[  ]

মাটিৰ মালিতা

কেশৱ বৰা

[  ]
 

মা টি ৰ মা লি তা

 

[  ]
 

মাটিৰ মালিতা
কেশৱ বৰা

 

[  ]
 

matir malita
a collection of selected verses composed by keshab bora,
published by pranjal kumar mahanta on behalf of aalibaat,
kahilipara, kalyani xagar path, guwahati-19. assam. Price: Rs. 80.00

মাটিৰ মালিতা।

কবি
কেশৱ বৰা

প্ৰকাশক
প্ৰাঞ্জল কুমাৰ মহন্ত

আলিবাট
কাহিলিপাৰা, কল্যাণ সাগৰ পথ
গুৱাহাটী-১৯
ফোন ⵓ+৯১ ৯৮৫৪৫ ১৯৪৮৮

মুখ্য পৰিৱেশক
বনলতা
পাণবজাৰ, গুৱাহাটী-১

প্ৰচ্ছদ ⵓ প্ৰাঞ্জল চোলাধৰা

প্ৰথম সংস্কৰণ
এপ্ৰিল, ২০১৩

© কবি

All rights reserved. No Part of this book may be reproduced in
any form or by any means, electronic or machanical, including
photocopying, recording or by anyinformation storage, without
permission in writing from the writer.


মূল্য ⵓ আশী টকা

ⵓ মুদ্ৰণ ⵓ
ডেষ্টিনী প্ৰিন্টিং প্ৰেছ
ৰাজগড ৰোড্, উপপথ নং-১১, গুৱাহাটী-৭৮১০০৩

[  ]
 

পত্নী নিভাৰ হাতত...

 

[  ] সূচী...............................


কাব্যাংশ ⵓ

■ অথবা উৎসৱ | ১ ■ আধা আকাশৰ আধা | ৩ ■ আঁচলৰ গাঁঠিত সপোন | ৫ ■ ভেটিৰ ছোৱালীজনী | ৭ ■ মিচিমিৰ অসুখ | ৯ ■ মালিতাত মালি বায়ন | ১১ ■ জিল্‌মিল্‌ | ১৩ ■ এ’লিজি | ১৫ ■ ইচ্ছাপত্ৰ | ১৭ ■ বাক্হীন | ১৮ ■ মানুহটো | ২০ ■ নতুন বাট | ২১ ■ এনেকৈয়ে | ২২ ■ পুং ডাইনী | ২৩ ■ গছা | ২৫ ■ সাঁতোৰ | ২৭ ■ আপুৰণি গান এটা ■ ২৮ বান '০৪ | ২৯ ■ মাটিৰ চাকি | ৩১ ■ অভিজ্ঞান | ৩৩ ■ পটবিন্দু। ৩৪ ■ জল কথা | ৩৫ ■ খেল | ৩৬ ■ বিষাদ কথা | ৩৮ ■ ঘৰ | ৪০ ■ ফণা | ৪২ ■ দিনলিপিত এদিন | ৪৪ ■ উৰিবৰ বাবে | ৪৭ ■ বাটচোৱা | ৪৯ ■ গোপাল | ৫১ ■ তমস্ | ৫৩ ■ কবিতাৰ অসুখ | ৫৫ ■ প্ৰেমৰ দৰে | ৫৭ ■ পানীমলা | ৫৮ ■ ভোগৰ বাৰ্তা | ৬০ ■ অসুখ | ৬১ ■ আঁৰ কাপোৰ | ৬২ ■ বলাই ৰাম সেনাপতি সমীপেষু | ৬৪ ■ চিকাৰ | ৬৭ ■

গদ্যাংশ ⵓ

জীৱন মৃত্যু | ৭১ ■ হে বসুন্ধৰা | ৭৪ ■ আত্মকথা | ৭৭ ■ এবাৰাণ্ডা পৃথিৱী | ৭৯ ■ অহৈতুকী | ৮১। ভালে আছানে মামণি | ৮২ ■ নিসৰ্গ নিৰ্যাতন | ৮৪ ■ খণ্ডচিত্ৰ: ১ কুৰুক্ষেত্ৰ | ৮৬ ■ প্ৰতিচিত্ৰ: ১ ৰেষ্টোৰাঁ | ৮৭ ■ প্ৰতিচিত্ৰ: ২ ন্যায়ালয় | ৮৮ ■ কথকতা | ৯০ ■ জীৱন | ৯১

[  ]
 

মাটিৰ মালিতা

 

[  ]
 

কাব্যাংশ

 

[  ]
 

অথবা উৎসৱ

 

অদৃশ্য অৱয়বহীন ছাঁ
আগে-পাছে ঘূৰে
উশাহৰ সৈতে অৰ্গল খুলি
দহোখন দুৱাৰেৰে ওভতিলে
কালে
খুদ খুদ জেৰীয়া গাঁঠিৰ
জাল এখন গুঁঠে

হেঁপাহৰ পখিলা উৰি
প্ৰেমৰ পানীত বুৰে
সপোনে গজালি মেলি
ভ্ৰমি ভ্ৰমি অৰ্থহীনতাক অৰ্থ দিয়ে;
অগুদালি মগুদালি
ঘোঁৰাৰ নাকত দিলো বালি
ঘোঁৰা গ’ল উত্তৰে
শাল মাছে গুজৰে...

মণি খহা
তৰা খহাৰ কথা সখি
কহন নযায়
তথাপিতো মন্ত্ৰ বিনোদিনী;
কৰতি কৰতি মহা কৰতি

[ ১০ ]

ঠাইতে কাটো, দৈত্য কাটো
কাটো ইহচণ্ড
বিষচণ্ড, হাতচণ্ড
বাতচণ্ড, কুচত মাতচণ্ড
চৌষষ্ঠি চুৰচণ্ড
কাটি কৰো খণ্ড খণ্ড

অজলা উঠিছে পিছলা বাঁহতে
দূৰৈকৈ চাওঁ বুলি
সাতো সমনীয়াই ফুৰে দেওপাৰি
কেঁকোৰাই খাইছে খুলি

পথাৰত মৰিশালি গজিছে
নৈয়ে সাঁতোৰ পাহৰিছে
শিলে ভৰ কৰিছে আমাত

ছৈ দিয়া গৰুগাড়ী এখন আহি আছে
টিলিঙাৰ লহৰৰ ফাঁকে ফাঁকে
ছয়া-ময়া মুখ এখনে চান্দে
কাঁইটীয়া বুলনিত
আমি নিঃপালি দিলে
বগা সাজ পিন্ধি উৎসৱ আহে।

[ ১১ ]
 

আধা আকাশৰ আধা

 

হিয়া ধুনি ধুনি এসোঁতা
কান্দো আহ
প্ৰাণৰ লোতক একেলগে
পান কৰো আহ

কালে কি কৰিলে
হৰিলে হৰিলে
ভোগে কি কৰিলে
চৰিলে চৰিলে
চানেক চৰাৰ আগতে
এসোঁতা কান্দো আহ।

অ’ তোৰ কেঁচাসোণ আঘোণ
অ’ তোৰ তেলটুপী হিয়া
নিদাৰুণ কিনো নিদাৰুণ
অজড় বিগ্ৰহৰ টিয়ঁহ জালি
আই মোৰ বুকু কুটেকুটায়।

ইমান আউসী একাদশী
ইমান নিৰ্জলা ব্ৰত
ইমান ওখ ওখ জেওৰা

[ ১২ ]

তেজলগা চিঞৰৰ
সাঁফৰ খুলিবৰ হ’ল
মহুৰা ফুৰাবৰ হ’ল কাজীতৰা
দেওধনী জকাৰ আগতে
এসোঁতা কান্দি ল’বৰ হ’ল।

[ ১৩ ]
 

আঁচলৰ গাঁঠিত সপোন

 

খাব খাব
মোৰ সোণে খাব
অ’ মোৰ দেহাটো
কলিজাটো
ঈশ্বৰটো
গোঁসাইটো বুলিছো
খুজি অনা খুঁদ চাউলৰ
লুথুৰি আৰু এটেপা খাব।
হা - ৎ - চু
কুশল হওক
মঙ্গল হওক
চিৰঞ্জীৱি হওক
ঠেহ নেলাগিবা
পেচ নধৰিবা
আকাশৰ জোনটো পাৰি দিম
জু - নু - কা
ও, জুনুকা এটাও দিম
খাব
মোৰ ধনে খাব।
অ’ আই!

[ ১৪ ]

নোখোৱা?
মিঠা নাই কাৰণে নোখোৱা
খালেহে ডাঙৰ হ’বা
কত হ’বা
ডেকা হৈ খেতি কৰিবা
আমাৰ তলিফুটা ডুলিটোৰে
মেওজনীৰ দৰে সৰকি গৈ
মোৰ বোপায়ে
যুৰীয়া ভঁৰাল সাজিবা

টোপনি ধৰিছে
অই অই শুব শুব
মোৰ সোণাই শুব
কণা গোঁসাই
মানুহটোক কিয় কাঢ়ি নিলি ঐ

আ- মা - ৰে ম - ই - না - শু - ব
বা - ৰী - তে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰিব
ম - ই - না - ই বু - ট - লি
খা - ব - এ - এ - ।

[ ১৫ ]
 

ভেটিৰ ছোৱালীজনী

 

পাগলী ছোৱালী
বাউলী ছোৱালী
চকুত দুটি মৰা
হৰিণা পোৱালি

তোক পোতা ভেটিত
হালিছে-জালিছে
গা-ভাৰী এজোপা
পানী মদাৰ

কিনো
জুইলগা হাত
কিনো
দেওলগা মাত
কাঁইটে বিন্ধিছে বুকু
নিৰ্বাক শোকৰ সংলাপ
দেহৰ
পাণ্ডুলিপি ধূসৰ

উজাগৰ চৰাইটোৰ

[ ১৬ ]

ঠোঁটৰ পৰা টুপকৈ
সৰিল গুটি এটি
কোৰোকীয়া পুখুৰীৰ
নিথৰ পানীত উঠা
এখুদ ঢৌটোৱে
বিশাল কায় ধৰি
বুৱালে ৰ’দে ডকা
পথাৰ আমাৰ

ঘাম হৈ
তেজ হৈ
চ’ৰাঘৰ বৰঘৰত
সোমালহি তাই।

[ ১৭ ]
 

মিচিমিৰ অসুখ

 

তোৰ নীলাচকুৰ দুটোপাল পানীয়ে
বুকুৰ দুয়োপাৰ বুৰাই বান আনে
তোৰ ভোটা নাকেৰে তপত নিশাহ বলে
আকাশ ধুৱঁলী-কুঁৱলী হয়
তই কান্দিলে
সোণাৰুৰ পাহি সৰাই সখিয়তীজনী
ক’ৰবালৈ উৰা মাৰে
আজাৰ কিজোপা বেজাৰত জঁই পৰে
তেতিয়া মোক অকলশৰীয়াকৈ এৰি
গাঁওখন বসন্ত উছৱলৈ গুচি যায়।

তই যন্ত্ৰণাত কেঁকালে
বিষণ্ণ পানীপোতাত ওলমি থকা
শূন্য সঁজাটোৱে চিঞৰে
আইজনী তেতিয়া নতুন ঘৰলৈ বুলি
ধুমুহাৰ বোকোচাত উঠে
আৰু বেজাৰৰ গহ্বৰ একোটাত
ডিঙিলৈকে পোত যাওঁ আমি।

মিচিমিৰ অসুখ হ’লে

[ ১৮ ]

মই পাগলৰ দৰে ডাক্তৰ-কবিৰাজ বিচাৰি
ইখনৰ পৰা সিখন গাঁৱলৈ দৌৰো
তুলসী তলত চাকি জ্বলাওঁ
মন্দিৰ, মছজিদ, দেৱালয়ত
চকুলোৰ চাকি আৰু মম আগবঢ়াই
অকলে নিজানত বহি থাকো
তোৰ কলগানটোত
আৰু নবজাবি বৰষুণৰ বেহেলা
কাবৌ কৰিছো তোক
লাগিলে মই বৰবিহ খাব
চেলেকিম কালহীৰা।

মোৰ দুৱাৰ মুকলি নোহোৱা পাঠশালাৰ
কৃষ্ণফলিৰ আখৰ মোহাৰা গাৰুটো
আৰু সন্মানীয় আলহী বহা চকীখনৰ
কুচনেৰে পাতি দিছো পাটি
নেকান্দিবি শুই থাক মিচিমি
শুই থাক।

[ ১৯ ]
 

মালিতাত মালি বায়ন

 

কুঁৱলীয়ে কঁহুৱাবনত হেলান
দিওঁ কি নিদিওঁ হওঁতেই
মধুময় শব্দ তৰঙ্গই
পিয়াপি দিয়ে বতাহত
ধেই দাও খিত্‌ তাক্‌
ধেই দাও খিত্‌ তাক্‌
খিত্ তাক্ ধিন্ দাও

তোমাৰ আঙুলিৰ ৰ’দত
সিহঁত ওমলে
জুৰুলি-জুপুৰি হয়
কণ্ঠৰ সুৰীয়া বৰষুণত
পদচালনাত জিলিকে
ৰাশি ৰাশি বাবৰি ফুল
নমনীয় দেহৰ পৰা
চালি ধৰি ওলাই যায়
নাচোনৰ ম’ৰা চৰাই

পদুম পুখুৰীৰ এলাগী পাৰত
এতিয়া পদুম ৰখীয়া তুমি

[ ২০ ]

