পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
কুমৰ-হৰণ

তোৰ মোৰ সম্বাদ শুনয় যিবা নৰ।
একো কালে তই তাৰ নযাইবি ওচৰ॥
এহি বুলি জ্বৰ বিসৰ্জ্জিলা দেৱ হৰি।
শঙ্কৰক ধাই গৈলা কৰে ধনু ধৰি॥
তিনি পাট শৰ প্ৰভু যুৰিয়া গুণত।
শুনিয়োক তিনি পাট বাণ যেন মত॥
স্তম্ভন মোহন নিদ্ৰা তিনি পাট শৰ।
শঙ্কৰৰ হৃদয়ত পৰি দৃঢ়তৰ॥
মোহনৰ ছোট নসহিলা গৌৰী স্বামী।
স্তম্ভনে পীড়িলে ঘনে ঘনে উঠে হামি॥
নিদ্ৰাবাণে পীড়িত ভৈলন্ত ত্ৰিলোচন।
বৃষভৰ উপৰতে কৰিলা শয়ন॥
বৃষভকো প্ৰহাৰিলা শৰ তিনি পাট।
পাছ গুচি গৈল তিনি প্ৰহৰৰ বাট॥
শঙ্কৰৰ ভঙ্গ দেখি ৰঙ্গে দেৱগণ।
কৃষ্ণৰ শিৰত কৰে পুষ্প বৰিষণ॥
সিবেলাত সাম কুভাণ্ডৰ সমৰত।
কোনে কহিবেক যুদ্ধ ভৈলা যত যত॥
দুয়ো বীৰ তৰুণ বয়স সুকুমাৰ।
দুইকো দুই কৰিলন্ত শৰৰ প্ৰহাৰ॥