পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
কুমৰ-হৰণ

অনন্তৰে দুই দলে মিলিল সমৰ।
নভূত নভাবী হেন যুদ্ধ ভয়ঙ্কৰ॥
দুতয় সেনাব লাগিলেক উসমিস।
ধূলি অন্ধকাৰ ভৈল নমনিয় দিশ॥
ৰথে ৰথে গজে গজে সন্নাহ শৰীৰে।
বলীয়াৰে বলীয়াৰে যুঁজে বান্ধ ভিৰে॥
অশ্বে অশ্বে বাহুতে বাহুতে হতাহতি।
ধনুকী ধনুকী ধাইল পদাতি পদাতি॥
জয়ক চাহন্তে কেহো মৰিবে নচাৱে।
ৰথৰ উপৰে মহাবেগে ৰথ ধাৱে॥
দশোদিশে শুনি কাট মাৰ মাত্ৰ ৰোল।
প্ৰলয় মিলিল আসি ভৈগৈল কল্লোল॥
গাণ্ডি মুণ্ড বেলগাৱে অস্ত্ৰে কাটে শিৰ।
দশোদিশে ঢাকিলেক মৃতক শৰীৰ॥
কাৰো শিৰ ছিণ্ডি আছে শৰ অস্ত্ৰ ঘাৱে।
কতো বীৰ পৰি আছে অচেতন ভাৱে॥
সিবেলাত সাম কাম সাত্যকি এতিনি।
বাণ কটকৰ বড় লগাইলা বিঘিনি॥
তিনি বীৰে মেঘে যেন বৰিষয় নীৰ।
সেহিমতে শৰ প্ৰহাৰন্ত তিনি বীৰ॥