ওঁঠত শিল
হাত ভৰিত শিপা
ৰজ্নজন্‌ নিস্তব্ধতা এটা
দুটা শৰত পাৰ হওঁতেই
বিস্মৃতি তুমি
তোমাক অৰ্পিবলৈ
আমাৰ শূন্য চকুত
নুফুলিল এপাহো ফুল
মাথোঁ বতাহত আহিছে ভাহি
খোলৰ বিহ্বল বোল
ইতা ধিনিক্‌ থেই
ধেই ধেই ধেই।

[ ২১ ]
 

জিল্‌মিল্‌

 

জিল্‌মিল্‌ ক’ত
পানীৰ তলত
জিল্‌মিল্‌ ক’ত
ফুলৰ গোন্ধত
জিল্‌মিল্‌ বাউলি বতাহত

কিনো বিষাদ বাঁহী
বজাব পিতাই
বৰ পুখুৰীৰ পাৰতে
দেহাটো মোৰ
থৈছে শুৱাই

একাঁঠু পানী
ডিমৰু ঠানি
এবুকু পানী
ডিমৰু ঠানি

•••

তেঁতেলীৰ তলত
আৰু তাঁত বাটি
নকৰিবি আই

[ ২২ ]

নিজান জাৰণিতে
থ’ব কবি
বাঁহীটি লুকুৱাই
সৰাপাতৰ নাচোনৰ
চেও গজিল
ভৰিত
হাতত
দেহত
জিল্‌মিল্‌ৰ ভু ল’বলৈ
দেৱ পেহা দেশান্তৰী হ’ল। ★

 

★ সমনীয়া জিল্‌মিল্‌ শৈশৱতে পানীত বুৰি ঢুকাল।

[ ২৩ ]
 

এ’লিজি
(জানটোৰ স্মৃতিত)

 

সেউজীয়া ইন্ধনেৰে
চপ্‌চপীয়া
পোহৰ চাকিটো
হঠাৎ
নুমাই থাকিল,
দেও দি গান গোৱা
ফুটুকা পাখিৰ
চৰাইটোৰ কণ্ঠত এতিয়া
অসহায় প্ৰাচীন নৈশব্দ

তোমাৰ দীৰ্ঘ অবয়ৱে
জুখিব খুজিছিল
আকাশৰ উচ্চতা
মাটিৰ উৰ্বৰতা,
দোঁখোৱা ধানৰ ছেইৰ
অৱনত সন্ত্ৰমেৰে সুধিছিলাঃ
দাদা, ভালনে?

স্মৃতিৰ নিউৰণত তোমাৰ
খুন্দ খাই আছিল

[ ২৪ ]

বহু জটিল প্ৰশ্নৰ উত্তৰ
তেতিয়া
লাহি পাখিৰ
পখিলা এটাই উৰি আহি
গুণগুণোৱা নাছিল নেকি কাণে কাণে
‘জীৱন জীৱন বৰ অনুপম’

বুকুখন থওঁ ক’ত
শিলনিত
ক’ত থওঁ এতিয়া?

[ ২৫ ]
 

ইচ্ছাপত্ৰ

 

শিশুবোৰক যেনেকৈ
শয্যা পাতি দিয়ে মাটিৰ গৰ্ভত
তেনেকৈয়ে থবি মোক
আবাহনী মুদ্ৰাৰে
শুই থাকিম মই
ফেঁচু চৰাইৰ গান হৈ।

মোক নুপুৰিবি
জুইলৈ মোৰ ভয় লাগে
জুয়ে গাঁও পোৰে
মন পোৰে
পোৰে অৰণ্যৰ নিস্পাপ নগ্নতা।

পানীত নেমেলিবি মোক
জলতে জনম যদিও
বেলি বুৰাৰ পৰত ওঁঠত গুজিবি
এটেপা মাটি,
মাটিৰ টোম এটাত ভৰাই
মোক পুতি থবি
জৰা টেঙা হ’ম
ইতিহাস হ’ম
অমৃত মৃৎ হ’ম মই।

[ ২৬ ]
 

বাক্‌হী‌ন

 

কিহৰনো দুখ
তোৰ অবোধ গানত
আলাপৰ অপলাপ
তোৰ বেসুৰা তানত
অন্নৰ
শব্দৰ
বৰ্ণৰ
নে আন কিহবাৰ।

টোকাৰিৰ
ঢিলা তাঁৰত
অবিৰাম বুলন
বাক্‌হীন বৰাগী
অফুট কণ্ঠত তোৰ

[ ২৭ ]

ৰাগৰ কৰুণ বিস্তাৰণ।
চকুৰ মণিত তোৰ
ৰমণৰ মুগ্ধ পখিলা
স্ফীত স্বৰযন্ত্ৰত মাথোঁ
ভোমোৰাৰ গুঞ্জন।
গাই থাক
গাই থাক
ৰাতি নোপুওৱালৈকে।

[ ২৮ ]
 

মানুহটো

 

বৰ উৰি-আম জোপাৰ তলত
মানুহটো ৰৈ আছে
মুখত মঙ্গোলীয় দাড়ি
দেহত নেগ্ৰিটো নমনীয়তা
ৰ’দেপোৰা মানুহটো ৰৈ আছে।
বৰ উৰি-আম জোপাৰ তলত

আকাশৰ বিজুলী বগাই আহি
থিতাপি ল’লেহি তূণৰ ৰঙচুৱা শৰত
কমাৰশালৰ উত্তাপত সিহঁত
অগ্নি-আলাপত মগ্ন

ৰণধ্বজা উৰুৱাই
অৰণ্যখনে খোজ ল’লেই
শৱাধাৰ সাজিবলৈ
বৰ উৰি-আম জোপা
কাটিব তেওঁ।

[ ২৯ ]
 

নতুন বাট

 

এই দুখন কাৰ হাত
দেখুৱাই আমাক বাট
এই দুখন কাৰ হাত
গজিছে নেকি
শেলুৱৈ তাত

হাবি আছিল তাত
ধোঁৱা আছিল তাত
সেই হাতৰ ছাঁত
কঁপিছিল প্ৰাচীন বতাহ

কুঁৱলী ভগাৰ পৰত
ঘূৰ্ণিয়ে ছিঙা হাতৰ পৰা
তেজ-মঙহৰ কলপ ভেদি
আকৌ পোখাব খনিকৰ হাত
দেখুৱাব নতুন বাট।

[ ৩০ ]
 

এনেকৈয়ে

 

ৰং অন্ধলাই মণিব নোৱাৰা
ৰঙীন পাখি মেলি চকা পাটত বহিলে
নীলা আঁঠুৱা এটাৰ মাজেৰে
ৰঘুমলা জোন উঠে

আতৰ ঘহি দেওদি ফুৰা মানুহবোৰে
পিন্ধি লয় ৰঙচৰুৱা ডেউকা।
বিৰিখৰ ডাল-পাতে ধূলিৰ বাটত
জোনাকে আঁকা ছাঁয়া গচকিলে
মায়াই সিহঁতক অনুসৰণ কৰে

জোনাকে আন্ধাৰে শব্দ গঢ়ে কবিয়ে
বাউলৰ টোকাৰীৰ গুণাৰ দৰে কঁপে প্ৰেমিক
নৈয়ে পাৰ ভঙাৰ পৰতেই
শিলীভূত হয় অজন্তা খাজুৰাহুৰ সপোন
নিৰ্বাক ইতিকথা শুই থাকে
পৃথিৱীৰ ধূলিত

মেঘৰ স্তম্ভনত আকৌ গৰ্ভিনী হয় মাটি
মৌ-ডিমৰুৰ শুকান ঠালত
জিলিকে লীলায়িত মুখৰতা
স্বপ্নৰ সাৰত সাৰ পায়
বিমূঢ় একলব্যৰ নিষাদ মূৰুতি।

[ ৩১ ]
 

পুং ডাইনী

 

যোৱাৰাতি জোনাকত
হত্যাকাৰীটোক লগ পালোঃ
ৰত্নাকৰৰ দৰে
অঙ্গুলিমালৰ দৰে
চেহেৰা নহয় তাৰ
তেনেই নিৰীহ দৃষ্টি
বিৰক্তিত কোঁচ খাই কপালৰ গাঁঠি
বিষাদত ভাঁজ পৰে ওঁঠৰ প্ৰান্তত
নিৰ্বিশেষ মানুহ সি

এদিন সি
বিশ্বাসৰ নিমাখিত দৃষ্টিক ভেঙুচালি কৰি
অভয় মুদ্ৰাৰে মেলি দিলে দক্ষিণ হস্ত
পিচ্কা‌ৰীৰ দৰে ওলাই গ’ল
অতি সংবেদী প্ৰজ্বালকৰ ফুঁৱাৰা
মানুহজনীক জ্বলাই
ওঁঠত গুজি ল’লে সি
অনায়াসৰ চিগাৰেট এটা

শঙ্খৰ নাদ আৰু ডবা-কাঁহৰ শব্দত

[ ৩২ ]

জাহ গ’ল মৰ্মন্তুদ আৰ্তনাদ
বন্দী মানুহৰ স্বপ্ন
দাউ-দাউকৈ চিতাত জ্বলিল

সি বুকুত লালন কৰে ওলমুকুতা
বিষধৰ সাপ পোহে
সতীপূজন মন্দিৰ সাজি
ভৱিষ্যৰ বেশ্যাক কৰে প্ৰতিপাল।

হত্যাকাৰী বা গভাইতৰ বহুবচনত
আছে নেকি বাৰু
মোৰ, আপোনাৰো নাম?

[ ৩৩ ]
 

গছা

 

আন্ধাৰ কাটি কাটি
কটা গৈছে তোৰ গা
বয়স কাটি কাটি
ময়ো জ্বলিছো চা
দেখনে নিজকে তই
আনৰ চকুৰ দাপোনত
অবুজ অন্ধলাই
নেদেখো নিজৰ ছাঁ

তোৰ শিৰত
শিমলু জ্বলে
তোৰ শিৰত
মদাৰ ফুলে
ইতৰাৰ ল’ৰা তই
কিচ্কি‌চ্‌ ক’লা
গড় কৰি ঘৈয়াই ঘৈয়াই কৰে
বখলা-বখলি গা

ধৰ!
ধৰ!

[ ৩৪ ]

বুকুখন বখলিয়া
মূৰটো ফাল
নাৰীক নিদিবি কৰিব লগ
হৰা দি নিবীৰ্য কৰ তাক।

আন্ধাৰ কাটি কাটি
আধাৰ সি যুগে যুগে।

[ ৩৫ ]
 

সাঁতোৰ

 

স্মৃতিৰ বৰ্তনিত জুনুকা এটা
বাজি উঠোতে
বস্ত্ৰৰ বন্দীশালৰ পৰা পলাল বন্দীয়াৰ
আহল-বহল আৰ্চি এখনৰ
ছায়াত আশ্ৰয় লৈ
অপৰাধ বিশেষজ্ঞৰ তীক্ষতাৰে
জৰীপ কৰিলে নিজৰ আপাদ মস্তক

চুলি সৰি বহল হোৱা কপালত
চিত্ৰবিদ্যাৰ ক শ্ৰেণীৰ শিকাৰুৱে অঁকা
ৰেখা কিডালত
লিপিৰ অনুসন্ধান কৰোতে
সেউজীয়া পতঙ্গ এটাই
শুংডাল সুমুৱাই কঁপালে
তাৰ পাখি দুখন
আৰ্চিখনত ঢৌ উঠিল
বহলিল তাৰ সীমা
হাত-ভৰিৰ পতাত ফিচা গজি
গাটো সোণবৰণীয়া হওঁতে
ৰূপৰ পুখুৰীত জাঁপ দিলে
পলৰীয়া বন্দীয়াৰে।

[ ৩৬ ]
 

আওপুৰণি গান এটা

 

আলি-কেঁকুৰিত
থৰ লাগি আছে
আওপুৰণি গান এটা
ওঁঠেৰে আহিছে বৈ
নাচোনৰ এখনি নৈ

শুকনিমুৱা মজিয়াত
বগা মাটিৰে অঁকা
ৰাশি ৰাশি
ভিৰাই গুণ টনা ধনু
জানো কোন অধৰাৰ
ছয়া-ময়া তনু
আগুৱাই গ’লেও দায়
পিছুৱালেও বেলি লহিয়ায়

টিঙতহে বান্ধিলা ঘৰ
মেঘ আৰু শূন্যতাই
খেদি ফুৰে বৰ।

[ ৩৭ ]
 

বান ’০৪

 

মেঘত জুই
মাটিতো জুই
ভিতৰত জুই
বাহিৰতো জুই
আখলত পথাৰত
পনীয়া জুই
শীতল কটাৰিয়ে ৰেপি ৰেপি কাটে
দেহৰ জুমুঠি আমাৰ

দক্ষিণৰ পোতাশালৰ
দুৱাৰ খুলিল
উত্তৰত শিলৰ ঘৰ ভাঙিল
শিৰত দেওচাকি জ্বলাই
পানী-গছাই অবিৰাম নাচে
দেওধনি নাচ

চকুলোৰ ঘাটে ঘাটে পানী তোলা
নিৰ্দয়া আয়তী তই
এঘট পানীৰ প্ৰলয়েৰে বুৰালি কিয়
জীৱনৰ বেদ

[ ৩৮ ]

হালধীয়া আৰু নীলা পানীও
সেউজ হ’ল কেতিয়াবাই
শৰীৰৰ শিৰাৰে বৈ থকা
অ’ আমাৰ পিয়াহৰ নৈ
বাৰে বাৰে বন্দী কৰি
কিমাননো আৰু বুকুৰ পাৰ ভাঙ!

