পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
কুমৰ-হৰণ

কুমৰক যাই  তই লাগ পাই
 হৰিবি কোন উপায়।
মোত বিদ্যমানে  দেখায়ো আপোনে
 মায়া জান কত তই॥
শুনি মুনি বাক  মায়া কৰিবাক
 প্ৰথমতে ছোট ভৈল।
এড়ি ছোট মায়া  ধৰি পক্ষীকায়া
 গগনে গৈয়া উঠিল॥
পক্ষী কায়া এড়ি  আকাশক উড়ি
 ভৈল ঘোৰ মেঘগণ।
কৰয় গৰ্জ্জন  বিদ্যুৎ সঘন
 বৰিষয় বৰ টান॥
মেঘ ছদ্ম এৰি  অগ্নি ৰূপ ধৰি
 পৃথিবীক লাগি আইল।
যেন বৈশ্বানৰ  মহা ভয়ঙ্কৰ
 গগন গৈলা উধাইল।
পাছে চিত্ৰলেখি  তাহাৰ উপেখি
 ভৈল তাই বাঘ গোট।
বাঘ পৰিহৰি সিংহ ৰূপ ধৰি
 কৰয় বৰ আস্ফোট।