পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুমৰ হৰণ

যদি মোত সুপ্ৰসন্ন ভৈলা দেৱ হৰ।
তোমাত ভকতি হৌক দিয়ো এহি বৰ॥
প্ৰতি দিনে যেন মই দেখিবো তোমাক৷
আত পৰে আন বৰ নালাগে আমাক॥
এহি হৌক বুলি দিলা হৰেও উত্তৰ।
বৰ পাই নিজ থানে গৈলা নৃপবৰ॥
শঙ্কৰক পূজিতে সাজিলা দেৱঘৰ।
কৈলাস শিখৰ যেন দেখি মনোহৰ॥
সেহি ঘৰে হৰগৌৰী পূজে নিতে নিতে।
শঙ্কৰত ভকতি কৰয় একচিত্তে॥
সৰ্ব্বক্ষণে শিৱ শিৱ বোলে মহাভাগ।
নিতে একবাৰ শঙ্কৰক পাৱে লাগ॥
মহাবীৰ বাণাহুৰ ত্ৰৈলোক্য বাখানি।
শত পুত্ৰ ভৈল তান কন্যা একখানি॥
গণি পঢ়ি তান পাছে ঊষা নাম থৈল।
পুত্ৰতো অধিক শত গুণে স্নেহ ভৈল॥
প্ৰতি দিনে অতিশয় বাঢ়ে বৰ বালা।
শুকুল পক্ষত যেন চন্দ্ৰমাৰ কলা॥
সকল লক্ষণে পূৰ্ণ নাহি ক্ষতি ক্ষুণ।
কোনেনো বৰ্ণাইবে ঊষা কুমাৰীৰ গুণ।