[ ৩৯ ]
 

মাটিৰ চাকি

 

চাকিটো কোনে নুমুৱালে
কোনে নুমুৱালে
সেই যে পুৰণি ৰগৰটো
ইনিচ্‌পে‌ক্টৰৰ প্ৰশ্নৰ হেবাং চাৱনিৰ অজলা উত্তৰঃ
মই নাই, মই নাই মহাশয়
শেষ ৰক্ষাৰ বাবে
পণ্ডিতৰ কৰুণ প্ৰয়াস
হৰধনু ভাঙিবলগীয়াকৈ ইহঁত দুষ্ট নহয় ছাৰ

থৰক-বৰক কৈ
তুলসী ভেটিত বন্তি দিয়া আইতাই কয়
জানো বোপাই, মই হ’লে জোনাকীটো
নুমুওৱা নাই
ৰাতিৰ আকাশ চাই
ভাবত বিভোৰ নাৱৰীয়া উঠে উচপ খাই
নাই, নাই
তৰাটো মই নুমুওৱা নাই

[ ৪০ ]

মেল বহিল
খেল ফালিল
নোলাল আপদীয়া বা ছাটিৰ পঁজাল
ভুলকৈ যি নুমুৱালে বুলি ভাবে
মাটিৰ চাকিটো।

[ ৪১ ]
 

অভিজ্ঞান

 

ক’ৰ এজাক শামুকভঙাই
কুঁৱলীৰ সৈতে
কথা পাতি থাকোতেই
কলঠৰুৱাৰে
দুমেৰকৈ বান্ধিছিলো
সীমনাৰ ওখ শিমলুজোপা

অলেখ চাকি জ্বলিল
জিলিকালে কঠুৱা মাটি
শুকুলা সপোনে নাও মেলি
নীলাত লীন হ’ল।

ভালেদিন জুৰি
পোতাশালবাসী মই
ভগ্নমূৰ্তিৰ প্ৰদৰ্শনী চাবলৈ
কেইঘণ্টা মানৰ ছুটীত
আহি দেখিলো
সীমন্তিনী শিমলুৱে
আজিও পিন্ধি আছে
সেই গলপতা ধাৰ।

[ ৪২ ]
 

পটবিন্দু

 

আবেলি পটৰ বিন্দুবোৰ
ৰ লাগি আছে
হাওলি পৰা চকালৈ চাই

কাকিনি তামোলৰ ছাঁবোৰে
দীঘল দীঘল খোজেৰে
পাহাৰ বগাব গৈছে
গান এটা আকাশত এৰাল দি
বনহাঁহ জাক
বিলীন হৈছে দিগন্তত

সেঙেতা লগা পথাৰৰ
গধুৰ বতাহ সী
জাকি মাৰি উঠা
বৰতালৰ যমকত
মাজনিশাৰ সূৰ্য হৈ
তেওঁলোক আকৌ জীৱ
কুঁৱলী ভাগিলে
মৰা সুঁতিত উজান আহিব

নিলগীয়া বিন্দুবোৰ তেতিয়া
লগলাগি শিলৰ ৰেখা হ’ব।

[ ৪৩ ]
 

জল কথা।

 

পানীবোৰ ক’লৈ যায়
বৈ থকা পানীবোৰ
ৰৈ থকা পানীবোৰ
দেখ-নেদেখ
কুৰুঙত লুকাই থকা
জুইৰ জঠৰত থকা
পাখিলগা পানীবোৰ!

পানী ফুলে
পানী ফুটে
কেতিয়াবা জঁপিয়ায়
কেতিয়াবা নাচি নচুৱায়
সাপৰ দৰে মেৰ খাই থাকে
কেতিয়াবা শিৱৰ জঁটাত

অথাইজলত বুৰ যোৱা
পাতখিলাৰ ধূসৰ লিপিয়ে
বুকুত ফুলায়
যোজন দীঘলঠেঙীয়া পানীফুল

সাত ঘাটৰ পানীৰে গা ধুই
প্ৰাচীন নৈবোৰে ঢাকি থয় পথাৰ।

[ ৪৪ ]
 

বিষাদ কথা

 

মইন কাঁইটৰ খোচ লাগি
মকুৱা শেলুক বোটলা হাতত
তেজ বিৰিঙে
বাঁহীৰ বা লাগি
টোপাটোপে স্মৃতিৰ বকুল সৰে

ৰিংটোৱে ঢুকি নোপোৱা
ৰং-বিৰঙী কাপোৰেৰে
ঘেৰ দিয়া ঘৰটোত
কেঁচা ৰ’দে ঠেলা-হেঁচাকৈ
সাধুকথাৰ টোপোলা খোলে
লুংলুঙীয়া বাটটোৰে খোজকাঢ়িলে
এতিয়া কাঁহিপাতে ডাকে

[ ৪৫ ]

আকাশ পৃথিৱী ছানে
ছলনাৰ পদে
তেজ ডোঙাপতা পথাৰত
ছোঁ এটাই পহৰা দিয়ে
তিলনি ডৰাৰ পৰা
কুঁৱলী ভেদি
ভাঁহি আহে
এষাৰ কৰুণ মাত। ■

[ ৪৬ ]
 

ঘৰ

 

তিনি মহলীয়া ঘৰ
অ’ৰ পৰা ত’লৈ
সহজ অহা-যোৱা
কোনেও নেলাগে ক’ব
সকলোৱে জানে
কেতিয়া ক’ত
কটাব লাগে দিন ৰাতি।

মাটিৰ মহলাৰ পিৰালিত
ফুল ৰোৱে
পূৱৰ কোঠালিত
হাৰমণিয়াম বজাই
জ্যোতি সঙ্গীত গায়
থিয়ডঙা দিব শিকা
শিশুৰ প্ৰথম খোজত
মমতাৰ জুৰি
বৈ যায় কলক্‌লাই।

পাতালৰ মহলাৰ মজিয়াত একাঁঠু সৰাপাত
বেৰত মকৰাজাল।

[ ৪৭ ]

চিলিঙত ওলমি থাকে এলান্ধু।
নিজৰ ঘৰ
পোহৰ নাই বাবেই
নেথাকো বুলি কেনেকৈ কয়!

ওপৰ মহলাৰ ৰূপালী পৰ্দাত
অনন্ত যৌৱনাৰ লয়লাস
উতনুৱা তৰাৰ পোহৰত উফৰি ফুৰে
অজলা সপোনৰ নক্সা,
হাত মেলি মেলি ধৰিবলৈ
এটাৰ ওপৰত আনটো
কিমান যে দেওলগা ঘৰ!

[ ৪৮ ]
 

ফণা

 

জেঠতে পৰা কঠীয়াত
গাঁঠি ধৰিছে
গুজিবলৈ পথাৰ শুকান শাওণতো
ফণামেলি ৰ’দে
ৰস শুহি খায়
গুমি তেজ খমলা বান্ধে
অন্ধ ল’ৰাটোৰ টোকাৰীত
বাজি থাকে কঁপি কঁপি
হা ভাত
হা মাত।

নমনিচে নুশুনা
কালিৰ ৰাগত
নিথৰ চকুত ফুল ফুলে
কঠীয়াতলীত ফেটি গোম
থৈয়া-নথৈয়া
মৈথুন নৃত্যত মগন।
নাগপাশত লালকাল কঠীয়াৰ

[ ৪৯ ]

কালঘাম সৰে
জৰ্‌জৰ্‌
মণিটো মঙহৰ বেহুত পৰ দিয়া
কেঁহৰাজী ওঁঠত ফুটে
হিয়ালি-জিয়ালি প্ৰাৰ্থনা
বৰষুণ
বৰষুণ।

[ ৫০ ]
 

দিনলিপিত এদিন

 

দোকমোকালি ⵓ

বৰ খনিকৰে পট মেলি
ৰং বোলোৱা সময়তে
মাজে মাজে উঠো;
চৰাইবোৰে কি মুদ্ৰাৰে
গান জোৰে আৰু
বন-বিৰিখে কেনেকৈ
গা-মুৰি দিয়ে চাওঁ বুলি
বিছনাৰ পৰা নামোতেই দেখিলো আজি
জোনাকী এটাইমজিয়াত বাগৰি
শেঁতা পোহৰ বিলাইছে
শেৱালিবোৰে বননিত সুঁৱৰিছে
তৰাৰ স্মৃতি।

ৰাতিপুৱা ⵓ

কোমল বা-ত কঁপিছে
সেউজীয়া দলিচাখন
ধানপাতৰ আগত
তিৰ্‌বিৰাই থকা মুকুতা

[ ৫১ ]

টুপকৈ পৰিছে সৰি
ঢপলিয়াই যোৱা ৰে’লৰ
তীব্ৰ উকিত।

দুপৰীয়া ⵓ

ইমান আভজা ইমান ঠুনুকা
গঢ়িলা কিনো
লাহ দি আঁতৰি গ’ল
বসন্তৰ গানো
ভাঙনৰ ভয়ত কঁপিছে ক’লাজ
ৰং খহে
ৰূপ খহে
বাৰে বাৰে লক্ষ্যভ্ৰষ্ট
আধাপেটি তীৰন্দাজ।

আবেলি ⵓ

কিহৰ ৰাগিত হ’লা মতলীয়া
কমণ্ডলুত অশ্ৰুজল
কান্ধৰ জোলোঙাত বৈছা

[ ৫২ ]

আত্মজা, অনুজ আৰু পুত্ৰৰ চিতাভস্ম
সংসাৰী সন্ন্যাসীঙ্গ

সন্ধিয়া ⵓ

ৰান্ধনি বেলিৰ হেঙুলীয়া এবাটি পিও
দিনৰ শেষত
এবাটিতে নিশকটীয়া দেহ
থৰক্‌ বৰক্‌
বাঁহীৰ ফু-ফুটাত কোনোমতে
ওঁঠজুৰি লগাই
ওৰে ৰাতি তোমাৰ আৰতি কৰো।

[ ৫৩ ]
 

উৰিবৰ বাবে

 

সীমাৰ বান্ধোন নেমানে সিহঁতে
ভূগোল, ধৰ্ম, ভাষা আৰু তেজৰ
বগা-ক’লাৰ, পীত বা শেঁতা ৰঙৰ
টিপচি একোটায়ো ভাঙিব পাৰে
লোহা শিলেৰে গঢ়োৱা প্ৰাচীৰ।

সীমাৰ ওখ গম্বুজত থকা
ৰাডাৰত সিহঁতৰ উৰণীয়া ছাঁ
ধৰা পৰিলে গুলিয়াই থকা সৰকা কৰে
ব্লেকবক্সত আবদ্ধ গানৰ স্বৰলিপি বিচাৰি
বন-জংঘল নেফানেফ কৰে
তথাপি
উদৰৰ জুয়েও পুৰিব নোৱাৰা
বোধিদ্ৰুমৰ
গুটি গজে আৰ্দ্ৰ মাটিত।

[ ৫৪ ]

বিশেষৰ সীমাত
সিহঁতৰ জুহাল পথাৰ নাই
পৰ্বতৰ টিং
সাগৰৰ গৰ্ভ
মৰুৰ বুকুতো
চালি ধৰে গানৰ শিপাই।

চৰাই হ’ব পৰা হেঁতেন!

[ ৫৫ ]
 

বাটচোৱা

 

দুকাষৰ জাতিবাঁহবোৰে সজা
অৱনত তোৰণখনৰ তলেৰে
তেওঁৰ ঘৰলৈ যোৱা বাট,
কেতিয়াবা সুহুৰিয়াই
কেতিয়াবা আমন-জিমনকৈ
কবিজন খোজকাঢ়ে সেই বাটে।

আকালৰ আহু চাউলৰ পঁইতা ভাত
পকা জলকীয়া, লোণ আৰু পকাতেলৰ
ফুৰফুৰীয়া গোন্ধ এটা
সনা থাকে তেওঁৰ শব্দবোৰত,
কবিতাৰ চকুপানী দূবৰিত ওলমি
তিৰবিৰালে
বুকুৰ সজাত পোহা চৰাইটোৱে
গান গাই সিহঁতক নিচুকায়।

গায়ে-গাৰিয়ে খীণ হ’লেও
নাহৰ লাখুটিডালৰ দৰে পোন মানুহজন
জোনৰ হাঁহি বেলিৰ বাঁহীৰ লগতে
হুমুনিয়াহবোৰ তপতাবলৈ

[ ৫৬ ]

য-খাৰ এচুঙাও লৈ ফুৰে
কান্ধৰ জোলোঙাত তেওঁ।

সেমেকা বাটটোৰ মূৰত
মেলা দুৱাৰেৰে পঁজাটো ৰৈ আছে
কোন কাহানিবাই ওলাই যোৱা কবিজন
আজিও ওভতি অহা নাই।

[ ৫৭ ]
 

গোপাল

 

ৰঙা, নীলা আৰু বগা পদুমৰ
পাহিৰ শোভাই নহয়
জীউকিটা জীয়াই ৰখাৰ
আধামুঈ হাতবাউল দিয়ে
আকালৰ আশ্ৰয় পটৰি দলনিয়ে ⵓ
আহ, গোপাল আহ
পিতনিৰে ভৰা ৰহস্যৰ বুকুলৈ আহ
মোৰ অক্ষয় ভঁৰালৰ
লৈ যা এদোন এপূৰা ভোগ।

মাঘৰ কুঁৱলীৰ বিষন্ন আবেলিটো
উদ্ফা‌ই হেন্দোলনিৰে আলাপ কৰি
সি মাছ ধৰিলে
পটৰিৰ পদুম আন্ধাৰে
আঁৰ কৰাৰ পৰত
শৰীৰত শীতৰ এপাচি এলান্ধু সানি
গোপাল পাৰলৈ উঠিল।
ঠক্ঠক্ কঁপনিক নাকী লগাওঁ বুলি
ভাটিখানাত কালিয়নে এচুঙা ফটিকা পি
ধানখেৰৰ বিছনাত শুই
সি কপৌ খোজেৰে বিচৰণ কৰিছিল

[ ৫৮ ]

ভোগৰ সোপানে সোপানে,
চোকা ফটিকাই দিব নোৱাৰা
ধানখেৰৰ বিছনাই আনিব নোৱাৰা
প্ৰচণ্ড উত্তাপ দিলে পিছদিনা
চিতাৰ লেলিহান জুয়ে।

আমাৰ সৰু পুখুৰীটোৰ
পোহনীয়া মাছকেইটাই
উৰণীয়া চৰাইৰ ছাঁ দেখি
খলকনি তুলি বুৰ মাৰিলে
গোপালে ভুমুকিয়াই
সুৱদি মাতেৰে সোধে
বৌদেউ,
ভাল মাছ দুটামান আনিছিলো...

