পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্মবাদ
১৮১
 


নাই, কোনো কাৰণ নাই। হেতু নোহোৱাকৈ, কাৰণ লোহোৱাকৈয়ে প্ৰাণী অপৱিত্ৰ হয়। প্ৰাণীৰ শুদ্ধিৰ বাবে কোনো হেতু নাই, কোনো কাৰণ নাই। হেতু নোহোৱাকৈ, কাৰণ নোহোৱাকৈ প্ৰাণী শুদ্ধ হয়। নিজৰ সামৰ্থ্যৰে একো নহয়। আনৰ সামৰ্থ্যৰেও একো নহয়। পুৰুষৰ সামৰ্থ্যৰে একো নহয়। (একোতে) বল নাই, বীৰ্য্য নাই, পুৰুষ- শক্তি নাই, পুৰুষ-পৰাক্ৰম নাই। সৰ্ব্বসত্ত্ব, সৰ্ব্বপ্ৰাণী, সৰ্ব্বভূত, সৰ্ব্বজীৱতো অৱশ, দুৰ্ব্বল আৰু নিবীৰ্য্য। সিহঁত (ভাগ্য), সঙ্গতি আৰু স্বভাৱৰ কাৰণে পৰিণত হয় আৰু ছটাৰ ভিতৰত কোনোবা এটা জাতিত (শ্ৰেণীত) থাকি সুখ-দুখ উপভোগ কৰে। বুদ্ধিমান আৰু মূৰ্খসকলে চৌৰাশী লাখ মহাকম্পৰ চক্ৰত ঘূৰি যাব লাগে। তেতিয়াহে তেওঁলোকৰ দুখৰ নাশ হয়। যদিহে কোনোবাই কয় যে এই শীলৰ দ্বাৰা, এই ব্ৰতৰ দ্বাৰা, এই তপৰ দ্বাৰা অথবা ব্ৰহ্মচৰ্য্যৰ দ্বাৰা অপৰিপক্ক কৰ্ম্মক পৰিপক্ক কৰিম নাইবা পৰিপক্ক কৰ্ম্মৰ ফল উপভোগ কৰি তাক নষ্ট কৰি দিম, তেন্তে তাৰ দ্বাৰা সি হৈ নুঠিব। এই সংসাৰত সুখ-দুখ ইমান নিশ্চিত যে তাক পৰিমিত দ্ৰোণৰ (দোণ বা ওজনৰ) দ্বাৰা জুখিব পৰা যায। তাক কম বা বেচি কৰিব পৰা নাযায়। যেনেকৈ কোনো সূতাৰ মহুৰা পেলাই দিলে সি সম্পূৰ্ণ ভাৱে ওলাই নোযোৱালৈকে মহুৰাটো আগলৈ গৈ থাকে তেনেদৰে বুদ্ধিমান আৰু মূৰ্খৰ দুখ তেতিয়াহে নাশ হব যেতিয়া তেওঁলোকে (সংসাৰৰ) সমগ্ৰ চক্ৰ সম্পূৰ্ণভাৱে ঘূৰি আহিব পাৰে।'

 উচ্ছেদবাদ—অজিত কেসকম্বল উচ্ছেদবাদী আছিল। তেওঁ কৈছিল, ‘দান, যজ্ঞ আৰু হোমত কোনো সাৰমৰ্ম্ম নাই, ভাল আৰু বেয়া কৰ্ম্মৰ ফল আৰু পৰিণাম নহয়, ইহলোক, পৰলোক, আই-বোপাই অথবা ঔপপাতিক (দেৱতা বা নৰকবাসী) প্ৰাণ নাই, ইহলোক আৰু