পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮০
ভগৱান বুদ্ধ
 


উল্লেখ কৰি আহিছোঁহক যে সেই সময়ত মুঠতে ৬২ টা শ্ৰমণ-পন্থ আছিল।[২] সেইবোৰৰ কোনোটোৱে আত্মবাদৰ পৰা মুক্ত নাছিল। কিন্তু এতিয়া আৰু সেই আটাইবোৰৰে দৰ্শন সম্বন্ধে জানিব পৰা নাযায। তাৰে ছটা ডাঙৰ ডাঙৰ সংঘৰ দৰ্শনৰ ভালেখিনি অংশ সম্বন্ধে পালি সাহিত্যৰ পৰা জানিব পৰা যায; আৰু তাৰ পৰা আন আন শ্ৰমণ ব্ৰাহ্মণসকলৰ আত্মবাদ সম্বন্ধে অনুমান কৰিব পাৰি। গতিকে প্ৰথমে তেওঁলোকৰ দৰ্শন সম্বন্ধে আলোচনা কৰাটো উচিত হব।

 অক্ৰিয়বাদ—এই ছটা সংঘৰ প্ৰথমটোৰ নেতা পূৰণ কস্‌সপ অক্ৰিয়বাদৰ সমৰ্থক আছিল। তেওঁ কৈছিল—‘যদিহে কোনোবাই কিবা কৰে বা কৰায়, কাটে বা কটায কটায়, কষ্ট দিয়ে বা দিযায দিযায়, শোক কৰে বা কৰায কৰায়, কাৰোবাৰ কিবা দুখ হয বা কোনোবাই দুখ দিযে দিয়ে, ভয় লাগে বা ভয় খুৱায খুৱায়, প্ৰাণী হত্যা কৰে, চুৰি কৰে, ঘৰত সিন্ধি দিয়ে, ডকাইতি কৰে, একেটা ঘৰৰ ওপৰত আক্ৰমণ কৰে, লোটপাট কৰে, পৰদাৰ গমন কৰে বা অসত্য কথা কয, তেনেহলেও তেওঁৰ পাপ নহয়। অতি চোকা চক্ৰেৰে যদি কোনোবাই এই সংসাৰৰ পশুবোৰৰ মঙ্গহৰ দম কৰে তথাপিও তাত অলপো পাপ নহয়। তাত কোনো দোষ নাই। গঙ্গা নৈৰ দক্ষিণ পাৰলৈ গৈ যদি কোনোবাই মাৰপিট কৰে, কাটে বা কটায়, কষ্ট দিয়ে বা দিয়ায়, তথাপিও তাত অলপো পাপ নহয়। গঙ্গা নৈৰ উত্তৰ পাৰলৈ গৈ যদি কোনোবাই ভালেমান দান কৰে বা কৰায়, যজ্ঞ কৰে বা কৰায়, তথাপিও তাৰ পৰা তেওঁৰ কোনো পুণ্য নহয়। দান, ধৰ্ম্ম, সংযম আৰু সত্য ভাষণৰ পৰা পুণ্য লাভ নহয়।’

 নিয়তিবাদ-মক্‌খলি গোসাল সংসাৰ-শুদ্ধিবাদী বা নিয়তিবাদী আছিল। তেওঁ কৈছিল, ‘প্ৰাণীৰ অপৱিত্ৰতাৰ কাৰণে কোনো হেতু


(২)^ চাওক, পৃষ্ঠা ৬৭-৬৮