পৃষ্ঠা:মাটিৰ মালিতা.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাহ গ’ল মৰ্মন্তুদ আৰ্তনাদ
বন্দী মানুহৰ স্বপ্ন
দাউ-দাউকৈ চিতাত জ্বলিল

সি বুকুত লালন কৰে ওলমুকুতা
বিষধৰ সাপ পোহে
সতীপূজন মন্দিৰ সাজি
ভৱিষ্যৰ বেশ্যাক কৰে প্ৰতিপাল।

হত্যাকাৰী বা গভাইতৰ বহুবচনত
আছে নেকি বাৰু
মোৰ, আপোনাৰো নাম?

২৪ মা টি ৰ মা লি তা