ হাসিবেক তিৰীলোক॥
তুমি সম পুৰুষ আসোক মোক বীৰ।
তেবে হাজাৰেক কৰ সাফল আমাৰ॥
গৰ্ব্ববাণী শুনি তেবে কিটাইলন্ত হৰ।
বাণক সম্বূধি পাছে দিলন্ত উত্তৰ॥

[ ১৬ ]

ত্ৰৈলোক্যৰ নাথ হৰে বুলিলন্ত হাসি।
সন্নিততে যুদ্ধ পাইবি কহিলো প্ৰকাশি॥
যেবে তোক দেখিলে ভাগিবে মৈৰাধ্বজ।
তেবে যুদ্ধ পাইবি আপোনাক হুয়ো সাজ।
হৰগৌৰী নমি পাছে চলি গৈলা বাণ।
অভ্যন্তৰে মৈৰাধ্বজ আছে যিবা স্থান॥
ভাগি আছে মৈৰাধ্বজ দেখিলেক যাই।
মহাৰঙ্গে গৈলা ৰাজ৷ আপোনাৰ ঠাই॥
সপোনে সচেতে ৰাজা তাক কৰে ধ্যান।
লাগিল বিৰাট যুদ্ধ দেখি বিদ্যমান॥
ফন্দে উৰু কৰ বাহু কপোল হৃদয়।
উলকা নিৰ্ঘাত ধূমকেতু দৰশয়॥
সাজে পাৰে ছাড়ে প্ৰজা নাই মন সুখ।
ঊষা কুমাৰীৰ কথা শুনি মন দুখ॥
চিত্ৰলেখা বোলে সখি কিনো ভৈল তোৰ।
কিবা সপোনত তই দেখি আছ চোৰ॥
কিবা সিংহ বাঘে তোক জগাইলে সপোনে।
আৰ্ত্তনাদ কৰি গেৰি পাৰ সখি কেনে॥
কি কাৰণে শয্যাত পাৰস হাতলোৰ।
প্ৰভু প্ৰভু চেঞ্চাৱস হাসি উঠে মোৰ॥

[ ১৭ ]

তোৰ ভাব দেখিয়া হাসিবে সৰ্ব্বজন।
ঝাণ্ট কৰি কহ সখি স্বৰূপ বচন॥
ঊষা বোলে সখি মই দেখিলো সপোন।
মোৰ সঙ্গে আছিল পুৰুষ একজন॥
আতি প্ৰেমে আসি মোক আলিঙ্গি ধৰিল।
পালটি চাহন্তে মোৰ হাততে হৰিল॥
উত্তম পুৰুষ তেহে ৰূপে বিতোপন৷
অভিনৱ সুন্দৰ যুৱত সুশোভন॥
শ্যামল শৰীৰ ধীৰ সাগৰ গম্ভীৰ
নাহি খতি খুন ৰূপে গুণৰ মন্দিৰ॥
গাৱে আতি পীতবস্ত্ৰ শৰীৰ উজ্জ্বল।
কোন নাৰী দেখি জানা নুহিবে বিকল॥
হেন পুৰুষক আমি পাইলো প্ৰাণসখি।
এৰি গৈলা প্ৰভু মোক কিবা দোষ দেখি॥
হাতে পাই হৰুৱাইলো ইষ্ট যেন নিধি।
হৃদয়ত কুঠাৰ হানিলে কেন বিধি॥
দুৰ্ভগা নাৰীৰ জীৱনত কোন কায।
ছাড়িয়া প্ৰাণক মই যাইবো যমৰাজ॥
ধিক ধিক সখি মই জীৱো কোন কাযে।
কৰিবো জীৱন ঝাম্প দিবো জল মাজে৷।

[ ১৮ ]

মই সেই পুৰুষক নাপাওঁ স্বামী কৰি।
সত্যে সত্যে মৰিবো কটাৰী ঝাস কৰি॥
এই বুলি ঊষায়ে কটাৰা তুলি লৈলা৷
সখীৰ আগতে মৰিবাক সাজ ভৈলা॥
থাপ দিয়া চিত্ৰলেখা অস্ত্ৰ কাঢ়ি লৈলা৷
দূৰক লাগিয়া তাই আছাৰি পেলাইলা॥
চিত্ৰলেখা বোলে সখি তইসে আজলী।
সপোনত স্বামী দেখি ভৈগৈলি বিকলি॥
স্বপ্নত পাৱয় অষ্ট নিধিৰ ভাণ্ডাৰ।
চেতন লভিলে সৱে হোৱে ছাৰ খাৰ৷
সপোনত পঞ্চামৃত ভুঞ্জে পেট ভৰি।
তেবে কি পলাই ক্ষুধা জানিবা সুন্দৰী॥
সপোনত যাই যদি দূৰ দেশান্তৰে।
চেতন লভিলে, থাকে গৃহৰ ভিতৰে॥
স্বপ্নৰ কথাক সবে পাছ কৰি থৈয়ো।
সব কথা এৰি সখি স্বস্থ মন হুয়ো।
হেন শুনি মাতে ঊষা বৰ কোপ কৰি॥
আন কথা কই মোক ভাণ্ডস সুন্দৰী॥
সপোনত থাকে নাৰী পুৰুষৰ সঙ্গে।
চেতন লভিলে ঐত পুৰুষে আলিঙ্গে॥

[ ১৯ ]

বিগুটি বিগুটি সখি নমাতিবা মোক৷
তুমি বিদ্যমানে হেৰা যাওঁ যমলোক॥
পুনৰপি আসি ঊষা অস্ত্ৰ তুলি লৈলা।
সখীৰ আগতে মৰিবাক সাজ ভৈলা॥
চিত্ৰলেখা ঊষাৰ কটাৰী লৈলা কাঢ়ি।
ভাল নোহে বুলি তাই পেলাইলে আছাৰি॥
পাছে চিত্ৰলেখা হেন বুলিলা বচন।
যতেক পুৰুষ আছে চৌধয় ভুবন॥
শুন তোত কহো মই স্বৰূপ বচন।
বেকত কৰিয়া পটে লিখিবো এখন॥
কাহাক দেখিলি স্বপ্নে চাহি কৰ তত্ত্ব।
আনি দিবো তাঙ্ক স্বৰ্গ মৰ্ত্য পাতালত।
দেৱতা অসুৰ যক্ষ ৰাক্ষস কিন্নৰ।
সবাকো লিখিয়া দিবো তোহোৰ গোচৰ॥
ইহাৰ ভিতৰে তই চাহি কৰ সাৰ।
দেখিলে চিনাই দিবি স্বামী আপোনাৰ॥
এই বুলি চিত্ৰলেখা অঙ্গীকাৰ কৰি।
লিখিবে লাগিলা মূৰ্ত্তি তুলি-কাপ ধৰি॥
প্ৰথমতে চিত্ৰলেখা ব্ৰহ্মাক লিখিলা।
গৌৰবৰ্ণ চাৰিমুখ অষ্টভুৰ্জ দিলা॥

[ ২০ ]

কৰে কমণ্ডলু দণ্ড ৰাজহংস যান।
জপন্ত পৰম জাপ্যমালা বিদ্যমান॥
বিষ্ণুক লিখিলা নীলবৰ্ণ কলেৱৰ।
শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰধৰ॥
গলত কৌস্তুভ পীতবস্তু পৰিধান।
ত্ৰিজগত গুৰু তান গৰুড় বাহন॥
হৰক লিখিলা মহা বৃষভৰ যানে।
ত্ৰিশূল ডম্বৰু ব্যাঘ্ৰচৰ্ম্ম পৰিধানে॥
ললাটত শশী জ্বলে শুক্ল সুশীতল।
পঞ্চবক্ত্ৰ ত্ৰিনয়ন শিৰে গঙ্গাজল॥
ঐৰাৱত স্কন্ধত লিখিলা পুৰন্দৰ।
উচ্চৈঃশ্ৰৱা ঘোটকত জয়ন্ত কুমাৰ॥
মূষিকৰ কান্ধে লিখিলেক গণপতি।
কাৰ্ত্তিকক লিখিলা ময়ূৰ যানে গতি॥
অগ্নিক লিখিলা তাই ছাগলৰ কন্ধে।
মহিষৰ কান্ধে যম লিখিলা প্ৰৱন্ধে॥
মগৰত বৰুণ লিখিলা বহুথানে।
বায়ুক লিখিলা তাই মৃগৰ বাহনে॥
কুবেৰ লিখিলা তাই মানুষৰ কান্ধে।
সপত ঘোটকে সূৰ্য্য লিখিলা প্ৰৱন্ধে।

[ ২১ ]

শশা কান্ধে চন্দ্ৰক লিখিলা ভাল কৰি।
ত্ৰিদশ দেৱক তাই লিখিলে সুন্দৰী॥
যাৰ যেন ৰূপ গুণ যাৰ যেনে থান।
যি দেৱৰ যিবা আসি হোৱয় বাহন॥
ব্যক্ত কৰি চিত্ৰতে লিখিল৷ চিত্ৰলেখা।
প্ৰত্যেক কৰিয়া তাক সেহি থানে দেখা॥
ঊষাৰ আগত দেখাইলন্ত চিত্ৰলেখা।
ত্ৰিদশ দেৱক সখি ভাল মতে দেখা॥
ত্ৰিদশৰ মাজে তোৰ স্বামী আছে নাই।
স্বৰূপ কৰিয়া কহ চিত্ৰপট চাই॥
ত্ৰিদশৰ মাজে স্বামী বাঞ্ছা কৰ যাক।
তই মাত্ৰ কহ মই আনি দিওঁ তাক॥
হেন শুনি ঊষা পাছে চিত্ৰ পট চাই।
সখীক বুলিলা আত মোৰ স্বামী নাই॥
হেন শুনি চিত্ৰলেখা ঊষাৰ উত্তৰ।
পাছে লিখিলেক তাই গন্ধৰ্ব্ব কিন্নৰ॥
দেৱ ঋষি সকলক লিখিল সুন্দৰী।
ঊষাক দেখাইলা নিয়া কুভাণ্ড কুমাৰী॥
কতো বেলি ঊষা পাছে চিত্ৰপট চাই।
নশ্চয়ে বুলিলা আত মোৰ স্বামী নাই॥

[ ২২ ]

হেন শুনি চিত্ৰলেখা কৰে কাপ ধৰি।
আন পট লিখিলেক কুভাণ্ড কুমাৰী॥
পাতালত সৰ্পগণ আছে যত যত।
তাৰ ভাৱে চিত্ৰলেখা কৰিল বেকত॥
অনন্ত বাসুকি ধৃতৰাষ্ট্ৰ কৰ্কোটক।
কুহক কুকিল পুণ্ডৰীক সতক্ষক॥
দেৱতো অধিক নাগ ৰূপ অতিশয়।
সবাৰো শিৰত ৰত্ন মুকুট জ্বলয়॥
কাল মুখ কাল জিবা আৰু কাল গল।
শ্বেত পীত নাগ ৰক্ত লিখিল সকল॥
লিখিলেক নাগগণ শাৰী শাৰী কৰি।
ঊষাক দেখাইলা নিয়া কুভাণ্ড কুমাৰী॥
কতো বেলি ঊষা পাছে চাহি চিত্ৰ পট।
আত মোৰ স্বামী নাই কহিলো প্ৰকট॥
হেন শুনি চিত্ৰলেখা ঊষাৰ উত্তৰ।
পাছে লিখিলেক পৃথিবীৰ যত নৰ॥
সূৰ্য্যবংশে যত যত আছিল নৃপতি।
ব্যক্ত কৰি পটতে লিখিলা মহামতি॥
চন্দ্ৰবংশ লিখি যেবে আতাইল সুন্দৰী।
যদুবংশ লিখিলেক গুৰুক সুমৰি॥

[ ২৩ ]

বসুদেৱ সুত কৃষ্ণ লিখিলেক পাছে।
অল্প অল্প লাজ কৰি ঊষা বসি আছে॥
পাছে কামদেৱক লিখিলা কৃষ্ণ পাশে।
মাথে বস্ত্ৰ দিয়া লাজে বচন নভাষে॥
অনিৰুদ্ধ কুমৰক লিখিলেক যেবে।
মাত বোল এৰি ঊষা চাহি আছে তেবে॥
স্বপ্নত দেখিলো যাক মোৰ স্বামী এই৷
হাঁসো হাঁসো কৰে মুখ সখি চিন তই॥
কুমৰক দেখি ঊষা ভৈলেক বিকলি।
ধৰিবাক চাহে চিত্ৰপটৰ পুতলি॥
দেখিলেক চিত্ৰলেখা ঊষাৰ স্বভাৱ৷
আঁৰ কৰি চিত্ৰ পট থৈলা সেহি ঠাৱ॥
কুমৰক নেদেখিয়া হৰিল গিয়ান।
মূৰ্চ্চা গৈয়া কুমাৰী পৰিল সেহি থান॥
হেন দেখি চিত্ৰলেখা গৈলা লাসে লাসে॥
ধীৰে ধীৰে বিঞ্চিলন্ত চামৰ বতাসে॥
কতো বেলি ঊষা পাছে চেতন লভিল।
কোলে কৰি আশ্বাসিয়া সাবটি ধৰিল॥
দেখায়া প্ৰভুক মোৰ তুমি নিলা কাঢ়ি।
তোমাৰ আগত আজি প্ৰাণ যাইবো ছাড়ি॥

[ ২৪ ]

চিত্ৰলেখা বোলে সখি চিন্তা এৰিয়োক।
সপোনৰ স্বামী মই আনি দিব তোক॥
ঊষায়ে বোলন্ত সখি উঠিয়ো সকাল।
যেবে তুমি যাইবা সখি চলিয়ো একাল॥
মোৰ প্ৰাণ স্বামী তুমি আনি দিবা যেবে।
সাঙ্কো হুয়৷ তোমাৰ চৰ্চ্চিবো গুণ তেবে॥
হেন দেখি চিত্ৰলেখা দিলন্ত উত্তৰ।
তোৰ কথা শুনন্তে মোহোৰ লাগে ডৰ॥
দ্বাৰকা নগৰী ছয় মাসেকৰ পথ।
কালি পুৱা তোৰ স্বামী দিবো কেন মত॥
বিশেষত তোৰ স্বামী গোবিন্দৰ নাতি।
যাক ৰক্ষা কৰি থাকে বীৰগণে ৰাতি॥
বিনা যুদ্ধে জিনি তাঙ্ক কোনে আনিবেক।
কালি পুৱা কেন সখি খান্তি দেহ মোক॥
আঠ দিবসক মোক দিয়োক মেলানি।
তেবেসে তোহোৰ স্বামী দিব পাৰো আনি॥
মোহোৰ শকতি নাহি কালি পুহা দিতে।
তোমাৰ আগত মই কহিলো উচিতে॥
হেন শুনি বোলে ঊষা সখী হাতে ধৰি।
হোক আঠ দিন চলি যায়োক সুন্দৰী॥

[ ২৫ ]

আঠ দিন বাজে স্বামী নানস আমাৰ।
তেবে মোৰ প্ৰাণ যাইবে কৈলো সাৰেসাৰ॥
চিত্ৰলেখা বোলে সখি চিন্তা এৰি থাক।
কুমৰ হৰিবে মই যাওঁ দ্বাৰকাক॥
এহি বুলি চিত্ৰলেখা গৈল ঘোড়াশাল।
বাচিয়া লৈলেক ঘোড়া অতি ভাল ভাল॥
শ্বেত শ্যামবৰ্ণ ঘোড়া বায়ু নোযোৰাই।
কান্ধত জুৱলি নিয়া বান্ধিলে বঢ়াই॥
কালধ্বজ গোট তাত দেখন্তে সুন্দৰ৷
কাল চামৰে মণ্ডিত ৰথৰ উপৰ॥
ঘোড়াৰ ওপৰে দিলা সুবৰ্ণ দাপণি৷
গলত ঘুগুৰা দিলা বাজে ৰুণ ঝুণি॥
পাৱে ক্ষুদ্ৰ ঘণ্টা দিলা বাজয় বিশেষ।
সাজি আনিলেক ৰথ দেখন্তে সুবেশ॥
আপুনিয়ে৷ সাজ ভৈল মাউতৰ থান৷
কাল টুপী কাল বস্ত্ৰ গাৱে পৰিধান॥
উপৰক তুলি তাই বান্ধিলেক খোপা৷
পিঠিত হালয় মাণিকৰ এক থোপা॥
কপালত আতি ভাল তিলক পিন্ধিল।
গন্ধৰ নিকৰ পিসি আগৰত দিল॥

[ ২৬ ]