পলসৰ সপোন বুকুত লৈ
উজানৰ কাৱৈ উজানতে হেৰাল।

[ ৫৯ ]
 

তমস্

 

ক’লা ৰং বগা ৰং
ক’লা পোহৰ বগা পোহৰ
গহনা গঢ়োতাৰ মতে
তমস্ আৰু জ্যোতি ⵓ
তাৰ পৰাই ওপজে দ্বেষ আৰু ঘৃণা
নিষ্পেষণ আৰু লুণ্ঠন।

শিপা মেলে আন্ধাৰ গৰ্ভত
সভ্যতাৰ ঘোঁৰা শুই থাকে আন্ধাৰত
নক্ষত্ৰই বিচৰণ কৰে আন্ধাৰ শূন্যতাত
সপোনে গজালি মেলে
ভালপোৱাৰ ফুল ফুলে
আন্ধাৰ কুঠৰীত,
বিবৰ্ণতাৰ অন্য নাম বগা
ক’লাই ধাৰণ কৰে সমগ্ৰ
পোহৰ কেমেৰাৰ কৌমাৰ্য হন্তা।

ওপেন হাইমাৰে দেখা
সহস্ৰ সূৰ্যৰ ঘাটক খোজকাঢ়ে
আমাৰ আশাৰ কৰুণ বাগিছাত।

[ ৬০ ]

গোটমৰা বগা পানীৰ
বিস্তাৰিত আয়তনে ফালে
ক’লা গ্ৰেনাইটৰ কলিজা
বিশাল ক’লা অতীত ভৱিষ্যক
বলাৎকাৰ কৰে
ক্ষন্তেকীয়া বগা বৰ্তমানে।

সেয়ে ক’লাৰ কুটুম মই
বেঁকাকৈ ক’ব পাৰি আন্ধাৰৰো।

[ ৬১ ]
 

কবিতাৰ অসুখ

 

ফুলৰ সৌন্দৰ্যৰ প্ৰশংসা
নকৰিলেই যেনিবা কোনোবাই
কিনো তাৰ আহে যায়
ওঁঠৰ হাঁহি মলঙিলেও
ফুলে একো গমকে নেপায়।
তৰাৰ তিৰ্‌বিৰ্‌ মহঙা পোহৰ
বন্দনা নকৰিলেই যেনিবা কোনোবাই
কিনো তাৰ আহে যায়
আদি আজোককাৰ পৰা এতিয়ালৈকে
বয়সৰ জৰি বান্ধিলেও
সিহঁতক ঢুকিকে নেপায়।

মানুহ নিসৰ্গৰ পুতাই হ’লেও
কেন্দ্ৰত স্থানাঙ্ক তাৰ
ভূগোল আৰু বুৰঞ্জীয়ে গঢ়ে

[ ৬২ ]

ৰং আৰু ৰূপ,
পঢ়াশলীয়া পুথিৰ কথাবোৰেই
পাহৰি যায় কবিয়ে
বিলাসৰ বিছনাত শুইবহি লিখা
শব্দৰ শৰীৰ হয় বৰ
আউললগা নিশকটীয়া
যেন কবিতাৰ
নেৰানেপেৰা অসুখ এতিয়া।

[ ৬৩ ]
 

প্ৰেমৰ দৰে

 

শীৰ্ণ নদীৰ সুঁতি এটি
সুৰ এচাটি হৈ বৈ আহিলে
বুকুৰ খোটালিত কেৰেচিয়াকৈ সোমায়
এচেৰেঙা জোনাক

চমকা-চমকি ৰঙৰ মেঘত
বিৰ দি বাট উলিয়াই
ইজেলৰ পুৰণি চটিকাপোৰত
অজলা জোন এটা ওলালে
তোমাৰ হাতৰ কোমল তলুৱাত
এপাহি খৰিকাঁজাই নিঃপালি দিয়ে

ৰূপচৰুৱা মধুৰতম নিশা
সোঁৱৰণি সৌধ হৈ
কাকিনি তামোল জোপা
ৰাগিত থৰ লাগিলে
কুঁহিপাতৰ দাপোনত জিলিকে
তোমাৰ মুখ।

[ ৬৪ ]
 

পানীমলা

 

পানীমলাই আজি পানীধেমালি খেলিব
নেবুদ আগ কৰি
পাঠেকে পানীপুথিৰ দুপাত পঢ়িব
মেঘৰ মেথনি মাৰি
চুবুৰীয়াই সমনীয়াই মাটিত বহি
নোৱনী নাম জুৰিলে
আমাৰ পানীমলাই পানীখেল খেলিব।

গচকত যঁতৰ ভাঙিব খোজোতেই
উজুতিত ছিঙিল নখ
তৰাতাঁতৰ মুখৰ সপোন মুচৰি ভাঙিলে
হিলৈৰ শবদে
দূৰণিৰ ঢোলৰ মাত মাৰ গ’ল
ভিতৰুৱাল ঢেঁকীটোৰ খৰ চাবত বাউলীজনী
চুলি মেলি অৰণ্যলৈ উৰি গ’ল চিখ্লা‌ হৈ।

অগাইধনি হাবিখনত মাজে মাজে দেও ওলাই
জলফাইবুলীয়া কবচ পিন্ধি কাৰোবাক টিপায় ⵓ
হাবিত কাহি ওলাই নহা
বঙহৰ দেউৰ সাঁথৰটো শুই আছে দেখো

[ ৬৫ ]

এডোঙা তেজত
শুকান ডালবোৰে শিৰত আঁকি লৈছে
সৰু বৰ অনেক তিলক
দেহচৰুত জীয়নীয়া আগমঙহ চপৰা চপৰিয়াই
গছত ওলমা আন্ধাৰত বিজুলী বিচাৰে তাই।

নাটনিয়ে দহা তাইৰ দেহত জঁকিল দেওধনি
তৰা দুটা ফুটি জৌ-জৌৱাই সৰিল পানী
সাঁচতীয়া উঁহ উপচি
অমৃত পানীয়ে টুপটুপালে
পেটৰ পানী ভাঙি বাট কাটিলে
ন-জোনৰ
তিতি বুৰি তাই তেনেই জুৰুলি-জুবুৰি
আমাৰ পানীমলা আজি পানীমতী হ’ল।

[ ৬৬ ]
 

ভোগৰ বাৰ্‌তা

 

ধানৰ নৰাবোৰ জহিব ধৰিলে
নৈখনে মোট সলায়
শিমলু গছত সৰু সৰু লাটুম ফুটিলে
পাট গাভৰুহঁতে
ফুলৰ চাকি জ্বলাবলৈ
তেল-শলিতা গোটায়।

ঢেঁকীৰ কোবাল চাবত
শূন্যতা কঁপিলে
শেষনিশাৰ মৰণাৰ গুটি সৰে
চৰাইবোৰে তেতিয়া
খুটি খুটি কুঁৱলী খায়।

তেলটুপী চৰাইজাকৰ মাত
কুঁহিয়াৰণীত সোমাই
পাবে পাবে বিয়পিলে
গোণা ম’হৰ ফেৰেঙনি যোৰা
চিক্চি‌কিয়া হয়
আন্ধাৰ ফালি উৰি যোৱা
বনহাঁহৰ সুৰীয়া কণ্ঠত
ধ্বনিত হয় ভোগৰ বাৰ্‌তা।

[ ৬৭ ]
 

অসুখ

 

জাৰণিৰ বাঁহ খেৰ
আৰু জলাহৰ ইকৰাৰে সজা
অনেকৰ দৰে তেওঁৰো দুকোঠলিয়া ঘৰ
এটাত তেজ-মঙহৰ মানুহটো
আনটোত থাকে
ভালপোৱাৰ খেৰ-কুটাবোৰ

বহুদিন হ’ল
মানুহটোৰ দেখাদেখি নাই
তেওঁৰ উদং কোঠাটোত এতিয়া
চেমনীয়া এজাকে খেলে
ইটোত জুমি চাই
লাম-লাকটুবোৰ
ধূলিত পোতযোৱা দেখি
সিহঁতে আজি এটা
নতুন খেল খেলিলে,
দুখৰ চিঁয়াহীৰ ওভোতা দোৱাতত
তৰ্জনী জুবুৰিয়াই
বেৰবোৰত লেখিলে
উভতি আহা, আইৰ অসুখ
আইৰ অসুখ!

[ ৬৮ ]
 

আঁৰ কাপোৰ

 

বুকুত হাঁহাকাৰৰ গজাল পুতি পুতি
শীতৰ সেমেকা দুপৰ বিদীৰ্ণ কৰে কৰ্চনৰ চিঞৰে
শিমলু কলিয়ে ৰঙা ভিতৰখন নেমেলাকৈয়ে
আভাস দিয়ে খমলা তেজৰ বিবৰ্ণতা
মৃত নক্ষত্ৰৰ পোহৰ এধানি সানি
আমি খোজকাঢ়ো পৃথিৱীৰ বোকা পানীত।

মৰিশালীৰ ওপৰেৰে উৰি অহা এযোৰ হাইঠাই
ওখ গছজোপাৰ ডালত পৰি
কণ্ঠৰ পেশীবোৰ উঠা-নমা কৰাই
নুশুনা সুৰৰ স্তৱকটোক জনাইছে আহ্বান
শিপাক শুনাও বুলি সপোনৰ গান।

ভোগজৰাৰ পানীটুপিত নপলায় পিয়াহ
দিনে দিনে বাঢ়ে প্ৰাণৰ হুতাশ
এখুদ জোনটো ওঁঠত ওলমি থাকোতেই
পা টিপি টিপি পাটি এৰে তেওঁ
ব্যাধি, জৰা আৰু বেলিমাৰৰ ওৰ বিচাৰি
দূৰণিত বিলীন হয় অট্টালিকাৰ শাৰী।
এতিয়াও আকুলতা শেষ হোৱা নাই

[ ৬৯ ]

জ্বলা নাই চাকি কোঠাই কোঠাই
আমাৰ প্ৰাণ-পিতৃৰ
ৰক্তবৰ্ণ দানৱ ৰূপ চাবলৈ।
থাকিবনে ক’ৰবাত তোমাৰ পো-পোৱালি?
বুকুত হাঁহাকাৰৰ গজাল পুতি পুতি
বৈ যায় নিৰবধি কাল।

[ ৭০ ]
 

বলাইৰাম সেনাপতি সমীপেষু

 

পাতল হালধীয়া
ঘাই শিয়াডাল
কোমল বুকুৰে ভ্ৰমি
ছানি ধৰিলে
সেউজীয়া পাহাৰ
পলসুৱা উপত্যকা,
তেজ পাই
ঘাম পাই
গাঁঠিয়ে গাঁঠিয়ে গজিল
থোপাথুপ ভূঁইচপা।

প্ৰতিজন প্ৰেমিকে
ডিঙিত পিন্ধি থাকে
স্মৃতিৰ বৰণ মালা
প্ৰতিজন নাৱিকৰ
চকুত খোদিত হৈ থাকে
আপোন বন্দৰৰ নক্সা
প্ৰতিটো জনগোষ্ঠীয়ে
ভাৰ বৈ ফুৰে
স্বপ্নভূমিৰ মানচিত্ৰ।

[ ৭১ ]

বৰত চৰাইটোৰ
পাখিৰ লাহ লাগি
আমাৰ ফুলনিতো
সোণ-ফুলৰ পাপৰি নাচে
কলঙৰ ঘোলাপানীয়ে
পথাৰ বুৰালেও
চেনাই তই আঁতৰি
নেযাবি দেই,
জোন-বিল মেলাতে
সলনা-সলনি কৰিম আমি
বাখৰুৱা মনৰ আখৰ
বঞ্চিত মনৰ ভাগৰ।
ৰামধেনুৰ তিলক
পিন্ধাৰে পৰা
মণি-মুকুতাৰে খুন্দ খালে
তোমাৰ হাতনি পেৰা।
ৰূপহী তলিৰ এথানি-এবানি
ধানদোৱা গাভৰুৰ
লহঙা কলাফুল কঁপি
নাচোনৰ তালে তালে

