ভগৱান বুদ্ধ/আত্মবাদ
[ ২১৫ ]
আত্মবাদ
‘নিৱাপসুত্ত’ত বুদ্ধৰ সমসাময়িক শ্ৰমণ ব্ৰাহ্মণক, থূলমূল ভাৱে চাৰিটা শ্ৰেণীত ভগোৱা হৈছে। তাৰে প্ৰথম শ্ৰেণীৰ ব্ৰাহ্মণসকল হল যাগযজ্ঞ কৰি সোমপান কৰা ব্ৰাহ্মণসকল। তেওঁলোকৰ মতে এনেধৰণৰ বিলাসৰ ফলতে মোক্ষ লাভ কৰা যায়। যাগ-যজ্ঞত বিৰক্ত হৈ অৰণ্যলৈ গৈ ঘোৰ তপস্যা কৰা ঋষি-মুনি সকলক দ্বিতীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোক চিৰদিনলৈ অৰণ্যত তিস্থি থাকিব নোৱাৰে। তেওঁলোক আকৌ গৃহস্থ-ধৰ্ম্মলৈ উভতি আহে আৰু বিলাসকে সুখ বুলি মানিবলৈ ধৰে। এই শ্ৰেণীৰ উদাহৰণ হিচাপে পৰাশৰ, ঋষ্যশৃঙ্গ আদি ঋষিৰ উল্লেখ কৰিব পৰা যায়। তৃতীয় শ্ৰেণীৰ লোক হল শ্ৰমণ ব্ৰাহ্মণসকল। তেওঁলোকে মানুহ বসতি কৰা অঞ্চলৰ ওচৰত থাকি মিতাহাৰ কৰিছিল। কিন্তু তেওঁলোক আত্মৱাদী হৈ পৰিছিল। তেওঁলোকৰ কিছুমানে হয়তো আত্মাক শাশ্বত বুলি, কিছুমানে আকৌ হয়তো আত্মাক অশাশ্বত বুলি বিশ্বাস কৰিছিল। এইদৰে বাদৰ মেৰপাকত পৰাত তেওঁলোক মাৰৰ জালত সাঙোৰ খাই পৰিছিল। বুদ্ধ ভগৱানে এই আত্মবাদ পৰিহাৰ কৰিছিল আৰু নিজৰ দৰ্শন সত্যৰ ভেটিত থিয় কৰাইছিল। গতিকে তেওঁৰ ভিক্ষুসকল মাৰৰ জালত পৰা নাছিল; সেই কাৰণে তেওঁলোকক চতুৰ্থ শ্ৰেণীৰ অন্তভুক্ত কৰা হৈছে।[১]
বুদ্ধ ভগৱানে এই আত্মবাদ কিয় পৰিহাৰ কৰিছিল, তাৰ আলোচনা কৰাৰ আগতে সেই সময়ত ব্ৰাহ্মণসকলৰ আত্মবাদ কেনে ধৰণৰ আছিল সেই সম্বন্ধে বিবেচনা কৰাটো উচিত হব। আমি তৃতীয় অধ্যায়ত [ ২১৬ ] উল্লেখ কৰি আহিছোঁহক যে সেই সময়ত মুঠতে ৬২ টা শ্ৰমণ-পন্থ আছিল।[২] সেইবোৰৰ কোনোটোৱে আত্মবাদৰ পৰা মুক্ত নাছিল। কিন্তু এতিয়া আৰু সেই আটাইবোৰৰে দৰ্শন সম্বন্ধে জানিব পৰা নাযায। তাৰে ছটা ডাঙৰ ডাঙৰ সংঘৰ দৰ্শনৰ ভালেখিনি অংশ সম্বন্ধে পালি সাহিত্যৰ পৰা জানিব পৰা যায; আৰু তাৰ পৰা আন আন শ্ৰমণ ব্ৰাহ্মণসকলৰ আত্মবাদ সম্বন্ধে অনুমান কৰিব পাৰি। গতিকে প্ৰথমে তেওঁলোকৰ দৰ্শন সম্বন্ধে আলোচনা কৰাটো উচিত হব।
অক্ৰিয়বাদ—এই ছটা সংঘৰ প্ৰথমটোৰ নেতা পূৰণ কস্সপ অক্ৰিয়বাদৰ সমৰ্থক আছিল। তেওঁ কৈছিল—‘যদিহে কোনোবাই কিবা কৰে বা কৰায়, কাটে বা কটায কটায়, কষ্ট দিয়ে বা দিযায দিযায়, শোক কৰে বা কৰায কৰায়, কাৰোবাৰ কিবা দুখ হয বা কোনোবাই দুখ দিযে দিয়ে, ভয় লাগে বা ভয় খুৱায খুৱায়, প্ৰাণী হত্যা কৰে, চুৰি কৰে, ঘৰত সিন্ধি দিয়ে, ডকাইতি কৰে, একেটা ঘৰৰ ওপৰত আক্ৰমণ কৰে, লোটপাট কৰে, পৰদাৰ গমন কৰে বা অসত্য কথা কয, তেনেহলেও তেওঁৰ পাপ নহয়। অতি চোকা চক্ৰেৰে যদি কোনোবাই এই সংসাৰৰ পশুবোৰৰ মঙ্গহৰ দম কৰে তথাপিও তাত অলপো পাপ নহয়। তাত কোনো দোষ নাই। গঙ্গা নৈৰ দক্ষিণ পাৰলৈ গৈ যদি কোনোবাই মাৰপিট কৰে, কাটে বা কটায়, কষ্ট দিয়ে বা দিয়ায়, তথাপিও তাত অলপো পাপ নহয়। গঙ্গা নৈৰ উত্তৰ পাৰলৈ গৈ যদি কোনোবাই ভালেমান দান কৰে বা কৰায়, যজ্ঞ কৰে বা কৰায়, তথাপিও তাৰ পৰা তেওঁৰ কোনো পুণ্য নহয়। দান, ধৰ্ম্ম, সংযম আৰু সত্য ভাষণৰ পৰা পুণ্য লাভ নহয়।’
নিয়তিবাদ-মক্খলি গোসাল সংসাৰ-শুদ্ধিবাদী বা নিয়তিবাদী আছিল। তেওঁ কৈছিল, ‘প্ৰাণীৰ অপৱিত্ৰতাৰ কাৰণে কোনো হেতু
নাই, কোনো কাৰণ নাই। হেতু নোহোৱাকৈ, কাৰণ লোহোৱাকৈয়ে প্ৰাণী অপৱিত্ৰ হয়। প্ৰাণীৰ শুদ্ধিৰ বাবে কোনো হেতু নাই, কোনো কাৰণ নাই। হেতু নোহোৱাকৈ, কাৰণ নোহোৱাকৈ প্ৰাণী শুদ্ধ হয়। নিজৰ সামৰ্থ্যৰে একো নহয়। আনৰ সামৰ্থ্যৰেও একো নহয়। পুৰুষৰ সামৰ্থ্যৰে একো নহয়। (একোতে) বল নাই, বীৰ্য্য নাই, পুৰুষ- শক্তি নাই, পুৰুষ-পৰাক্ৰম নাই। সৰ্ব্বসত্ত্ব, সৰ্ব্বপ্ৰাণী, সৰ্ব্বভূত, সৰ্ব্বজীৱতো অৱশ, দুৰ্ব্বল আৰু নিবীৰ্য্য। সিহঁত (ভাগ্য), সঙ্গতি আৰু স্বভাৱৰ কাৰণে পৰিণত হয় আৰু ছটাৰ ভিতৰত কোনোবা এটা জাতিত (শ্ৰেণীত) থাকি সুখ-দুখ উপভোগ কৰে। বুদ্ধিমান আৰু মূৰ্খসকলে চৌৰাশী লাখ মহাকম্পৰ চক্ৰত ঘূৰি যাব লাগে। তেতিয়াহে তেওঁলোকৰ দুখৰ নাশ হয়। যদিহে কোনোবাই কয় যে এই শীলৰ দ্বাৰা, এই ব্ৰতৰ দ্বাৰা, এই তপৰ দ্বাৰা অথবা ব্ৰহ্মচৰ্য্যৰ দ্বাৰা অপৰিপক্ক কৰ্ম্মক পৰিপক্ক কৰিম নাইবা পৰিপক্ক কৰ্ম্মৰ ফল উপভোগ কৰি তাক নষ্ট কৰি দিম, তেন্তে তাৰ দ্বাৰা সি হৈ নুঠিব। এই সংসাৰত সুখ-দুখ ইমান নিশ্চিত যে তাক পৰিমিত দ্ৰোণৰ (দোণ বা ওজনৰ) দ্বাৰা জুখিব পৰা যায। তাক কম বা বেচি কৰিব পৰা নাযায়। যেনেকৈ কোনো সূতাৰ মহুৰা পেলাই দিলে সি সম্পূৰ্ণ ভাৱে ওলাই নোযোৱালৈকে মহুৰাটো আগলৈ গৈ থাকে তেনেদৰে বুদ্ধিমান আৰু মূৰ্খৰ দুখ তেতিয়াহে নাশ হব যেতিয়া তেওঁলোকে (সংসাৰৰ) সমগ্ৰ চক্ৰ সম্পূৰ্ণভাৱে ঘূৰি আহিব পাৰে।'