গ্ৰাৱে লৈলা গজমতি হাৰে লুলে জেঠি।
দশো আঙ্গুলিত ঝাম্পি সোণৰ আঙ্গুঠি॥
বিচিত্ৰ বদনে গাৱ মণ্ডিলেক তাই।
শুভক্ষণে যাত্ৰা কৰি ঊৰ্দ্ধক উড়াই॥
নখৰ মূলত তাই লগাইলেক হীৰ।
কৰ্ণত জ্বলয় ৰত্ন কুণ্ডল ৰুচিৰ॥
ডগমগ কৰি আতি মণ্ডিল শৰীৰ।
ৰূপ দেখি যুৱতৰ মন নোহে স্থিৰ॥
নভাসয় ৰূপ তাইৰ থাকে চাই চাই।
চন্দ্ৰ সূৰ্য্য ৰহি থাকে আকাশে নুড়াই॥
ঊষা বোলে সখি তোৰ বুঝিলো ঢাকলি।
আগে শাশ খাই পাচে দিবিহি বাকলি॥
তুমিয়ো যুবতী মোৰ স্বামীয়ো যুৱক।
এক থান ভৈলে কাম সহিবা কিমত॥
হেন শুনি চিত্ৰলেখা দিলা সমিধান।
ভূমি চুই বিষ্ণু স্মৰি পৰশিল কাণ।
অতমান সখি তই নুবুজিলি পাপ।
তোহোব স্বামী সে মোৰ কুভাণ্ডসে বাপ॥
ঊষা বোলে সখি চলি যায়োক সত্বৰ।
দেখা মোক স্বামী আঠ দিনৰ ভিতৰ॥

[ ২৭ ]

ঊষা বোলে পথে একো নোহোক বিঘিনি।
অব্যাহতে আনা গৈয়া শত্ৰু সেনা জিনি৷।
যাত্ৰা কৰি চিত্ৰলেখা ৰথে উড়ি যাই।
ডাকিলেক ৰথ গৈল আকাশে উড়াই॥
চাবুকে ডাকিয়া ঘোড়া ডকাইলেক যত।
আকাশে উড়াইল গৰুড়ৰ যেন মত॥
আকাশত দেখি যেন কাল মেঘ খন৷
ৰথ-ঘূড়া-শব্দ শুনি মেঘৰ গৰ্জ্জন॥
বিজুলী চটকে যেন বেগে যাই ৰথ।
দণ্ডেকে আটাইল তিনি মাসেকৰ পথ॥
মহাৰঙ্গে চিত্ৰলেখা আকাশক যাই।
নিমিষেকো নলাগিল স্বৰ্গপথ পাই॥
প্ৰথমতে দেখিলেক এক মহা নদী।
সাগৰ সমান আছে বিন্ধ্যাচল ভেদি॥
পৰিপূৰ্ণ নিৰ্ম্মল ধৱল যাৰ নীৰ।
ৰখাইলেক ৰথখান নৰ্ম্মদাৰ তীৰ॥
প্ৰথমতে ঘোড়াক কৰাইলা জল পান।
পাছে চিত্ৰলেখা কৰে বিধিমতে স্নান॥
দেৱ পিতৃ তুষিলেক নৰ্ম্মদাৰ জলে।
নানা পুষ্প কুসুম তুলিল কৌতূহলে॥

[ ২৮ ]

জলপুষ্প থলপুষ্প তুলিল সকলে।
ইষ্টদেৱ হৰক পূজিলা কৌতূহলে॥
চিত্ৰলেখা নিত্যকৰ্ম্ম কৰি অৱসান।
উদৰ ভৰিয়া কৰিলেক জল পান॥
ভোজন সম্ভাৰ যিবা আনি আছে লগে।
ভোজন কৰিয়া উঠিলেক সেহি চেগে॥
ৰথ ডাকিবাক চিত্ৰলেখা ভৈলা সাজ।
আগে উপসন্ন যে নাৰদ মুনিৰাজ॥
কৃষ্ণসাৰ চৰ্ম্ম কটি মধ্যতে যে সাজে।
অক্ষসূত্ৰ কমণ্ডলু হাতত বিৰাজে॥
নাৰদক দেখি আতি চমকিত মনে।
ডেৱ দিয়া ৰথৰ নামিলা তেতিক্ষণে॥
জানুশিৰে প্ৰণামিলা নাৰদৰ পাৱে।
ঋষিক বুলিবে লৈলা আদৰিত ভাৱে॥
মহাতীৰ্থ স্নানিবাৰ পাইলো যত ফল।
তাতো দশ গুণ প্ৰভু পাইলো কৌতূহল॥
জানিলোহো মোহোৰ কাৰ্য্যৰ হৈব সিদ্ধি।
এবেসে জানিলো সুপ্ৰসন্ন ভৈল বিধি॥
ব্ৰহ্মাৰ তনয় তুমি দেৱ মহাবল।
কি কাৰ্য্যে আসিলা প্ৰভু কহিয়ো সকল॥

[ ২৯ ]

নাৰদ বদতি ওবা শুনা চিত্ৰলেখি।
আন কাৰ্য্য নাই তোক আসিলোহো দেখি॥
তোৰ ভাৱ দেখি মোৰ চিত্ত হৰষিত।
পুছিবাক আসিলো তোহোৰ সন্নিহিত॥
বীৰ কাছে কাছিয়া যুদ্ধৰ ভাৱে সাজি।
মোত কহ সুন্দৰী কহিক যাহ আজি॥
শুনা সাধুজন সবে ভাগৱত পদ।
সকল দুৰ্গতি খণ্ডি মিলিবে সম্পদ॥
কৃষ্ণৰ চৰণ-পদ্ম হৃদয়ত ধৰি।
শ্ৰীচন্দ্ৰভাৰতি ভণে বোলা হৰি হৰি॥


দুলৰি

ঋষিৰ বচন শুনি তেতিক্ষণ
 চিত্ৰলেখা বোলে বাণী।
কহে৷ মোৰ কায শুনা মুনিৰাজ
 স্বৰূপ মোৰ কাহিনী॥
বাণৰ কুমাৰী সৰ্ব্বাঙ্গ সুন্দৰী
 ঊষা নামে মোৰ সখী।
গোবিন্দৰ নাতী স্বপ্নে পায়া ৰাতি
 বিকল ভৈলন্ত দেখি॥

[ ৩০ ]

চেতন লভিয়া  তাহাঙ্ক নাপায়া
 সখী নিজীৱয় প্ৰাণে।
সেহিসে কাৰণে  কুমৰ-হৰণে
 আসিছো দ্বাৰকা থানে॥
দ্বাৰকাক যাই  কুমাৰক পাই
 আনিবো বাণৰ ৰাজ্য।
জীয়াইবো ঊষাক  আনিবো তাহাঙ্ক
 কহিলো মোহোৰ কাৰ্য্য॥
নাৰদ বদতি  শুনা মহামতি
 কুভাণ্ড মন্ত্ৰীৰ জীউ।
সাগৰ তৰিবি  কুমৰ হৰিবি
 তোৰ এতমান হিউ॥
ওবা চিত্ৰলেখি  মই আইলো দেখি
 কুমৰক সেহি ৰাজে।
যাক বীৰগণে  ৰাখে সৰ্ব্বক্ষণে
 লোহাৰ গঢ়ৰ মাঝে॥
পূবে হনুমন্ত  সসৈন্যে ৰাখন্ত
 পশ্চিমে গৰুড় পক্ষী।
দক্ষিণত ৰাম  উত্তৰত শ্যাম
 সততে থাকন্ত ৰাখি॥

[ ৩১ ]

আপুনি গোবিন্দ  এৰিলন্ত নিন্দ
 ৰাত্ৰি দিন সম কৰি।
গঢ়ৰ চৌপাশে  ফুৰি অহৰ্নিশে
 আপুনি বাখন্ত হৰি॥
দ্বাৰকা নগৰী  গোবিন্দৰ পুৰী
 দেখন্তে লাগয় ত্ৰাস।
দেৱে ৰাখে আতি  দেৱৰ পদাতি
 কোনে লঙ্ঘিবেক পাশ॥
হেন শুনি তাই  মাতিলা দুনাই
 শুনিয়োক মুনিবৰ।
সাগৰ তৰিবো  কুমৰ হৰিবো
 মায়া জানো বহুতৰ॥
যাইবো মায়া কৰি  বিষ্ণুৰ নগৰী
 কেহো নিচিনিবে মোক৷
সকল কাৰ্য্যত  আপুনি পাৰ্গত
 অল্প নেদেখিবা মোক॥
তাইৰ বাণী শুনি  মাতিলন্ত মুনি
 হাঁসি হাঁসি মুখ চাই।
কহ তোৰ থান  গহ এত মান
 কহিয়ো মোত বুজাই॥

[ ৩২ ]

কুমৰক যাই  তই লাগ পাই
 হৰিবি কোন উপায়।
মোত বিদ্যমানে  দেখায়ো আপোনে
 মায়া জান কত তই॥
শুনি মুনি বাক  মায়া কৰিবাক
 প্ৰথমতে ছোট ভৈল।
এড়ি ছোট মায়া  ধৰি পক্ষীকায়া
 গগনে গৈয়া উঠিল॥
পক্ষী কায়া এড়ি  আকাশক উড়ি
 ভৈল ঘোৰ মেঘগণ।
কৰয় গৰ্জ্জন  বিদ্যুৎ সঘন
 বৰিষয় বৰ টান॥
মেঘ ছদ্ম এৰি  অগ্নি ৰূপ ধৰি
 পৃথিবীক লাগি আইল।
যেন বৈশ্বানৰ  মহা ভয়ঙ্কৰ
 গগন গৈলা উধাইল।
পাছে চিত্ৰলেখি  তাহাৰ উপেখি
 ভৈল তাই বাঘ গোট।
বাঘ পৰিহৰি সিংহ ৰূপ ধৰি
 কৰয় বৰ আস্ফোট।

[ ৩৩ ]

এৰি মিংহ মায়া  কুভাণ্ড তনয়া
 ধৰিলন্ত সৰ্প কায়া৷
সৰ্প পৰিহৰি  অতি ৰঙ্গ কৰি
 ধৰিলেক নেউল মায়া॥
নেউল মায়া তাই  এৰি সেহি ঠাই
 বিড়ালী ভৈলা বিশেষ।
মায়াৰ আকাৰ  কৰি পৰিহাৰ
 ধৰিল গণক বেশ॥
কৰে পাঞ্জি ধৰি  পঢ়ে ৰঙ্গ কৰি
 শুনন্তে মনত ৰঙ্গ।
গণকৰ ভাৱ  এৰি সেহি ঠাৱ
 ব্ৰাহ্মণ ভৈল গৌৰাঙ্গ॥
পঢ়ে চাৰি বেদ  কৰি অবিচ্ছেদ
 জানি স্বৰে তুলি ৰাৱ।
মূল মন্ত্ৰ জানি  ফুৰন্ত বখানি
 যেন কোকিলৰ ৰাৱ॥
ব্ৰাহ্মণৰ ভাৱ  এৰি সেহি ঠাৱ
 আনো জানো যত মায়া৷
ঋষিৰ আগত  দেখাইলা সমস্ত
 পাছে ভৈলা নিজ কায়া॥

[ ৩৪ ]

নাৰদৰ পাৱে  নমি সেহি ঠাৱে
 বুলিলন্ত বৰ নাৰী।
ইসব মায়াত  গৈয়া দ্বাৰকাত
 হৰিবে পাৰি নোৱাৰি॥
তাইৰ বাণী শুনি  মাতিলন্ত মুনি
 হৰিয়ে দিলা উত্তৰ।
তোৰ মায়া যত  মোৰ হৃদয়ত
 একো নোহে সাৰতৰ॥
ইসব মায়াত  তই দ্বাৰকাত
 নোৱাৰিবি হৰিবাক।
কহ সত্য বাণী  জানি কি নাজানি
 হৰণলুকি মায়াক॥
হৰণলুকিতে  কুমাৰ হৰিতে
 পাৰিবি দ্বাৰকা যাই।
যদি নজানস  কিসক চলস
 পালটি যায়ো দুনাই॥
ঋষিৰ বচন  শুনি তেতিক্ষণ
 চিত্ৰলেখা বোলে বাক।
আছো জানিয়ো  কৰ্ণে নউ শুনো
 হৰণলুকি মায়াক॥

[ ৩৫ ]

তোমাৰ বচন  শুনি মোৰ মন
 দহয় হৃদয় ভেদি।
সখীৰ মৰণ  ভৈল উপসন
 হৰি হৰি কিনো বিধি॥
সখীৰ আগত  কৰি আইলো সত্য
 বুলিল দৃঢ় বচন।
আউৰ কোন লাজে  সখীৰ সমাজে
 হুইবো গৈয়া উপসন্ন॥
চৰণে পৰিয়া  কাকূতি কৰিয়া
 তোমাক বোলো গোঁসাই।
শোণিত পুৰত  হুয়া উপগত
 বাৰ্ত্তা দিবা সমুদাই॥
কহিবা সখীতে  কুমৰ হৰিতে
 নোৱাৰিলে চিত্ৰলেখি॥
সেহি অপমানে  মোৰ বিদ্যমানে
 মৰিল প্ৰাণ উপেক্ষি॥
নৰ্ম্মদাৰ তীৰ  এড়িলা শৰীৰ
 তোমাৰ বুজি অভাৱ।
নকৰালো সুখ  নেদেখিলো মুখ
 হৰি হৰি উষা মাৱ॥

[ ৩৬ ]

এহিমতে গুণি  কাষ্ঠচয় আনি
 অগনি জ্বালিলা তাই
অগনি উঠিল  গগন ব্যাপিল
 দেৱ ঋষি আছে চাই॥
শিৱৰ চৰণে  নমি চিত্ৰা মনে
 মৰিবাক ভৈলা সাজ।
তিৰীৰ সাহস  জানো কৰে জাস
 হাক দিলা মুনিৰাজ॥
নমৰিবি তই  মায়া কহোঁ মই
 শুনিয়ো মোৰ বচন৷
ভাদ্ৰৰ মাসত  দুভাগ নিশাত
 লাগিব চন্দ্ৰ গ্ৰহণ॥
ওবা চিত্ৰলেখি  খঞ্জৰিত পক্ষী
 আকাশে যাইবেক উড়ি।
তেতিয়া ধৰিয়া  পটাত বাটিয়া
 সাজিবি তাহাৰ বড়ি॥
কৰত মৰ্দ্দিয়া  গুৰু সুমৰিয়া
 কপালত দিবি ফোট৷
অতি ক্ষুদ্ৰতৰ  কায় কলেৱৰ
 হুইবি মধুকৰী গোট॥

[ ৩৭ ]

যাইবি নিশা কালে  কুন্দ্ৰাক্ষৰ জালে
 পশিবি গৃহ ভিতৰ।
কুমৰক পাইবি  তিলক পিন্ধাইবি
 কুমৰ হুইব ভ্ৰমৰ॥
পিঠি ভাগে লৈয়া  উড়াৱ কৰিয়া
 কুন্দ্ৰাক্ষ জালে বজায়া।
ৰথত চৰিয়া  ফোঁট মলচিয়া
 পাছে হুইবি নিজ কায়া॥
তোত সমুদায়  কহিলো উপায়
 হৰণলুকি মায়াক।
এহি মায়া বাজে  নযাইবি সি ৰাজ্যে
 পালটি ডকা ৰথক।
দুৰ্ভাগ্য বশত  ভাদ্ৰৰ মাসত
 চন্দ্ৰ গ্ৰহণৰ কাল।
পক্ষীক বিচাৰি  নপাইলে সুন্দৰী
 সকল হুইবে নিষ্ফল॥

[ ৩৮ ]

পদ।

নাৰদৰ বচন শুনিলা সেহি থান।
মহাৰঙ্গে চিত্ৰলেখা দিলা সমিধান॥
দেখিয়োক গুৰু মোৰ মায়াৰ প্ৰভাৱ।
হৰিণলুকিৰ বস্তু সাজোঁ এহি ঠাৰ॥
চিত্ৰলেখা ঈশ্বৰক প্ৰণামিলা মনে।
বিপৰীত মায়া কৰিলন্ত তেতিক্ষণে॥
বৈশাখ, জ্যেষ্ঠ, আষাঢ়, শাওণ বহি গৈল।
দণ্ডেকৰ ভিতৰত ভাদ্ৰ আসি ভৈল॥
দুভাগ নিশাত চন্দ্ৰ আছন্ত প্ৰকাশি।
লাগিল গ্ৰহণ ৰাহু গ্ৰাসিলেক আসি॥
সেহি বেলা উড়ি যাই খঞ্জৰিত পক্ষী।
তাক জাম্প দিয়া ধৰিলেক চিত্ৰলেখি॥
পটাত পিসিয়া বড়ি সাজিলেক তাই।
মনত বিস্ময়ে ঋষিৰাজে আছে চাই॥
কৰত মৰ্দ্দিয়া কপালত দিয়া ফোঁট।
তেতিক্ষণে ভৈল তাই মধুকৰী গোট।
উড়াৱ কৰিয়া তাই কতো দূৰে গৈল।
নাৰদৰ আগে আসি উৎসন্ন ভৈল॥

[ ৩৯ ]

