পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্মবাদ
১৯৫
 


বিদ্বান আৰ্য্য শ্ৰাবক জড় পদাৰ্থ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান বিষষত বিৰক্ত হয় আৰু বিৰাগৰ কাৰণে বিমুক্ত হয়।

 আত্মাৰ পাঁচ বিভাগ—আত্মা শাশ্বত নে অশাশ্বত, এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াত আহুকাল হোৱাৰ সম্ভাৱনা আছিল। গতিকে ভগৱান বুদ্ধই আত্মা সম্বন্ধে ভালদৰে বুজাই দিয়াৰ অভিপ্ৰায়েৰে তাক পাঁচোটা স্কন্ধত বিভক্ত কৰিছে। যেনে, জড় পদাৰ্থ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান। এই বিভাগ কৰাৰ পৰা স্পষ্টভাৱে দেখা যাব যে আত্মা শাশ্বত বা অশাশ্বত নহয়, কিয়নো পাঁচোটা স্কন্ধই সততে পৰিবৰ্ত্তননশীল অৰ্থাৎ অনিত্য আৰু দুখকাৰক আৰু সেইবাবে এই বুলি ভবা উচিত নহব যে সিহঁত মোৰ বা সি মোৰ আত্মা। এয়ে বুদ্ধৰ অনাত্মবাদ। শাশ্বতবাদ অশাশ্বতবাদৰ কাষলৈকো নাযায়। ভগৱান বুদ্ধই কাত্যায়ন গোত্ৰৰ ভিক্ষুৰ আগত কৈছিল, ‘হে কাত্যায়ন, সৰ্ব্বসাধাৰণ ৰাইজ প্ৰায়ে অস্তিতা বা নাস্তিতা এই দুটাৰ সীমালৈ গুচি যায়। কিন্তু তথাগতই এই দুয়োটা অন্তকে এৰি মধ্যম মাৰ্গৰ পৰা ধৰ্ম্মৰ সম্বন্ধে উপদেশ দিয়ে।[১৪]

 অনাৱশ্যকবাদ—ইমানখিনি ব্যাখ্যা কৰাৰ পিচতো কোনোবাই আঁকোৰ-গজালি ভাৱে যদি প্ৰশ্ন কৰে—‘কওকচোন শৰীৰ আৰু আত্মা এক নে ভিন্ন’—তেতিয়া ভগৱানে কব, ‘মই তৰ্ক বিতৰ্ক কৰিবলৈ নাযাওঁ, কিয়নো তাৰ পৰা মনুষ্যজাতিৰ কল্যাণ নহব।' ইয়াৰে কিছু উদাহৰণ ‘চুলমালুংক্যপুত্তসুত্ত’ৰ[১৫]শেহত পোৱা যায়। এই সুত্তৰ সাৰাংশ হল এই :


(১৪)^ 'নিদান সংযুত্ত’, ৱগ্‌গ, ২, সুত্ত ৫।
(১৫)^ মঝিমনিকায়, স. ৬৩।