পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্মবাদ
১৯৩
 
 

আত্মবাদ ত্যাগ

 ভগৱান বুদ্ধই সুখ উপভোগ আৰু তপস্যা এই দুয়োটা মাৰ্গই বৰ্জ্জনীয় বুলি অনুভৱ কৰিলে, কিয়নো তাৰ পৰা মনুষ্য জাতিৰ দুখৰ মাত্ৰা কম নহয়। এই দুটা অন্তৰ দ্বাৰা নিজৰ ভিতৰতে হাইকাঁজিয়া কৰা জন সাধাৰণে শান্তি পাব নোৱাৰে। এই অন্ত দুটাৰ কাৰণ আত্মবাদ বুলিয়ে বোধিসত্ত্বৰ বিশ্বাস হল, গতিকে তাৰ পৰা আঁতৰত থাকি তেওঁ এটা নতুন মাৰ্গ বিচাৰি উলিয়ালে। আত্মা শাশ্বতই হওক বা অশাশ্বতই হওক, এই সংসাৰততো দুখ আছেই। মনুষ্য জাতিৰ তৃষ্ণাৰ ফলতে এই দুখ উৎপন্ন হয়। আৰ্য্য অষ্টাঙ্গিক মাৰ্গৰ দ্বাৰা সেই তৃষ্ণা ক্ষয় কৰিব পাৰিলেহে মানুহে আৰু মানুহ জাতিয়ে শান্তি-সন্তোষ পাব। আত্মবাদ ত্যাগ নকৰিলে এই নতুন মাগ সম্বন্ধে ধাৰণা নহব। গতিকে ‘খন্ধ সংযুত্ত’ত এই কথাৰ উল্লেখ পোৱা যায় যে বুদ্ধ ভগৱানে পঞ্চবৰ্গীয় ভিক্ষু কেইজনাক চাৰিটা আৰ্য্য সত্যৰ পিচতে আত্মবাদ সম্বন্ধে উপদেশ দিয়ে।[১৩]

 ভগৱান বুদ্ধ বাৰাণসীৰ ঋষিপত্তনৰ মৃগদাৱত অৱস্থান কৰিছিল। তাত তেওঁ পঞ্চবৰ্গীয় ভিক্ষু কেইজনক সম্বোধন কৰি কলে, ‘হে ভিক্ষুসকল, জড় শৰীৰ অনাত্মা। শৰীৰ আত্মা হোৱা হেঁতেন সি উপদ্ৰৱকাৰী নহলহেঁতেন আৰু এই বুলি কব পৰা গলহেঁতেন যে মোৰ শৰীৰ এনে হবলৈ দিয়া, বা তেনে হবলৈ নিদিবা। কিন্তু যি হেতু শৰীৰ অনাত্মা, গতিকে সি উপদ্ৰৱকাৰী আৰু এই বুলি কব নোৱাৰি যে সি এনেকুৱা বা তেনেকুৱা হওক।

 ‘হে ভিক্ষুসকল, বেদনা অনাত্মা। ই আত্মা হোৱা হেঁতেন উপদ্ৰৱকাৰী নহলহেঁতেন আৰু তেতিয়া কব পৰা গলহেঁতেন যে মোৰ বেদনা


(১৩)^ এই সুত্ত 'মহাৱগ্‌গ'তো আছে।

 ১৩