পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
ভগৱান বুদ্ধ
 


পৰলোকৰ আনক ভাল জ্ঞান লাভ কৰাই দিব পৰা দাৰ্শনিক আৰু উচিত মাৰ্গেৰে চলা শ্ৰমণ ব্ৰাহ্মণ এই সংসাৰত নাই। মনুষ্য চাৰি ভূতেৰে সৃষ্ট। যেতিয়া তেওঁ মৰে তেতিয়া তেওঁৰ ভিতৰৰ পৃথ্বাধাতু পৃথ্বীত, আপো-ধাতু পানীত, তেজো-ধাতু তেজত, আৰু বায়ুধাতু গৈ বায়ুত মিলে আৰু ইন্দ্ৰিযবোৰ আকাশলৈ গুচি যায়। মৰা মানুহক চাঙীত তুলি চাৰিজন মানুহে শ্মশানলৈ লৈ যায়। তেওঁৰ গুণ-অৱগুণৰ আলোচনা কৰা হয়, কিন্তু তেওঁৰ অস্থিবোৰ বগা হৈ আহুতিবোৰে ভষ্ম ৰূপ ধাৰণ কৰে। মূৰ্খলোকহঁতেই দানৰ আহুকালৰ সৃষ্টি কৰিছে। যিসকলে আস্তিকবাদৰ কথা কয, তেওঁলোকৰ সেই কথা তেনেই মিছা আৰু বৃথা তৰ্ক। শৰীৰ ভেদ হোৱাৰ পিচত বিদ্বান আৰু মূৰ্খসকলৰ উচ্ছেদ হয়, তেওঁলোক নষ্ট হয়। মৃত্যুৰ পিচত তেওঁলোকৰ একো অৱশেষ নাথাকে।'

 অন্যোন্যবাদ-পকুধ কচ্চায়ন অন্যোন্যবাদী আছিল। তেওঁ কৈছিল, ‘সাতোটা পদাৰ্থ কোনোবাই কৰা, কৰোৱা, তৈয়াৰ কৰা বা তৈয়াৰ কৰোৱা নহয়, সিহঁত বন্ধ্য, কূটস্থ আৰু নগৰ দ্বাৰৰ স্তম্ভৰ নিচিনা অচল।[৩] সিহঁত অলৰ-অচৰ, অপৰিবৰ্ত্তনীয়, সিহঁতে এটাই আনটোক নোজোকায়, সিহঁতৰ এটাই আনটোৰ সুখ-দুখ উৎপন্ন কৰিবলৈকো অক্ষম। সিহঁতনো কি? সি হল পৃথ্বী, অপ, তেজ, বায়ু, সুখ, দুখ আৰু জীৱ। ইয়াক মাৰোতা, মৰাওতা, শুনোতা, শুনাওতা, জানোতা বা জনাওতা কোনো নাই। কোনোবাই তীক্ষ্ণ অস্ত্ৰেৰে কাৰোবাৰ মূৰ কাটি দিলে, তেওঁ তেওঁৰ প্ৰাণ লব নোৱাৰে। মাথোন এই খিনিকে


(৩)^ যুদ্ধত যাতে শত্ৰুৰ হাতীয়ে নগৰ দ্বাৰৰ ওপৰত পোনে পোনে আক্ৰমণ কৰিব নোৱাৰে, সেই উদ্দেশ্যে সমুখত এটা সুদৃঢ় খুটা পুতি দিয়া হৈছিল, তাক পালি ভাষাত 'এসিকা' বা ‘ইন্দখিল' বোলা হয়।