পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
কুমৰ-হৰণ

স্মৃতিহত ভৈল সেনা হৰি শৰ দেখি।
ভিৰি লৰ দিলে সবে সমৰ উপেক্ষি॥
সেনা পলাইবাৰ দেখি কিটাইলা শঙ্কৰ।
গোবিন্দক সম্মুখে হানিলা অগ্নি-শৰ॥
হৰি যম শৰ হানি কৰিলা নিৰ্য্যাণ।
তাক দেখি শঙ্কৰে মাৰিলা বায়ুবাণ॥
বাতাস সোমাই মহা দেখি ভয়ঙ্কৰ।
খৰ বায়ু বহে ভূমি লড়ে নিৰন্তৰ॥
সমদলে মাধৱো ভৈলন্ত ভয়ভীত।
ধূলা খোলা উড়ে চক্ষু নপাৰে মেলিত॥
যত শৰ মাৰে গোবিন্দৰ সেনাগণে।
বাতাসতে উলটয় ফুটয় আপোনে॥
সব সেনা উড়ুৱাই শিৱৰ বতাসে।
ৰণ হাৰি প্ৰজাসৱ পলাইল তৰাসে॥
হেন দেখি হৰি কোপ কৰি গুৰুতৰ।
হানিলা পৰ্ব্বত শৰ বড় ভয়ঙ্কৰ॥
বতাসে নলৰে গিৰি গম্ভীৰ দুৰ্ব্বাৰ।
বাণ-কটকত পৰি মৰিল অপাৰ॥
পৰ্ব্বতক দেখি হৰে পাতিলে ত্ৰিশূল।
সকলে পৰ্ব্বত পৰি হোৱয় নিৰ্ম্মূল॥