পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুমৰ-হৰণ

এক দুই তিনি চাৰি পাঞ্চ ছয় ভৈল।
সাত আঠ নৱ দশ বৰ্ষ বহি গৈল॥
একাদশ এড়াই ভৈল দ্বাদশ বৎসৰ। ৯
ৰূপ দেখি লোভ ভৈল সুৰাসুৰ নৰ॥
বিচিত্ৰ অঙ্গত আছে অলঙ্কাৰ পান্তি।
চিকিমিকি কৰে যেন চন্দ্ৰমাৰ কান্তি॥
পূৰ্ণিমাৰ শশী সম বদন প্ৰকাশে।
জ্বলি যায় কামানল মুচুকীয়া হাসে॥
অধৰক বিম্বফল বুলিবাক পাৰি।
দশন পঙ্কতি যেন মুকুতাৰ শাৰী॥
হৃদয়ত দুই স্তন দেখি কৌতূহল।
যেন অভিনৱ দাড়িম্বৰ দুই ফল॥
ক্ষীণ দেহা কুমাৰীৰ মধ্যে হালে কায়।
বতাসতে লৰে অতি ভাগি নপৰয়॥
উৰু কৰি-কৰ সম বলিত সুহায়।
গগনত যেন ৰাজহংসিনী পৰায়॥
নাসা তিলফুল যেন দেখিতে শোভন।
বলিত বৰ্ত্তুল উৰু বহল জঘন।
ৰাজহংস গমনে চলয় ধীৰে ধীৰ।
ৰূপ দেখি পুৰুষৰ মন নোহে থিৰ॥