[ ৭২ ]

গানৰ মৌ উৰে
লা-লি হিলালী লাই...
চামাদি বহলাই
শিলুৱা হিয়াও
বহলাব পাৰা তুমি
সেনাপতি বলাই।

[ ৭৩ ]
 


চিকাৰ

(মনোজ ডেকাৰ সোঁৱৰণত
হীৰুদাই নেলেখা কবিতাটো)


বিনা মেঘে অকস্মাৎ
কিনো বজ্ৰপাত
একেপাত শৰে—
সিহঁতে হৰিলে
উজাগৰ চৰাইটোৰ মাত
বিজুলী খুঁটাৰে
বগাই আহিল
ৰঙা পতাকাৰ উত্তাপ
আইৰ উদং বুকুত
এছাৰ খাই পৰিল
এপাচি কৰুণ বিলাপ

কাঁহ পৰি জিন গ’ল
জহা ধানৰ কঠীয়া
মুঠিতে ৰ’ল
আজি তোৰ ল’ৰা
নতুন ইস্তাহাৰ হ’ল।

[ ৭৫ ]
 

গদ্যাংশ

 
[ ৭৬ ]
 

জীৱন মৃত্যু


এক/

মাজে মাজে মোৰ এনেহেন লাগে
এই যে খাইছো-শুইছো, হাঁহিছো-কান্দিছো
কাকত-আলোচনী-কিতাপ পঢ়িছো, টিভি চাইছো,
আড্ডা মাৰিছো সেইটো ময়েই নে?
নে মই কেতিয়াবাই মৰিলো বা অন্তহীন এটা সপোনহে দেখি আছো?
সপোন বাৰু কিমান দীঘল হ’ব পাৰে
কেইটামান মিনিটৰ, এঘণ্টা-দুঘণ্টাৰ?
দুকুৰি পোন্ধৰ বছৰ জুৰি
এটা সপোন দেখি থাকিব পাৰে নেকি কোনোবাহ!
মই এটা মৰা শ নে জীয়া শ,
মৰা শ গেলে, দুৰ্গন্ধ ওলায়। মোৰ গাৰ পৰাও দুৰ্গন্ধ ওলায় নেকি?
মই দেখোন গোন্ধ নেপাওঁ!
মোৰ ঘ্ৰাণ শক্তি কম হ’বও পাৰে, আনে হয়তো পায়।
অৱশ্যে যদি মৰা নাই তেতিয়া নিশ্চয় দুৰ্গন্ধ নোলাব।
মই জীয়াই আছোনে মৰিলো সেইটো খাটাং কৰাটো
মোৰ বাবে সম্ভৱপৰ নহয়।
আৰু এটা কথা, মই ওপজিছিলোনে নাই সেইকথাওতো মই নেজানো!

[ ৭৭ ]

দুই/


বতাহে সুগন্ধ বৈ আনে, সুৰো কঢ়িয়ায়
আজিকালি বতাহে মোলৈ কেৱল পোৰাৰ গোন্ধহে লৈ আহে;
মানুহ পোৰাৰ গোন্ধ, সপোন পোৰা গোন্ধ।
মানুহে সপোন দেখে, আৱয়বিকভাৱে যিহেতু ময়ো মানুহ,
সপোন ময়ো দেখো।
উন্মাদসকলৰ কথা নেজানো।
সপোনৰো আছে নিজস্ব আকাৰ,
ওখ-চাপৰ, বহল-শীৰ্ণ, ধেনুভিৰীয়া-সৰ্পিল
কেতেকী ফুলৰ দৰে সুগন্ধি বা ওলমুকুতাৰ দৰে দুৰ্গন্ধময়
জুৰিৰ দৰে জিৰজিৰকৈ বোৱা বা চুনামিৰ দৰে বিধ্বংসী গতিৰ।
বাগিছাৰ ফুলজোপাৰ দৰে সপোনেও দাবী কৰে
প্ৰেমৰ পানী, বিশ্বাসৰ সাৰ আৰু মমতাময় আপদাল।
গুহাবাসী নহয় মই, নহয় আত্মনিগ্ৰহী সন্ন্যাসী।
পদাতিকসকলৰ দুৰ্বল সহযাত্ৰী মই।
সমদলে এৰি থৈ গ’ল মোক,
নেজানো তেওঁলোক বাটেৰে নে আওবাটে গ’ল!
সপোন পোৰা মৰিশালীৰ ভগ্নদূত মই।

[ ৭৮ ]

তিনি/


যুদ্ধবিধ্বস্ত জনপদৰ বন্ধুৰ পথেৰে মই অহা-যোৱা কৰো।
ঘৰবোৰ মলিয়ন, পদূলিৰ তোৰণৰ মাধৈ মালতী জোপা,
ডুখৰীয়া বাগিছা
আৰু পিৰালিৰ তগৰ, খৰিকাজাঁই, গধূলিগোপাল কিজোপা
শিলীভূত হ’ল কেতিয়াবাই।
অযত্নপালিত কোঠাৰ মজিয়াত শিলকপৌ এজনীয়ে
স্মৃতিবোৰ খুঁটি খুঁটি খায়।
লেহেমখুজীয়া মইটোৰ পাছে পাছে আহি থাকে এখন আকাশ,
ভঙা কাঠ বাদাম এটুকুৰাৰ দৰে জোনটো ওলমি থাকে তাত।
বুঢ়া পাহাৰটোৰ গাৰ কুঁৱলীৰ বৰ কাপোৰখন আঁতৰ হ’লেই হয়তো
টিঙলৈ যোৱা বাটটো ওলাব—দাঁতিত হালি-জালি থকা বন তুলসীৰ
সুগন্ধই তেতিয়া চাগে মোক আৰু মোৰ সপোনক আকৌ জীয়াব।

[ ৭৯ ]
 

হে বসুন্ধৰা




এক/

সোণাৰুৰ সোণ হালধীয়াই থিতাপি লয় আঘোণ-পুহৰ
সৰিয়হনীৰ বুকুত। হিমসনা বতাহে নাচি-নচুৱাই আকাশমুখী
ফুলৰ বন কৰা চাদৰখন। মৌ-মাখি, ভোমাৰা আৰু সৰু সৰু
নানা পতঙ্গই গুণগুণনিৰ মেল পাতে। নানা বৰ্ণশোভাৰে
পখিলাবোৰে শূন্যত কোমল কঁপনি তুলি অনায়াস বিচৰণ কৰে,
দীঘল ঠোঁটৰ কণমানি মৌপিয়াই জঁপিয়াই জঁপিয়াই পিয়ুষ পান
কৰাৰ আনন্দত কলধ্বনি তোলে, পূৱালী বতাহে বোকোচাত বৈ
আনে মলমলীয়া গোন্ধৰ সৈতে পতঙ্গ আৰু চৰাইৰ সুমধুৰ মৃদু
সঙ্গীত। হৃদয়বোৰ কাণ আৰু নাকলৈকে হয় প্ৰসাৰিত, প্ৰেমিক
মানুহবোৰ আৱেগত মতলীয়া হয়—শব্দৰ ৰঙত বন্দী হয় কত
গান, কত কবিতা, কত বিনন্দীয়া ছবি, কত আশাভৰা কথা।


দুই/

পৃথিৱীৰ মহাপ্ৰাণ সূৰ্যই দোকমোকালিতে জীৱ-জঙ্গমক অভয়
মুদ্ৰাৰে দান কৰে আশাৰ সঁফুৰা, আকাশৰ পূৱ সীমান্তত ওমলি
ফুৰা চপল মেঘৰ খণ্ডবোৰে পিন্ধি লয় অপৰূপ ৰহণীয়া প্ৰেমৰ
পোছাক, মুখ ওন্দোলাই থকা প্ৰকৃতি পখীৰ বন্দনাত প্ৰেমেৰে

[ ৮০ ]

ৰঞ্জিতা হয়। নৈবোৰে দীঘলকৈ নিশ্বাস এৰে। দিনৰ সমস্ত গ্লানি
হেঙুলীয়া বুৰুজেৰে মোহাৰি চকা পাটত বহিব খুজিলে
ছোৱালীবোৰ অপৰূপা হয়, সিহঁতৰ চকুৰ তৰাত নাচে
দেও দৰিকণা।

তিনি/

জোনটো গলি গলি বায়ৱীয় গাখীৰেৰে ধৰিত্ৰীক গা ধোঁৱালে
জিলিয়ে নোৱনী নাম জোৰে, জোনাকীবোৰে জাৰণিত প্ৰিয়জনৰ
লগত খেলত হৰাৰ আনন্দত চকু টিপিয়াই হাঁহে। নৈৰ চেঙেলীয়া
গড়াত বিহুগীত এফাকিয়ে খোপনি ধৰিবলৈ আপ্ৰাণ চেষ্টা
কৰোতে ভেলেঙী মাছবোৰ থৰ লাগে, বিপদৰ উমান পাই সুগৰী
পহুজনী ভিৰাই লৰ মাৰে। বন-বিৰিখে শীতলাই থোৱা ধূলিয়ৰী
বাটত কামছায়া গচকি উচপ খাই উঠে বাঁহীৰ সুৰ এটি।

চাৰি/

অফুৰন্ত সম্ভাৱনাৰ সম্ভাৰেৰে পথাৰে মেলি দিলে বুকু, সপোনৰ
গুটি সিঁচে মানুহে, ঘামৰ সাৰ, মঙহৰ পলস আৰু অশ্ৰু হাঁহিৰ
লুণীয়া জলেৰে মাটি হয় ৰসাল। মাটি ফুটি আশাৰ গজালি ওলায়,
লহ্প‌হ্কৈ‌ বাঢ়ে, এদিন বুকুখনত দুটা পদুমকলি ফুটি আঁৰ কাপোৰ
এখন এখনকৈ আঁতৰাই মিঠা ৰহস্যৰ সাঁথৰ ভাঙে।

পাঁচ/

মাটিৰ গোন্ধে উতলা কৰা মানুহবোৰৰ গাৰ ছাল ৰ’দে ডাকে,
সৃষ্টিত অবিৰাম ব্যস্ত হাতৰ তলুৱাবোৰ খহটা হয়, জোকে
কেতিয়াবা কৰঙণত কলা তুলসীৰ পাত আঁকে— সৌন্দৰ্য
প্ৰতিযোগিতাৰ বাবে সেইজাক ডেকা-গাভৰু কেতিয়াও বাচনিত
নুঠে, সপোনৰ ভাৰ বৈ বৈ সিহঁতৰ যে শৰীৰ ক’লা পৰিল!
তাৰকাৰ সপোন সিহঁতে নেদেখে দেখে ধৰাৰ ফুলৰ-ৰঙৰ ছবিৰ।

[ ৮১ ]

বহু হেজাৰ বছৰীয়া কঠিন শ্ৰম আৰু অপুষ্টিয়ে সিহঁতৰ শৰীৰত
আভজা আকৃতি আৰোপ কৰে। পথাৰত শস্য উৎপাদন কৰে
সিহঁতে কাৰখানাত সঁজুলি নিৰ্মাণ কৰে সিহঁতে, বিপণনৰ ভাৰ বয়
সিহঁতে, ৰাষ্ট্ৰ নিৰ্মাতা সিহঁত, সংস্কৃতিৰ স্ৰষ্টা সিহত আৰু
অৱহেলিতও সিহঁত জাক। কঠিন ভূমিত ভৰি গুজি নষ্ট ৰাষ্ট্ৰৰ
সৌধ নিকপ্‌কপীয়াকৈ ৰখা খুঁটাবোৰ আন্দোলিত কৰিব পৰা
ভূইকঁপটো নাহিল এতিয়াও! আপামৰ মানুহ বন্ধ জলাশয়ৰ
লেখীয়া হ’ল– মাজে মাজে বোকা-পানীৰ পৰা আঁতৰত
অৱস্থান কৰা উচ্চশিক্ষিত কোনো শ্ৰমিক-কৃষকে দলি একোটা
নিক্ষেপ কৰে নিস্তৰঙ্গ জলাশয়লৈ— মিহি ঢৌ তুলি পাৰত ঠেকা
খোৱাৰ আগতেই শেষ হয় তাৰ নিস্তেজ তেজ!

