পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কুমৰ-হৰণ

পঞ্চাশ ব্যঞ্জন সাজিলেক অন্ন পাল।
পবিত্ৰ কৰিলা পাছে ভোজনৰ থাল॥
সুবৰ্ণৰ দুই পাত্ৰ পৃথকে বিচাইল।
কুমৰ কুমাৰী দুইকো ভুঞ্জিবে বৈসাইল॥
আচান্ত কৰিয়া পাছে দুয়ো ভৈলা শুদ্ধ।
সুমৰিলা জনাৰ্দ্দন ঊষা অনিৰুদ্ধ॥
ভুঞ্জিবাক বসিয়া সোধয় আদিমূল।
মই অন্ন ভুঞ্জিবো তোমাৰ কিবা কুল॥
কৰযোড়ে চিত্ৰলেখা বুলিলা বচন।
কন্যাক বিহাইবা কেনে নুভুঞ্জিবা অন্ন॥
প্ৰথমে দেৱক অন্ন দিলা ভাগে ভাগে।
কৰ্পূৰ লৱণ ঘৃত ভুঞ্জিলন্ত আগে॥
পঞ্চাশ ব্যঞ্জন নানাভাৱে পৰশন্ত।
চিত্ৰলেখা নটী যেন নাচন্তে আছন্ত॥
মহিষৰ দধি দিলা আৰু মধুৰস।
বহুবিধ ঘন ক্ষীৰ আমোদ বিশেষ॥
ভোজনৰ হন্তে দুয়ো আচান্ত ভৈলন্ত।
কৰ্পূৰ তাম্বূল ভুঞ্জি শয্যাক গৈলন্ত॥
ৰত্নময় শয্যাত বসিলা দুয়োজন।
চিকিমিকি কৰে যেন ৰবিৰ কিৰণ॥