ফোঁট মলচিয়া তাই নিজ ৰূপ ধৰি।
নাৰদৰ চৰণত নমস্কাৰ কৰি॥
তোমাৰ প্ৰসাদে গুৰু সাধো সবে কায।
নিৰ্ভয়ে চলোহো গোবিন্দৰ নিজ ৰাজ॥
এহি বুলি চিত্ৰলেখা ৰথে চড়ি যাই।
ডাকিলেক ৰথ গৈল আকাশে উড়াই॥
নাৰদো গৈলন্ত পাছে শীঘ্ৰ বেগ কৰি।
তাইতো আগে পাইল গৈয়া দ্বাৰকা নগৰী॥
কৃষ্ণৰ আগত গৈয়া ভৈল উপসন্ন।
পাদ্য অৰ্ঘে কৃষ্ণে তান নমিলা চৰণ॥
কৰ যোৰ কৰি পুছিলন্ত কাজ।
কহিয়োক মুনিৰাজ সাধো কোন কায॥
নাৰদ বদতি প্ৰভু এক বাৰ্ত্তা পাইলো।
সেহি কথা কহিবাক তযু পাশে আইলো॥
তোমাৰ ঘৰত চোৰ পশিবেক ৰাতি।
আন কিছু নহৰিবে হৰিবেক নাতি॥
অনিৰুদ্ধ কুমৰক নিব চুৰি কৰি॥
যথা তথা প্ৰকাৰে ৰাখিয়ো দেৱ হৰি॥
এহি কথা কহি চলি গৈলা মুনিৰাজ।
উসমিস লাগি গৈল কৃষ্ণৰ সমাজ॥

[ ৪০ ]

প্ৰৱন্ধে সজাইলা প্ৰভু লৌহময় ঘৰ।
কুমৰক থৈল নিয়া তাহাৰ ভিতৰ॥
উৰ্দ্ধে অধে একোভিতি নাথাকে উশাস।
কুন্দ্ৰাক্ষৰ জালে বজাই উশাস নিশাস॥
বৰ বৰ বীৰগণ দিলন্ত প্ৰহৰী।
সজাগৰে থাকে সবে অস্ত্ৰ-শস্ত্ৰ ধৰি॥
পূৰ্ব্ব দিকে হনুমন্ত বীৰ আছে ৰাখি।
পশ্চিমত ৰাখন্ত গৰুড় মহাপক্ষী॥
দক্ষিণত বলভদ্ৰ উত্তৰত সাম৷
চৌদিকে ৰাখন্ত হৰি নাহিকে বিশ্ৰাম॥
এহিমতে কুমৰক সবে আছে ৰাখি।
সন্ধ্যাকালে সেহি ৰাজ্য পাইলা চিত্ৰলেখি।
আকাশত নিয়া তাই ৰখাইলেক ৰথ।
দ্বাৰকা নগৰে ৰঙ্গে চাহিলা সমস্ত॥
স্বৰ্গতো অধিক দশগুণে প্ৰকাশয়।
নগৰ চাহন্তে চক্ষু চমক লাগয়॥
নানাবিধ ৰঙ্গ দেখিলেক ঠাই ঠাই।
সম্প্ৰতিক নিশাৰ প্ৰহৰ দুই যায়॥
চিত্ৰলেখা ৰথ খান ৰখাইল তহিতে।
নাৰদক সুমৰিয়া বড়ি লৈলা হাতে॥

[ ৪১ ]

কৰত মৰ্দ্দিয়া কপালত দিলে ফোট৷
তেতিক্ষণে ভৈল তাই মধুকৰী গোট॥
উড়াৱ কৰিয়া পড়িলেক সেহি ঘৰে।
কুন্দ্ৰাক্ষৰ জালে তাই পশিল ভিতৰে॥
অনিৰুদ্ধ কুমৰক দেখিলে সুন্দৰী।
ৰত্নময় শয্যাত আছন্ত নিদ্ৰা কৰি॥
ফোট মলচিয়া তাই নিজ ৰূপ ভৈল।
মহাৰঙ্গ মনে কুমৰৰ পাশে গৈল॥
ধীৰে ধীৰে চিত্ৰলেখা লগাইলেক মাত।
জাগা জাগা প্ৰভু বুলি পাৱে দিলা হাত॥
অনন্তৰে অনিৰুদ্ধে লভিলা চেতন৷
জাগি দেখিলেক চিত্ৰলেখাৰ বদন॥
পূৰ্ণিমাৰ শশী সম বদন প্ৰকাশে।
মদনে পীড়িত হুয়া চাপিলেক পাশে॥
আসা আসা প্ৰাণেশ্বৰী চিন্তে৷ মনে ময়।
ঘোৰ কামানলে মোৰ শৰীৰ দহয়॥
মৃণাল সদৃশ ভুজে আলিঙ্গিয়ো মোক৷
অধৰ অম্বতে কামানল যুড়ায়োক॥
কৰযোজে চিত্ৰলেখা দিলা সমিধান।
ৰতি উপযোগ্য প্ৰভু নোহে ইটো থান॥

[ ৪২ ]

ইঠাৱত প্ৰভু যদি দেখয় আমাক।
তুমি লঘু হুইবা মোৰো যাইব কাণ নাক॥
ইঠাৱত প্ৰভু মই কৃষ্ণক ডৰাওঁ।
যদি দয়া আছে আসা দূৰক পলাও॥
কুমৰ বোলয় ওবা শুনিয়ো যুৱতি।
পলাইবাৰ মোৰ আৰু নাহিকে শকতি॥
চতুৰ্ভিতি ৰক্ষা কৰি আছে সৰ্ব্বলোক।
কেনমতে পলাইবোহো কথা কহ মোক॥
চিত্ৰলেখা বোলে প্ৰভু মোহৰ সঙ্গতে।
যেনমতে আসি আছো নিবো সেহি মতে।
ভয় নকৰিবা প্ৰভু থাকিয়োক চায়া।
কেহো নেদেখিবে হেন কৰিবোহো মায়া॥
কুমৰে বোলয় বিলম্বত নাহি কায।
আথে বেথে সুন্দৰি গৃহৰ কৰা বাজ॥
যথাকে তোমাৰ মন নিয়ো সেহি থান।
তোত পৰে মোহৰ সুহৃদ নাহি আন॥
হেন শুনি চিত্ৰলেখা ভৈল ৰঙ্গমন।
কৰত ঔষধি লৈয়া মৰ্দ্দিলা তেখন॥
দুইৰো কপালত ফোট দিলা বঙ্গ কৰি।
তেতিক্ষণে ভৈলা দুয়ে৷ ভ্ৰমৰ ভ্ৰমৰী॥

[ ৪৩ ]

পিঠিভাগে তাই কুমৰক তুলি লৈলা।
কুন্দ্ৰাক্ষৰ জালে দুয়ো বাজ হুয়া গৈলা॥
ঊৰ্দ্ধমুখ কৰি উড়িলেক ৰথ খান।
গগনে উঠিল যেন দেৱৰ বিমান॥
চিত্ৰলেখা দুইৰো ফোট মলছিলা কৰে।
নিজ ৰূপ ভৈলা দুয়ো ৰথৰ উপৰে॥
নজানিল কেন মতে নিল চুৰি কৰি।
এহিমতে ডাক দিয়া মাতিলা সুন্দৰী॥
চিত্ৰলেখা গোবিন্দক লগাইলেক মাত।
প্ৰণামো চৰণে যদুপতি জগন্নাথ॥
তোমাৰ নাতিক হৰি নিয়ে চিত্ৰলেখি।
শূন্য গৃহ খান আবে থাকিয়োক ৰাখি॥
তথাপিতো চিন্তা নকৰিবা চক্ৰপাণি।
বিহা কৰাই তোমাৰ নাতিক দিবো আনি॥
এহি বুলি চিত্ৰলেখা ৰথে উড়ি যাই।
ডাকিলেক ৰথ গৈল আকাশে উড়াই॥
দ্বাৰকা নগৰে লাগিলেক উসমিস।
কোনে নিলে নাতি একো নপাইলে উদিশ॥
হাঁহাঁকাৰ কৰে সবে দ্বাৰকাৰ লোকে।
কামদেৱে বিলাপ কৰন্ত পুত্ৰ শোকে॥

[ ৪৪ ]

গোবিন্দ বোলন্ত সবে এৰা মন কষ্ট।
মোহোৰ নাতিৰ একো থানে নাই নষ্ট॥
ৰূপে গুণে বলে বীৰ্য্যে মোহৰ সমান।
কোনে কি কৰিবে পাৰে নিউক যথাস্থান॥
ভূত ভবিষ্যত প্ৰভু জানন্ত সকলে।
শোক দুঃখ সবাৰো গুচাইলা বাক্য বলে॥
কৃষ্ণৰ বচনে শোক এৰিলন্ত মনে।
বিষাদ নকৰি থাকিলন্ত সৰ্ব্বজনে॥
যেবে চিত্ৰলেখা কুমৰক লৈয়া যাই।
বুলিলন্ত অনিৰুদ্ধে তাইৰ মুখ চাই॥
সত্বৰে সুন্দৰি মোক দিয়া আলিঙ্গন।
তোমাৰ অন্তৰে মোক দহয় মদন॥
এই বুলি অনিৰুদ্ধে চাপিলন্ত পাশে।
কৰযোড়ে বোলে তাই মনত তৰাসে॥
সেৱকিনী বুলি তুমি জানিয়োক মোক।
খুদ খাই নষ্ট কৰা অমৃতৰ ভোগ॥
ঊষা নামে সখী আছে তযু প্ৰিয়া নাৰী।
সৰ্ব্বাঙ্গ সুন্দৰী তেহোঁ মই কোন চাৰী॥
দণ্ডী কৰি সখী যাতো পঠাইল আমাক।
সিকাৰণে আইলো প্ৰভু তোমাক নিবাক॥

[ ৪৫ ]

একে সমন্ধত সখা আৰু মই দাসী।
মোহোৰ পাশক প্ৰভু তুমি কেনে আসি॥
আপুনি পণ্ডিত তুমি পূৰ্ব্বাপৰ জানি।
ক্ষমা কৰিয়োক প্ৰভু শাস্ত্ৰৰ কাহিনী॥
দাসী বধূ জীউ সখী শৰণীয়া নাৰী।
ৰাজ ভাৰ্য্যা গুৰুপত্নী চণ্ডালী কুমাৰী॥
আসম্বাক চুইলে মাতৃ গমনৰ পাপ।
হেন জানি মোক ক্ষমা কৰিয়োক বাপ॥
গুৱামালী পিন্ধে কোনে মালতীক পাই।
অমৃতক এৰি কোনে খাৰ পানী খাই॥
তোমাৰ আগত প্ৰভু মই গাওঁ গীত।
তাক শুনি প্ৰভু তুমি ধৰিয়োক চিত॥
ৰাগ গীত জানিবাহা সংসাৰতে সাৰ।
জানিবা জানিবা তাক কৰিয়া বিচাৰ॥
এই বুলি চিত্ৰলেখা যুড়িলেক ৰাগ।
অতি সুললিত কৰি গাৱে ভাগে ভাগ॥
তাৰ ঘোৰ মন্ত্ৰ আদি গাৱে বহু ভাৱ।
মনক মোহয় যেন কোকিলৰ ৰাৱ॥
মালৱতী ৰাগ মালৈ কৰোক কৰ্ণাড়।
কৰ্ণাট সুৱাগ সুহাই মালবী মল্লাৰ॥

[ ৪৬ ]

ললিত বিভাগ মঞ্জু ভৈৰবী মল্লাড়ী।
ৰামকিৰী ধনশিৰী ভূপালী বৰাড়ী॥
ভাৰবী মঞ্জুৰী যোগন্ধাৰ ক্ৰৌঞ্চকিৰী।
মহানাট গৌৰীখট কেদাৰ হাঙ্গিৰী॥
মাধবী বসন্ত দেৱকিৰী ইন্দ্ৰকিৰী।
হিন্দোলা হিন্দোলী হাৰা আকাশ গুঞ্জৰী॥
কুমৰক যুড়ি তাই গাৱে নানা গীত।
তাক শুনি কুমৰৰ পালটিল চিত॥
কামিনীক পিঠি দিয়া আছে গীত শুনি।
ধ্যান কৰি আছে যেন মহা সিদ্ধ মুনি॥
একভিতি কৰি চিত্ৰলেখা গীত গাৱে৷
বায়ুতো অধিক কৰি ৰথক ডকাৱে॥
বাণ নৃপতিৰ ৰাজ্য গৈয়া যেবে পাইল।
সেই সময়ত গৈয়া ৰজনী পুহাইল॥
অগনিৰ গঢ় গোট দেখিল কুমৰ৷
চতুঃপাশে বেঢ়ি আছে গঢ় ভয়ঙ্কৰ॥
সাত প্ৰহৰেক লাগি জ্বলন্ত প্ৰশস্তে।
আৰু শিখা গঢ় তিনি প্ৰহৰৰ পথে॥
কুমৰে বোলয় ওবা শুনিয়ে৷ সুন্দৰি।
ইটো অগ্নি লঙ্ঘি তুমি যাইবা কেন কৰি॥

[ ৪৭ ]

কোঠেৰ অগনি ইটো জানি বা নাজানি।
হেন শুনি চিত্ৰলেখা বুলিলেক বাণী॥
এহিতো জানিবা বাণ নৃপতিৰ দেশ।
তেজপুৰ নাম ইতো নগৰ বিশেষ॥
তোমাক নিবোহো এহি নগৰ ভিতৰ।
চাহি থকা প্ৰভু তুমি নকৰিবা ডৰ॥
ঊৰ্দ্ধমুখ কৰি তাই ৰথক ডকাইল।
অগ্নি গঢ় চড়াই গৈয়া শিখা গঢ় পাইল॥
শিখা গঢ় চড়াই ৰথ যাই ধীৰে ধীৰে।
অলক্ষিতে প্ৰবেশিলা ঊষাৰ মন্দিৰে॥
ৰথৰ নামিয়া দুয়ো ভূমি পাৱ হুয়া।
ঊষাৰ পাশক গৈলা কুমৰক লৈয়া॥
চিন্তা কৰি ঊষা বসি আছে একেশ্বৰে।
দূৰতে দেখিলে সখী আনিলা কুমৰে॥
আথে বেথে গাৱ চালি ঊষা ভৈলা থিউ।
পুনৰপি আইল যেন মৃতকৰ জীউ॥
অনিৰুদ্ধে দেখিলেক ঊষাৰ বদন।
যি কহিলা চিত্ৰলেখি সফল বচন॥
ভৰি চাৰি পাঞ্চ আগ বাঢ়ি মৃদু ভাৱে।
আনন্দে বসিলা ঊষা শঙ্কিত স্বভাৱে॥

[ ৪৮ ]

প্ৰথম লজ্জাত থাকি ঊষাও নাসিল।
সেহি থানে থাকি জানুশিৰে প্ৰণামিল॥
চিত্ৰলেখা বোলে দুইৰো বুজিলো আশয়।
আগ বাড়ি আশা দুয়ো দশ দশ পাৱ॥
সখীৰ বচনে দুয়ো এৰিলন্ত মান।
আগ বাঢ়ি ৰঙ্গে আসি ভৈল এক থান॥
কেশে কেশে ধৰি অভিষেকিলন্ত জলে।
লগ্নগাণ্ঠি বান্ধিলন্ত আঞ্চলে আঞ্চলে॥
দুইৰো হাতে দুইকো নিয়া দিয়াইলা তাম্বুল।
লগ্নগাণ্ঠি পিন্ধাই দুইকো দিয়াইলেক ফুল॥
দুইহানো মাথাত নিয়া দূৰ্ব্বাক্ষত দিল।
সশস্য প্ৰদীপ ধৰি আগবাঢ়ি নিল॥
ৰত্নময় গৃহে নিয়া কৰাই প্ৰবেশ।
দূৰ ভৈল ঊষাৰ যতেক মন ক্লেশ॥
সুবৰ্ণ আসনে বসিলন্ত একথানে।
তিনি জন বাঝে তাক নজানয় আনে॥
চিত্ৰলেখা সমাপিয়া বিবাহৰ কাষ।
পাছে সজাইলেক তাই ভোজনৰ সাজ॥
ভাল কৰি চিত্ৰলেখা ৰান্ধিলা তেখন।
নানাভাৱে সিজাইলেক পঞ্চাশ ব্যঞ্জন॥

[ ৪৯ ]

বহুবিধ সংযোগে সাজিল পৰমান্ন।
পিষ্টক সাজিল তাই নানা বিধ ঠান॥
মগুৰ ডালিত ঘৃত চিনি চুড়া দিল।
আতি ভাল কৰি তাক মসূৰে ৰঞ্জিল॥
আদা লোণ য’নী জীৰা মৰীচক দিল।
ভাজিলে খাসীৰ মাংস বাখৰে ৰঞ্জিল॥
পাৰাৱত আনি তাই কৰিলেক জলা।
কচ্ছপৰ মাংসত দিলেক বৰকলা॥
হৰিণৰ মাংস সমে হিঙ্গৰ ফোটন।
ৰম্ভামূলে বৰাহৰ মাংস বিতোপন॥
চিত্ৰফণী চিত্ৰলেখা দিলেক কৰ্পূৰ।
বড়ালিৰ ঘান্টি লাড়ি মৎস্যত মসূৰ॥
কচে বচে বেসুৱাৰি শৌলে মূলে সঙ্গ।
ডৰিকে বেঙ্গনে আৰি মাছত পালঙ্গ॥
কাঠিঅৰা কৰে তাই ইলিহ কান্দোল।
জামীৰ শোলঙ্গ দিয়া লফাৰ আমোল॥
ঘৃতৰ তেলনী দিয়া মৌয়ে সমে ঝোল।
আছোক ভুঞ্জিবে তাক গন্ধতে আমোল॥
বদৰী ৰসত চিনি অণ্ড মিশলাইল।
পকা তেন্তেলিত গুড় ৰস আনি দিল॥