ছয়/

প্ৰকৃতি সন্তান মানুহবোৰ হাৰিও নেহাৰে, মৰিও নমৰে। পথাৰে-
পাকঘৰে, নৈয়ে-নিজৰাই, জোন-বেলিয়ে, মায়া-মমতাই, অশ্ৰু-
ঘামে সিহঁতক উজ্জীৱিত কৰে পুনৰাই—নিৰ্মিত হয় আশা-
মমতা, প্ৰেম-ভাতৃত্ব আৰু প্ৰাণৰ কৃষ্টি। তেওঁলোকৰ চকুৰ তৰাৰ
পোহৰে বাট উজ্বলাই মোৰো— হে বসুন্ধৰাৰ আপোন মানুহ, মই
তোমালোকৰেই সহযাত্ৰী।

[ ৮২ ]
 

আত্মকথা।



এক/

উভতি আহিম বুলি ডাঠি কোৱা ডেকাটো উভতি নাহে। তোমাক
নেপালে চিপজৰী ল’ম বুলি কোৱা গাভৰুজনীয়ে পাকঘৰৰ জুইৰ
শিখাৰ কঁপনি দেখি হুমুনিয়াহ চাৰে। স্মৃতি বিভ্ৰম হোৱা বৃদ্ধজনে
হাড়ত বনগজা মোমায়েকক বাৰে বাৰে বিচাৰি যায়। জুইৰ বৰ্তনী
এটাৰ মাজেৰে কিশোৰী এজনী বেণী জোকাৰি খোজকাঢ়ে।
আৰ্চিখনত জুমি জুমি চায়ো মই মোক মণিব নোৱাৰো।


দুই/

সাগৰ তলিৰ বাসিন্দা মই, কেতিয়াবা সাঁতোৰো, কেতিয়াবা
খোজকাঢ়ো, নোৱাৰিলে আঁঠুকাঢ়ি বগুৱা বাও, পানীতলৰ গছত
খুন্দা খালে ছাল ছিঙে, শেলুৱৈত ভৰি দি ছিটিকি পৰো। এনেদৰেই
জীও জীৱন, নিবাত বায়ু সাগৰত।


তিনি/

বৰ সাহ-পিত থকা মানুহ নহয় মই, যুঁজৰ কথা শুনিলেই হাত-ভৰি
কঁপে। তথাপিও সৰুতে লগৰীয়াৰ সৈতে জহামাল চিকাৰলৈ
গৈছিলো, লগত দুটামান ঘ্ৰাণ উৎকৰ্ণ ভতুৱা। তেনেতে মগলা

[ ৮৩ ]

মেচেকা এটাই দাঁত নিকটাই খেদি আহিল, বিতত হৈ দীঘলনলীয়া
দা-খনেৰে দিলো এটা ঘা, তেজৰ একা-বেঁকা পটি আঁকি উভতি
চেকুৰিলে সি। মোৰ ভিতৰৰ ক’ৰবাত এতিয়াও লাগি আছে সেই
তেজৰ চেঁকুৰা; জোপোহাৰ আঁৰত ডিঙি মোহাৰি মৰা দুদঁতীয়া
খাহীটোৰ ধৰ্‌ফৰণিৰে প্ৰায়ে টোপনিৰ পৰা সাৰ পাওঁ মই।

চাৰি/

খোজকাঢ়ো মই কুঁৱলীৰ বাটেৰে, বতাহৰ ঢৌ লাগি খহি পৰে
থোপা-থুপি সোঁৱৰণি। জেঠৰ খৰত জ্বলে কজলা এজাৰ,
বাসুদেৱ বিবৰে গিলি থয় পোহৰ আৰু উত্তাপ, চিতাৰ দগ্‌মগ্‌
আঙঠা খুঁচৰি পাঠ কৰো অতীত আৰু বৰ্তমানৰ মদৰুৱা
পাণ্ডুলিপি।

পাঁচ/

টুমনিৰ হালধীয়াত সখিয়তীজনী সাঁতুৰিলে জৰ্‌জৰকৈ বিষাদৰ
পাপৰি সৰে, কুৰুৱাই উৰুৱাইনি সিহঁতক সোঁতত থাপিলে
শিশুবোৰে উচুপি উচুপি আকৌ বালিঘৰ সাজে। কেতিয়াবা
উভতি বোৱা নৈৰ দৰে ওভতাব পৰা হ’লে কাল, অক্ষৌহিণী
বিধৱাৰ বিলাপত আকাশ ফাটি চিৰাচিৰ হ’লহেঁতেন, চাপৰি বায়
নাচিলেহেঁতেন কুটিল স্বাধীনতা যখিনী।
মাছাং লালুং মাছাং লালুং নলগাবি ঐ নগৰত জগৰ, পোতাশালত
পুতিব সিহঁতে দুকুৰি চৈধ্যটা বসন্তৰ তেজ!

ছয়/

কাৰাগাৰে কাৰাগাৰে বোকালগা ভৰিৰ সাঁচ, তেজলগা আৰ্তনাদৰ
সাঁচ, বধ্যভূমিৰ আকাশ দোঁ খায় শতপুত্ৰৰ অপুতকা জননীৰ
বুকুভগা বিলাপত। কাঁইটীয়া মুকুটেৰে
তথাপিও অভিষেক তোৰ— অমৃতস্য পুত্ৰাঃ!

[ ৮৪ ]
 

এবাৰাণ্ডা পৃথিৱী


মোৰ এধানমান বাৰাণ্ডাৰ পৰা প্ৰকৃতিৰ বিস্ময়কৰ খণ্ডিত ৰূপ
লক্ষ্য কৰো। ভেটিটো সাধাৰণকৈ ওখ। মনৰ ভেটি ওখ
নোহোৱাৰ বাবেই ঘৰৰ ভেটি ওখ কৰিলো, অন্ততঃ কিছু বেছি
দূৰলৈকে দেখিম। বেলি ওলোৱা, কেইটামান দিন জোন
ওলোৱা ভালদৰে দেখি। কেতিয়াবা লীলাময় নীলা আকাশত
কপাহৰ দ’ম একোটাত বিচিত্ৰ ৰঙৰ অদৃশ্য তুলিকাৰে অঁকা ছবি
দেখো। মেঘৰ অবয়ৱ সঘনে সলনি হয়,
নানা আকৃতিৰ ৰূপ লয়।
সজাল ধৰা ধানৰ শোভাই মনলৈ উদ্দীপনা আনে, চকুৰে
দেখালৈকে সেউজ, মাথোঁ সেউজ। কিযে বৈচিত্ৰ্যময় সেউজ,
এজোপা গছৰ সেউজীয়া সিজোপাৰ লগত নিমিলে।
একোজোপাৰে পূৰঠ সেউজীয়া পাতৰ ৰং কুঁহিপাতৰ লগত
নিমিলে। পকা পাতৰ পতনৰ কি যে ছন্দময় নৃত্য!
মূৰ দাঙি দাঙি চোৱা নেউলৰ পৰিয়ালটো আৰু গুঁইটো খাদ্যৰ
সন্ধানত ওলালেই ক’ৰ পৰানো শালিকাৰ জাকটো আহি গালিৰে
থকা-সৰকা কৰি সিহঁতক পলাবলৈ বাধ্য কৰে। হালধীয়া পাখিৰ
সখিয়তীকিজনীৰ, দহিকটৰাকেইটাৰ সুৰীয়া গান, কণমানি দেহৰ
টুনী, মৌপিয়াহঁতৰ কি যে প্ৰাণচাঞ্চল্য, দেহ সুষমাৰে ভেমাল
ডাউকবোৰৰ লয়লাস আৰু গীতৰ ঐক্যতান, কপৌৰ ভীৰু

[ ৮৫ ]

বিচৰণ, কেতিয়াবা বলুকাত বিজুলীৰ দৰে ওলোৱা শিলকপৌৰ
অভিজাত বৰ্ণশোভা, ঘনচিৰিকা, টোকোৰা, বটা, কাণকুৰিকা,
হেতুলুক, বাঢ়ৈটোকা, ভাটৌ আৰু মই নাম নজনা বিবিধ চৰাইৰ
কলৰৱ আৰু চপল বিচৰণ বৈভৱেৰে
চহকী মোৰ বাৰাণ্ডাৰ পৃথিৱী।
মানুহৰ প্ৰৱাহিত বংশধৰ মই, মাটিত ভৰি থৈ বিস্ময়েৰে লক্ষ্য
কৰো ৰমণৰত বৰ্ণিল পখিলাৰ যুগ্ম উৰণ, ভোমোৰা আৰু মৌ-
মাখিৰ গুঞ্জনত শুনো জীৱনৰ প্ৰশস্তি সঙ্গীত। কণমানি বাৰাণ্ডা,
তোমাৰ প্ৰেমেৰে মই জীৱনৰ পাঠ গ্ৰহণ কৰো।

[ ৮৬ ]
 

অহৈতুকী


কুহুমবুলীয়া গোল জোনটো অকণমান সময়ৰ বাবে নুমুৱাই
দিয়াচোন, আমি সকলোৱে ক্লেশ আৰু ক্লেদৰ পোছাকবোৰ খুলি
থৈ নাঙঠ শিশুবোৰৰ দৰে নতুনকৈ দেখা আৰু শুনাৰ আনন্দত
কিৰীলি পাৰো। ক্ষন্তেক পাছত বিভাৱৰীৰ বিষণ্ণতাত বিভোৰ হৈ
উচুপি উচুপি কান্দিম আমি। কাৰ কিমান চকুলো বব আমি
উমানেই নাপাম! এই বিদায় বেলাত কান্দি কান্দি তুমি চাদ্দামৰ
কথা থকা কবিতাটো মাতিবা, মই হীৰুদাৰ কবিতা গাম, ইয়াতেই...
ইয়াতেই বান্ধিছিলা... আস্, মই দেখোন জীৱনত হেজাৰ বাৰ গোৱা
সেই কবিতাটো আজি মনত পেলাব পৰা নাই!
বিদায় সভাত সেই কবিতাটো গাই মই স্বপ্নভঙ্গ আৰু ক্লীবত্ব
অতিক্ৰম কৰিব পৰা আবেগ সিঁচি দিব পৰাকৈ বহুদিনৰ পৰাই
অনুশীলন কৰিছিলো মোহন। আজি ফটিকাওতো খোৱা নাই ৰাগি
লাগিবলৈ, তেন্তে কিয় এই বিস্মৰণ! শুকাই গ’ল নেকি আমাৰ
কলিজাৰ উঁহঙ্গ মোৰ গানবোৰ ভাঙি তুমি যে নতুন ৰূপ দি গীতৰ
সভাবোৰত গাই শ্ৰোতাৰ প্ৰশংসা পোৱাৰ কথা কোৱা, তেতিয়া
তোমাৰ মঙ্গোলীয় চকুযোৰ তিৰ্‌বিৰাই উঠে, তোমাৰ চকুৰ তৰা
দুটাত মই তেতিয়া অপ্ৰতিৰোধ্য চেষ্টাৰ ফৰৱাৰ্ড ফুটবল
খেলুৱৈজনক বিচাৰি ফুৰো। তোমাৰ কাৰণে মই নতুন গান এটা
লিখিছো মোহন, আহিবাচোন, তুমি গাবা মই মেজখনতে তাল
ৰাখিবলৈ চেষ্টা কৰিম। আহিবা দেই।

[ ৮৭ ]
 

ভালে আছানে মামণি

তোমাৰ উপাধি মই নেজানো, বিয়াৰ পাছত ছোৱালীবোৰৰ
উপাধি সলনি হয়তো, পিছে তোমাৰ আগৰটোবা কি আছিল
তাকে দেখোঁ‌ নেজানো। মামণি নামটো তোমাৰ পোছাকী নাম
নে ডাকনাম সেই কথাও জনা নহ’ল, সোঁৱৰণিৰ জখলাৰে
ভটিয়াই গ'লে মাথো তোমাৰ কোনোবা লগৰীয়াই মামণি বুলি
মতা যেন শুনো। যি কি নহওক, তোমাক মামণি বুলিয়েই
মাতো দিয়া। হয়তো এতিয়া তুমি কোনো মহাবিদ্যালয়ৰ গহীন
মেদাম, হয়তো কোনো উচ্চতৰ মাধ্যমিকৰ মোটা ফ্ৰেমৰ চচমা
পিন্ধা কাঢ়া অধ্যক্ষা নহ'লেবা কোনো চৰকাৰী বিভাগৰ উচ্চপদস্থ
বিষয়া নহ'লেবা এখন ভৰাঘৰৰ তৃপ্তা গৃহকৰ্তী। এতিয়া যিয়েই
নোহোৱা তুমি, তোমাক মামণি নামেৰে মতা মানুহৰ সংখ্যাই
নিশ্চয় এককৰ ঘৰ অতিক্ৰম নকৰে। অ’ তোমাৰ ছোৱালীৰ
বিয়া হ’ল নিশ্চয়, ল’ৰালৈকো বিয়া পাতিলা চাগৈ। মধুমেহ,
উচ্চ ৰক্তচাপ বা আঁঠু-কঁকালৰ বিষ নাই তোমাৰ নিশ্চয়। চচমা
বছৰে বছৰে সলোৱা নে, চুলিত কলপ... নাঃ ছোৱালী মানুহক
বয়সৰ কথা সোধাটো অভদ্ৰামি বোলে।
আজি কি হ’ল জানা, ৰাতিপুৱা মই সোনকালেই উঠো, অলপ
খোজকাঢ়ো, এইকেইদিন যে ইমান ঠাণ্ডা, ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চে
কঢ়িয়াই আনিছে ডাঠ কুঁৱলী আৰু তীব্ৰ শীত। এই শীততে কঁপি
কঁপি কোনো ৰাজনৈতিক দলৰ অত্যুৎসাহীয়ে বিজুলীৰ খুটা

[ ৮৮ ]

