পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কুমৰ-হৰণ

তোৰ ভাব দেখিয়া হাসিবে সৰ্ব্বজন।
ঝাণ্ট কৰি কহ সখি স্বৰূপ বচন॥
ঊষা বোলে সখি মই দেখিলো সপোন।
মোৰ সঙ্গে আছিল পুৰুষ একজন॥
আতি প্ৰেমে আসি মোক আলিঙ্গি ধৰিল।
পালটি চাহন্তে মোৰ হাততে হৰিল॥
উত্তম পুৰুষ তেহে ৰূপে বিতোপন৷
অভিনৱ সুন্দৰ যুৱত সুশোভন॥
শ্যামল শৰীৰ ধীৰ সাগৰ গম্ভীৰ
নাহি খতি খুন ৰূপে গুণৰ মন্দিৰ॥
গাৱে আতি পীতবস্ত্ৰ শৰীৰ উজ্জ্বল।
কোন নাৰী দেখি জানা নুহিবে বিকল॥
হেন পুৰুষক আমি পাইলো প্ৰাণসখি।
এৰি গৈলা প্ৰভু মোক কিবা দোষ দেখি॥
হাতে পাই হৰুৱাইলো ইষ্ট যেন নিধি।
হৃদয়ত কুঠাৰ হানিলে কেন বিধি॥
দুৰ্ভগা নাৰীৰ জীৱনত কোন কায।
ছাড়িয়া প্ৰাণক মই যাইবো যমৰাজ॥
ধিক ধিক সখি মই জীৱো কোন কাযে।
কৰিবো জীৱন ঝাম্প দিবো জল মাজে৷।