[ ৫০ ]

পঞ্চাশ ব্যঞ্জন সাজিলেক অন্ন পাল।
পবিত্ৰ কৰিলা পাছে ভোজনৰ থাল॥
সুবৰ্ণৰ দুই পাত্ৰ পৃথকে বিচাইল।
কুমৰ কুমাৰী দুইকো ভুঞ্জিবে বৈসাইল॥
আচান্ত কৰিয়া পাছে দুয়ো ভৈলা শুদ্ধ।
সুমৰিলা জনাৰ্দ্দন ঊষা অনিৰুদ্ধ॥
ভুঞ্জিবাক বসিয়া সোধয় আদিমূল।
মই অন্ন ভুঞ্জিবো তোমাৰ কিবা কুল॥
কৰযোড়ে চিত্ৰলেখা বুলিলা বচন।
কন্যাক বিহাইবা কেনে নুভুঞ্জিবা অন্ন॥
প্ৰথমে দেৱক অন্ন দিলা ভাগে ভাগে।
কৰ্পূৰ লৱণ ঘৃত ভুঞ্জিলন্ত আগে॥
পঞ্চাশ ব্যঞ্জন নানাভাৱে পৰশন্ত।
চিত্ৰলেখা নটী যেন নাচন্তে আছন্ত॥
মহিষৰ দধি দিলা আৰু মধুৰস।
বহুবিধ ঘন ক্ষীৰ আমোদ বিশেষ॥
ভোজনৰ হন্তে দুয়ো আচান্ত ভৈলন্ত।
কৰ্পূৰ তাম্বূল ভুঞ্জি শয্যাক গৈলন্ত॥
ৰত্নময় শয্যাত বসিলা দুয়োজন।
চিকিমিকি কৰে যেন ৰবিৰ কিৰণ॥

[ ৫১ ]

সুৱৰ্ণ খাটত হংস তুলি আছে পাৰি।
শুক্লময় চন্দ্ৰতাপ ঊৰ্দ্ধে আছে আৰি॥
শুকুল চামৰে আসি বিঞ্চে দাসীগণে।
মুকুতা মুৰালি থোপা হালয় সঘনে॥
ঘৃতৰ প্ৰদীপ তাত জ্বলে শাৰী শাৰী।
আগৰ ধূপৰ গন্ধে শোভয় ওৱাৰি॥
দেৱনা মৰুয়া বক মালতী মধাই।
শিৰীষ সেউতী নাগেশ্বৰ যূথী জাই॥
গুলাল কেতেকী গন্ধে শয্যাখান শোভে।
গুঞ্জৰে ভ্ৰমৰ মধুকৰী মধু লোভে॥
ঊষায়ে সহিতে তাতে বসিল কুমৰ।
স্বৰ্গত যেহেন শচী সমে পূৰন্দৰ॥
ভুঞ্জি পাছে চিত্ৰলেখা আসি সেই থান।
কৰযোৰে দুইৰো আগে বুলিলা বচন॥
যেতিক্ষণে প্ৰভু তুমি যাহা নিজ ৰাজ্য।
মোকো লগে নিবা নকৰিবা পৰিহাৰ্য্য॥
দাসীভাৱে মই দুইৰো সেবিবো চৰণ।
তুমি এৰি গৈলে মোৰ হুইবেক মৰণ॥
অনিৰুদ্ধে বোলে শুনিয়োক বৰনাৰী।
তোমাৰ ঋণক মই শুজিবে নপাৰি॥

[ ৫২ ]

একোকালে তোমাক নযাইবো পৰিহৰি।
সত্যে সত্যে নিয়া যাইবো দ্বাৰকা নগৰী॥
গদ নামে আছন্ত আমাৰ খুড়া ভাই।
ৰূপে গুণে বলে বীৰ্য্যে তাৰ সম নাই॥
আজি ধৰি সমন্ধিতা ভৈলাহা আমাৰ।
তাহাঙ্কে তোমাক বিহা কৰাইবোহো সাৰ॥
হেন শুনি চিত্ৰলেখা বৰ ৰঙ্গ মনে।
শয়ন কৰিবে গৈলা পৃথক আসনে॥
ঊষা অনিৰুদ্ধ থাকিলন্ত সেহি থানে।
ভৈল ঘোৰ নিশা আসি সন্ধ্যা অৱসানে।
অনন্তৰে ৰতি ৰস মিলিলা দোহাৰ।
কৈল মনোৰথ সিদ্ধি ষোড়শ শৃঙ্গাৰ॥
বৃষাৰূঢ় আদি কৰি বন্ধ যত যত।
ভাৱে ভাৱে অনিৰুদ্ধে কৰিল বেকত।
নখে ক্ষত বহুতৰ স্তনত কৰিল।
দুইকো দুই আঙ্কোৱালি বাহুৱে ধৰিল॥
আউল জাউল কেশ ছিণ্ডে হেমহাৰ।
কটিৰ মেখলা খসি পড়িল ঊষাৰ॥
বহুভাৱে দুইকো দুই পূৰিলন্ত মন।
ঘৰ্ম্মজলে তিতিলেক দুহানো বদন॥

[ ৫৩ ]

সিদ্ধি ভৈলা মনোৰথ পূৰিলন্ত আশ।
পূহাইল ৰজনী ভৈল ৰবিৰ প্ৰকাশ॥
স্নান পান ভোজন কৰিয়া পূৰ্ব্বৱতে।
আঠ দিন এহিমতে গৈল অলক্ষিতে॥
ৰতিৰসে আনন্দতে আঠ দিন গৈল।
শুনিয়োক তাত পাছে যেন কথা ভৈল॥
কুঁজী নামে আছে তাত এক দুষ্টা নাৰী।
পাতি আছে নৃপতি ঊষাৰ অধিকাৰী॥
কোটৰা কোটৰী আখি বহল কপাল।
খুমুচি আকাৰ মুখ টেমি হেন গাল॥
নাক গোট চেপেটা কুলাৰ সম কাণ।
পিঠিত কুঁজেক আছে উধান সমান॥
মুঠন হাতেক জানা তাইৰ দীৰ্ঘ গল।
দুই খান হাত ভৰি তিতিনি দীঘল॥
ঊষা কুমাৰীৰ তাই হোৱে নিজ দাসী।
আঠ দিন অন্তৰে দেখিল তাই আসি॥
ঊষা অনিৰুদ্ধ বসি আছে এক সঙ্গে।
দশন কামুৰি তাই মাতিলেক খঙ্গে॥
অৰে তৰে চোৰ তোৰ গহ এতমান।
লোহায়ে বান্ধিলি ঘাড় আসিলি ইথান॥

[ ৫৪ ]

কুপিত সিংহক তই লগাৱস মাত।
আশীবিষ সৰ্পৰ গাৱত দেস হাত॥
কৈৰ পৰা আসি তই পাইলি ইটো ৰাজ।
এবে মৰি যাইবি তই যমৰ সমাজ॥
কৃষ্ণৰ পৰম ভক্ত শ্ৰীচন্দ্ৰ ভাৰতি।
বোলে হৌক হৰিপদে অচলা ভকতি॥


দুলড়ী

কৈক লাগি আইলে  দুই চক্ষু খাইলে
 মিছাত প্ৰাণ সুজাইলে।
সাগৰৰ জলে  নাৱক বুড়াইলে
 অল্পতে ঘাড় কটাইলে॥
তোহোৰ যে সাস  বাঘক জোঙ্কাস
 জানিয়া গৰল খাস।
পলাইবে নপাস  এবে ভৈলি নাশ
 ঝাণ্টে গাৰ তুলি আস॥
তোহোৰ পৰাণে  আসিলি ইথানে
 দুঃখ পাইবি অবিকলে।
চাহা গুণি মনে  উঠি এতিক্ষণে
 কেশে নউ ধৰো ভালে॥

[ ৫৫ ]

এড়িয়া নযাইবো  গলত ধৰিবো
 ৰাজাৰ আগক নিবো।
হাতক বান্ধিবো  চুলত ধৰিবো
 চোৰ বুলি নিয়া দিবো॥
ঊষায়ে শুনিয়া  মাতন্ত খঙ্গিয়া
 নমাত কুঁজী গৰ্ব্বিয়া।
চুলত ধৰিয়া  গালত মাৰিয়া
 খেদাইবো বাজ কৰিয়া॥
যাস মান বুজি  নমাতিবি কুঁজা
 প্ৰহাৰ নলবি খুজি।
চৱৰেক মাৰি  দান্ত সব সাৰি
 খেদাইবো মানস সুজি॥
ঊষাৰ বচনে  ক্ৰোধ কৰি মনে
 গৃহৰ বাহিৰ ভৈল।
কোপে অপমানে  বাতুল গিয়ানে
 ৰাজাত জনাইবে গৈল॥
হৰিত ভকতি  হোক শুদ্ধমতি
 ভাগৱতে কৰা ৰতি।
শ্ৰীচন্দ্ৰ ভাৰতি  পদ নিগদতি
 কৃষ্ণৰ চৰণে গতি॥

[ ৫৬ ]

পদ

এহিমতে খঙ্গি যেবে কুঁজী চলি যাই।
মধুমতী পটেশ্বৰী আছে যিবা ঠাই॥
আগবাঢ়ি কুঁজীয়ে যুড়িলা দুই হাত।
আই পটেশ্বৰী বুলি নমিলেক মাথ॥
ঊষাৰ লগত তুমি থৈলাহা আমাক।
একোকালে ঊষা নুশুনয় হাক ডাক॥
কহিৰ পুৰুষ গোট নিচিনি নাজানি।
স্বতন্ত্ৰ কৰিয়া ভিতৰক আছে আনি॥
এক শয্যা মাজে দুয়ো বসে মন ৰঙ্গে।
বাধিবে নোৱাৰি আমি ভৈলো বৰ খঙ্গে॥
মোহোৰ বচন নুশুনয় হাক ডাক।
বিস্তৰ বোলন্তে বোলে কাট এইৰ নাক॥
প্ৰত্যয় নযাসা যেবে চাহিয়োক যাই।
হেন জানি কৰিয়োক যেহেন যুৱাই॥
তোমাত জনাইলো মই জনাইবো ৰাজাক।
যেনে তেনে ৰাখো মই আপোনাৰ নাক॥
হেন শুনি পটেশ্বৰী কুঁজী হাতে ধৰি।
মাতন্ত ঊষাৰ অৰ্থে কাউ-বাউ কৰি॥

[ ৫৭ ]

এতিক্ষণে নৃপতিত নজনাইবি তই।
আপুনিয়ে বুলি মাতি ৰাখিবোহোঁ মই॥
প্ৰসাদক দিয়া যে কুঁজীক কৰি মান।
আনি দিল শঙ্খ খাৰু পাট পৰিধান॥
প্ৰসাদক পায়া কুঁজী ৰঙ্গ মন ভৈল।
ৰক্ষাশালে যাওঁ বুলি বাহিৰক গৈল।
মহা ৰঙ্গে গুণি গান্থি কুঁজী চলি যাই।
পথত যাহন্তে গণকক লাগ পাই॥
গণকক বোলে দিন চাহিয়ো সকাল।
গণি পঢ়ি চাহা মোৰ কোন দিন ভাল।
গণকে বোলয় মই ভাবি মনে চাওঁ।
পটেশ্বৰী হৈবা হেন গণি পঢ়ি পাওঁ॥
ৰাজাৰ আগক গৈলে পাইবি সতকাৰ।
পাছে সুমৰিবা এই বচন আমাৰ॥
সভা মাজে বসি আছে বান নৃপবৰ।
এহি শুভক্ষণে তই চলহ সত্বৰ॥
গণকৰ হেন বাণী শুনিলেক তাই।
ৰাজাৰ আগক মহা ৰঙ্গে চলি যাই॥
কত দূৰ যান্তে নাপিতক লাগ পাইল।
হাত বাউল দিয়া তাঙ্ক সমীপে মাতিল॥

[ ৫৮ ]

আসিল নাপিত হাতে আছয় দাপোণ।
দেখি কুঁজী খোজে তাক আতি ৰঙ্গ মন॥
ৰাজাৰ পাশক যাওঁ দিয়োক দাপোণ।
মুখ খান চাই লওঁ কেনুৱা শোভন॥
নাপিতে বোলয় মুখ ভাল আছে কুঁজী।
দেখিলে নৃপতি বহু আদৰিবে আজি।
নাপিতে কুঁজীৰ হাতে দিলেক দাপোণ।
দান্ত নিকোটাই তাই চাহাৱে বদন॥
খুমুচি আকাৰ মুখ দেখিলেক তাই।
নাপিতক মাতে পাছে মুণ্ড দুপিয়াই॥
ইটা-জাঁৱ দিয়া নোশোন্ধালি কি কাৰণ।
দাপোণৰ দোষে মুখ দেখো কুলক্ষণ॥
নাপিতে বোলয় মুখ তোৰ ভাল আছে।
বেয়া দেখ দাপোণৰ দোষে জান সাঁছে॥
যায়ো ৰাজ সভাক নাভাব মনে আন।
মুখ দেখাই পাবি কুঁজী বহুত সম্মান॥
নাপিতৰ বাক্যে কুঁজী উত্ৰাৱল কায়।
লচপচ কৰি ৰাজসভা পাইল যাই॥
বহল সমাজে ৰাজা আছন্ত সহজে।
দেৱতা সহিতে যেন ইন্দ্ৰ স্বৰ্গ মাজে॥

[ ৫৯ ]

আগ বাঢ়ি কুঁজী গৈয়া কৰি যোৰহাত।
প্ৰভু মহাৰাজ বুলি নমিলেক মাথ॥
ঊষাৰ লগত তুমি থৈলাহা আমাক।
একো কালে তাই নুশুনয় হাক ডাক॥
তোমাৰ আগত কহিবাক লাগে লাজ।
কৈৰবা পুৰুষ আনি আছে ঘৰ মাজ॥
আমাৰ বচন একো নুশুনয় তাই।
হেন জানি কৰিয়োক যেহেন যুৱাই॥
জাৰ মন্দ কথাক শুনিলে সামৰাজে।
শুনি নুশুনিল ৰাজা পিঠি দিল লাজে॥
পুনৰপি আগ বাঢ়ি কুঁজী বোলে বাক।
খঙ্গে ৰাজা বোলে এইৰ কাট কাণ নাক॥
ৰাজাৰ বচন শুনিলেক কটোৱালে।
ধৰি নাক কাণ কাৰ্টিলেক সেহি তালে॥
ঢঙ্কা মাৰি সভাৰ খেদাইল বাজ কৰি।
নাপিতে বোলয় তুমি ভৈলা পটেশ্বৰী॥
গণকে বোলয় দিন গণিলো সকল।
ৰাহু গোট নগণিলো তাৰ এহি ফল॥
যিহোক সিহোক আবে তোৰ গৈল নাক।
ধূলি মাটি দিয়া এভো ৰুধিৰক ঢাক॥

[ ৬০ ]

বৰ কষ্টে ৰাজা দশ তনয়ক আনি।
সমাজত নৃপতি বুলিলা হেন বাণী॥
ঊষাৰ পাশক লাগি চলি যায়ো ভাই।
কিবা মিছা সঞ্চা কহিয়াছে কুঁজা তাই॥
ৰাজাৰ আদেশ শুনিলেক দশ ভাই।
বায়ু বেগে গৈয়া ঊষা কুমাৰীৰ ঠাই॥
কৈৰ চোৰ বুলি খেদি যাই দশো খঙ্গে।
উষা অনিৰুদ্ধক দেখিলা এক সঙ্গে॥
অৰে অৰে চোৰ তোৰ গহ এতমান।
লোহাৰ বান্ধিয়া ঘাড় আসিলি ইথান॥
কোপিত সিংহক তই লগাৱস মাত।
আশীবিষ সৰ্পৰ গাৱত দেস হাত॥
পিঠি হাতে বান্ধি নিবো ৰাজাৰ আদেশে।
ঝাণ্ট গাৱ চাল তোৰ নতু ধৰো কেশে॥
তাসম্বাক সম্বুধি মাতন্ত অনিৰুদ্ধ।
শুনা শুনা দশ ভাই নকৰিবা ক্ৰোধ॥
তোমাৰ বহিনী ঊষা আনিলে আমাক।
আঠ দিন মাত্ৰ ভৈল বিহাইলো ইহাক॥
গোবিন্দৰ নাতি কামদেৱৰ তনয়।
মোৰ নাম অনিৰুদ্ধ লোৱা পৰিচয়॥