আৰু পথৰ দাঁতিৰ গছবোৰত বগা ৰঙেৰে লেখিছে শ্লোগান
আৰু আঁকি দিছে দলীয় প্ৰতীক চিহ্ন। এটা বিজুলী খুটাত
দেখিলো অভয় মুদ্ৰাৰে অঙ্কিত এখন কটা হাত। হঠাতে
তোমালৈ মোৰ মনত পৰিল আৰু চিঠি এখন লেখিবৰ মন
গ'ল। পটভূমিটো তোমাক কৈ ল'লো— হা। হাফচেঞ্চুৰীটো
কৰাৰ পাছত মই কেইটামান সতৰ্ক ৰাণ সংগ্ৰহ কৰিছো
ইতিমধ্যে। দবা খেল আজিকালি নেখেলো মই; বহাগৰ শীৰ্ণ নৈ
মই ভালপাওঁ এতিয়া, আস্তাবলত বান্ধি থোৱা ঘোঁৰাবোৰ
বন্ধাতেই ৰ'ল। এঃ বেকাঁ-বেকী কথাবোৰ ভাল নেলাগিবও
পাৰে তোমাৰ, বাদ দিয়া সেইবোৰ। কেমিষ্ট্ৰিৰ প্ৰেক্‌টিকেলত
তুমি আৰু মই একেটা গ্ৰুপতে আছিলো, গ্ৰুপটো মোৰ এতিয়াও
মনত আছে, ‘ই’– গ্ৰুপ। এদিন একেলগে টাইট্ৰেচন কৰি
থাকোতে মোৰ কেটেঙা হাতটো তোমাৰ হাতৰ মণিবন্ধৰ পৰা
কিলাকুটিৰ মাজৰ কোনোবা এঠাইত লাগিছিল। কঁহুৱা ফুলৰ
দৰে কোমল স্পৰ্শত মই উচপ খাই উঠিছিলো। তেতিয়ালৈকে
মোৰ কোনো বান্ধবী নাছিল (এতিয়াও নাই)। মোৰ মাহী, পেহী
আৰু সম্বন্ধীয় বাইদেউবোৰৰ মৰমিয়াল হাতবোৰ বৰ খহটা
আছিল; খাটি খোৱা হাততো, সেয়ে তোমাৰ হাতৰ কোমল
স্পৰ্শটোৱে মোক কেইবাদিনো আচ্ছন্ন কৰি ৰাখিছিল। তোমাৰ
হাতখনত মুগা বৰণীয়া চুটি নোম কিছুমান আছিল, ছালখনৰ ৰং
আছিল কোমল কলপাতৰ দৰে। কি যে দিন আছিল সেইবোৰ,
এটা বাক্যৰো বিনিময় নোহোৱাকৈয়ে আমি আমাৰ প্ৰেক্‌টিকেল
শেষ কৰিছিলো! জানা মামণি, আজি ৰাতিপুৱাৰ কটা হাতখনৰ
ছবিয়ে তোমাৰ হাত আৰু কোমল স্পৰ্শৰ কথা মনত পেলাই
দিলে। বয়সৰ থিয় গৰাত ৰৈ আমি নিশ্চয় কিছু কথা ৰোমন্থন
কৰিব পাৰো, স্মৃতি কাতৰতাত ক্ষন্তেকৰ বাবে বিহ্বল হ’ব পাৰো
এতিয়া। চিঠিৰে কথাবোৰ তোমাক জনাবলৈ বৰ মন গৈছে,
কিন্তু মইতো তোমাৰ ঠিকনা নেজানো, কলেজত পঢ়ি
থাকোতেও জনা নাছিলো। তুমি য’তে আছা
ভালে থাকা মামণি, ভালে থাকা।

[ ৮৯ ]
 

নিসৰ্গ নিৰ্যাতন


মানুহ নিসৰ্গৰ সৰ্বশ্ৰেষ্ঠ সন্তান; আকৌ মানুহেই মাতৃৰ লুণ্ঠনকাৰী,
যি দস্যুৰ দৰে বুকু বিদাৰি আহৰণ কৰে ৰক্ত-মজ্জা-হিমজু।
ধৰাতলৰ সম্পদেৰে মন নভৰে মানুহৰ, হাজাৰ হাজাৰ বছৰৰ
কৃচ্ছ সাধনাৰে গৰ্ভত গুপুতে তৈয়াৰ কৰা মণি-মুকুতা যন্ত্ৰৰ দ্বাৰা
আহৰণ কৰি চহকী হৈ দপ্দ‌পাই ফুৰি ধৰা আৰু নিজকো মানুহে
মৃত্যুৰ শীতল সুৰঙ্গৰ আগতীয়া যাত্ৰী কৰে। আমাৰ গ্ৰহটো জানো
অমৰ? ওহোঁ, মহাবিশ্বৰ আনবোৰৰ দৰে ইও মৃত্যুমুখী। নিজৰ
মূৰ্খামিৰে বিলম্বিত মৃত্যুক মানুহে ত্বৰান্বিত কৰিছে। তেল-শলিতা
প্ৰয়োজনমতে থকা জ্বলন্ত বন্তিও বতাহত নুমুৱাৰ দৰে এই
বিনন্দীয়া গ্ৰহটো আৰু জীৱকূলৰ আগতীয়া বিনাশ স্ব-আহ্বায়িত।
তথাকথিত প্ৰগতিৰ উন্মাদনাত অন্ধ মানুহ।
আমাৰ শৈশৱকাললৈকে বহু গাঁৱলীয়া মানুহে স্বত-প্ৰণোদিতভাৱে
পথৰ দাঁতিত গছ ৰুইছিল। ফলদায়ী হলে মানুহে খাব, নহ’লে
চৰাই-চিৰিকতিয়ে খাব এই ভাবি। গছৰ শীতল ছায়াত বাটৰুৱা
জিৰাব, নিসৰ্গৰ শোভা বঢ়াব। এতিয়া গছ কটাৰ অঘোষিত নিৰ্মম
প্ৰতিযোগিতা। ভোগবাদী মানুহৰ ইমান ঘেৰৰ ইমান দৈৰ্ঘৰ কুণ্ডা
এটাত কিমান ঘনমিটাৰ কাঠ ওলাব, কিমান কুইণ্টল খৰি হ’ব
তাৰ হিচাপ। গছে নিশাহত এৰা অক্সিজেনে কিমান প্ৰদূষিত বায়ু
শোধন কৰি জীৱকূলৰ কল্যাণ সাধে তাৰ খতিয়ান কিমানে

[ ৯০ ]

ৰাখে? গছবোেৰ দধিচী। মৃত্যুৰ পাছতো বা নিহত হোৱাৰ শেষতো
মানুহৰ কল্যাণ সাধে নিৰন্তৰ। জন্তু শ্ৰেষ্ঠ নিৰ্বোধ মানুহে খাদ্যৰ
কণিকা এটাও নিজে তৈয়াৰ কৰিব নোৱাৰে অথচ আহাৰ
যোগনীয়াৰ উদ্ভিদক আততায়ীৰ দৰে ব্যৱহাৰ কৰে।
প্ৰিয় পাঠক, ওপৰৰ কথাখিনি পঢ়ি হয়তো আপোনাৰ মনত কলম
ধৰা মানুহটো প্ৰগতিবিৰোধী বুলি ধাৰণা হ’ব পাৰে। কিন্তু যি
প্ৰগতিয়ে ধ্বংস আহ্বান কৰে সেই প্ৰগতি কাম্য জানো?
আমিয়েই জানো হ’মো চেপিয়েনৰ শেষ পিৰী? কোনো
মহাজাগতিক দুৰ্যোগত পৃথিৱী ধ্বংস নহ’লে বা আণৱিক
আক্ৰমণ-প্ৰত্যক্ৰমণেৰে আমি নিজক নাশ নকৰিলে হয়তো
পৃথিৱীৰ প্ৰাণসূৰ্য ৰঙা দৈত্য হোৱাৰ আগলৈকে ই জীয়াই থাকিব,
লগতে মানুহ আৰু পৃথিৱীৰ প্ৰৱাহিত সন্তানবোৰ। আমাৰ নাতি-
পুতিলৈ একো নৰখাকৈ আমিয়েই সকলো ভোগ কৰি যোৱাটো
উচিত হ’ব জানো? নিৰ্যাতিতসকলে এসময়ত বিদ্ৰোহ কৰে,
বিদ্ৰোহৰ পৰা বিপ্লৱ হয়, বিপ্লৱে গাঁথনিটোকে সলাই পেলায়।
গছ-গছনি, জীৱ-জন্তুবোৰে মানুহৰ দৰে কথা কব নোৱাৰিলেও,
সংগঠিত হ’ব নোৱাৰিলেও আত্মহননেৰে
‘অঘটন ঘটন’ ঘটাব পাৰে। সাৱধান।

[ ৯১ ]
 

খণ্ডচিত্ৰ ⵓ ১
কুৰুক্ষেত্ৰ

 
পাৰ্থ  অসম্ভৱ বাসুদেৱ, অসম্ভৱ। মোৰ বাবে এই সময়ত অৱতীৰ্ণ হোৱাটো অসম্ভৱঙ্গ আমাৰ বিপৰীত দিশে নিজ জ্যোতিৰে চিৰজ্যোতিষ্মান সৌৱা পিতামহ, সৰ্বকালৰ মহান গুৰু দ্ৰোণাচাৰ্য, অসংখ্য সেনানীৰে পৰিবেষ্টিত সৌৱা অভিমানী জ্যেষ্ঠজন দুৰ্যোধন আৰু মোৰ স্নেহৰ ভাতৃগণ তথা আত্মীয়সকল, এই সকলৰ তপ্ত শোণিতেৰে মই বসুমতী কলুষিত কৰিব নোৱাৰো। নেলাগে আমাক ৰাজ্য, নেলাগে মহাভাৰতৰ অতুল বৈভৱ।
 
বাসুদেৱ  ভুল, প্ৰিয় সখা তুমি ভুলকৈ ভাবিছা, ক্ষত্ৰিয়ৰ ধৰ্মৰ কথা তুমি পাহৰি গৈছা। ৰাজসভাত হোৱা কৃষ্ণাৰ লাঞ্ছনাৰ কথা তুমি পাহৰি গৈছা, অৰ্ধৰাজ্যৰ পৰা গৈ মাথো পাঁচখন গাঁৱৰ অধিকাৰৰ দাবীকো কূটবাক্যৰে অস্বীকাৰ কৰি তোমালোকক জতুগৃহত জীৱন্তে পুৰি মৰাৰ ষড়যন্ত্ৰৰ কথা তুমি পাহৰি গৈছা।
 
পাৰ্থ  হয় বাসুদেৱ, প্ৰিয়তমা পাঞ্চালীৰ লাঞ্ছনাই মোৰ তেজত এতিয়াও জুই জ্বলায়। অন্যায় আৰু ষড়যন্ত্ৰৰ কথা মনত পৰিলে মোৰ বিশাল বাহুদ্বয় প্ৰতিশোধৰ স্পৃহাত স্বয়ংক্ৰিয়ভাৱে উত্থিত হয় কিন্তু ন্যায়-শাস্ত্ৰৰ বাণী মনত পৰিলে দ্বিধাত ভোগো, অপ্ৰাণৰ বিনিময়ত প্ৰাণ লোৱাটো নীতি বুলি মানিব নোৱাৰো।
 
বাসুদেৱ  প্ৰিয়তম, তুমি ন্যায় শাস্ত্ৰৰ কথা ক’লা কিন্তু মৎস্য ন্যায় বুলিও এক নীতি আছে বুলি পাহৰিলা নেকি? নিয়তিক এই জীৱলোকৰ কোনেও

[ ৯২ ] খণ্ডাব নোৱাৰে। যি সকলৰ বাবে তোমাৰ অন্তৰত শোক উথলি উঠিছে তেওঁলোকক দেখো মই ইতিমধ্যেই মাৰি থৈছো, তুমি কেৱল নিমিত্তহে মাত্ৰ। লোৱা পাৰ্থ, গাণ্ডীৱ তুলি লোৱা আৰু নিৰ্বিচাৰে শত্ৰু সংহাৰ কৰি যোৱা, জয় তোমাৰ সুনিশ্চিত।


প্ৰতিচিত্ৰঃ ১
ৰেষ্টোৰাঁ

 
মধ্যবৰ্ষী ব্যৱসায়ী ⵓ কি হে ডেকাহঁত, ভালে আছা নিশ্চয়, বহুদিন লগেই পোৱা নাই। আহা, একেলগে চাহ একোপিয়লা খাওঁ।
 
ডেকাদ্বয়  (বহে) ভালে আছেনে দাদা, ব্যৱসায় কেনে চলিছে?
 
