পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্মবাদ
১৯৭
 


আছিল? ধেনুখনৰ জৰীগছ কিহেৰে প্ৰস্তুত আছিল?”—তেনেহলে হে মালুংক্যপুত্ত, তেতিয়া সেই অৱস্থাত এইবোৰ কথা নজনাকৈয়ে মানুহজন মৰি যাব। এইদৰে কোনোবাই যদি খামোচ মাৰি ধৰে যে জগৎ শাশ্বত নে অশাশ্বত আদি কথা নজনালৈকে তেওঁ ব্ৰহ্মচৰ্য্যৰ আচৰণ নকৰে তেন্তে তেৱোঁ এইবোৰ কথা নজনাকৈয়ে মৰি যাব।

 “হে মালুংক্যপুত্ত, জগৎ শাশ্বত বা অশাশ্বত এনে দৃষ্টি আৰু বিশ্বাস হলেও তাৰ পৰা যে ধাৰ্ম্মিক আচৰণত সাহায্য হব, এনে নহয়। যদি এনে বিশ্বাস হয় যে জগৎ শাশ্বত, তেতিয়াও জৰা, মৰণ, শোক, পৰি- দেৱনা আদিৰ পৰা মুক্তি পোৱা নাযায়। তেনেদৰে জগৎ শাশ্বত নহয়, শৰীৰ আৰু আত্মা এক নে ভিন্ন, মৰণৰ পিচত তথাগতৰ পুনৰ জন্ম হয় নে নহয় আদিৰ বিষয়ে আমি বিশ্বাস কৰো বা নকৰোঁ, জন্ম, জৰা, মৰণ, পৰিদেৱনা আদিতো থাকিবই। গতিকে মালুংক্যপুত্ত, মই এইবোৰ কথাৰ আলোচনাৰ মেৰত সোমোৱা নাই, কিয়নো এইবোৰ বাদ-বিবাদৰ দ্বাৰা ব্ৰহ্মচৰ্য্যত কোনো প্ৰকাৰৰ স্থিৰতা আহিব নোৱাৰে। সেই তৰ্কবাদৰ পৰা বৈৰাগ্য উৎপন্ন নহয়, পাপৰ নিৰোধ নহয়, শান্তি, প্ৰজ্ঞা, সম্বোধ আৰু নিৰ্ব্বাণ প্ৰাপ্তিও নহয়।

 ‘কিন্তু হে মালুংক্যপুত্ত, মই স্পষ্টভাৱে দেখিছোঁ যে এয়ে দুখ, এয়ে দুখৰ সমুদায়, এয়ে দুখৰ নিৰোধ আৰু ইয়েই দুখ নিৰোধৰ মাৰ্গ, কিয়নো চাৰিটা আৰ্য্য সত্যই ব্ৰহ্মচৰ্য্যত স্থিৰতা আনি দিয়ে, তাৰ পৰা বৈৰাগ্য আহে, পাপৰ নিৰোধ হয়, শান্তি, প্ৰজ্ঞা, সম্বোধ আৰু নিৰ্ব্বাণ প্ৰাপ্তি হয়। গতিকে হে মালুংক্যপুত্ত, মই যিবোৰ কথাৰ চৰ্চ্চা কৰা নাই, তোমালোকেও তাৰ চৰ্চ্চা নকৰিবা, মই যিবোৰ কথাৰ ব্যাখ্যা কৰিছোঁ তোমালোকেও সেইবোৰেই ব্যাখ্যাৰ যোগ্য বুলি ধৰি লবাহঁক।

 ইয়াৰ অৰ্থ হল এয়ে যে আত্মা পঞ্চ স্কন্ধেৰে সৃষ্ট হলেও তাৰ আকাৰ- প্ৰকাৰ কেনে, সি সেই ৰূপেৰে পৰলোকলৈ যায় নে নাযায় আদি