উচ্ছেদবাদ—অজিত কেসকম্বল উচ্ছেদবাদী আছিল। তেওঁ কৈছিল, ‘দান, যজ্ঞ আৰু হোমত কোনো সাৰমৰ্ম্ম নাই, ভাল আৰু বেয়া কৰ্ম্মৰ ফল আৰু পৰিণাম নহয়, ইহলোক, পৰলোক, আই-বোপাই অথবা ঔপপাতিক (দেৱতা বা নৰকবাসী) প্ৰাণ নাই, ইহলোক আৰু [ ২১৮ ] পৰলোকৰ আনক ভাল জ্ঞান লাভ কৰাই দিব পৰা দাৰ্শনিক আৰু উচিত মাৰ্গেৰে চলা শ্ৰমণ ব্ৰাহ্মণ এই সংসাৰত নাই। মনুষ্য চাৰি ভূতেৰে সৃষ্ট। যেতিয়া তেওঁ মৰে তেতিয়া তেওঁৰ ভিতৰৰ পৃথ্বাধাতু পৃথ্বীত, আপো-ধাতু পানীত, তেজো-ধাতু তেজত, আৰু বায়ুধাতু গৈ বায়ুত মিলে আৰু ইন্দ্ৰিযবোৰ আকাশলৈ গুচি যায়। মৰা মানুহক চাঙীত তুলি চাৰিজন মানুহে শ্মশানলৈ লৈ যায়। তেওঁৰ গুণ-অৱগুণৰ আলোচনা কৰা হয়, কিন্তু তেওঁৰ অস্থিবোৰ বগা হৈ আহুতিবোৰে ভষ্ম ৰূপ ধাৰণ কৰে। মূৰ্খলোকহঁতেই দানৰ আহুকালৰ সৃষ্টি কৰিছে। যিসকলে আস্তিকবাদৰ কথা কয, তেওঁলোকৰ সেই কথা তেনেই মিছা আৰু বৃথা তৰ্ক। শৰীৰ ভেদ হোৱাৰ পিচত বিদ্বান আৰু মূৰ্খসকলৰ উচ্ছেদ হয়, তেওঁলোক নষ্ট হয়। মৃত্যুৰ পিচত তেওঁলোকৰ একো অৱশেষ নাথাকে।'
অন্যোন্যবাদ-পকুধ কচ্চায়ন অন্যোন্যবাদী আছিল। তেওঁ কৈছিল, ‘সাতোটা পদাৰ্থ কোনোবাই কৰা, কৰোৱা, তৈয়াৰ কৰা বা তৈয়াৰ কৰোৱা নহয়, সিহঁত বন্ধ্য, কূটস্থ আৰু নগৰ দ্বাৰৰ স্তম্ভৰ নিচিনা অচল।[৩] সিহঁত অলৰ-অচৰ, অপৰিবৰ্ত্তনীয়, সিহঁতে এটাই আনটোক নোজোকায়, সিহঁতৰ এটাই আনটোৰ সুখ-দুখ উৎপন্ন কৰিবলৈকো অক্ষম। সিহঁতনো কি? সি হল পৃথ্বী, অপ, তেজ, বায়ু, সুখ, দুখ আৰু জীৱ। ইয়াক মাৰোতা, মৰাওতা, শুনোতা, শুনাওতা, জানোতা বা জনাওতা কোনো নাই। কোনোবাই তীক্ষ্ণ অস্ত্ৰেৰে কাৰোবাৰ মূৰ কাটি দিলে, তেওঁ তেওঁৰ প্ৰাণ লব নোৱাৰে। মাথোন এই খিনিকে
- (৩)^ যুদ্ধত যাতে শত্ৰুৰ হাতীয়ে নগৰ দ্বাৰৰ ওপৰত পোনে পোনে আক্ৰমণ কৰিব নোৱাৰে, সেই উদ্দেশ্যে সমুখত এটা সুদৃঢ় খুটা পুতি দিয়া হৈছিল, তাক পালি ভাষাত 'এসিকা' বা ‘ইন্দখিল' বোলা হয়। [ ২১৯ ]
বুজিব লাগিব যে সাতােটা পদাৰ্থৰ মাজৰ মুকলি ঠাইখিনিত মাথােন সেই অস্ত্র সােমাই গৈছে।'
ৱিক্ষেপৱাদ—সঞ্জয় বেলট্ঠপুত্ত ৱিক্ষেপৱাদী আছিল। তেওঁ কৈছিল,'যদি মােক কোনােবাই সােধে যে যে পৰলোক কি আৰু যদিহে মােৰ এনেলগে যে পৰলােক আছে, তেন্তে মই কম, হয়, আছে। কিন্তু মােৰ তেনে নালাগে। মােৰ এনেও নালাগে যে পৰলােক আছে। ঔপপাতিক প্রাণী আছে নে নাই, ভাল বেয়া কামৰ ফল হয় নে নহয়, তথাগত মৃত্যুৰ পিচত থাকেনে নাথাকে, ইয়াৰ কোনাে কথা সম্বন্ধে মােৰ কোনো নিশ্চিত ধাৰণা নাই।[৪]
চাতুর্যামসংৱৰবাদ—নিগণ্ঠ নাথপুত্ত চাতুর্যামসংৱৰবাদী আছিল। এই চাৰিটা যাম সম্বন্ধে ‘সামঞ্ঞফলসুত্ত’ত দিয়া বর্ণনা সম্পূর্ণ নহয়। জৈন গ্ৰন্থৰ পৰা অনুমান কৰিব পৰা যায় যে অহিংসা, সত্য, অস্ত্যেয় আৰু অপৰিগ্ৰহ এই চাৰিটা যাম সম্বন্ধে পাৰ্শ্বমুনিযে উপদেশ দিছিল। তাৰ লগত মহাৰীৰ স্বামীয়ে ব্রহ্মচৰ্য্য লগ লগাই দিযে। তথাপি বুদ্ধৰ সমসাময়িক নিগ্রন্থ (জৈন) সকলৰ মাজত ওপৰত দিয়া চাৰিটা যামৰহে গুৰুত্ব আছিল। জৈন ধৰ্ম্মৰ মূল কথা আছিল যে চাৰিটা যাম আৰু তপস্যাৰে পূৰ্ব্বজন্মৰ পাপৰ লােপ কৰি কৈৱল্য (মােক্ষ) লাভ কৰিব পৰা যায়।
অক্রিয়ৱাদ আৰু সাংখ্যমত—পুৰণ কাশ্যপৰ অক্রিয়ৱাদ সাংখ্য দৰ্শনৰ নিচিনা লাগে। সাংখ্যবাদী লােকসকলৰ মতে আত্মা প্রকৃতিতকৈ
- (৪)^ সামঞ্ঞফলসুত্ত’ত নিগণ্ঠ নাথপুত্তৰ চাতুর্যামসংৱৰৱাদক ৱিক্ষোপৱাদৰ
আগতে দিয়া হৈছে। কিন্তু 'মঝ্জিমনিকায়’ৰ চুলসাৰােপমসুত্তত আৰু আন ভালেমান সুত্তত নাথপুত্তৰ নাম তেনেই শেহততে দিয়া হৈছে। [ ২২০ ] পৃথক আৰু মৰা, মৰোৱা আদি কথাৰ পৰিণাম তাৰ ওপৰত হব নোৱাৰে। ইয়াৰ প্ৰতিধ্বনি ‘ভগৱদগীতা'ৰ ভিন ভিন ঠাইত শুনিবলৈ পোৱা যায়। যেনেঃ
প্ৰকৃতেঃ ক্ৰিয়মাণানি, গুণৈঃ কৰ্মাণি সৰ্বশঃ।
অহঙ্কাৰ বিমূঢাত্মা কৰ্তাহহমিতি মন্যতে॥[৫]
অৰ্থাৎ 'সম্পূৰ্ণ কৰ্ম্ম প্ৰকৃতিৰ গুণৰ দ্বাৰা কৰা হৈছে, তথাপি অহঙ্কাৰৰ দ্বাৰা মোহিত আত্মাই “মই কৰ্ত্তা” বুলি ভাবে।'
য এনং ৱেত্তি হস্তাৰং, যশ্চৈনং মন্যতে হতম্।
উভৌ তৌ ন ৱিজানীতো, নায়ং হন্তি ন হন্যতে॥[৬]
অৰ্থাৎ ‘যি এই আত্মাক মাৰোতা বুলি ভাবে আৰু যি ইয়াক মৰি যোৱা বুলি ভাবে, তেনে দুয়োজনেই সঁচা কথা নাজানে কিযনো কিয়নো এই আত্মাৰ মৰণ নাই আৰু কোনেও ইয়াক মাৰিব নোৱাৰে।'
যস্য নাহংকৃতো ভাৱো, বুদ্ধিৰ্যস্য ন লিপ্যতে।
হত্বাহপি স ইমাঁল্লোকান্ ন হন্তি ন নিবধ্যতে॥[৭]
অৰ্থাৎ 'যাৰ অহংভাৱ নাই, যাৰ বুদ্ধি (তাৰপৰা) অলিপ্ত থাকে, তেওঁ মানুহক মাৰিও নামাৰে, তাৰ দ্বাৰা বধ কৰা নহয়।'
অক্ৰিয়ৱাদ আৰু সংসাৰ-শুদ্ধিৱাদ-এই অক্ৰিয়ৱাদ আৰু মক্খলি গোসালৰ সংসাৰ-শুদ্ধিৱাদৰ মাজত বৰ বেচি ব্যৱধান নাছিল। তেওঁৰ বক্তব্য এয়ে আছিল যে আত্মা প্ৰকৃতিৰ পৰা অলিপ্ত হৈ থাকিলেও আত্মাই নিশ্চিতভাৱে জন্ম লবলগীয়া হয় আৰু তাৰ পিচত আপোনা আপুনি মুক্তি হৈ যায়। আজি-কালিও হিন্দু-সমাজত এই কল্পনা চলি
আহিছে যে চৌৰাশী লাখ জন্ম লৈ প্ৰাণীৰ উন্নত অৱস্থা প্ৰাপ্তি হয়। মক্খলি গোসালৰ সময়ত এই ধাৰণা বৰ ব্যাপকভাৱে প্ৰচলিত আছিল যেন অনুমান হয়।