মধ্যবৰ্ষী ব্যৱসায়ীঃ এই চলি আছো আৰু কোনোমতে। জানাইতো এই তুমুল প্ৰতিযোগিতাৰ যুগত আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ নাকনি-কাণনিৰ অন্ত নাই। বহু কষ্টৰে মূৰটো থিয়কৈ ৰাখি পেটে-ভাতে খাই থকাৰ দৰে আছো আৰু। অই ল’ৰা, তিনি পিয়লা চাহ আৰু তিনিটা গৰম চিঙৰা দে।
 
ডেকাদ্বয়  (চাহ-চিঙৰা খাই খাই) দাদা, কিছুদিনৰ আগতে আমাৰ ফালৰ পৰা আপোনালৈ চিঠিৰে প্ৰস্তাৱ এটা প্ৰেৰণ কৰা হৈছিল, আপুনি দেখোন ইতিবাচক সঁহাৰি নিদিলে।
 
মধ্যবৰ্ষী ব্যৱসায়ী ⵓ ভাইটিহঁত, পত্ৰবাহকক মোৰ অৱস্থাটোৰ কথা বিতংকৈয়ে কৈছিলো, তেওঁ যথাস্থানত কথাখিনি নক’লেগৈ নেকি! বৃদ্ধ আই-বোপাইৰ চিকিৎসা, নিবনুৱা ভাইহঁতৰ জীৱিকাৰ সমস্যা আৰু নিজৰ সৰু পৰিয়ালটোৰ ঠেলা গাড়ীখন চলাওঁতেই মোৰ দৰে পোৱালি বেপাৰীৰ পানীত হাঁহ নচৰা অৱস্থা। [ ৯৩ ] তোমালোকৰ দাবী পূৰাব পৰাকৈ এই ভিকহুৰে ধন ঘটিবই পৰা নাইহে।
 
ডেকাদ্বয়  (মুঠিতে লুকুৱা মাৰণাস্ত্ৰ উলিয়াই) বেয়া নাপাব দাদা, নিয়তিয়ে জন্মতেই আপোনাৰ কপালত লেখা লিপি আমি পঢ়িব জানো, আমাক নোদোষিব, আমি নিমিত্তহে মাত্ৰ। চাহ খুওৱাৰ বাবে ধন্যবাদ, বিদায়। (গুৰুম্.. গুৰুম্‌)


প্ৰতিচিত্ৰঃ ২
ন্যায়ালয়।

 
অপৰাধী  মহামান্য ধৰ্মাৱতাৰ, আপোনাৰ শাস্তি মই নতশিৰে মানি লৈছো। মই অতি সাধাৰণ মানুহ কিন্তু মোৰ মনত ওপজা খোকোজা দুটামানৰ বিষয়ে ধৰ্মাৱতাৰৰ পৰা জানিব খুজিছো, বন্দীক অনুগ্ৰহ কৰিব চাগে।
 
বিচাৰক ⵓ •••
 
অপৰাধী  বাদী-বিবাদী আৰু সাক্ষীসকলে যিখন পৱিত্ৰ গীতাত ধৰি শপত খায় সেই গীতা শাস্ত্ৰখন মই মোৰ নিৰক্ষৰা আইতাৰ মুখেৰে কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধত প্ৰবৃত্ত কৰাবলৈ দিয়া বুজনি বুলি শুনিছিলো, কথাষাৰ সঁচা নেকি ধৰ্মাৱতাৰ?
 
বিচাৰক ⵓ •••
 
অপৰাধী  যিজনী নাবালিকাৰ বিৰুদ্ধে মই ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য অপৰাধ কৰিলো তাৰ বাবে মই লজ্জিত, অনুতপ্ত আৰু আত্মজাহ

দিবলৈকো প্ৰস্তুত। ধৰ্মাৱতাৰ, আপুনি মোৰ দৰে অপৰাধীক [ ৯৪ ] প্ৰাণদণ্ডৰ আদেশ দি সঠিক শাস্তিকে প্ৰদান কৰিছে। কিন্তু এই দেশৰ কোটি কোটি মানুহে বিশ্বাস কৰে আৰু বিশ্বাস কৰোওবা হয় যে মানুহৰ ললাটত জন্মলগ্নতে ভাগ্য লিপিবদ্ধ হৈ আহে। কোন কেনেকৈ জীয়াই থাকিব, কোন কেনেকৈ মৰিব সেই কথা জীৱৰ নিজৰ ওপৰত নিৰ্ভৰ নকৰে। মহামান্য আদালতক যদি মই এই বুলি যুক্তি প্ৰদৰ্শন কৰো যে সেই ছোৱালীজনীৰ ভাগ্যত মোৰ হাততে ধৰ্ষিতা হৈ মৃত্যু হ’বলগীয়া কথাটো নিয়তিয়ে আৰোপ কৰিছিল, মোক যন্ত্ৰ হিচাপে সেই কাম কৰোৱাইছিল, তেতিয়া ধৰ্মাৱতাৰে মই কুযুক্তি প্ৰদৰ্শন কৰিছো বুলি ক’ব নেকি? মোৰ মনৰ খোকোজা ধৰ্মাৱতাৰে মাৰিব বুলি এই মুহূৰ্তত আশা কৰিব পাৰো নিশ্চয়?

 
বিচাৰক  •••।
[ ৯৫ ]
 

কথকতা


মাঘৰ শেঁতা আবেলি এটাত বৰনৈৰ সিপাৰৰ ইমৰাণ আহিছিল, কথক ইমৰাণ। হাতত কথকতাৰ টোপোলা এটা। কুশল বাৰ্তা বিনিময়ৰ পাছত ধূলিয়ৰী বাটেৰে দুয়ো খোজকাঢ়ি গৈ পাঠশালৰ সহপাঠীৰ বিষগ্ন চোতালত খন্তেক বহিছিলো। তেওঁ ক’লে, অচিনাকি আলহী আনিলা বান্ধৈ, কিহৰেনো কৰো সোধ-পোছ! তপত পানী এটুপিৰতো কথাই নাই, তামোল এখন যাচিবলৈকো পাণৰ অভাৱ। যোৱাটো বানে অনা কাঠ-পিটে পথাৰ ছানি ধৰিলে, এতিয়া তাত খোজকে দিব নোৱাৰি, মচুৱা গোমে হিচ্হি‌চাই থাকে। গধূলিৰ পাতল আন্ধাৰৰ ডাৱৰ উৰিল আমাৰ চকুতো, মাতষাৰ দি তাৰপৰা ওলাই আহোতে কাণত পৰিল পৰিভ্ৰমী চৰাইৰ চঞ্চল কলতান, কাঠ-পিতনিৰ সিপাৰে বিলৰ পানীত হয়তো কৰিছে পৰস্পৰক আহ্বান। হালি থকা ঘৰবোৰ আৰু ওখ দূৰভাষ গম্বুজৰ মাজৰ বাটেৰে আহি বহিলো মোৰ চ’ৰা ঘৰত, ইমৰাণে জোলোঙাৰ পৰা এখন এখনকৈ উলিয়ালে হুদুমদেও, বাঁক, বীৰা আৰু যমডাকিনীৰ ঐন্দ্ৰজালিৰ দিঠকৰ পাঁচালী যেন সমকালৰ দ’ত বধিবলৈ ৰচা কৰতী পুথিৰ নতুন মন্ত্ৰৰ ৰণচালি! কথন-মথন আমাৰ বহু হ’ল, কুঁৱলীৰ বাটেৰে তেওঁক বিদায় জনালো। কথাই বাৰু ৰূপান্তৰ আনেনে, হয়তো আনে হয়তো...। কথকতাৰ বাহিৰে আমাৰতো আৰু একোৱেই নাই। [ ৯৬ ]

 

জীৱন


বিচিত্ৰ এই জীৱন! নিবিচৰাকৈয়ে বহুতে পায়, বিচৰাটো সৰহখিনিয়েই নেপায়, সপোন বুকুত বান্ধি জীৱনৰ অন্ত পেলায়। কাৰোবাৰ জীৱন ব্যক্তি-পৰিয়ালতে সীমাবদ্ধ, কাৰোবাৰ আকৌ সমাজ আৰু দেশৰ সীমা অতিক্ৰমি ভুৱন বিয়পা হয়। এই যে সীমাৰ কথা ক’লো সি লৌকিক সীমা নহয়; আত্মিক সীমাহে। অৱশ্যে আত্মিক ভাৱনাই লৌকিকতাক সমূলি নেওচিলে সি কল্পনা-বিলাসহে হ’ব। শিৰোনাম যদিও জীৱন, ইয়াত জীৱন নামৰ এজন মানুহৰ কথাহে ক’ব খুজিছো। চেঙেলীয়া কালৰে পৰা যৌৱন কাললৈকে জীৱন আছিল বিহুবলীয়া। হাত-পাকৈত জীৱনৰ হাতত ঢোলটোৱে প্ৰাণ পাইছিল, মুখেৰে নিগৰিছিল ডেকা-গাভৰুৰ গা–ৰাইজাই কৰা বিহুনাম। বিহু, বিয়া আৰু অন্য ৰং-তামাচাবোৰত সি আৰু তাৰ লগৰীয়াবোৰ অপৰিহাৰ্য আছিল। যৌৱন ধৰ্মৰ নিয়ম পালি সি মনে খোৱা এগৰাকী চপাই ল’লে আৰু ভূমিৰ ভাৰ বঢ়ালে কেইবাটাও সন্তানেৰে। লাহে লাহে সংসাৰ চলোৱা তাৰ বাবে টান হৈ আহিল। উপায় নেপাই খেতি-বাতিত মন নাইকিয়া জীৱনে হালত ধৰিলে। কিন্তু মনত মাটিৰ প্ৰতি মৰম নেথাকিলে আৰু কৃষি কৌশল নেজানিলে ভাল খেতিয়ক হ’ব নোৱাৰি। এডৰা-দুডৰাকৈ বাপেকৰ দিনৰ মৌ-বালিয়া মাটিবোৰ আনৰ হাতলৈ গ’ল। এনে দুৰ্যোগৰ দিনত সি নিজক পাহৰিবৰ বাবে মহাপুৰুষ দুজনাৰ কীৰ্তন আৰুনামঘোষাত মনোনিৱেশ কৰিলে। সমুদায় অৰ্থ নুবুজিলেও তাৰ সুৰীয়া কণ্ঠত ঘোষা-পদবোৰে প্ৰাণ পৰশিব পৰাকৈ পেখম ধৰা আৰম্ভ কৰিলে। লাহে লাহে ইগাঁও-সিগাঁও ৰজনজনাই গ’ল— [ ৯৭ ] জীৱন নামৰ বৰ বিহুৱাটো ভাল পাঠক হ’ল। ওচৰৰ চহকী গাঁওখনৰ পঢ়াশলীয়া বন্ধু জগতে আহি এদিন জীৱনক ক’লে জীৱন, তই ভাল পাঠেক বুলি গোটেইখনে জনা হ’ল, মোৰ ঘৰুৱা গোঁসাইঘৰত কিছুদিন কীৰ্তন পাঠ কৰিব লাগে, পাৰিবি নহয়? জীৱনে নোৱাৰো বোলাৰ কথাই নাই, সানন্দে সি সন্মত হ’ল। সাজ লগাৰ আগতেই সি গাটো তিয়াই ভকতীয়া সাজযোৰ পিন্ধি সভক্তিৰে নিজা কীৰ্তন আৰু নামঘোষা একত্ৰ পুথিখনৰ লগতে ঠগীখন জোলোঙা এটাত ভৰাই জগতৰ ঘৰ ওলায়গৈ। পাঠত মানুহৰ সমাগম লাহে লাহে বেছি হ’বলৈ ধৰিলে। দুই এজনে চালুকীয়া ব্যাখ্যাও কৰিবলৈ ধৰিলে। ইতিমধ্যে পথাৰৰ ধান পকিল। এদিন জগতে সকলোকে হাতযোৰকৈ ক’লে, প্ৰভুসকল, পৰহিলৈ এই অভাজনে নাম এভাগেৰে ইমানদিনীয়া পাঠৰ অন্ত পেলাব খুজিছো, অনুগ্ৰহ কৰি সকলোৱে চৰণৰ ধূলি দিবহিবুলি বাঞ্ছা কৰিলো। সাধু সাধু বুলি সকলো ঘৰা-ঘৰি গ’ল। নামৰ দিনা জীৱন কিছু আগতীয়াকৈ জগতৰ ঘৰত উপস্থিত হল। জগতহঁতৰ খেলৰ মেধি দেউৰীসকলে ইতিমধ্যে মাহ-প্ৰসাদ ধোৱা-পখালা আৰম্ভ কৰিছেই। সন্ধ্যাৰ পিছতে নিমন্ত্ৰিতসকল গোট খালে। নাম গোৱাৰ আগতে এক-দুই অধ্যায় পাঠ পঢ়াৰ নিয়ম। জীৱনে নিজা দায়িত্বৰ কথা ভাবি পুথিখনৰ লগতে ঠগীখন উলিয়াব খোজোতেই জগতৰ দৌৰি যোৱাদি গৈ তাক ক’লে, তই আজি নালাগে দে, আমাৰ খেলৰ পাঠেকেই পঢ়িব আজি। কথাটো বুজি নাপাই জগতৰ মুখলৈ যি ভেবা লাগি চাই থাকোতেই কোনোবা দুটামানে সশব্দ ফুচফচনিৰে কোৱা ঠহৰকৈ কাণত পৰিল, নীচ জাতৰটোক আগত লৈ আমি বৈকুণ্ঠৰ নাম ডাকিম নেকি? শিলপৰা কপৌৰ দৰে জীৱন থৰ লাগিল। নামঘৰৰ ডবা কাঁহ-শঙ্খইএকেলগে যেন তাৰ ভিতৰখনত গুম্গু‌মাই উঠিল, অস্ফুট কণ্ঠেৰে কাকূতি ঘোষা এফাকি ওলাল–আনে নুশুনাকৈ—

মঞি দুৰাচাৰ কেৱলে তোমাৰ
অপৰাধী নাৰায়ণ, ক্ষমিয়োক হৰি  লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ। বুকুভগা উচুপনি এটা ভাৰ বৈ জীৱন চন্দ্ৰ হীৰাই আন্ধাৰ বাটেৰে এখোজ-দুখোজ কৈ ঘৰলৈ ঘূৰি আহিল। মাজে মাজে মুখৰ পৰা হুমুনিয়াহসনা কথা এষাৰ ওলাল— গুৰুজনা, তুমি এয়াহে কৰিলা!

[ ৯৮ ]

লেখকৰ পূৰ্ব প্ৰকাশিত গ্ৰন্থ
অনুচ্চ আৰ্তি (কাব্য সংকলন)
তৰাফুল (গীতৰ সংকলন)

মাটিৰ মালিতা

প্ৰচ্ছদ সজ্জা ⵓ মনজিৎ ৰাজখোৱা

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।