পৃষ্ঠা:মাটিৰ মালিতা.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এডোঙা তেজত
শুকান ডালবোৰে শিৰত আঁকি লৈছে
সৰু বৰ অনেক তিলক
দেহচৰুত জীয়নীয়া আগমঙহ চপৰা চপৰিয়াই
গছত ওলমা আন্ধাৰত বিজুলী বিচাৰে তাই।

নাটনিয়ে দহা তাইৰ দেহত জঁকিল দেওধনি
তৰা দুটা ফুটি জৌ-জৌৱাই সৰিল পানী
সাঁচতীয়া উঁহ উপচি
অমৃত পানীয়ে টুপটুপালে
পেটৰ পানী ভাঙি বাট কাটিলে
ন-জোনৰ
তিতি বুৰি তাই তেনেই জুৰুলি-জুবুৰি
আমাৰ পানীমলা আজি পানীমতী হ’ল।

মা টি ৰ মা লি তা ৫৯