‘অঙ্গুত্তৰনিকায়’ৰ ছক্কনিপাতৰ এটা সুত্তৰ (সং ৫৭) পৰা দেখা যায় যে পিচলৈ গৈ পূৰণ কাশ্যপৰ সম্প্ৰদায় মক্খলি গোসালৰ আজীৱক পন্থৰ লগত চামিল হৈ যায়। উক্ত সুত্তত আনন্দই ভগৱানৰ আগত কয়, ‘ভদন্ত, পূৰণ কস্সপে কৃষ্ণ, নীল, লোহিত, হৰিদ্ৰ, শুক্ল আৰু পৰমশুক্ল এই ছয় প্ৰকাৰৰ অভিজাতিৰ কথা বৰ্ণনা কৰিছে। বধিক, ব্যাধ আদি লোকক কৃষ্ণাতিজাতিৰ বুলি ধৰা হয়। ভিক্ষু আদি কৰ্ম্মবাদী লোকক নীল জাতিৰ, একেখন বস্ত্ৰ পিন্ধা নিৰ্গ্ৰন্থসকলক লোহিতাভিজাতিৰ, শুভ বস্ত্ৰ পিন্ধা অচেলক শ্ৰাৱকক (আজীৱকক) হৰিদ্ৰাভিজাতিৰ, আজীৱক আৰু আজীৱক ভিক্ষুনীকে শুক্লাভিজাতিৰ আৰু নন্দবচ্ছ, কিস্সংকিচ্চ আৰু মক্খলি গোসালক পৰম শুক্লাভিজাতিৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইযাৰ পৰা স্পষ্টভাৱে দেখা যায যে পুৰণ কস্সপ আৰু আজীৱকৰ সম্প্ৰদায় একেটা হৈ পৰিছিল। নন্দ, ৱচ্চ আদি তিনিজন আচাৰ্য্য আজীৱক পৰম্পৰাৰ নেতা আছিল। ইয়াৰ পৰা এইটোও প্ৰমাণ হয় যে কস্সপ আৰু তেওঁলোকৰ আত্মবাদৰ মাজত কোনো ব্যৱধান নাছিল আৰু কস্সপেও তেওঁলোকৰ দেহ-দণ্ডনৰ মাৰ্গ সমৰ্থন কৰিছিল।
অজিত কেসকম্বলৰ নাস্তিকৱাদ—অজিত কেসকম্বলৰ উচ্ছেদ- ৱাদলৈ লক্ষ্য কৰিলেই দেখা যায় যে তেওঁ সম্পূৰ্ণ নাস্তিক আছিল। তেওঁ ‘সৰ্ব-দৰ্শন-সংগ্ৰহ’ত পোৱা চাৰ্ব্বাক মতৰ সংস্থাপক নাছিল, কিন্তু তাৰ হলে অৱশ্যে তেওঁ অন্যতম সমৰ্থক আছিল। যি দৰে তেওঁ ব্ৰাহ্মণ- সকলৰ যাগ-যজ্ঞ ভাল নাপাইছিল, তেনেদৰেই তেওঁ আজীৱক আদি [ ২২২ ] শ্ৰমণসকলৰ তপশ্চৰ্য্যাও সমৰ্থন নকৰিছিল। ‘সৰ্ব-দৰ্শন-সংগ্ৰহ’ত এই বুলি কোৱা হৈছে :
অগ্নিহোত্ৰং ত্ৰয়ো ৱেদাস্বিদণ্ডং ভস্মগুণ্ঠনম্।
বুদ্ধিপৌষহীনানাং জীৱিকা ধাতৃনিৰ্মিতা॥
অৰ্থাৎ ‘অগ্নিহোত্ৰ, তিনি বেদ, ত্ৰিদণ্ডধাৰণ আৰু ভস্ম সনাই হ’ল
ব্ৰহ্মাই বুদ্ধিহীন আৰু পৌৰুষহীন লোকৰ বাবে সৃষ্টি কৰি দিয়া জীৱিকা।’
তথাপি অজিতক শ্ৰমণ বুলি গণ্য কৰা হৈছিল। ইয়াৰ কাৰণ হল বৈদিক হিংসা তেওঁ সমূলি ভাল নাপাইছিল, আৰু তেওঁ তপস্যা নকৰিলেও শ্ৰমণসকলৰ আচাৰ-বিচাৰ মানি চলিছিল। শ্ৰমণসকলৰ আত্মবাদৰ পৰাও তেওঁ অলিপ্ত নাছিল। আত্মা সম্বন্ধে তেওঁৰ কল্পনা আছিল যে চাৰিটা মহাভূতৰ পৰা আত্মাৰ সৃষ্টি আৰু মৰাৰ পিচত সি আকৌ চাৰিটা মহাভূততে মিলেগৈ। গতিকে তেওঁৰ এই মত হোৱাটো স্বাভাৱিক আছিল :
যাৱজ্জীৱং সুখং জীৱেম্নাস্তি মৃত্যোৰগোচৰঃ
ভস্মীভূতস্য দেহস্য পুনৰাগমং কুতঃ ॥
অৰ্থাৎ ‘যেতিয়ালৈকে জীয়াই থাকা, সুখেৰে থাকা, কিয়নো মৃত্যুৰ হাতত নপৰা প্ৰাণী কোনো নাই আৰু দেহা ছাই হৈ গলে সি আৰু ক’ৰপৰা উভতি আহিব?’
কেসকম্বলৰ এই দৰ্শনৰ আধাৰতে লোকায়ত অৰ্থশাস্ত্ৰ ৰচিত হয় আৰু কৌটিল্যৰ নিচিনা আচাৰ্য্যসকলে তাৰ বিকাশ সাধন কৰে।
অন্যোন্যৱাদ আৰু বৈশেষিক দৰ্শন—পকুধ কচ্চায়নৰ অন্যোন্যবাদ ৱৈশেষিক দৰ্শনৰ নিচিনাই আছিল। কিন্তু তেওঁৰ সাত পদাৰ্থ আৰু ৱৈশেষিকসকলৰ সাত পদাৰ্থৰ মাজত বৰ কমহে সাম্য আছে। কচ্চায়নৰ শ্ৰমণসংঘ বৰ ডাঙৰ আছিল, তথাপি তেওঁৰ পৰম্পৰা [ ২২৩ ]
বেচি দিনলৈ নাথাকিল। আধুনিক বৈশেষিক দৰ্শনৰ চাগৈ তেওঁৰ তত্বজ্ঞানৰ পৰাই উদ্ভৱ হৈছে, কিন্তু তেনে ধৰণৰ তত্ত্ব-জ্ঞান মানোতা শ্ৰমণ-সম্প্ৰদায় বুদ্ধ-কালৰ পিচত আৰু নথকা যেন অনুমান হয়।
ৱিক্ষেপৱাদ আৰু স্যাদৱাদ—সঞ্জয় বেলটুঠপুত্তৰ ৱিক্ষেপৱাদ জৈনসকলৰ স্যাদৱাদৰ নিচিনা লাগে আৰু পিচলৈ গৈ জৈনসকলে তেওঁৰ মতবাদ নিজৰ দৰ্শনত সামৰি লয়। ‘এনে হব, এনে নহব’ ( স্যাদস্তি স্যান্নাস্তি -বোধহয হয়, বোধ হয় নহয়) আদিয়ে হল স্যাদৱাদ আৰু ওপৰত উল্লেখ কৰা বেলটঠপুত্তৰ ৱিক্ষেপৱাদৰ লগত তাৰ বিশেষ অন্তৰ নাই। গতিকে জৈন-সম্প্ৰদায়ে যে ৱিক্ষেপৱাদকে নিজৰ প্ৰধান দৰ্শন কৰি লৈছিল সেই বুলি কোৱাত আপত্তি উঠিব নোৱাৰে।
নিগ্ৰন্থ আৰু আজীৱক—জৈন-গ্ৰন্থ সমূহৰ পৰা জানিব পৰা যায় যে বুদ্ধৰ সমসাময়িক জৈনসকলৰ চতুৰ্ব্বিংশ তীৰ্থঙ্কৰ মহাবীৰ স্বামী (যাক নিগণ্ঠ নাথপুত্ত বোলা হয়) আৰু মক্খলি গোসালে একেলগে ছ বছৰ কাল ধৰি তপস্যা কৰিছিল। গতিকে বোধহয় তেওঁলোক এই চেষ্টাও কৰিছিল যাতে আজীৱক আৰু নিগ্ৰন্থসকলৰ একেটা সম্প্ৰদায় সংগঠন কৰিব পৰা যায়। পাৰ্শ্বমুনিৰ সন্নাসীয়ে নিজৰ লগত এখন বা তিনিখন কাপোৰ ৰাখিছিল। কিন্তু মহাবীৰ স্বামীয়ে মকখলি গোসালৰ দিগম্বৰ ব্ৰত মানি লৈছিল আৰু তেতিয়াৰে পৰা নিৰ্গ্ৰন্থসকল নিৰ্বস্ত্ৰ হৈ যায় কিন্তু নিৰ্গ্ৰন্থ আৰু আজীৱকসকলৰ দৰ্শনৰ হলে মিলন হব নোৱাৰিলে। যদি মহাবীৰ স্বামীয়ে চৌৰাশী লাখৰ দৰ্শন স্বীকাৰ কৰি ললেহেঁতেন তেন্তে নিৰ্গ্ৰন্থসকলৰ পৰম্পৰাত প্ৰচলিত চাতুৰ্যামৰ কোনো মহত্ব নাথাকিলহেঁতেন। যদিহে এইটো মানি লোৱা যায় যে নিয়তি (ভাগ্য), সংগতি (পৰিস্থিতি) আৰু স্বভাৱৰ হেতুকে প্ৰাণী পৰিণত হয় তেন্তে অহিংসা, সত্য, অস্ত্যেয় [ ২২৪ ]
আৰু অপৰিগ্ৰহ—এই চাৰিটা যামৰ আৱশ্যকতা কি? আন কথাত কবলৈ গলে এই দুজনা আচাৰ্য্যৰ মতৰ মিল হব নোৱাৰিলে।
আজীৱকসকলৰ চৌৰাশী-লাখৰ দৰ্শনৰ তুলনাত নিৰ্গ্ৰন্থসকলৰ চাতুৰ্যাম সংৱৰবাদ যদি ৰাইজৰ অধিক ভাল লাগিছিল, তেন্তে তাতো আচৰিত হবলগীয়া কোনো কথা নাছিল, কিয়নো তাৰ দ্বাৰা আৰু তপস্যাৰ দ্বাৰা পূৰ্ব্বজন্মত কৰা পাপৰ লোপ কৰিব পৰা গৈছিল আৰু একেটা জন্মতে মোক্ষ প্ৰাপ্তি হব পাৰিছিল।
নিৰ্গ্ৰন্থসকলৰ সম্পৰ্কীয় তথ্যাদি—‘সুত্তপিটক’পৰা নিৰ্গ্ৰন্থ- সকলৰ মত সম্বন্ধে ভালেখিনি কথা জানিব পৰা যায়। ‘মঝ্জিম- নিকায়’ৰ চুলদুক্খক্খন্ধ সুত্তত বুদ্ধ আৰু নিৰ্গ্ৰন্থৰ মাজত হোৱা সংবাদ পোৱা যায়। তাৰ সাৰাংশ হল এই-
ৰাজগৃহত কিছুমান নিৰ্গ্ৰন্থই থিয় হৈয়েই তপস্যা কৰি আছিল। ভগৱান বুদ্ধ তেওঁলোকৰ ওচৰলৈ গৈ কলে, ‘বন্ধুসকল, আপোনালোকে শৰীৰক এনেভাৱে কিয় কষ্ট দিছে?’
