পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
কুমৰ-হৰণ


একে সমন্ধত সখা আৰু মই দাসী।
মোহোৰ পাশক প্ৰভু তুমি কেনে আসি॥
আপুনি পণ্ডিত তুমি পূৰ্ব্বাপৰ জানি।
ক্ষমা কৰিয়োক প্ৰভু শাস্ত্ৰৰ কাহিনী॥
দাসী বধূ জীউ সখী শৰণীয়া নাৰী।
ৰাজ ভাৰ্য্যা গুৰুপত্নী চণ্ডালী কুমাৰী॥
আসম্বাক চুইলে মাতৃ গমনৰ পাপ।
হেন জানি মোক ক্ষমা কৰিয়োক বাপ॥
গুৱামালী পিন্ধে কোনে মালতীক পাই।
অমৃতক এৰি কোনে খাৰ পানী খাই॥
তোমাৰ আগত প্ৰভু মই গাওঁ গীত।
তাক শুনি প্ৰভু তুমি ধৰিয়োক চিত॥
ৰাগ গীত জানিবাহা সংসাৰতে সাৰ।
জানিবা জানিবা তাক কৰিয়া বিচাৰ॥
এই বুলি চিত্ৰলেখা যুড়িলেক ৰাগ।
অতি সুললিত কৰি গাৱে ভাগে ভাগ॥
তাৰ ঘোৰ মন্ত্ৰ আদি গাৱে বহু ভাৱ।
মনক মোহয় যেন কোকিলৰ ৰাৱ॥
মালৱতী ৰাগ মালৈ কৰোক কৰ্ণাড়।
কৰ্ণাট সুৱাগ সুহাই মালবী মল্লাৰ॥