[ ৬১ ]

ভৈলো আমি কুটুম্বিত নকৰিবা কষ্ট।
যদি ক্ৰোধ কৰা আপুনিসে হুইবা নষ্ট॥
হেন শুনি ক্ৰোধে মাতিলেক দশ ভাই।
কাতৰ কৰিলে তোক এৰন নযাই॥
কেহো বোলে মাৰ মাৰ কেহো বোলে ধৰ।
হাতে গলে বান্ধিয়া গৃহৰ বাজ কৰ॥
চৱৰ চাপৰ মাৰি তিৰী চোৰ ধৰি।
ইহাক দণ্ডিলে লোক বুলিবেক হৰি॥
ধৰ মাৰ বুলিয়া চাপিল সন্নিহিত।
দেখিয়া কুমৰ আতি ভৈলা প্ৰকুপিত॥
উঠিলেক অনিৰুদ্ধ শয্যাখান ছাৰি।
বায়ু বেগে স্তম্ভগোট লৈলন্ত উভাৰি॥
দীঘল ডাঙ্গৰ স্তম্ভ দেখি অনিৰ্ব্বাৰ।
কৰে দণ্ড ধৰি যেন যমে দিলে ধাৰ॥
গৃহৰ বাহিৰ হুয়া দিলে স্তম্ভ পাক।
লক্ষিবে নোৱাৰি যেন কুমাৰৰ চাক॥
আইস বুলি তাসম্বাক শীঘ্ৰে দিলা ৰাৱ।
সিংহক ভৎৰ্চস আসি শৃগালৰ ছাৱ॥
দশ কোবে দশকে মাৰিলা মহাবীৰ।
পুনৰপি পশিলন্ত ঊষাৰ মন্দিৰ॥

[ ৬২ ]

অনিৰুদ্ধ বদতি শুনিয়ো বৰনাৰী।
বৰ দোষ কৰিলো তোমাৰ ভ্ৰাতৃ মাৰি॥
যমৰ সদনে পাঠাইলোহো দশ ভাই।
দুৰ্ঘোৰ কন্দল আসি হুইবে এহি ঠাই॥
তযু ভ্ৰাতৃ বধ শুনি ৰুষিব সকল।
সবাকো মাৰিবো ঘোৰ লাগিব কন্দল॥
মেলানি দিয়োক মোক যাওঁ নিজ ৰাজ্য।
থাকিয়োক প্ৰাণেশ্বৰী মিলিল অকাৰ্য্য॥
হেন শুনি ঊষা কুমৰৰ পাৱে ধৰি।
মধুৰ বচনে কান্দি মাতিলা সুন্দৰী॥
তুমি এড়ি গৈলে প্ৰাণ যাইবে এতিক্ষণে।
মৰা দশ ভাইতো মোৰ কষ্ট নাহি মনে॥
বাপৰ ধনক সব পৰিয়ালে খাই।
ভাইৰ ধন মান সবে হাতে তোলা পাই॥
স্বামীৰ ধনক সৰ্ব্বকালে কৰে ভোগ।
মৰা দশ ভাইক ৰাখিবে নোহে যোগ॥
দশো ভাইৰ বধ দেখি ৰখীয়া সকল।
নৃপতিৰ আগে গৈয়া উপসন্ন ভৈল॥
ৰখীয়া সকলে বোলে কিনো অদভুত।
সেই চোৰে মাৰিলে তোমাৰ দশ পুত॥

[ ৬৩ ]

শুনি মহামৰ্ম্মে ৰাজা কৰিলা আদেশ।
চতুৰঙ্গ দল সাজি যায়োক নিঃশেষ॥
মোৰ পুত্ৰগণ চলি যাউক সাতো আগ।
পলাইবেক দুষ্ট চোৰ ঝাণ্টে লৈয়ে লাগ॥
চতুৰ্ব্বিধ সেনাগণ ৰাজাৰ আদেশে।
সবে সমৰক লাগি চলিল বিশেষে॥
কেহো গজে কেহো ঘোড়া কেহো ৰথে চড়ে।
পুত্ৰগণ সমে সবে প্ৰজাগণ লড়ে॥
নৃপতিৰ পুত্ৰগণ পাইলে আগে যাই।
কুমৰক বোলয় আছয় কোন ঠাই॥
অনিৰুদ্ধ ঊষায়ে খেলান্তে পাছে পাশ।
ৰতিৰস আনন্দতে তোলে দুয়ো হাস॥
কুমৰক মহা খঙ্গে পাৰে সবে গালি।
ঝাণ্টে আস শয্যাৰ উঠিয়া গাৱ চালি॥
বাণ নৃপতিয়ো খেদি গৈলা সেহি ঠাৱ।
তাক দেখি অনিৰুদ্ধে চালিলন্ত গাৱ॥
ঊষায়ে সহিতে নমিলন্ত জানুশিৰে।
বচন বুলিলা আতি মেঘৰ গম্ভীৰে।
তোমাৰ দুহিতা ঊষা আনিলে আমাক।
অষ্টম দিবস ভৈল বিহাইলো ইহাক॥

[ ৬৪ ]

গোবিন্দৰ নাতি কামদেৱৰ তনয়।
মোৰ নাম অনিৰুদ্ধ জানিবা নিশ্চয়॥
তযু দশ পুত্ৰ আইল মতিত অবোধ।
মোক গালি পাৰে দেখি উঠি গৈল ক্ৰোধ॥
তথাপি ক্ষমিলো ধৰিবাক চাৱে মোক।
সি কাৰণে মাৰিলো তোমাৰ দশ পোক॥
হেন জানি মোৰ যত দোষ ক্ষমিয়োক।
তুমিসে শ্বশুৰ এবে গৃহে চলিয়োক॥
হেন শুনি কোপে জ্বলি গৈলা বাণ ৰায়।
অগনিত ঘৃত যেন তেহ্নয় পৰাই॥
অৰে অৰে চোৰ তোৰ এতমান হিউ।
দশ পুত্ৰ মাৰিলি হৰিলি মোৰ জিউ॥
কৃষ্ণক যে দেখাৱস তাত নাহি ডৰ।
আউৰ জীৱনক লাগি কৰস কাতৰ॥
ধৰ ধৰ বুলি আদেশিলা বাণ ৰাজা॥
তুমুল কৰিয়া বেঢ়িলেক সবে প্ৰজা॥
হস্তী কান্ধে কুমৰক বেঢ়িলা মাহুতে।
ঘোৰা ছুটি দিয়া পাছে ৰহিলা ৰাহুতে॥
ৰথীগণে বেঢ়িলেক ৰথে গতি কৰি।
পদাতি বেঢ়িলে গই খাণ্ডা বাৰু ধৰি।

[ ৬৫ ]

দেখে অনিৰুদ্ধে সবে ভৈলেক অকাৰ্য্য।
স্তম্ভ গোট ধৰিয়া গৃহৰ ভৈলা বাজ॥
দীঘলে চৌষষ্টি হস্ত বেঢ়ে কুড়ি ছয়।
তাক ফুৰাৱন্ত যেন ত্ৰিশূল শিৱয়॥
সেনা মাজে অনিৰুদ্ধে দিলেক আটাস।
কৰ্ণে তাল হানে প্ৰজা শুনি ভৈল ত্ৰাস॥
বিপৰীত শব্দ পাছে গৈল দশোদিশে।
কৰ্ণে হাত দিয়া প্ৰজা বোলে পাইলে কিসে॥
গজ বাজী চিঁহৰিয়া পলাইল লৱৰি।
বেহু ভাঙ্গি প্ৰজাগণ থাকি গৈল দড়ি॥
পাছে নৃপতিৰ গৈল শতেক কুমাৰ।
সবে হৃষ্টমন বীৰ বলিষ্ঠ দুৰ্ব্বাৰ॥
খড়্গ চৰ্ম্ম চাপ বাণ ধৰি শেল শূল।
কুমাৰক চাই বোলে কৰহ নিৰ্ম্মুল॥
একেবাৰে শৰ প্ৰহাৰিলা আসৰিস।
কুমাৰক বেঢ়ি সবে মাৰে দশোদিশ॥
স্তম্ভৰ পাকত অস্ত্ৰ কৰিলা বিনাশ।
তাক দেখি সবাহাৰ লাগিল তৰাস॥
স্তম্ভক ধৰিয়া অনিৰুদ্ধে বেগে ধাই।
প্ৰত্যেক খোজতে বসুমতী কম্পি যাই॥

[ ৬৬ ]

স্তম্ভকোবে কাহাৰো ভাঙ্গিল কুম্ভস্থল।
কাহাৰো ভাঙ্গিল কটি উৰু শিৰ গল॥
আধামৰা হুয়া প্ৰজাগণ আছে পৰি।
খেদি তাক মাৰন্ত গলত দিয়া ভৰি॥
ৰাজাৰ শতেক পুত্ৰ মাৰিলা নিমিষে।
ৰণ মাজে অনিৰুদ্ধে পশিয়া হৰিষে॥
অনিৰুদ্ধে সেনাক মাৰন্ত জাকে জাকে।
অযুতে নিযুতে মৰি যাই স্তম্ভ পাকে॥
সিবেলাত কামদেৱ সুত অনিৰুদ্ধে।
তিনি অক্ষৌহিনী সেনা মাৰিলেক যুদ্ধে॥
অযুতেক মত্ত হস্তী তিনি লক্ষ ৰথ।
সাত লক্ষ ঘোৰাক পঠাইল যমপথ॥
বাণ কটকৰ বড় ভৈল মহামাৰ॥
আৰাৱ ক্ৰন্দন শুনি সকলো সেনাৰ।
মহাভয়ে পলাই সেনা নকৰে সমৰ।
বাপক নচাৱে পুত্ৰ ভ্ৰাতৃক সোদৰ॥
হেন দেখি নৃপতিৰ প্ৰথম কুমাৰ।
কৰে ধনু ধৰি কুম্ভৰীৰে দিলে ধাৰ॥
ধনুখান ধৰিয়া কৰিলা গুণ খেৱ।
শবদ উঠিল যেন গাজিলেক দেৱ॥

[ ৬৭ ]

ক্ষুৰপতি বাণ কুম্ভে যুড়িলেক আনি।
হানিলেক বীৰে শৰ কৰ্ণমানে টানি॥
সেহি শৰে কুমৰক কাটি স্তম্ভগোট।
বাহু দাম্ফি মাৰি কুম্ভে কৰয় আস্ফোট॥
স্তম্ভ ছেদে অনিৰুদ্ধ বিনাস্ত্ৰ ভৈলন্ত।
মনে মনে অনিৰুদ্ধে সূৰ্য্যক ধিয়ান্ত॥
নমো দিবাকৰ দেৱ জগতৰ সাক্ষী।
চৰাচৰ জগতৰ তুমি নিজ আখি॥
তোমাৰ উদয়ে দিন হোৱে সুপ্ৰভাত।
ৰক্ষা কৰা দিবাকৰ প্ৰণামো তোমাক॥
তুষ্ট হুয়া ধনুশৰ দিলা দিবাকৰ।
দীপ্তি কৰি আসে আকাশত ধনু শৰ॥
আলগতে হাত মেলি ধৰিলা কুমৰ।
ত্ৰিশূল ধৰিয়া যেন উৎপন্ন হৰ॥
ধনু ধৰি অনিৰুদ্ধে কৰিয়া মণ্ডলী।
চক্ৰাকাৰ কৰি ফুৰাইলন্ত মহাবলী॥
আকৰ্ণ পূৰিয়া বীৰে কৰিলা টঙ্কাৰ।
পূৰিলেক দিশপাশ সকলে সংসাৰ॥
বাণ কটকত লাগি গৈল উসমিস।
যুদ্ধ পৰিহৰি প্ৰজা পলাই দশোদিশ॥

[ ৬৮ ]

হেন দেখি বাণ ৰাজা গুণে মনে মন।
সূৰ্য্যে ধনু দিলে আক নোহে অল্প জন॥
এহি ধনু লৈয়া যেবে কৰয় সমৰ।
তেবে আক সম্মুখে যুজিবে কোন নৰ॥
আৰু শৰে যেবে নউ বিনাশে আমাক।
আবে নাগপাশে বন্দী কৰোহো ইহাক॥
এহি বুলি নাগপাশ বাণ লৈলা দ্ৰুতে।
কুমৰক লাগি বাণ হানিলা বিদ্যুতে॥
ফোকাৰন্তে নাগপাশ আকাশে উড়াই।
সৰ্ব্বগাৱে বান্ধিলেক কুমৰক পাই॥
যেবে নাগপাশত কুমৰ বন্দী ভৈল।
দিব্য ধনু-বাণ আকাশক চলি গৈল॥
হেন দেখি সূৰ্য্যে অতিশয় দয়া ভাৱে।
অভেদ কৱচ দিলা কুমৰৰ গাৱে॥
নাগপাশে বন্দী হুয়া কুমৰ আছে পড়ি।
পাছে বাণ ৰাজা খেদি গৈলা শীঘ্ৰ কৰি॥
কুমৰৰ কান্ধে কোব দিলেক লৱৰি।
ভাগি গৈল খড়্গ কুমৰৰ কান্ধে পড়ি॥
পুনৰপি প্ৰহাৰিলা গদা হাতে লই।
ভাগি গৈল সিয়ো গদা খণ্ড খণ্ড হই॥

[ ৬৯ ]

তাত পাছে প্ৰহাৰিলা বিপৰীত শূল।
কুমৰত পড়ি সিয়ো ভৈগৈল নিৰ্ম্মল॥
দশ গোট৷ হস্তী আনি গড়কাইল পাছে।
বজ্ৰসম শৰীৰ কুমৰ বসি আছে॥
তাত পাছে পেহ্লাইলেক সাগৰৰ জলে।
উটন্তে ফুৰয় তাত মহা কৌতূহলে॥
যত যত প্ৰকাৰে প্ৰহাৰে শৰীৰত।
সূৰ্য্যৰ প্ৰসাদে একো নপড়ে গাৱত॥
মাৰিবাক লাগি তাৰ শকতি নভৈল।
পোতাশালে তাঙ্ক পাছে বন্দী কৰি থৈল॥
কুমৰক বন্দী কৰি চলি গৈলা বাণ।
দেৱ ঋষি নাৰদ আগত বিদ্যমান॥
নাৰদে বোলন্ত বাপা থাকা দিন চাৰি।
আপুনি গোবিন্দে আসি নিবন্ত উদ্ধাৰি॥
এতিক্ষণে যাওঁ মই বাৰ্ত্তা জনাইবাক।
এহি বুলি নাৰদ লড়িলা দ্বাৰকাক॥
কৃষ্ণৰ আগত গৈয়া ভৈল উপসন্ন।
পাদ্য অৰ্ঘ্য আচমনি দিলন্ত আসন॥
খানিতেকো চিন্তা নাই তোমাৰ মনত।
অনিৰুদ্ধ বন্দী ভৈল শোণিতপুৰত॥

[ ৭০ ]

অবিদিতে বিহা ভৈল ঊষায়ে সহিত।
জানি বাণ ৰাজা বন্দী কৰিলা তহিত॥
সূৰ্য্যৰ প্ৰসাদে নোৱাৰিল মাৰিবাক।
হেন জানি আপুনি যায়োক আনিবাক॥
নাৰদৰ মুখে হেন শুনি হৃষীকেশ।
যাদৱ বংশক আনি কৰিলা আদেশ॥
সাম কাম মুখ্য কৰি আছে যত যত।
কৃষ্ণৰ আদেশে সবে আসিলা সমস্ত॥
চতুৰঙ্গ দলে লড়িলন্ত যাত্ৰা কৰি।
সমদলে চপ কৰে লড়ি গৈলা হৰি॥
হস্তী যুথ যাই আগে কোটি পৰিমাণ।
সবে চতুৰ্দ্দন্ত মহা গিৰিৰ সমান॥
উত্তম সিন্দুৰে মণ্ডিলেক গণ্ডস্থলে।
ঐৰাৱত হস্তীক জিনিবে পাৰে বলে॥
পিঠিত মাহুত যত সবে পয়োসাৰ।
প্ৰতাপে আদিত্য যেন বলিষ্ঠ দুৰ্ব্বাৰ॥
হস্তীৰ আগত ঘোড়া সহস্ৰ অযুত।
যুজিবাক চলে সাজে পিঠিত ৰাহুত॥
ধৱলি কামলী কাল পাৰলি শীতল।
পক্ষী সম ছুটে সবে বায়ুতো আগল॥

[ ৭১ ]

