পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
ভগৱান বুদ্ধ


শ্ৰমণসকলৰ তপশ্চৰ্য্যাও সমৰ্থন নকৰিছিল। ‘সৰ্ব-দৰ্শন-সংগ্ৰহ’ত এই বুলি কোৱা হৈছে :

অগ্নিহোত্ৰং ত্ৰয়ো ৱেদাস্বিদণ্ডং ভস্মগুণ্ঠনম্।
বুদ্ধিপৌষহীনানাং জীৱিকা ধাতৃনিৰ্মিতা॥


 অৰ্থাৎ ‘অগ্নিহোত্ৰ, তিনি বেদ, ত্ৰিদণ্ডধাৰণ আৰু ভস্ম সনাই হ’ল ব্ৰহ্মাই বুদ্ধিহীন আৰু পৌৰুষহীন লোকৰ বাবে সৃষ্টি কৰি দিয়া জীৱিকা।’

 তথাপি অজিতক শ্ৰমণ বুলি গণ্য কৰা হৈছিল। ইয়াৰ কাৰণ হল বৈদিক হিংসা তেওঁ সমূলি ভাল নাপাইছিল, আৰু তেওঁ তপস্যা নকৰিলেও শ্ৰমণসকলৰ আচাৰ-বিচাৰ মানি চলিছিল। শ্ৰমণসকলৰ আত্মবাদৰ পৰাও তেওঁ অলিপ্ত নাছিল। আত্মা সম্বন্ধে তেওঁৰ কল্পনা আছিল যে চাৰিটা মহাভূতৰ পৰা আত্মাৰ সৃষ্টি আৰু মৰাৰ পিচত সি আকৌ চাৰিটা মহাভূততে মিলেগৈ। গতিকে তেওঁৰ এই মত হোৱাটো স্বাভাৱিক আছিল :

যাৱজ্জীৱং সুখং জীৱেম্নাস্তি মৃত্যোৰগোচৰঃ
ভস্মীভূতস্য দেহস্য পুনৰাগমং কুতঃ ॥

 অৰ্থাৎ ‘যেতিয়ালৈকে জীয়াই থাকা, সুখেৰে থাকা, কিয়নো মৃত্যুৰ হাতত নপৰা প্ৰাণী কোনো নাই আৰু দেহা ছাই হৈ গলে সি আৰু ক’ৰপৰা উভতি আহিব?’

 কেসকম্বলৰ এই দৰ্শনৰ আধাৰতে লোকায়ত অৰ্থশাস্ত্ৰ ৰচিত হয় আৰু কৌটিল্যৰ নিচিনা আচাৰ্য্যসকলে তাৰ বিকাশ সাধন কৰে।

 অন্যোন্যৱাদ আৰু বৈশেষিক দৰ্শন—পকুধ কচ্চায়নৰ অন্যোন্যবাদ ৱৈশেষিক দৰ্শনৰ নিচিনাই আছিল। কিন্তু তেওঁৰ সাত পদাৰ্থ আৰু ৱৈশেষিকসকলৰ সাত পদাৰ্থৰ মাজত বৰ কমহে সাম্য আছে। কচ্চায়নৰ শ্ৰমণসংঘ বৰ ডাঙৰ আছিল, তথাপি তেওঁৰ পৰম্পৰা