তেওঁলোকে কলে, ‘নিৰ্গ্ৰন্থ নাথপুত্ৰ সৰ্ব্বজ্ঞ। তেওঁ কয় যে গৈ থাকোঁতে, থিয় হৈ থাকোঁতে, শুই থাকোঁতে, অথবা সাৰে থাকোঁতে সকলো অৱস্থাতে মোৰ জ্ঞান দৃষ্টি জাগৰিত থাকে। মই উপদেশ দিওঁ, “হে নিৰ্গ্ৰন্থসকল, তোমালোকে পূৰ্ব্বজন্মত যি পাপ কৰিছা, তাক এই- দৰে দেহ-দণ্ডন কৰি জীৰ্ণ কৰাহঁক (নিজ্জৰেথ ), আৰু এই জন্মত মন, বচন আৰু শৰীৰেৰে কোনো পাপকে নকৰিবা। এই ধৰণৰ তপস্যাৰে আগৰ জন্মৰ পাপৰ নাশ হব আৰু নতুন পাপ নকৰা হেতুকে ভৱিষ্যতৰ জম্মত কৰ্ম্ম-ক্ষয় হব। ইয়াৰ ফলত সকলো দুখ নষ্ট হব।” তেওঁৰ এই
কথা আমাৰ ভাল লাগে।’[ ২২৫ ] ভগৱানে কলে, ‘হে নিৰ্গ্ৰন্থসকল, আপোনালোক পূৰ্ব্বজম্মত আছিল নে নাই, তাক আপোনালোকে জানে নে?’
নিৰ্গ্ৰন্থ—আমি নাজানোহক।
ভগৱান-বাৰু, পুৰ্ব্বজন্মত আপোনালোকে পাপ কৰিছিল নে নাই তাক জানো জানে?
নিৰ্গ্ৰন্থ—তাকো আমি নাজানোহক।
ভগৱান—আপোনালোকৰ কিমানখিনি দুখৰ নাশ হল আৰু কিমানখিনি বাকী আছে তাক জানো আপোনালোকে কব পাৰে?
নিৰ্গ্ৰন্থ—তাকো আমি কব নোৱাৰোঁহক।
ভগৱান—যদি এই কথা আপোনালোকে নাজানে তেন্তে তাৰ অৰ্থ জানো এয়ে নহয় যে আপোনলোক আগৰ জন্মত ব্যাধৰ নিচিনা নিষ্ঠুৰ আছিল আৰু এতিযা সেই জন্মৰ পাপ নাশ কৰিবলৈ এনেদৰে তপস্যা কৰিছে?
নিৰ্গ্ৰন্থ—আয়ুষ্মন্ গৌতম, সুখৰ দ্বাৰা সুখ পোৱা নাযায়, দুখেৰেহে সুখ পোৱা যায়। সুখেৰে সুখ পোৱাহেঁতেন আয়ুষ্মন্ গৌতমৰ তুলনাত বিম্বিসাৰ ৰজাই অধিক সুখ পালেহেঁতেন।
ভগৱান—হে নিৰ্গ্ৰন্থসকল, আপোনালোকে নভবা নিচিন্তাকৈ এই কথা কৈছে। মই আপোনালোকক এই কথাটোকে সোধোঁচোন— বিম্বিসাৰ ৰজাই সাত দিন ধৰি পোন হৈ বহি মুখেৰে এটাও শব্দ বাহিৰ নকৰাকৈ একান্ত সুখৰ অনুভৱ কৰিব পাৰেনে? বাৰু, সাত দিনৰ কথা এৰি দিয়ক, তেওঁ এদিনৰ বাবেও তেনেকুৱা সুখ অনুভৱ কৰিব পাৰেনে?
নিৰ্গ্ৰন্থ—আয়ুষ্মন্, তেওঁৰ পক্ষে সেইটো সম্ভৱ নহয়।
ভগৱান—মইতো এদিন নহয়, সাত দিনলৈকে তেনে সুখৰ অনুভৱ কৰিব পাৰোঁ। মই আপোনালোকক সোধো যে বিম্বিসাৰ ৰজা (নিজৰ বৈৰভৱ দ্বাৰা) অধিক সুখীনে মই?[ ২২৬ ] নিৰ্গ্ৰন্থ—যদি তেনেকুৱাই হয় তেন্তে বিম্বিসাৰ ৰজাৰ তুলনাত আয়ুষ্মন্ গৌতমেই অধিক সুখী।'
বৌদ্ধমতৰ বিশেষত্ব দেখুৱাবলৈ এই সংবাদ ৰচনা কৰা হৈছে, তথাপি ইয়াত জৈন মতৰ বিপৰ্য্যাস কৰা হোৱা নাই। তেওঁলোকৰ বক্তব্য হল যে তপস্যা আৰু চাতুৰ্যামৰ দ্বাৰা পুৰ্ব্বজন্মৰ কৰ্ম্ম ক্ষয় কৰিব পৰা যায়, আৰু এই পৰম্পৰা এতিয়াও চলি আছে।
আত্মা সম্বন্ধে কল্পনা—এই আচাৰ্য্য আৰু তেওঁলোকৰ সমসাময়িক শ্ৰমণসকলৰ মনত আত্মা সম্বন্ধে এনে কিছুমান অদ্ভুত কল্পনা আছিল যে তাৰ সামান্য নমুনা উপনিষদ বোৰতো পোৱা যায়। উদাহৰণৰ কাৰণে এই কল্পনাটোলৈ লক্ষ্য কৰক; ইয়াত কোৱা হৈছে যে আত্মা চাউল আৰু যৱতকৈও সৰু আৰু সি হৃদযত থাকে :
এষ মে আত্মাৰ্ন্ত হৃদয়েহণীয়ান্ব্ৰীহেৰ্বা যৱাদ্বা সৰ্ষপাদ্বা শ্যামাকাদ্বা শ্যামাক-তণ্ডুলাদ্বা।[৮]
অৰ্থাৎ ‘এই মোৰ আত্মা অন্তৰ্হৃদয়ত (থাকে)। সি চাউলতকৈও, যৱতকৈও, সৰিয়হতকৈও শ্যামাক নামৰ ধান বা তাৰ চাউলতকৈও সৰু।’
আৰু সি তিমানেই ডাঙৰো—
মনোময়োয়ং পুৰুষোভাঃ সত্যস্তম্মিন্নন্তৰ্হৃদয়ে যথা ব্ৰীহিৰ্ৱা যৱো বা।[৯]
অৰ্থাৎ ‘এই পুৰুষৰূপী আত্মা মনোময় ভাস্বান আৰু সত্যৰূপী আৰু ই অন্তৰ্হৃদয়ত এনেকৈ থাকে ঠিক যেনিবা চাউল বা যবৰ দানাহে।’
পিচত এই কল্পনা প্ৰচলিত হল যে আত্মা বুঢ়া আঙলিৰ সমান ডাঙৰঃ
অঙ্গুষ্ঠমাত্ৰঃ পুৰুষো মধ্য আত্মনি তিষ্ঠতি।[১০]
অৰ্থাৎ 'বুঢ়া আঙুলিৰ সমান সেই পুৰুষ আত্মাৰ মাজত থাকে।'
আৰু মানুহ টোপনি গলে আত্মা তেওঁৰ শৰীৰৰ পৰা ওলাই বাহিৰত ফুৰিবলৈ যায় :
স যথা শকুনিঃ সূত্ৰেণ প্ৰবদ্ধো দিশং দিশং পতিত্বান্যত্ৰায়তনমলব্ধৱা বন্ধন- মেৱোপশ্ৰযত এৱমেৱ খলু সোম্য তন্মনো দিশং দিশং পতিত্বান্যত্ৰায়- তনমলব্ধৱা প্ৰাণমেৱোপশ্ৰযতে প্ৰাণবন্ধনং হি সোম্য মন ইতি।[১১]
অৰ্থাৎ 'এই আত্মা এনেকুৱা ঠিক যিদৰে জৰীৰে সাঙুৰি ৰখা চৰাই চাৰিওপিনে উৰি ফুৰে আৰু তাত থাকিব নোৱৰা হেতুকে বন্ধনলৈকে উভতি আহে, ঠিক তেনেকৈযে হে সৌম্য, মনৰ কাৰণে আত্মা চাৰিওপিনে উৰি ফুৰে আৰু তাত ঠাই নোপোৱা হেতুকে প্ৰাণৰ আশ্ৰয় গ্ৰহণ কৰে, কিয়নো প্ৰাণ হৈছে মনৰ বন্ধন।'
শাশ্বতৱাদ আৰু উচ্ছেদৱাদ—বুদ্ধৰ সমসাময়িক শ্ৰমণ ব্ৰাহ্মণসকলৰ মাজত আত্মা সম্বন্ধে এনেকুৱা নানাপ্ৰকাৰ উদ্ভট কল্পনাবোৰৰ চলতি আছিল। তেওঁলোকক দুটা শ্ৰেণীত ভগাব পৰা যায়। তাৰে এটা শ্ৰেণীয়ে কৈছিল :