দশ লক্ষ সেনা চলে ঘোটকৰ আগে।
তূণ শৰে ভৰি সবে চলে বায়ুবেগে॥
ধনু আছাৰন্তে যাই পৰম আটাস।
ধনুকীৰ শৱদে পূৰিল দিশ পাশ॥
ধনুকীৰ আগে সেনা চলে বিপৰীত।
নানাবিধ খাণ্ডা বাৰু ধৰিয়া সমস্ত॥
কতো যাই ডাম্ফি কৰে বলে মত্ত হুই৷
লৱৰৰ ছোটে মহা পাষাণ উড়াই॥
আগে চলে বলভদ্ৰ পশ্চিমত কাম।
দক্ষিণত গদ যান্ত উত্তৰত সাম॥
মধ্যত গোবিন্দ যান্ত আতি সমদলে।
দলদোপ বসুমতী প্ৰজাৰ হিন্দোলে॥
গোবিন্দৰ পাশে বড় বড় বীৰ চলে।
এহিমতে যুদ্ধক লৰিলা কৌতূহলে॥
ছিন্ন চৌণ্ডা পতাকা তোৰণ ধ্বজদণ্ড॥
লেখা জোখা নাহিক যতেক বাদ্য়ভাণ্ড।
যদ্যপি বহুত পথ বাণৰ নগৰী।
তিনি দিনে পাইলা প্ৰভু মহা বেগ ধৰি॥
ব্যাপিয়া আছন্ত হৰি তিনিয়ো জগত।
কোননো অশক্য আছে তাহান আগত॥
৭১

[ ৭২ ]

অগনিৰ গড় গোট দেখিলা তহিত।
প্ৰলয়ৰ বহ্নি যেন দেখি উজ্জ্বলিত॥
গৰুড়ক চাই আদেশিলা চক্ৰপাণি।
অগনিৰ গঢ় তুমি নুমায়ো আপুনি॥
কৃষ্ণৰ আদেশ বাণী শুনি পক্ষীৰাজ।
উড়াৱ কৰিয়া গৈলা সাগৰৰ মাজ॥
দুই পাখি ঢাকি যান্ত উদয়াস্ত গিৰি।
গাণ্ডি গোটে ঢাকি যান্ত ব্ৰহ্ম সভা পুৰী॥
দুই ভৰি ঢাকি যান্ত মাৰুতৰ পথ।
চলয় গৰুড় পক্ষী নাৰায়ণ ৰথ॥
দীঘলে পশ্চাশ লক্ষ পক্ষী মহামানী।
মধ্যসাগৰত তাৰ আণ্ঠু ভৈল পানী॥
সাগৰৰ জলক পক্ষীয়ে ভৰি আনি।
শোণিত পুৰক ঢাকি বৰষিলা পানী॥
প্ৰলয়ৰ মেঘে যেন বৰিষয় ধাৰে।
প্ৰহৰেক মানে জল বহে একতৰে॥
অবিচ্ছেদে বৰষিল পক্ষীৰাজ দৃঢ়।
নুমাইল অগনি সবে ভাগি গৈল গঢ়॥
শোণিতপুৰৰ প্ৰজা ভৈল মহাভয়।
পৰাঠ মিলিল বুলি ভৈগৈল বিস্ময়॥

[ ৭৩ ]

ৰাজাত জনাইবে গৈল হুপিখাই লড়ে।
সমৰ মিলিল আসি আমাৰ নগৰে॥
সেনাগণ আসি আছে সাগৰ সঙ্কাশ।
লীলায়ে শোণিতপুৰ কৰিব বিনাশ॥
হেন শুনি যুদ্ধক সাজিলা বাণৰাজা।
লগে সাজি লৈয়া হয় হস্তী বহু প্ৰজা॥
দশ অক্ষৌহিনী সেনা লগে চলি যাই।
প্ৰজাৰ উপৰে কাক শগুণ উড়াই॥
হালধীয়া মেঘ সবে ঢাকিল আকাশ।
আগত শৃগাল আসি পাৰয় আটাস॥
যাত্ৰাকালে ৰাজায়ো দেখিলা শুদা হাণ্ডী।
বোলা-বুলি কৰি দ্বন্দ্ব কৰে দুই ৰাণ্ডী॥
আৰো দেখিলেক ৰাজা তৈলৰ পসাৰী।
আগে লৈয়া যাই দেখে খৰি ভাৰ চাৰি॥
হেন বিমঙ্গল সব দেখিলা ৰাজাই।
বলৰ দৰ্পত সিতো কাকো নডৰায়॥
দুৰ্জ্জয় সেনাৰ ঘোৰ তৰ্জ্জন গৰ্জ্জন।
আন্দোল আস্ফালে মহী কাম্পে ঘনে ঘন॥
দুই খান মেঘ যেন ভৈল এক ঠাই।
ৰামে ৰাৱণক যেন মতে খেদি যাই॥

[ ৭৪ ]

উভয় সেনাৰ বোলে পূৰিল আকাশ।
দেৱতাৰো শুনিয়া লাগিল গৰ্ব্ভ ত্ৰাস॥
ত্ৰিদশক ইন্দ্ৰে হেন বুলিলা বচন।
কহিত বাজয় বাদ্য জানা কোন জন॥
বৰ ভয় লাগে মোৰ মন নোহে থিৰ।
স্বৰ্গৰাজ্য লৈবে লাগি আসে কোন বীৰ॥
হেন শুনি বৃহস্পতি বুলিলন্ত বাণী।
শোণিতপুৰক আসিলন্ত চক্ৰপাণি॥
বিপৰীত সমৰ লাগিল কৃষ্ণ বাণে।
টলমল বহুমতী কৰে ঘনে ঘনে॥
হেন শুনি ইন্দ্ৰক প্ৰমুখ্যে দেৱগণ।
কৌতুকে আসিলা ৰণ চাহিবাক মন॥
সমৰ ভূমিত দেৱগণ উপগত।
সিদ্ধ বিদ্বাধৰ সবে আসিলা লগত॥
দেৱকন্যা আসিলন্ত স্বামীৰ লগত।
আকাশ ঢাকিয়া সবে ৰখাইলন্ত ৰথ॥
জয় কৃষ্ণ ঘোষন্ত দেৱৰ মনে দয়া।
হৰি সেনা ঢাকি সবে কৰি থাকে ছায়া॥
উভয় সেনাক দেখি দেৱ ভৈলা ভীত।
তাত পাছে যেন ভৈলা শুনা পৰীক্ষিত॥

[ ৭৫ ]

অনন্তৰে দুই দলে মিলিল সমৰ।
নভূত নভাবী হেন যুদ্ধ ভয়ঙ্কৰ॥
দুতয় সেনাব লাগিলেক উসমিস।
ধূলি অন্ধকাৰ ভৈল নমনিয় দিশ॥
ৰথে ৰথে গজে গজে সন্নাহ শৰীৰে।
বলীয়াৰে বলীয়াৰে যুঁজে বান্ধ ভিৰে॥
অশ্বে অশ্বে বাহুতে বাহুতে হতাহতি।
ধনুকী ধনুকী ধাইল পদাতি পদাতি॥
জয়ক চাহন্তে কেহো মৰিবে নচাৱে।
ৰথৰ উপৰে মহাবেগে ৰথ ধাৱে॥
দশোদিশে শুনি কাট মাৰ মাত্ৰ ৰোল।
প্ৰলয় মিলিল আসি ভৈগৈল কল্লোল॥
গাণ্ডি মুণ্ড বেলগাৱে অস্ত্ৰে কাটে শিৰ।
দশোদিশে ঢাকিলেক মৃতক শৰীৰ॥
কাৰো শিৰ ছিণ্ডি আছে শৰ অস্ত্ৰ ঘাৱে।
কতো বীৰ পৰি আছে অচেতন ভাৱে॥
সিবেলাত সাম কাম সাত্যকি এতিনি।
বাণ কটকৰ বড় লগাইলা বিঘিনি॥
তিনি বীৰে মেঘে যেন বৰিষয় নীৰ।
সেহিমতে শৰ প্ৰহাৰন্ত তিনি বীৰ॥

[ ৭৬ ]

তিনি বীৰে শৰে চাইল সমস্ত আকাশ।
হৈল অন্ধকাৰ নাহি ৰবিৰ প্ৰকাশ॥
প্ৰলয়ৰ বহ্নি যেন লাগিয়াছে বনে।
সেহি মতে সেনা সংহাৰন্ত যম যেনে॥
যুজিবাক লাগি কাৰো শকতি নভৈল।
পাছ গুচি বাণসেনা দশোদিশে গৈল॥
পলাই গৈল বাণসেনা ৰণ পৰিহৰি।
পশিলা লৱড়ি সবে আপোনাৰ পুৰী॥
মাধৱৰ সেনা সবে লগাইলেক হুড়ি।
যতেক সৰ্ব্বস্ব মানে লয় লুড়ি পুৰি॥
যদুসেনা পশিলেক শঙ্কৰৰ ঠাই।
ধন ধান্য বস্ত্ৰ আনে যিবা যৈত পাই॥
শিৱৰ কাঢ়িয়া আনে বস্ত্ৰ অলঙ্কাৰ।
কিৰীটি কুণ্ডল মণি মুকুতাৰ হাৰ॥
জয়ঘণ্টা চন্দ্ৰতাপ ভাঙ্গে দেৱ ঘৰ।
হেন দেখি মহাক্ৰোদ্ধ ভৈল শঙ্কৰৰ॥
নন্দী ভৃঙ্গি মহাকাল ভৈৰৱক আনি।
মহাকোপে আদেশি বুলিলা হেন বাণী॥
আপোনাৰ সেনা লৈয়া যায়োক সত্বৰ।
বাণ পক্ষ হুয়া মাধৱক যুদ্ধ কৰ॥

[ ৭৭ ]

এহি বুলি বৃষভত চড়িয়া সত্বৰ।
পিনাক ধনুক ধৰি উপসন্ন হৰ॥
যাত্ৰা কৰি লড়ি গৈলা সমৰক আশে।
গণপতি কাৰ্ত্তিক লড়িলা দুই পাশে॥
বাণ নৃপতিয়ো গৈয়া ভেণ্টিলন্ত আগ।
নিমিষেকে পাইলা যাই কটকৰ লাগ॥
চাৰি সেনাপতি সমে ভৈল ঘোৰ ৰণ৷
আপুনিয়ে কৃষ্ণক যুজন্ত ত্ৰিলোচন॥
বাণ সাত্যকিৰ বড় মিলিল সংগ্ৰাম।
কুভাণ্ড মন্ত্ৰীক আসি যুজে হলিৰাম॥
কুভাণ্ডৰ খুল ভাই কূপকৰ্ণ নাম।
তেহেঁ সমে যদুবৰ কৰিলা সংগ্ৰাম॥
কামদেৱ কাৰ্ত্তিকৰ ভৈল ঘোৰ ৰণ।
সামে গণপতি সমে কৰয় গৰ্জ্জন॥
ৰথী ৰথী গজে গজে মাহুতে প্ৰহাৰে।
বলী বলী যুদ্ধ কৰে কুমাৰে কুমাৰে॥
এক ঠাই গাণ্ডি মুণ্ড আউৰ ঠাই শিৰ।
দিশ পাশ আকাশ ঢাকিল মহাবীৰ॥
কতো বীৰ মৰি পৰি আছে খড়্গ ঘাৱে।
কতো কতো আধামৰা পৰি সেহি ঠাৱে॥

[ ৭৮ ]

সেহি বেলা ক্ৰোধ কৰি ধনু ধৰি হৰ।
গোবিন্দক ক্ষেপিলন্ত কুৰিপাট শৰ॥
হেন দেখি হৰি প্ৰহাৰিলা আঠ বাণ।
প্ৰত্যেক শৰক কৰিলন্ত তিনি খান॥
সাত কোটি সেনা আসি শঙ্কৰৰ সঙ্গে।
বাণৰ সহায় হুয়া যুদ্ধ কৰে খঙ্গে॥
একে একে প্ৰহাৰিলা দশ দশ বাণ।
ফুটিল নিসন্ধি কৰি দেখি বিদ্যমান॥
শঙ্কৰেও কুৰি শৰ কৰিলা প্ৰহাৰ।
হৰিয়ো হৰক প্ৰহাৰিলা বাৰম্বাৰ॥
শৰময় আকাশ ভৈলেক নিৰন্তৰে।
ফৰিঙ্গ উড়য় যেন দিশ দিশান্তৰে॥
ৰাৱ চাৱ নাহিকে দেখিয়া তমোময়।
হেন দেখি হৰিসেনা ভৈলা মহাভয়॥
সেনা ভয়াতুৰ দেখি দেৱ দামোদৰ।
হাঁসি হাঁসি শঙ্কৰক প্ৰহাৰন্ত শৰ॥
প্ৰত্যেকে শৰক হৰি কৰিলা সন্ধান।
অসংখ্যাত কৰি প্ৰভু বৰষিলা বাণ॥
শঙ্কৰৰ লগে সেনা আইল যত যত।
এক এক কুৰি শৰে বিন্ধিলা গাৱত॥

[ ৭৯ ]

স্মৃতিহত ভৈল সেনা হৰি শৰ দেখি।
ভিৰি লৰ দিলে সবে সমৰ উপেক্ষি॥
সেনা পলাইবাৰ দেখি কিটাইলা শঙ্কৰ।
গোবিন্দক সম্মুখে হানিলা অগ্নি-শৰ॥
হৰি যম শৰ হানি কৰিলা নিৰ্য্যাণ।
তাক দেখি শঙ্কৰে মাৰিলা বায়ুবাণ॥
বাতাস সোমাই মহা দেখি ভয়ঙ্কৰ।
খৰ বায়ু বহে ভূমি লড়ে নিৰন্তৰ॥
সমদলে মাধৱো ভৈলন্ত ভয়ভীত।
ধূলা খোলা উড়ে চক্ষু নপাৰে মেলিত॥
যত শৰ মাৰে গোবিন্দৰ সেনাগণে।
বাতাসতে উলটয় ফুটয় আপোনে॥
সব সেনা উড়ুৱাই শিৱৰ বতাসে।
ৰণ হাৰি প্ৰজাসৱ পলাইল তৰাসে॥
হেন দেখি হৰি কোপ কৰি গুৰুতৰ।
হানিলা পৰ্ব্বত শৰ বড় ভয়ঙ্কৰ॥
বতাসে নলৰে গিৰি গম্ভীৰ দুৰ্ব্বাৰ।
বাণ-কটকত পৰি মৰিল অপাৰ॥
পৰ্ব্বতক দেখি হৰে পাতিলে ত্ৰিশূল।
সকলে পৰ্ব্বত পৰি হোৱয় নিৰ্ম্মূল॥

[ ৮০ ]

হেন দেখি চক্ৰ ধৰিলন্ত দামোদৰ।
শূল এড়ি জ্বৰ বাণ ধৰিলা শঙ্কৰ॥
আগে নউ চক্ৰ হৰি কৰন্তে সন্ধান।
আড়ম্বৰে হৰে প্ৰহাৰিলা জ্বৰ বাণ॥
সমদলে মাধৱক পাইলা গৈয়া জ্বৰে।
কৰে কম্পমান প্ৰজা মৰয় সত্বৰে॥
কম্পাৱে শৰীৰ ঘনে ঘনে মিলে দুখ।
পিয়াস লাগয় ওষ্ঠ কণ্ঠ শুকাই মুখ॥
বস্ত্ৰ নসম্বৰে সৱে মুক্ত ভৈল কেশ।
মাধৱৰ সৈন্য ভৈল মৃতকৰ বেশ॥
হেন দেখি দয়াময় দেৱ চক্ৰপাণি।
বৈষ্ণৱ জ্বৰক প্ৰহাৰিলা বৰ টানি॥
ৰুদ্ৰ জ্বৰ পলায় ভয়ে শঙ্কৰৰ কাছে।
বিষ্ণু জ্বৰে মহাকোপে খেদে পাছে পাছে॥
জ্বৰক সম্বুধি পাছে মাতে পশুপতি।
তোহোক ৰাখিবে মই নোৱাৰো সম্প্ৰতি॥
যাবে নউ বিনাশ কৰয় বিষ্ণু জ্বৰে।
ঝাণ্টে গৈয়া শৰণ পশিয়ো দামোদৰে॥
শিৱৰ বচনে জ্বৰ গৈল কৃষ্ণ পাশে।
দেখিলন্ত হৰি পুনৰপি জ্বৰ আসে॥

[ ৮১ ]

প্ৰত্যক্ষে দেখিলা হৰি জ্বৰৰ শৰীৰ।
ছয় ভুজ তিনি পাৰ তিনি গোটা শিৰ॥
নৱগোটা চক্ষু ৰক্তবৰ্ণ আতিশয়।
কৃষ্ণবৰ্ণ কলেৱৰ দীঘল আলয়॥
জ্বৰ আসে দেখি হৰি কোপ কৰি টান।
শৰ হানি জ্বৰক কৰিলা তিনিখান॥
একখান নিত্য জ্বৰ আউৰ খান পাল।
আউৰ জ্বৰ আতিশয় তীখাল বিশাল॥
তিনিখান হুয়া জ্বৰ যাই কৃষ্ণ পাশ।
ত্ৰাহি কৃষ্ণ বুলি জ্বৰে দিলেক আটাস॥
তিনিমুখে জ্বৰ স্তুতি কৰয় বিস্তৰ।
সৃষ্টি স্থিতি অন্তকাৰী তুমি জগতৰ॥
চাৰি মুখে চাৰি বেদ নিৰূপিলা সাৰ।
ত্ৰাহি কৃষ্ণ নমো দেৱ দেৱ বাৰম্বাৰ॥
তিনিৰূপে জ্বৰে স্তুতি কৰিলা বিস্তৰ।
জ্বৰৰ স্তুতিত তুষ্ট ভৈলন্ত ঈশ্বৰ॥
মোৰ শৰে জ্বৰ নষ্ট নুহিবন্ত জানি।
দয়ায়ে জ্বৰক মাতিলন্ত চক্ৰপাণি॥
মাধৱে বোলন্ত জ্বৰ তোক দিলো বৰ।
তোহোৰ শৰীৰ হোক অজৰ অমৰ॥

