পৃষ্ঠা:মাটিৰ মালিতা.pdf/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


চিকাৰ

(মনোজ ডেকাৰ সোঁৱৰণত
হীৰুদাই নেলেখা কবিতাটো)


বিনা মেঘে অকস্মাৎ
কিনো বজ্ৰপাত
একেপাত শৰে—
সিহঁতে হৰিলে
উজাগৰ চৰাইটোৰ মাত
বিজুলী খুঁটাৰে
বগাই আহিল
ৰঙা পতাকাৰ উত্তাপ
আইৰ উদং বুকুত
এছাৰ খাই পৰিল
এপাচি কৰুণ বিলাপ

কাঁহ পৰি জিন গ’ল
জহা ধানৰ কঠীয়া
মুঠিতে ৰ’ল
আজি তোৰ ল’ৰা
নতুন ইস্তাহাৰ হ’ল।

মা টি ৰ মা লি তা ৬৭