সস্সতো অত্তা চ লোকো চ ৱংঝো কুটট্ঠো এসিকট্ঠায়ী ঠিতো।
অৰ্থাৎ ‘আত্মা আৰু জগৎ শাশ্বত। সি (আত্মা) বন্ধ্য, কূটস্থ আৰু নগৰ-দ্বাৰত থিয় হৈ থকা স্তম্ভৰ নিচিনা স্থিৰ।[১২]
এই মতবাদত পূৰণ কস্সপ, মক্খলি গোসাল, পকুধ কচ্চায়ন আৰ নিগণ্ঠ নাথপুত্তৰ মত সামৰি লব পৰা যায়।- (১০)^ কঠোপনিষদ, ২।৪।১২।
- (১১)^ ছান্দোগ্য উপনিষদ, ৬।৮।২।
- (১২)^ এয়া আৰু আন ভালেমান আত্মবাদৰ কথা 'দীঘনিকায়’ৰ ব্ৰহ্মজালসুত্তত দিয়া হৈছে। আন আন নিকায়তো ভিন ভিন আত্মবাদৰ উল্লেখ পোৱা যায়। [ ২২৮ ]
দ্বিতীয় শ্ৰেণীৰ শ্ৰমণ-ব্ৰাহ্মণে উচ্ছেদৱাদৰ প্ৰতিপাদন কৰিছিল। তেওঁলোকৰ মতে :
অয়ং অত্তাৰূপী চাতুম্মাহাভূতিকো মাতাপেত্তিসম্ভৱো কায়স্স ভেদা উচ্ছিজ্জতি ৱিতস্সতি ন হোতি পৰং মৰণা॥
অৰ্থাৎ 'এই আত্মা জড, চাৰিটা মহাভূতেৰে সৃষ্ট, আই-বোপাইৰ পৰা উৎপন্ন। সি শৰীৰ-ভেদৰ পিচত ছিন্ন হৈ যায, তাৰ বিনাশ হয়, সি মৃত্যুৰ পিচত আৰু নাথাকে।'
এই মত প্ৰতিপাদন কৰা শ্ৰমণসকলৰ ভিতৰত অজিত কেসকম্বল মুখ্য আছিল। এই মতবাদৰ মাজত আকৌ এনে এচাম শ্ৰমণ ব্ৰাহ্মণো আছিল যি কৈছিল আত্মাৰ কিছু অংশ শাশ্বত আৰু কিছু অংশ অশ্বাশ্বত। সঞ্জয বেলট্পুত্তৰ মত এনে ধৰণৰ যেন লাগে। পিচলৈ জৈনসকলেও এই মত স্বীকাৰ কৰি লয।
আত্মবাদৰ পৰিণাম—এই আত্মবাদবোৰৰ পৰিণাম অধিক খিনি দুই ধৰণৰ হয। এটা হল—বিলাসকে সুখ বুলি ভবা আৰু আনটো হল তপস্যা কৰি শৰীৰক কষ্ট দিয়া।
পূৰণ কস্সপৰ মতে যদিহে আত্মাই কাকো নামাৰে তেন্তে নিজৰ সুখভোগৰ কাৰণে আনক হত্যা কৰাত কি আপত্তি হব পাৰে? জৈনসকলৰ মতে আকৌ আত্মা পুৰ্ব্বজন্মৰ কৰ্ম্মেৰে বদ্ধ হয়। গতিকে ইয়াৰ পৰিণাম হিচাপে সেই কৰ্ম্মদোষ খণ্ডন কৰিবলৈ কঠোৰ তপস্যা কৰাটো স্বাভাৱিক কথা। যদিহে এই কথা মানি লোৱা হয় যে আত্মা অশাশ্বত, মৃত্যুৰ পিচত সি নাথাকে, তেন্তে তাৰ ফলত দুই প্ৰকাৰৰ মতৰ উদ্ভৱ হব পাৰে; যেনে, যেতিয়ালৈকে আমি জীয়াই থাকোঁহক তেতিয়ালৈকে বিলাসত মগ্ন হৈ থাকিব পাৰোঁহক অথবা এই ভোগক অশাশ্বত বুলি ধৰি লৈ তপস্যাও কৰিব পৰা যায়। [ ২২৯ ]আত্মবাদ ত্যাগ
ভগৱান বুদ্ধই সুখ উপভোগ আৰু তপস্যা এই দুয়োটা মাৰ্গই বৰ্জ্জনীয় বুলি অনুভৱ কৰিলে, কিয়নো তাৰ পৰা মনুষ্য জাতিৰ দুখৰ মাত্ৰা কম নহয়। এই দুটা অন্তৰ দ্বাৰা নিজৰ ভিতৰতে হাইকাঁজিয়া কৰা জন সাধাৰণে শান্তি পাব নোৱাৰে। এই অন্ত দুটাৰ কাৰণ আত্মবাদ বুলিয়ে বোধিসত্ত্বৰ বিশ্বাস হল, গতিকে তাৰ পৰা আঁতৰত থাকি তেওঁ এটা নতুন মাৰ্গ বিচাৰি উলিয়ালে। আত্মা শাশ্বতই হওক বা অশাশ্বতই হওক, এই সংসাৰততো দুখ আছেই। মনুষ্য জাতিৰ তৃষ্ণাৰ ফলতে এই দুখ উৎপন্ন হয়। আৰ্য্য অষ্টাঙ্গিক মাৰ্গৰ দ্বাৰা সেই তৃষ্ণা ক্ষয় কৰিব পাৰিলেহে মানুহে আৰু মানুহ জাতিয়ে শান্তি-সন্তোষ পাব। আত্মবাদ ত্যাগ নকৰিলে এই নতুন মাগ সম্বন্ধে ধাৰণা নহব। গতিকে ‘খন্ধ সংযুত্ত’ত এই কথাৰ উল্লেখ পোৱা যায় যে বুদ্ধ ভগৱানে পঞ্চবৰ্গীয় ভিক্ষু কেইজনাক চাৰিটা আৰ্য্য সত্যৰ পিচতে আত্মবাদ সম্বন্ধে উপদেশ দিয়ে।[১৩]
ভগৱান বুদ্ধ বাৰাণসীৰ ঋষিপত্তনৰ মৃগদাৱত অৱস্থান কৰিছিল। তাত তেওঁ পঞ্চবৰ্গীয় ভিক্ষু কেইজনক সম্বোধন কৰি কলে, ‘হে ভিক্ষুসকল, জড় শৰীৰ অনাত্মা। শৰীৰ আত্মা হোৱা হেঁতেন সি উপদ্ৰৱকাৰী নহলহেঁতেন আৰু এই বুলি কব পৰা গলহেঁতেন যে মোৰ শৰীৰ এনে হবলৈ দিয়া, বা তেনে হবলৈ নিদিবা। কিন্তু যি হেতু শৰীৰ অনাত্মা, গতিকে সি উপদ্ৰৱকাৰী আৰু এই বুলি কব নোৱাৰি যে সি এনেকুৱা বা তেনেকুৱা হওক।
‘হে ভিক্ষুসকল, বেদনা অনাত্মা। ই আত্মা হোৱা হেঁতেন উপদ্ৰৱকাৰী নহলহেঁতেন আৰু তেতিয়া কব পৰা গলহেঁতেন যে মোৰ বেদনা
এনেকুৱা বা তেনেকুৱা হোৱা উচিত। কিন্তু যিহেতু বেদনা অনাত্মা, গতিকে সি উপদ্ৰৱকাৰী আৰু এই বুলি কব পৰা নাযায় যে সি এনেকুৱা হওক বা তেনে নহওক। এইদৰে সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান অনাত্মা। যদি বিজ্ঞান আত্মা হলহেঁতেন, সি উপদ্ৰৱকাৰী নহলহেঁতেন আৰু তেতিয়া আমি কব পাৰিলেহেঁতেন যে মোৰ বিজ্ঞান এনে হওক বা তেনে নহওক। কিন্তু বিজ্ঞান যিহেতু অনাত্মা, গতিকে সি উপদ্ৰৱকাৰী আৰু আমি কব নোৱাৰোঁ যে আমাৰ বিজ্ঞান এনে হওক বা তেনে নহওক।
‘হে ভিক্ষুসকল, জড় শৰীৰ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান নিত্য নে অনিত্য?'