[ ৮২ ]

তোৰ মোৰ সম্বাদ শুনয় যিবা নৰ।
একো কালে তই তাৰ নযাইবি ওচৰ॥
এহি বুলি জ্বৰ বিসৰ্জ্জিলা দেৱ হৰি।
শঙ্কৰক ধাই গৈলা কৰে ধনু ধৰি॥
তিনি পাট শৰ প্ৰভু যুৰিয়া গুণত।
শুনিয়োক তিনি পাট বাণ যেন মত॥
স্তম্ভন মোহন নিদ্ৰা তিনি পাট শৰ।
শঙ্কৰৰ হৃদয়ত পৰি দৃঢ়তৰ॥
মোহনৰ ছোট নসহিলা গৌৰী স্বামী।
স্তম্ভনে পীড়িলে ঘনে ঘনে উঠে হামি॥
নিদ্ৰাবাণে পীড়িত ভৈলন্ত ত্ৰিলোচন।
বৃষভৰ উপৰতে কৰিলা শয়ন॥
বৃষভকো প্ৰহাৰিলা শৰ তিনি পাট।
পাছ গুচি গৈল তিনি প্ৰহৰৰ বাট॥
শঙ্কৰৰ ভঙ্গ দেখি ৰঙ্গে দেৱগণ।
কৃষ্ণৰ শিৰত কৰে পুষ্প বৰিষণ॥
সিবেলাত সাম কুভাণ্ডৰ সমৰত।
কোনে কহিবেক যুদ্ধ ভৈলা যত যত॥
দুয়ো বীৰ তৰুণ বয়স সুকুমাৰ।
দুইকো দুই কৰিলন্ত শৰৰ প্ৰহাৰ॥

[ ৮৩ ]

ৰুধিৰে দীপিত দেহা অধিকে সুহাই।
অশোক কানন যেন ফুলিল পৰাই॥
আকাশ ঢাকিয়া বৰযিলা শৰচয়।
ভৈল অন্ধকাৰ নাহি ৰবিৰ উদয়॥
দুয়ো বীৰ ধীৰ মহা নিপুণ সমৰে।
কিন্তু মন্ত্ৰী গোট বিক্ৰমত আতি চৰে॥
ক্ষুৰ বাণে সামৰ কাটিলা ধনু শৰ৷
অৰ্দ্ধচন্দ্ৰে সাৰথিকো নিলা যমঘৰ॥
সূচীমুখ শৰ হানি ধ্বজকো ভেদিলা।
শঙ্কুকৰ্ণ শৰ হানি ৰথকো ছেদিলা॥
হৃদয়ত সামৰ ভেদিলা কুৰি বাণ।
সম্মুখ সমৰে মন্ত্ৰী কৰি বড় টান॥
অগ্নিৰ সমান কান্তি বীৰ হলধৰে।
কৰত মুষল ধৰি ধাইল তাত পৰে॥
কুভাণ্ডৰ কান্ধে দিলা মূষলৰ বাড়ি।
ডেৱ দিয়া মন্ত্ৰী পলাইলেক ৰথ ছাৰি॥
সাৰথি সহিতে ৰথখান ভৈল চূৰ।
পাছক নচাৱে মন্ত্ৰী পলাই বহুদূৰ॥
অনন্তৰে ৰামে মুষলত দিলা পাক।
বাণৰ সেনাক মাৰিলন্ত জাকে জাক॥

[ ৮৪ ]

প্রথমে মাৰিলা ৰামে আঠ শত ৰথ৷
বোল শত ঘোড়াক পেষিলা যম পথ॥
বত্রিশ সহস্র হস্তী মাৰিলন্ত ৰামে৷
আউৰ যত সেনা আইল মাৰিলা সংগ্রামে॥
ৰিপু দলে বলো লগাইলেক উসমিস।
ৰণ হাৰি বাণ প্ৰজা পলাই দশোদিশ॥
গদে কুপকর্ণে যুদ্ধ ভৈলা তাত পৰে৷
গদৰ সাৰথি পাছে পৰিলা সমৰে ৷৷
ৰথ এৰি গদে কোপ কৰি গুৰুতৰ ৷
লৈলা খাণ্ডা বাৰু বীৰে আতি ভয়ঙ্কৰ ৷৷
কুপকর্ণ যথা আছে গৈলা সেহি থান।
প্ৰথমতে ৰথ ভাঙ্গি কৰিলা নিৰ্য্যাণ॥
সাৰথিৰ মুণ্ড ছেদিলন্ত এক ঘাৱে ৷
কুপকৰ্ণ কেশে ধৰিলন্ত সেহি ঠাৱে॥
কাটিবাক লাগি খাণ্ডা ধৰি আছে শিৰে৷
গদ মুখ চায়া মাতে কুপকৰ্ণ বীৰে৷৷
কম্পিত শৰীৰে কুপকর্ণে বোলে বাণী।
শৰণে পশিলো ৰক্ষা কৰা প্ৰাণ খানি॥
কৃষ্ণৰ কনিষ্ঠ তুমি মহাবীৰ সাৰ৷
আমি কি তোমাক সম হুইবো কোন চাৰ॥

[ ৮৫ ]

ৰাজাৰ দণ্ডিত থাকি কৰিলোহা ৰণ।
ৰাখিয়োক প্ৰাণ প্ৰভু দিয়োক শৰণ॥
হেন শুনি গদে তাক নাকাটি ৰাখিল।
কেশে ধৰি আপোনাৰ মাজক আনিল॥
ভাল কৰি নিয়া তাক ৰক্ষা দিয়া থৈল।
পুনৰপি গদ ৰিপুসেনা মাজে গৈল॥
ৰত্ন বিৰচিত আতি কৰে ধৰি বাৰু।
দক্ষিণ হস্তত খাণ্ডা ধৰি যাই আৰু॥
বিদ্যুত সঞ্চাৰে বিনাশন্ত ৰিপুসঙ্গ।
গদৰ বিক্ৰমে ডৰি ভৈলা ৰণভঙ্গ॥
একেবাৰে ৰথী ৰথ সাৰথি সহিতে।
থাকঠিক কৰি বীৰে কাটিলা ত্বৰিতে॥
গদৰ প্ৰহাৰে কটা যাই জোটা জোট।
মাহুতে সহিতে মৰি যাই হস্তী গোট॥
একে কোবে মৰে প্ৰজা চল্লিশ পঞ্চাশ।
গদৰ বিক্ৰম দেখি বাণৰো তৰাশ॥
তিনি অক্ষৌহিনী সেনা মাৰিলন্ত গদ৷
শোণিতে বহাইল নদী প্ৰজ৷ নিশবদ॥
বহৱে শোণিত নদী বহল দীঘল।
পলাই কটক পৰি তাতে যাই তল॥

[ ৮৬ ]

মাংস ভৈল কৰ্দ্দম সেৱাল কেশচয়।
বাণ সব সৰ্প ধনুগণ ঢউময়॥
উট গ্ৰাহ ভৈল তাত কুঞ্জৰ মগৰ।
ঘোড়া ঘৰিয়াল মৎস্য ভূষণ নিকৰ॥
হেন শোণিতৰ নদী ভৈল বহুদূৰ।
ভূত প্ৰেত পিশাচ আসিল সেহি পুৰ॥
শোণিতৰ নদীত নামিয়া কৰে কেলি।
কটা মুণ্ড লৈয়া অন্যো অন্যে মাৰে দলি॥
গাণ্ডি গোট লৈয়া প্ৰেত বাৱয় মৃদঙ্গ।
মাৰ্গ দৰশিয়া নাচে কৰিয়া ত্ৰিভঙ্গ॥
শোণিত ভুঞ্জিয়া সবে ভৈলন্ত হৰিষ।
তেজ মাংস খাই পেট ভৈল ঠিস ঠিস॥
কতো কতো পিশাচে শৱক কৰি বলি।
ৰঙ্গ ঢঙ্গ কৰি অন্যো অন্যে মাৰে দলি॥
গদক প্ৰশংসা কৰে হোক ৰণ জয়।
যদুসেনাগণে জয় জোকাৰ পাৰয়॥
গদৰ সমৰ কথা বৰ্ণাইবেক কোনে।
যেন যুদ্ধ ভৈল শুনা কাৰ্ত্তিকে মদনে॥
দুয়ো বীৰ বলৱন্ত সমৰে দুৰ্ব্বাৰ৷
দুয়ো দুইক কৰিলন্ত অনেক প্ৰহাৰ॥
৮৬

[ ৮৭ ]

ৰুধিৰে দিগীধ দেহা দেখিতে সুহাই।
ফুলিল পলাশ বৃক্ষ তাহাৰ পৰাই॥
অনন্তৰে কামদেৱ সমৰে সুজান।
কাৰ্ত্তিকৰ হাততে কাটিল ধনু খান॥
ধনু ছেদে গৌৰীসুত মনে মহাদুঃখ।
ক্ৰোধত শকতি ধৰি ভৈলন্ত সন্মুখ॥
প্ৰলয়ৰ বহ্নি সম শকতি প্ৰকাশে।
কোটি এক শশী যেন উদিত আকাশে॥
ভয় ভৈল দেবগণ নক্ষত্ৰ মণ্ডল।
ফাট দিয়া বসুমতী কৰে টলবল॥
মহাভয়ে প্ৰজাৰ লাগিল উসমিস।
ৰণ পৰিহৰি প্ৰজা ওলাই দশোদিশ॥
দুয়ো সেনা মধ্যে বৰ ভৈল হাঁহাঁকাৰ।
কাৰ্ত্তিকে বোলয় কাম শুন দুৰাচাৰ॥
ইষ্টদেৱ সুমৰ ৰাখন্তা নাহি আন।
তোক মাৰি আমাসাৰ সাধোহো কল্যাণ॥
তোৰ পুষ্পধনু শৰ স্বভাৱে কোমল।
তাক ছেদি জগতৰ কৰোহো কুশল॥
তোৰ শৰঘাৱে গাৱ নকৰয় টান।
তথাপি মুনিৰ তই ভাঙ্গস ধিয়ান॥

[ ৮৮ ]

তোৰ পুষ্পধনু ছোট সহিবে নপাৰি৷
হৰে পৰপত্নী বধূ চাণ্ডালৰো নাৰী॥
জীয়োক জগত আজি দুৰ্গতি খণ্ডোক।
সাৱধান হোৱ কাম পেষো যমলোক॥
এহি বুলি গৌৰীসুতে হানিলা শকতি।
ফোকাৰন্তে চলে শক্তি অগ্নি সম জ্যোতি॥
বাণ কটকৰ দেখি ভৈল বৰ ৰঙ্গ।
শকতিক লক্ষ্য কৰি নাহি ভুৰুভঙ্গ॥
উপৰক দৃষ্টি চাই দিয়া এক ডেৱ।
আলগতে শকতি ধৰিলা কামদেৱ॥
শকতি ধৰিয়া কামে এক ৰিঙ্গ দিল।
সাধু সাধু বুলি দেৱে পুষ্প বৰষিল॥
মদন বদতি গৌৰীসুত শুন বাণী।
অবোধ কাৰণে মোক নিন্দস নজানি॥
মোৰ পুষ্প ধনুক কৰিলি উপহাস।
যিটো ধনুৰ্ব্বাণে হোৱে জগতৰ নাশ॥
এহি পুষ্পবাণে হৰে নপাইলন্ত উলি।
মৰা শৱ কান্ধে কৰি ফুৰাইলন্ত তুলি॥
দেৱৰ বৰিষ শত সহস্ৰ বৎসৰ।
কান্ধে মৰা শৱক ফুৰাইলা নিৰন্তৰ॥

[ ৮৯ ]

ভজিল মোহোক মানি তপস্যা অলিক।
বাউল হুয়া বিহাইলন্ত পৰ্ব্বতৰ জীক॥
এহি ধনু প্ৰসাদে তুমিয়ো ভৈলা জাত৷
কিবা সঞ্চা মিছা পুছি চায়োক বাপত॥
সিদ্ধ মুনি বিদ্যাধৰ স্থাৱৰ জঙ্গম৷
মোৰ পুষ্প ধনু শৰে সবাৰে সঙ্গম॥
হেন পুষ্পবাণ মোৰ কৰিলিহি বৃথা।
কালি জন্মি ঊৰ্দ্ধ পুৰুষৰ কহ কথা॥
এহি বুলি শকতি হানিলা হৰিসুতে।
পলাইল কাৰ্ত্তিক নামি ময়ুৰৰ দ্ৰুতে॥
কাৰ্ত্তিক পলাইল দেখি ধাইল অনুবাণ৷
মদনক কৰিলেক শূলৰ সন্ধান॥
লীলায়ে মদনে কৰি ত্ৰিশূল সন্ধান।
অনুবাণ অসুৰক নিলা যমস্থান॥
অনুবাণ পৰিলেক ধাইলে কূটবাণ।
মদন কুসুম শৰ কৰিলে সন্ধান॥
কামদেৱে তাহাক হানিলা ঘোৰ শূল৷
সেহি শূলে কূটবাণ ভৈলেক নিৰ্ম্মূল॥
কূটবাণ নাশি কামদেৱ আছে ৰঙ্গে৷
পৰিঘ ধৰিয়া শঙ্কুবাণ ধাইলা খঙ্গে॥

[ ৯০ ]

মদন কৰিলেক পৰিঘ প্ৰহাৰ।
মুদ্গৰ হানিলন্ত হৰিৰ কুমাৰ॥
মুদ্গৰ পড়িয়া শঙ্কুবাণ গৈলা মৰি।
থাকিলা মদনে হাতে পৰিঘক ধৰি॥
গোটে গোটে খেদি আইল ঊনশত বাণ৷
কামদেৱে সবাকো পেষিলা যমস্থান॥
এগোটাৰ অস্ত্ৰে আউৰ গোট মাৰে ৰঙ্গে।
ঊনশত বাণ সংহাৰিলা মহা খঙ্গে॥
আউৰ অসংখ্যাত হস্তী ঘোৰা বহুতৰ।
লেখা জোখা নাহি পেষিলন্ত যমঘৰ॥
অদ্ভুত কৰিয়া প্ৰজা পেলাইলা সংহৰি।
নিগুটি কৰিয়া সবে সংহাৰিলা অৰি॥
সেহি বেলা সামে গণপতি ভৈলা ৰণ।
শুনিয়োক কথা অভিমন্যুৰ নন্দন॥
মুষিকত চড়ি গণপতি ধাইল আসি।
দেখি সামে আগ ভেণ্টিলন্ত ৰঙ্গে হাসি॥
যিবেলা গৌৰীৰ গৰ্ব্ভে ভৈলা উতপন্ন।
তোমাক চাহিবে আইল যত দেৱগণ॥
ত্ৰিদশক দুৰ্গা বুলিলন্ত হেন বাণী।
পুত্ৰৰ সন্দেশ বস্তু কিবা আছা আনি॥

[ ৯১ ]

ত্রিদশে বোলন্ত কিবা পুছিলা আমাত৷
কোন বস্তু আছে মাৰ নচলে তোমাত৷৷
তোমাৰ পুত্ৰক মাৱ দিলো এহি ভাগ।
ভুঞ্জন্তোক পূজা এহি ত্রিদশৰ আগ৷৷
এহি বুলি ত্ৰিদশ গৈলন্ত নিজ থান।
অগ্র পূজা বলি সবে ভুঞ্জা যতমান৷৷
ভোজনৰ ছোটে বড় ওলমিল পেট।
সন্মুখে চাহন্তে ভালে নেদেখাহা হেট॥
ঘোড়াৰ পিঠিত গজ কন্ধৰ উপৰে৷
আৰোহিবে নোৱাৰাহা উদৰৰ ভৰে৷৷
মুষিক গোটক তুমি খুজি পাইলা যান।
তাহাত উঠিয়া ফুৰা সদা সৰ্ব্বস্থান৷৷
গজমুণ্ড নিকালিয়া আছে এক দান্ত৷
কৰত মোদক তুমি নকৰা বিশ্ৰান্ত ৷৷
উঠি আসি দেখি মোক ৰণে দিলা ধাৰ৷
পালটি যায়োক হেৰা কৰো নমস্কাৰ ৷৷
তথাপি যুজাহা কষ্ট নকৰিয়া মনে৷
ঘসাইবোহো তেবে লেটপেট কৰি ৰণে৷৷
হেন শুনি গণপতি ক্ৰোধ কৰি বৰ৷
সামৰ হিয়াত মাৰিলন্ত দশ শৰ॥

