পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্মবাদ
১৯৯
 


এই ঈশ্বৰৰ সৃষ্টি সম্বন্ধে ‘দেৱদহ সুত্ত’তো উল্লেখ কৰা হৈছে। কিন্তু এই কথাবোৰ প্ৰক্ষিপ্ত বুলি মনত ঘোৰ সন্দেহ হয়, কিয়নো আন কোনো সুত্ততে এই কল্পনা পোৱা নাযায়। বুদ্ধৰ সময়ত মুখ্য দেৱতা আছিল ব্ৰহ্মা। কিন্তু তেওঁ বেলেগ ধৰণৰ কৰ্ত্তা আছিল, বাইবেলৰ দেৱতাৰ নিচিনা নহয়। বিশ্ব সৃষ্টি হোৱাৰ পিচত তেওঁ অৱতীৰ্ণ হয় আৰু তাৰ পিচত আন আন প্ৰাণী উৎপন্ন হয়। এই কাৰণে তেওঁক ভূত-ভব্যৰ কৰ্ত্তা বুলি বৰ্ণনা কৰিবলৈ লোৱা হ'ল। ‘ব্ৰহ্মজালসুত্ত’ত উল্লিখিত তেওঁৰ বৰ্ণনাৰ সাৰাংশ হল এই-

 ‘বহু সমযৰ পিচত এই সংসাৰৰ সংৱৰ্ত (নাশ) হয় আৰু তাৰ বেচি ভাগ প্ৰাণী জ্যোতিৰ্ম্ময দেৱলোকলৈ যায়। তাৰ পিচত ভালেমান সময়ৰ পিচত এই সংসাৰৰ ৱিৱৰ্ত (বিকাশ) হবলৈ ধৰে। তেতিয়া প্ৰথমতে ৰিক্ত ব্ৰহ্মবিমান উৎপন্ন হয়। তাৰ পিচত জ্যোতিৰ্ম্ময় দেব- লোকৰ এটা প্ৰাণী তাৰ পৰা চ্যুত হৈ এই বিমানত জন্ম লয়। সি মনোময়, প্ৰীতিভক্ষ্য, স্বয়ংপ্ৰভ, অন্তৰিক্ষচৰ, শুভস্থায়ী আৰু দীৰ্ঘজীৱী হয়। ইয়াৰ পিচত আন কিছুমান প্ৰাণী জ্যোতিৰ্ম্ময় দেৱলোকৰ পৰা চ্যুত হৈ সেই বিমানত জন্ম লয়। তেওঁলোকক এনে যেন লাগে যে সেয়ে ভগৱান ব্ৰহ্মা, মহা ব্ৰহ্মা, অভিভূ, সৰ্ব্বদৰ্শী, বশৱৰ্ত্তী, ঈশ্বৰ, কৰ্ত্তা, নিৰ্ম্মাতা, শ্ৰেষ্ঠ, সৰ্জিতা, ৱশী আৰু ভূত-ভব্যৰ পিতৃ।’

ব্ৰহ্মা দেৱানাং প্ৰথম সংবভূৱ বিশ্বস্য কৰ্ত্তা ভূৱনস্য গোপ্তা।[১৬]

 এই বাক্যত সংক্ষেপতে ব্ৰহ্মাৰ উল্লিখিত কল্পনা দিয়া হৈছে। তাৰ দ্বাৰা ব্ৰহ্মাক জগতৰ কৰ্ত্তা কৰি তুলিবলৈ ব্ৰাহ্মণ সকলৰ চেষ্টা স্পষ্ট ভাৱে দেখা যায়। কিন্তু সেই সময়ৰ শ্ৰমণ সংস্কৃতিৰ আগত এই প্ৰয়াস সফল নহল। ব্ৰাহ্মণ সকলে নিজেই সেই চেষ্টা এৰি দি ‘ব্ৰহ্মৰ নিচিনা নপুংসক


(১৬)^ ‘মুণ্ডকোপনিষদ’, ১।১