ভিক্ষু—ভদন্ত, সিহঁত অনিত্য।
ভদন্ত—যি অনিত্য সি সুখকাৰক নে দুখকাৰক?
ভিক্ষু—ভদন্ত, সি দুখকাৰক।
ভদন্ত—আৰু যি দুখকাৰক, বিপৰীতগামী তাৰ বিষয়ে জানো এনেকৈ ভবাটো উচিত হব যে সি মোৰ, সিয়েই মই, ইয়ে মোৰ আত্মা!
ভিক্ষু—নহব, ভদন্ত!
ভদন্ত—গতিকে ভিক্ষুসকল, যথাৰ্থ আৰু সম্যক জ্ঞানেৰে এইটো জানি লোৱা উচিত যে যি কোনো জড় পদাৰ্থ অতীত, অনাগত, প্ৰত্যুৎপন্ন, নিজৰ শৰীৰৰ ভিতৰৰ বা বাহিৰৰ, স্থূল, সূক্ষ্ম, হীন, উৎকৃষ্ট, দূৰৈৰ বা ওচৰৰ—সেই আটাইবোৰে মোৰ নহয়, সি মই নহওঁ, সি মোৰ আত্মা নহয়। এইদৰে প্ৰকৃত সম্যক জ্ঞানেৰে এইটো জানি লোৱা উচিত যে যি কোনো বেদনা, যি কোনো সংজ্ঞা, যি কোনো সংস্কাৰ, যি কোনো বিজ্ঞান, অতীত, অনাগত, প্ৰত্যুৎপন্ন, আমাৰ শৰীৰৰ ভিতৰৰ বা বাহিৰৰ, স্থূল, সূক্ষ্ম, হীন, উৎকৃষ্ট, দূৰৈৰ বা ওচৰৰ—সেই আটাইবোৰ মোৰ নহয়, সি মই নহওঁ, সি মোৰ আত্মা নহয়। হে ভিক্ষুসকল, এইদৰে জনা [ ২৩১ ] বিদ্বান আৰ্য্য শ্ৰাবক জড় পদাৰ্থ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান বিষষত বিৰক্ত হয় আৰু বিৰাগৰ কাৰণে বিমুক্ত হয়।
আত্মাৰ পাঁচ বিভাগ—আত্মা শাশ্বত নে অশাশ্বত, এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াত আহুকাল হোৱাৰ সম্ভাৱনা আছিল। গতিকে ভগৱান বুদ্ধই আত্মা সম্বন্ধে ভালদৰে বুজাই দিয়াৰ অভিপ্ৰায়েৰে তাক পাঁচোটা স্কন্ধত বিভক্ত কৰিছে। যেনে, জড় পদাৰ্থ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান। এই বিভাগ কৰাৰ পৰা স্পষ্টভাৱে দেখা যাব যে আত্মা শাশ্বত বা অশাশ্বত নহয়, কিয়নো পাঁচোটা স্কন্ধই সততে পৰিবৰ্ত্তননশীল অৰ্থাৎ অনিত্য আৰু দুখকাৰক আৰু সেইবাবে এই বুলি ভবা উচিত নহব যে সিহঁত মোৰ বা সি মোৰ আত্মা। এয়ে বুদ্ধৰ অনাত্মবাদ। শাশ্বতবাদ অশাশ্বতবাদৰ কাষলৈকো নাযায়। ভগৱান বুদ্ধই কাত্যায়ন গোত্ৰৰ ভিক্ষুৰ আগত কৈছিল, ‘হে কাত্যায়ন, সৰ্ব্বসাধাৰণ ৰাইজ প্ৰায়ে অস্তিতা বা নাস্তিতা এই দুটাৰ সীমালৈ গুচি যায়। কিন্তু তথাগতই এই দুয়োটা অন্তকে এৰি মধ্যম মাৰ্গৰ পৰা ধৰ্ম্মৰ সম্বন্ধে উপদেশ দিয়ে।[১৪]
অনাৱশ্যকবাদ—ইমানখিনি ব্যাখ্যা কৰাৰ পিচতো কোনোবাই আঁকোৰ-গজালি ভাৱে যদি প্ৰশ্ন কৰে—‘কওকচোন শৰীৰ আৰু আত্মা এক নে ভিন্ন’—তেতিয়া ভগৱানে কব, ‘মই তৰ্ক বিতৰ্ক কৰিবলৈ নাযাওঁ, কিয়নো তাৰ পৰা মনুষ্যজাতিৰ কল্যাণ নহব।' ইয়াৰে কিছু উদাহৰণ ‘চুলমালুংক্যপুত্তসুত্ত’ৰ[১৫]শেহত পোৱা যায়। এই সুত্তৰ সাৰাংশ হল এই :
বুদ্ধ ভগৱান তেতিয়া শ্ৰাৱস্তীৰ অনাথপিণ্ডিকৰ আশ্ৰমত আছিল। এদিনাখন মালুংক্যপুত্ত নামৰ এজন ভিক্ষু তেওঁৰ ওচৰলৈ গল আৰু নমস্কাৰ কৰি এফালে বহিল। তাৰ পিচত ভগৱানক সম্বোধন কৰি কলে, ‘ভদন্ত, অকলশৰে বহি বহি মোৰ মনত এই বিচাৰ উপস্থিত হৈছে যে ভগৱানে এইবোৰ প্ৰশ্নৰ ভালদৰে ব্যাখ্যা কৰা নাই—জগৎ শাশ্বত নে অশাশ্বত? শৰীৰ আৰু আত্মা এক নে ভিন্ন? তথাগতৰ বাবে মৃত্যুৰ পিচত জন্ম আছে নে নাই? আদি। গতিকে মই ভগৱানকে এই প্ৰশ্নবোৰ সুধিবলৈ বিচাৰো আৰু যদিহে ভগৱানে এই প্ৰশ্নবোৰৰ আউল ভাঙি দিব পাৰে তেন্তে মই ভগৱানৰ শিষ্য-শাখাত থাকিম। আৰু যদিহে ভগৱানে এই প্ৰশ্নবোৰৰ মীমাংসা কৰি দিব নোৱাৰে তেন্তে তেওঁ সেই কথা স্পষ্টভাৱে জনাই দিব লাগে।
ভদন্ত-হে মালুংক্যপুত্ত, মই জানো কোনো দিনে তোমাক কৈছোঁ যে তুমি মোৰ শিষ্য হলে মই এই প্ৰশ্নবোৰৰ ব্যাখ্যা কৰি দিম?
মালুংক্যপুত্ত—নাই কোৱা, ভদন্ত।
ভদন্ত -বাৰু, তুমিযে জানো কেতিয়াবা মোক কৈছা যে এই প্ৰশ্ন- বোৰৰ মীমাংসা কৰি দিলে মই ভগৱানৰ ভিক্ষু-সংঘত প্ৰৱেশ কৰিম?
মালুংক্যপুত্ত—নাই কোৱা, ভদন্ত।
ভদন্ত—তেন্তে এতিয়া এই প্ৰশ্নবোৰৰ ব্যাখ্যা নহলে মই ভগৱানৰ শিষ্য নহওঁ বুলি কবলগীয়া নো কিয় হল?