[ ৯২ ]

সামে অৰ্দ্ধচন্দ্ৰ শৰ কৰিলা সন্ধান।
গণেশৰ হাতৰ কাটিলা ধনুখান॥
ধনু ছেদি সাম গৈলা লৱৰ মাৰিয়া।
মুষিকৰ নমাইলন্ত চৰণে ধৰিয়া॥
ডিঙ্গা নাৱখান যেন আনিলা ঘসাই।
হেন দেখি বাণসুত কুম্ভ গৈলা ধাই॥
কুম্ভ আসিবাৰ দেখি গণেশক এড়ি।
কৰে গদা ধৰি বিপৰীত দিলা গেৰি॥
সাম্বৰ আটাসে পুৰিলেক দিশপাশ।
বাণ কটকৰ বৰ লাগিল তৰাস॥
আথেবেথে গণপতি মুষিকত চড়ি।
ভয় হুয়া পলাইলা সমৰ ভূমি এৰি॥
কুম্ভক কৰিল সাম্বে গদাৰ প্ৰহাৰ।
বাণসুত কুম্ভ গৈল যমৰ দুৱাৰ॥
কুম্ভ পৰিবাৰ দেখি যত ভাই আছে।
একেবাৰে সাম্বক বেঢ়িলে আগে পাছে॥
হেন দেখি সাম্ব ধাইল কৰে গদা ধৰি।
মৃগযূথ লাগি যেন প্ৰমত্ত কেশৰী॥
এক এক গদাকোবে কৃষ্ণৰ কুমাৰ।
মুহূৰ্ত্তেকে সবাকো পেষিলা যমদ্বাৰ॥

[ ৯৩ ]

নিগুটি কৰিলা সবে বাণ সুতচয়।
চাৰি অক্ষৌহিনী সেনা গৈল যমালয়॥
কৰে গদা ধৰি সামে যিভিতিক চাৱে।
সিভিতিৰ প্ৰজা ভাগি তৰাসে পলাৱে॥
যেন বহ্নিকুণ্ড লাগি আছে ঘোৰ বনে।
সেহিমতে সেনা মাৰিলন্ত সামে ৰণে॥
সাত্যকিক যুজিয়া আছিলা বাণৰায়।
সাত্যকিক এড়িয়া সাম্বক খেদি যাই॥
হেন দেখি কৃষ্ণে আগ ভেন্টিলন্ত তাক।
তোৰ কাল আছো বাণ এড়ি যাস কাক॥
হাজাৰেক বাহু তোৰ ছেদিবে কেমনে।
সিংহ এড়ি সিংহ শিশু ধাস কিকাৰণে॥
হেন শুনি বাণৰাজা মহাক্ৰোধ কৰি।
গোবিন্দক ধাইল পাঞ্চ শত ধনু ধৰি॥
আউৰ হাতে পাঞ্চ শত হানে শৰচয়।
প্ৰত্যেক ভৰিতে ভুমি থৰতে কাম্পয়॥
একেবাৰে গোবিন্দক ক্ষেপিলা সমৰে।
দিশপাশ আকাশ ঢাকিল বাণ শৰে॥
সাৰঙ্গ ধৰিয়া অৱহেলে দেৱহৰি।
অৰ্দ্ধচন্দ্ৰ শৰ প্ৰহাৰিলা লক্ষ্য কৰি॥

[ ৯৪ ]

বৰ ছোটে ভেদিলন্ত ময়ুৰৰ ধ্বজ।
পাছে কাটি পেলাইল ৰথৰ দশ গজ॥
সাৰথিৰ শিৰ ছেদিলন্ত শৰ হানি।
পাঞ্চ শত ধনুকো কাটিলা চক্ৰপাণি॥
ধনু ভঙ্গে বাণ ৰাজা মহা ক্ৰোধ কৰি।
গোবিন্দক ধাইল আউৰ ধনু শৰ ধৰি॥
অৱহেলে তাহাক কাটিলা হৃষীকেশ।
পাঞ্চ শত গদা বাণে ধৰিলা বিশেষ॥
কাটিলা গদাক হৰি ক্ষুৰশৰ ধৰি।
অনন্তৰে বাণৰাজা মহাকোপ কৰি॥
সহস্ৰেক শূল ধৰি ধাইল মহাবেগে।
পৃথিবী আকাশ টলবল যেন ভাগে॥
মহাক্ৰোধে প্ৰহাৰিলা হাজাৰেক শূল।
হাসি কৃষ্ণে শৰে কাটি কৰিলা নিৰ্ম্মূল॥
যেহি যেহি অস্ত্ৰ প্ৰহাৰয় কোপমনে।
সেহি সেহি অস্ত্ৰক কাটন্ত তেতিক্ষণে॥
অস্ত্ৰহীন ভৈল ৰাজা মহাঘোৰ ৰণে৷
হাজাৰেক বাহু মেলি গ্ৰাসিবাক মনে॥
খেদি আসে দেখি কৃষ্ণে হাতে চক্ৰ ধৰি।
অস্ত্ৰক সম্বুধি মাতিলন্ত দেৱহৰি॥

[ ৯৫ ]

বাণ নৃপতিৰ হাজাৰেক তাৰ কৰ।
চাৰিখান ৰাখি মাত্ৰ কাটিয়ো সত্বৰ॥
এহি বুলি চক্ৰ হৰি কৰিলা প্ৰহাৰ৷
চিকিমিকি কৰি চলে পৱন সঞ্চাৰ॥
সহস্ৰ আদিত্য যেন চক্ৰে যাই খেদি।
হাজাৰেক বাহু তাৰ পেলাইন্ত ছেদি॥
চাৰিখান বাহু ৰাখিলন্ত অৱশেষ।
পুনু চক্ৰ আইল যিঠাৱত হৃষীকেশ॥
সুদৰ্শন চক্ৰ যেবে কৃষ্ণ হাতে গৈলা।
পুনুৰপি বাণে যুজিবাক সাজ ভৈলা॥
বাম দুই হাতে লৈলা বাৰু দুই খান।
দক্ষিণ দুই হস্তে খাণ্ডা ধৰিলন্ত বাণ॥
হেন দেখি দুগুণে কিটাইলা দেৱহৰি।
কাটিবাক সাজ ভৈলা কৰে চক্ৰ ধৰি॥
নামত কোট্টৰী আতি তাই ৰাজ মাতা।
বাণে কৃষ্ণে যুদ্ধ ভৈল তাই পাইলে বাৰ্ত্তা॥
হাজাৰেক বাহু ছেদিলন্ত চক্ৰপাণি।
তথাপি কৃষ্ণক খেদি যাই মন্দ প্ৰাণী॥
কৃষ্ণ খেদি আসে কোপে কৰে চক্ৰ ধৰি।
হেন বাৰ্ত্তা পাইলে তাই নামত কোট্টৰী॥

[ ৯৬ ]

কাটিবাক লাগি চক্ৰ ধৰিলা প্ৰৱন্ধি।
পলাইবাক লাগি বাণে নপাৱয় সন্ধি॥
কোনবা প্ৰকাৰে তাৰ প্ৰাণ ৰক্ষা যাই।
হেন দেখি ৰাজমাতা চিন্তিলা উপায়॥
আতি শীঘ্ৰে গৈলা তাই সমৰৰ মাজ।
দেখে পুত্ৰ বধিবাক কৃষ্ণে ভৈলা সাজ॥
যাৱে নউ চক্ৰ প্ৰহাৰন্ত দেৱ হৰি।
উলঙ্গত হুয়া মই হওঁ দিগম্বৰী॥
পুত্ৰস্নেহে কোট্টৰী এড়িলে লাজ কাজ।
বিবস্ত্ৰা ভৈলেক তাই ৰণভূমি মাজ॥
বিবস্ত্ৰ নাৰীক দেখিলন্ত দেৱহৰি।
থাকিলন্ত নাৰায়ণে মুখ কাতি কৰি॥
ঝাণ্টে পলা পলা পুত্ৰ পাৰয় আটাস।
পলায়া গৈলেক বাণ শঙ্কৰৰ পাশ॥
শঙ্কৰে দেখয় তাৰ ছেদ ভৈল কৰ৷
কোপে জ্বলিলেক হৰ যেন যমসৰ॥
ব্ৰহ্মা ইন্দ্ৰ প্ৰমুখ্যে যতেক দেৱগণ।
স্বৰ্গ ছাৰি ভূমিত ভৈলন্ত উপসন্ন॥
সমৰ ভূমিত দেৱগণ ভৈলা ঠিৱ।
হৰক বোলন্ত কি কৰাহা সদাশিৱ॥

[ ৯৭ ]

হৰ মুখ চাই ব্রহ্মা দিলন্ত উত্তৰ।
বিজৃম্ভণ শৰ ছোট পাসৰিলা হৰ৷৷
পৃথিবীৰ ভাৰ সংহৰিলা অবিকলে।
তুমি আমি বিষ্ণু চলো যাৰ আজ্ঞাবলে৷৷
আমাৰেসে কাৰ্য্য সাধি ফূৰন্ত মাধৱ৷
তুমি কি কাৰণে তাঙ্ক কৰা উপদ্ৰৱ॥
কাঞ্চন এড়িয়া কাচ মণি লৱা টানি।
পুষ্পক এৰিয়া তুমি লৱা কাঠমণি ৷৷
ক্ৰোধ পৰিহৰি থিৰ কৰিয়োক চিত্ত।
সবে মিলি যাওঁ আসা কৃষ্ণৰ সন্নিত৷৷
ব্ৰহ্মাৰ বচনে হবে এৰিলা সমৰ।
কৃষ্ণৰ পাশক লাগি চলি গৈলা হৰ॥
মাতবোল কৰি দুয়ো ভৈলা একমত৷
বুলিলন্ত পূৰ্ব্বাপৰ কাৰ্য্য অভিমত॥
পূর্ব্বত অমৰ বৰ দিলোহো বাণক।
কেনমতে মাৰিবাহা ইহাৰ প্ৰাণক॥
হেন শুনি হৰি পাছে দিলা সমিধান।
এহিসে কাৰণে তাৰ ৰক্ষা গৈল প্ৰাণ৷৷
পৃথিবীৰ ভাৰ কিন্তু লাগে খণ্ডিবাক৷
কৈলাসক লাগি লৈয়া যায়োক ইহাক॥

[ ৯৮ ]

দ্বাৰত থৈয়োক নিয়া দ্বাৰপাল কৰি।
এহি বুলি হৰক প্ৰবোধ দিলা হৰি॥
হৰিক প্ৰণাম কৰিলন্ত দেৱগণ৷
বাণে প্ৰণামিলা আসি কৃষ্ণৰ চৰণ॥
অনিৰুদ্ধ কুমাৰক আনিলেক বাণ৷
ঊষাক আনিয়া বিধিৱতে দিলা দান॥
ৰথী ৰথ দাস দাসী সুবৰ্ণ ৰজত৷
অনেক যৌতুক দিলা জীউৰ লগত॥
অনিৰুদ্ধে কুভাণ্ডক বুলিলন্ত বাণী।
চিত্ৰলেখা নামেযে তোমাৰ জীউ খানি॥
গদক দিয়োক বিহা আমাৰ বচনে৷
হেন শুনি মন্ত্ৰী আনি দিলা তেতিক্ষণে॥
চিত্ৰলেখা কন্যাক গদক দিলা দান।
দক্ষিণা দিলেক মন্ত্ৰী শকতি যিমান॥
পাছে কৃষ্ণে বাণসুত নিকুম্ভক আনি।
অভিষেক ৰাজ্যতে কৰিলা চক্ৰপাণি॥
নিকুম্ভক শোণিত পুৰত ৰাজা কৰি৷
যথাযোগ্য দেৱতাক বিসৰ্জ্জিলা হৰি॥
নিজ সঙ্গে বাণক নিলন্ত ত্ৰিপুৰাৰি৷
কৈলাসত তাক নিয়া পাতিলা দুৱৰী॥

[ ৯৯ ]

হৰিৰ প্ৰসাদে বাণ সৰ্ব্বসিদ্ধি ভৈল৷
মানবী শৰীৰে দেৱ ভুবনক গৈল ৷৷
পাছে মহাৰঙ্গে ৰথে চড়ি দেৱ হৰি।
চলিলন্ত আপোনাৰ দ্বাবকা নগৰী৷৷
মহাৰঙ্গে পুষ্প বৰিষন্ত দেৱগণ৷
পৰম আনন্দে যান্ত আপোনাৰ থান॥
শ্রীচন্দ্ৰ ভাৰতী ভণে তেজা আন কাম ৷
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম ৷৷

দুলৰী

দ্বাৰকা নগৰ যান্ত দামোদৰ
কৰি আতি বহু ৰঙ্গ।
সোণাৰ আস্ফোট নাচে নটী নট
বাজয় তাল মৃদঙ্গ॥
বাজয় মাদল তাল কৰতাল
অসংখ্য হাজাৰ বাজে৷
বাৱে বাদ্যভাণ্ড উথলে প্ৰচণ্ড
যেন ঘন মেঘ গাজে ৷

[ ১০০ ]

দ্বাৰকা নগৰে লোক নিৰন্তৰে
জানিলা আসন্ত হৰি৷
সবান্ধৱে আসে পৰম উল্লাসে
হাতে দাপ ঘট ধৰি॥
ঊষা অনিৰুদ্ধ বিবাহ প্ৰসিদ্ধ
কৰাইলা বংশ যতেক৷
চিত্ৰলেখা গদ বিবাহ আমোদ
কৰাইলা হৰি প্ৰত্যেক॥
সমস্তৰ চিত কৰিলা ৰঞ্জিত
সকলে সন্তোষ ভৈল৷
আনো ৰাজা যত দেৱতা সমস্ত
পৰিবৰ্ত্তি গৃহে গৈল॥
ভাগৱত পদ শুনা নিশবদ
বিৰচিলো ৰঙ্গমনে৷
হৰিহৰ ৰণ কুমৰ হৰণ
সমাপতি এহিমানে॥
নমো নমো কৃষ্ণ কৃপাময় ইষ্ট
কৃপাৰ সাগৰ হৰি৷
কৃপা কৰা নাথ ত্ৰাহি জগন্নাথ
সবে দোষ পৰিহৰি॥

[ ১০১ ]

তযু ভকতৰ সঙ্গ হোক মোৰ
বচনে নেৰোক নাম।
তোমাৰ চৰণে পশিলো শৰণে
নাহি মোৰ আন কাম॥
কৃষ্ণ পদ দৃঢ় ভাগৱত পদ
শ্ৰীচন্দ্ৰ ভাৰতী ভণে।
আন যত কাম  কৰিলো বিৰাম
একান্ত সাধু ভজনে॥
সাধু সঙ্গ মোক  সদায় দিয়োক
নামাগোহোঁ আন বৰ৷
জনমে জনমে সাধু সমাগমে
স্থিতি হোক নিৰন্তৰ॥
ধৰ্ম্ম শাস্ত্ৰ যত তাহাৰ উদ্ধৃত
শ্ৰীভাগৱত সাৰ৷
যাৰ মুখে ইটো বিচিত্ৰ ভৈলন্ত
সন্ত সূৰ্য্য নাম তাৰ॥
শৰণ ভজন ভক্তিৰ লক্ষণ
প্ৰচাৰিলা জগভৰি৷
তাহান কৃপাত আমি ভৈলো যাত
ভক্তি যে সংসাৰতৰী॥

[ ১০২ ]

ভক্তি সব গূঢ় আমি মহা মৃঢ়
 শাস্ত্ৰ গৰ্ভে অন্ধ ভৈলো।
ইটো মদান্ধত  তাৰিয়োক নাথ
 চৰণে বিক্ৰয় গৈলো॥
শৰণ ভজন  ধৰ্ম্ম বিতোপন
 কলি ধৰ্ম্ম সাৰতৰ।
শ্ৰৱণ কীৰ্ত্তন ভকতি প্ৰধান
 প্ৰকাশ কৈলা শঙ্কৰ॥
শাস্ত্ৰ প্ৰতিপাদ্য  সন্ত সূৰ্য্য আদ্য
 নিনিন্দিবা একো প্ৰাণী।
কলিযুগ মধ্যে  বৈষ্ণবেসে বিষ্ণু
 কহিলো সন্ত কাহিনী॥
বিষ্ণুপদ যত  বৈষ্ণৱে সেৱন্ত
 আমিয়ো সেৱো চৰণ।
মোৰ দোষ খণ্ডি  যমে যেন দণ্ডি
 নকৰোক নাৰায়ণ॥
যত অপৰাধ  মাগোহো তোমাত
 ক্ষমিয়ো তযু চৰণে।
পদ কবিতাত  ৰচিলো সাক্ষাত
 বঢ়া টুটা দোষ মানে॥

[ ১০৩ ]

মোৰ পদচয় নোহে সুখোদয়
 কৃষ্ণৰ চৰণ ধৰি।
বচন চাতুৰি সবে দূৰ কৰি
 ডাকি বোলা হৰি হৰি॥


—সমাপ্ত—