‘হে মালুংক্যপুত্ত, যদি কোনো মানুহৰ শৰীৰত বাণৰ বিহলগা শল্য সোমাই যোৱাৰ ফলত ছটফটাবলৈ ধৰে তেতিয়া তেওঁৰ বন্ধু-বান্ধৱসকলে শল্য-ক্ৰিয়া কৰা বৈদ্যক মতাই নিয়ে। কিন্তু যদি সেই ৰোগীজনে কয়, “এই তীৰ কোনে মাৰিলে সেই প্ৰশ্নৰ উত্তৰ নোপোৱালৈকে মই শল্যত হাতকে লগাবলৈ নিদিওঁ। মাৰোতাজন ব্ৰাহ্মণ নে ক্ষত্ৰিয়? বৈশ্য নে শূদ্ৰ? কলা আছিল নে বগা আছিল? তেওঁৰ ধেনুখন কেনে ধৰণৰ [ ২৩৩ ] আছিল? ধেনুখনৰ জৰীগছ কিহেৰে প্ৰস্তুত আছিল?”—তেনেহলে হে মালুংক্যপুত্ত, তেতিয়া সেই অৱস্থাত এইবোৰ কথা নজনাকৈয়ে মানুহজন মৰি যাব। এইদৰে কোনোবাই যদি খামোচ মাৰি ধৰে যে জগৎ শাশ্বত নে অশাশ্বত আদি কথা নজনালৈকে তেওঁ ব্ৰহ্মচৰ্য্যৰ আচৰণ নকৰে তেন্তে তেৱোঁ এইবোৰ কথা নজনাকৈয়ে মৰি যাব।
“হে মালুংক্যপুত্ত, জগৎ শাশ্বত বা অশাশ্বত এনে দৃষ্টি আৰু বিশ্বাস হলেও তাৰ পৰা যে ধাৰ্ম্মিক আচৰণত সাহায্য হব, এনে নহয়। যদি এনে বিশ্বাস হয় যে জগৎ শাশ্বত, তেতিয়াও জৰা, মৰণ, শোক, পৰি- দেৱনা আদিৰ পৰা মুক্তি পোৱা নাযায়। তেনেদৰে জগৎ শাশ্বত নহয়, শৰীৰ আৰু আত্মা এক নে ভিন্ন, মৰণৰ পিচত তথাগতৰ পুনৰ জন্ম হয় নে নহয় আদিৰ বিষয়ে আমি বিশ্বাস কৰো বা নকৰোঁ, জন্ম, জৰা, মৰণ, পৰিদেৱনা আদিতো থাকিবই। গতিকে মালুংক্যপুত্ত, মই এইবোৰ কথাৰ আলোচনাৰ মেৰত সোমোৱা নাই, কিয়নো এইবোৰ বাদ-বিবাদৰ দ্বাৰা ব্ৰহ্মচৰ্য্যত কোনো প্ৰকাৰৰ স্থিৰতা আহিব নোৱাৰে। সেই তৰ্কবাদৰ পৰা বৈৰাগ্য উৎপন্ন নহয়, পাপৰ নিৰোধ নহয়, শান্তি, প্ৰজ্ঞা, সম্বোধ আৰু নিৰ্ব্বাণ প্ৰাপ্তিও নহয়।
‘কিন্তু হে মালুংক্যপুত্ত, মই স্পষ্টভাৱে দেখিছোঁ যে এয়ে দুখ, এয়ে দুখৰ সমুদায়, এয়ে দুখৰ নিৰোধ আৰু ইয়েই দুখ নিৰোধৰ মাৰ্গ, কিয়নো চাৰিটা আৰ্য্য সত্যই ব্ৰহ্মচৰ্য্যত স্থিৰতা আনি দিয়ে, তাৰ পৰা বৈৰাগ্য আহে, পাপৰ নিৰোধ হয়, শান্তি, প্ৰজ্ঞা, সম্বোধ আৰু নিৰ্ব্বাণ প্ৰাপ্তি হয়। গতিকে হে মালুংক্যপুত্ত, মই যিবোৰ কথাৰ চৰ্চ্চা কৰা নাই, তোমালোকেও তাৰ চৰ্চ্চা নকৰিবা, মই যিবোৰ কথাৰ ব্যাখ্যা কৰিছোঁ তোমালোকেও সেইবোৰেই ব্যাখ্যাৰ যোগ্য বুলি ধৰি লবাহঁক।
ইয়াৰ অৰ্থ হল এয়ে যে আত্মা পঞ্চ স্কন্ধেৰে সৃষ্ট হলেও তাৰ আকাৰ- প্ৰকাৰ কেনে, সি সেই ৰূপেৰে পৰলোকলৈ যায় নে নাযায় আদি [ ২৩৪ ] কথাৰ চৰ্চ্চা কৰিলে জটিলতাৰহে সৃষ্টি হয়। জগতত অপাৰ দুখ আৰু মনুষ্য জাতিৰ তৃষ্ণাৰ বাবে সি উৎপন্ন হয় কাৰণে অষ্টাঙ্গিক মাৰ্গৰ দ্বাৰা তৃষ্ণা নিৰোধ কৰি সংসাৰত সুখ-শান্তি স্থাপন কৰাটো প্ৰতিজন লোকৰে কৰ্ত্তব্য। এয়ে পোনপটীয়া মাৰ্গ আৰু ইয়েই ভগৱান বুদ্ধৰ দৰ্শন।
ঈশ্বৰবাদ
ভগৱান বুদ্ধই ঈশ্বৰ নামানিছিল বুলি কিছুমান লোকে ধাৰণা কৰে। কিন্তু বৌদ্ধ-সাহিত্য আৰু প্ৰাচীন উপনিষদ পঢ়িলে দেখা যায় যে এইৰূপ ধাৰণাত কোনো তথ্য নাই। তথাপি মানুহৰ মনত থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে বুদ্ধৰ সমসাময়িক ঈশ্বৰবাদ সম্বন্ধে আলোচনা কৰাটো উচিত হব।
‘অঙ্গুত্তৰনিকায়’ৰ তিক-নিপাত (সুত্ত সং ৬১) আৰু ‘মঝজিম- নিকায়’ৰ দেৱদহত (সুত্ত সং ১০১) ‘ঈশ্বৰ’ শব্দটোৰে উল্লেখ পোৱা যায়। তাৰে প্ৰথম সুত্তটোত ঈশ্বৰ সম্বন্ধে তলত দিয়া বৰ্ণনা পোৱা যায়—
ভগৱানে কয়, “হে ভিক্ষুসকল, যি মানুহে এই বুলি কয আৰু বিশ্বাস কৰে যে মনুষ্য প্ৰাণীয়ে যিবোৰ সুখ, দুখ আৰু উপেক্ষা ভোগ কৰে সেই সকলোবোৰেই ঈশ্বৰৰ সৃষ্টি ( ইসৰ নিম্মান হেতু) তেনে মানুহক মই সোধোঁ যে সেয়ে জানো তেওঁৰ মত? আৰু যেতিয়া “হয়” বুলি কয় তেতিয়া মোৰ প্ৰশ্ন হল যে তুমি যদি ঈশ্বৰৰ দ্বাৰা সৃষ্ট হৈও প্ৰাণঘাতী, চোৰ, অব্ৰহ্মচাৰী, অসত্যবাদী, টুটকীয়া, গালি-গালাজ কৰোঁতা, মিথ্যা বলকা, আনৰ ধনৰ প্ৰতি লোভী, হিংসাকুৰীয়া আৰু মিথ্যাদৃষ্টিক হৈ পৰিলা? হে ভিক্ষুসকল, এই সকলোবোৰ ঈশ্বৰে কৰাটোকে সত্য বুলি মানি ললে সৎকৰ্ম্মৰ প্ৰতি অনুৰাগ আৰু উৎসাহ নাথাকিব, এইটোও বুজিব পৰা নাযাব যে অমুকটো কৰা উচিত বা তমুকটো কৰা অনুচিত।” [ ২৩৫ ] এই ঈশ্বৰৰ সৃষ্টি সম্বন্ধে ‘দেৱদহ সুত্ত’তো উল্লেখ কৰা হৈছে। কিন্তু এই কথাবোৰ প্ৰক্ষিপ্ত বুলি মনত ঘোৰ সন্দেহ হয়, কিয়নো আন কোনো সুত্ততে এই কল্পনা পোৱা নাযায়। বুদ্ধৰ সময়ত মুখ্য দেৱতা আছিল ব্ৰহ্মা। কিন্তু তেওঁ বেলেগ ধৰণৰ কৰ্ত্তা আছিল, বাইবেলৰ দেৱতাৰ নিচিনা নহয়। বিশ্ব সৃষ্টি হোৱাৰ পিচত তেওঁ অৱতীৰ্ণ হয় আৰু তাৰ পিচত আন আন প্ৰাণী উৎপন্ন হয়। এই কাৰণে তেওঁক ভূত-ভব্যৰ কৰ্ত্তা বুলি বৰ্ণনা কৰিবলৈ লোৱা হ'ল। ‘ব্ৰহ্মজালসুত্ত’ত উল্লিখিত তেওঁৰ বৰ্ণনাৰ সাৰাংশ হল এই-
‘বহু সমযৰ পিচত এই সংসাৰৰ সংৱৰ্ত (নাশ) হয় আৰু তাৰ বেচি ভাগ প্ৰাণী জ্যোতিৰ্ম্ময দেৱলোকলৈ যায়। তাৰ পিচত ভালেমান সময়ৰ পিচত এই সংসাৰৰ ৱিৱৰ্ত (বিকাশ) হবলৈ ধৰে। তেতিয়া প্ৰথমতে ৰিক্ত ব্ৰহ্মবিমান উৎপন্ন হয়। তাৰ পিচত জ্যোতিৰ্ম্ময় দেব- লোকৰ এটা প্ৰাণী তাৰ পৰা চ্যুত হৈ এই বিমানত জন্ম লয়। সি মনোময়, প্ৰীতিভক্ষ্য, স্বয়ংপ্ৰভ, অন্তৰিক্ষচৰ, শুভস্থায়ী আৰু দীৰ্ঘজীৱী হয়। ইয়াৰ পিচত আন কিছুমান প্ৰাণী জ্যোতিৰ্ম্ময় দেৱলোকৰ পৰা চ্যুত হৈ সেই বিমানত জন্ম লয়। তেওঁলোকক এনে যেন লাগে যে সেয়ে ভগৱান ব্ৰহ্মা, মহা ব্ৰহ্মা, অভিভূ, সৰ্ব্বদৰ্শী, বশৱৰ্ত্তী, ঈশ্বৰ, কৰ্ত্তা, নিৰ্ম্মাতা, শ্ৰেষ্ঠ, সৰ্জিতা, ৱশী আৰু ভূত-ভব্যৰ পিতৃ।’
ব্ৰহ্মা দেৱানাং প্ৰথম সংবভূৱ বিশ্বস্য কৰ্ত্তা ভূৱনস্য গোপ্তা।[১৬]
এই বাক্যত সংক্ষেপতে ব্ৰহ্মাৰ উল্লিখিত কল্পনা দিয়া হৈছে। তাৰ দ্বাৰা ব্ৰহ্মাক জগতৰ কৰ্ত্তা কৰি তুলিবলৈ ব্ৰাহ্মণ সকলৰ চেষ্টা স্পষ্ট ভাৱে দেখা যায়। কিন্তু সেই সময়ৰ শ্ৰমণ সংস্কৃতিৰ আগত এই প্ৰয়াস সফল নহল। ব্ৰাহ্মণ সকলে নিজেই সেই চেষ্টা এৰি দি ‘ব্ৰহ্মৰ নিচিনা নপুংসক
লিঙ্গৰ শব্দ এটা স্বীকাৰ কৰি লব লগীয়াত পৰিল আৰু প্ৰায় আটাইবোৰ উপনিষদতে এই ব্ৰহ্মশব্দকেই বিশেষ মহত্ব দিয়া হৈছে।
ব্ৰহ্মৰ পৰা বা আত্মাৰ পৰা সংসাৰ উৎপত্তি কিদৰে হল সেই সম্বন্ধে ‘বৃহদাৰণ্যক উপনিষদ’ত এটা কল্পনা পোৱা যায়। এই কল্পনা হল এই ধৰণৰ :
আত্মৈৱেদমগ্ৰ আসীৎ পুৰুষবিধঃ••••••স ৱৈ নৈৱ ৰেমে তস্মাদেকাকী ন ৰমতে। স দ্বিতীয়মৈচ্ছৎ। স হৈতাৱানাস যথা স্ত্ৰী পুমাংসৌ সংপৰিষ্ বক্তৌ। স ইমমেৱাত্মানং দ্বেধা পাতয়ত্ততঃ পতিশ্চ পত্নী চাভৱতাং তম্মাদিদমৰ্ধবৃগলমিৱ স্ব ইতি।
অৰ্থাৎ ‘পোন পহিলতে মাথোন পুৰুষৰূপী আত্মাহে আছিল। তেওঁৰ মন নবহিল। গতিকে মানুহে অকলে আনন্দ নকৰে। তেওঁ আন এজনক বিচাৰিবলৈ ধৰিলে আৰু যিদৰে মুনিহ-তিৰোতাই এজনে আনজনক আঁকোৱালি ধৰে, তেৱোঁ তেনেকৈ থাকিল। তেওঁ নিজকে দ্বিধা কৰিলে। ইয়াৰ ফলত পতি আৰু পত্নীৰ সৃষ্টি হল। ইয়াৰ ফলত শৰীৰ (দ্বিদল ধান্যৰ) দলৰ নিচিনা হল।[১৭]
এতিয়া বাইবেলৰ[১৮]দ্বিতীয় অধ্যাযত দিয়া উৎপত্তিৰ কথালৈ লক্ষ্য কৰক।
‘তেতিয়া পৰমেশ্বৰদেৱে ভূমিৰ মাটিৰে মানুহ গঢ়িলে -তেতিয়া দেৱে আদমৰ (সেই মানুহজনৰ) ওপৰত গভীৰ নিদ্ৰা পেলাই দিলে আৰু তেওঁৰ কামিহাড উলিয়াই তাৰ পৰা তিৰোতাৰ সৃষ্টি কৰিলে .............. ইয়াৰ ফলত পুৰুষে নিজৰ বাপেক-মাকক এৰি নিজৰ তিৰোতাৰ লগত সাঙোৰ খাই থাকিব, তেওঁলোকৰ দেহ একেটা হব।’
এই দুটা উৎপত্তিৰ বিৱৰণত কিমান প্ৰভেদ! ইয়াত দেৱতাই
সমগ্ৰ পৃথিবী নিৰ্ম্মাণ কৰি তাৰ পিচত মানুহক আৰু মানুহৰ কামি- হাড়েৰে তিৰোতাৰ সৃষ্টি কৰে। দেৱ জগতৰ পৰা সম্পূৰ্ণ পৃথক। আনটোৰ মতে আকৌ পুৰুষৰূপী আত্মা স্বয়ং দ্বিধা হৈ তিৰোতা আৰু পুৰুষৰ সৃষ্টি কৰে।
প্ৰজাপতিৰ উৎপত্তি—প্ৰজাপতি অৰ্থাৎ জগৎকৰ্ত্তা ব্ৰহ্মাৰ সম্বন্ধে ‘বৃহদাৰণ্যক উপনিষদ’ত[১৯] এই বুলি উল্লেখ কৰা হৈছে:
আপ এৱেদমগ্ৰ আসুস্তা আপঃ সত্যমসৃজন্ত, সত্যং বক্ষ, ব্ৰহ্ম প্ৰজাপতিং, প্ৰজাপতিৰ্দেৱাংস্তে দেৱাঃ সত্যমেৱোপাসতে॥
অৰ্থাৎ ‘পোন পহিলতে মাথোন পানী আছিল। সেই পানীয়ে সত্যক, সত্যই ব্ৰহ্মক, ব্ৰহ্মাই প্ৰজাপতিক আৰু প্ৰজাপতিয়ে দেৱসকলক সৃষ্টি কৰিলে, এই দেৱসকলে সত্যৰেই উপাসনা কৰে।’
‘বাইবেল’ৰ সপ্তম অধ্যায়ত জলপ্ৰলয়ৰ পিচত আকৌ সৃষ্টি নিৰ্ম্মাণৰ কথা পোৱা যায়, কিন্তু তেতিয়া ভগৱানে আগতেই নোৱাৰ পৰিয়াল আৰু পশুপক্ষীৰ জোৰ (মতা-মাইকী) নাৱত ভৰাই ৰখাৰ দিহা কৰিছিল আৰু তাৰ পিচত জলপ্ৰলয় কৰিছিল।[২০] উপনিষদত হলে জলপ্ৰলয়ৰ আগতে কি আছিল তাক কোৱা হোৱা নাই, আনকি সত্যক ব্ৰহ্মদেৱ আৰু ব্ৰহ্মত্বতকৈও ওখ আসনত ৰখা হৈছে। ‘ব্ৰহ্মজালসুত্ত’ত দিয়া ব্ৰহ্মোৎপত্তিৰ কথা এই কথাৰ ভালেখিনি ওচৰ চাপে।
ঈশ্বৰ জগতৰ পৰা পৃথক আক তেৱেঁই সৃষ্টিৰ নিৰ্ম্মাণ কৰে— কল্পনা বোধহয় শকসকলে ভাৰতবৰ্ষলৈ আমদানী কৰিছিল, কিয়নো ইয়াৰ আগৰ সাহিত্যত এই কল্পনা এই ৰূপেৰে পোৱা নাযায়। গতিকে বুদ্ধই ঈশ্বৰ নামানিছিল আৰু তেওঁ নাস্তিক আছিল বুলি মন্তব্য কৰাটো
যুক্তিসঙ্গত নহব। ব্ৰাহ্মণ সকলে তেওঁৰ ওপৰত এই বুলি দোষ দিছিল যে তেওঁ বেদৰ নিন্দা কৰিছিল, গতিকে তেওঁ নাস্তিক আছিল। কিন্তু বুদ্ধই বেদৰ নিন্দা কৰাৰ কথাও ক'তো পোৱা নাযায। আৰু ব্ৰাহ্মণসকলৰ পক্ষে মান্য ‘সংখ্যকাৰিকা' আদি গ্ৰন্থতো জানো বেদৰ কম নিন্দা কৰা হৈছে?
দৃষ্টৱদান শ্ৰৱিকঃ
স হ্যৱিশুদ্ধিক্ষযাতিশয়যুক্তঃ।
অৰ্থাৎ ‘দৃষ্ট উপাযৰ নিচিনাকৈযে বৈদিক উপায়ো (নিৰুপযোগী), কিয়নো সি অবিশুদ্ধি, নাশ আৰু অতিশয়যুক্ত।’
আৰু জানো ‘ত্ৰৈগুণ্য ৱিষয়া ৱেদাঃ' আদি বেদৰ নিন্দা ‘ভগৱদগীতা’ত পোৱা নাযায়! কিন্তু সাংখ্যত ব্ৰাহ্মণসকলৰ জাতিভেদৰ ওপৰত কোনোৰূপ আঘাত কৰা হোৱা নাই আৰু ভগৱদগীতাইতো খোলাখুলিকৈয়ে জাতিভেদ সমৰ্থন কৰিছে। গতিকে এইবোৰ গ্ৰন্থত কৰা বেদ নিন্দা সহ্য কৰা হয। আন হাতে আকৌ বুদ্ধই বেদ-নিন্দা কৰা নাছিল, কিন্তু জাতিভেদৰ ওপৰত তেওঁ বিষম আঘাত কৰিছিল, এতেকে তেওঁক বেদনিন্দুক বুলি সাব্যস্ত কৰা হয়। বেদেই জাতি-ভেদ আৰু জাতি-ভেদেই বেদ। এইখিনিত দুয়োৰো মাজত সামঞ্জস্য আছে। জাতি-ভেদ নহলে বেদ কেনেকৈ থাকিব? আৰু জাতি-ভেদ অক্ষুন্ন থাকিলে বেদৰ লাগিলে এটা অক্ষৰৰো জ্ঞান নাথাকক তথাপি বেদ-প্ৰামাণ্য-বুদ্ধি অক্ষুন্ন থকা হেতুকে বেদো অক্ষুণ্ণ থকা বুলি ধৰি লব লাগিব।
ওপৰত কৰি অহা আলোচনাৰ পৰা স্পষ্টভাৱে দেখা যায় যে বুদ্ধৰ সমসাময়িক শ্ৰমণ ব্ৰাহ্মণ সকলে ঈশ্বৰবাদত অলপো গুৰুত্ব আৰোপ নকৰিছিল। তাৰে কিছুমানে ঈশ্বৰৰ ঠাইত কৰ্ম্ম মানিছিল আৰু কেতিয়াবা কেতিয়াবা বুদ্ধ কৰ্ম্মবাদী নহয়, গতিকে তেওঁ নাস্তিক-এনে ধৰণে বুদ্ধৰ ওপৰত দোষাৰোপ কৰা হৈছিল। এই সম্পৰ্কীয় ভুল ধাৰণা সম্বন্ধে ইয়াৰ পিচৰ অধ্যায়ত আলোচনা কৰা হব।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )
- ↑ চাওক, পৃষ্ঠা ৭৪-৭৬