পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
ভগৱান বুদ্ধ
 


পৃথক আৰু মৰা, মৰোৱা আদি কথাৰ পৰিণাম তাৰ ওপৰত হব নোৱাৰে। ইয়াৰ প্ৰতিধ্বনি ‘ভগৱদগীতা'ৰ ভিন ভিন ঠাইত শুনিবলৈ পোৱা যায়। যেনেঃ

প্ৰকৃতেঃ ক্ৰিয়মাণানি, গুণৈঃ কৰ্মাণি সৰ্বশঃ।
অহঙ্কাৰ বিমূঢাত্মা কৰ্তাহহমিতি মন্যতে॥[৫]

 অৰ্থাৎ 'সম্পূৰ্ণ কৰ্ম্ম প্ৰকৃতিৰ গুণৰ দ্বাৰা কৰা হৈছে, তথাপি অহঙ্কাৰৰ দ্বাৰা মোহিত আত্মাই “মই কৰ্ত্তা” বুলি ভাবে।'

য এনং ৱেত্তি হস্তাৰং, যশ্চৈনং মন্যতে হতম্‌।
উভৌ তৌ ন ৱিজানীতো, নায়ং হন্তি ন হন্যতে॥[৬]

 অৰ্থাৎ ‘যি এই আত্মাক মাৰোতা বুলি ভাবে আৰু যি ইয়াক মৰি যোৱা বুলি ভাবে, তেনে দুয়োজনেই সঁচা কথা নাজানে কিযনো কিয়নো এই আত্মাৰ মৰণ নাই আৰু কোনেও ইয়াক মাৰিব নোৱাৰে।'

যস্য নাহংকৃতো ভাৱো, বুদ্ধিৰ্যস্য ন লিপ্যতে।
হত্বাহপি স ইমাঁল্লোকান্ ন হন্তি ন নিবধ্যতে॥[৭]

 অৰ্থাৎ 'যাৰ অহংভাৱ নাই, যাৰ বুদ্ধি (তাৰপৰা) অলিপ্ত থাকে, তেওঁ মানুহক মাৰিও নামাৰে, তাৰ দ্বাৰা বধ কৰা নহয়।'

 অক্ৰিয়ৱাদ আৰু সংসাৰ-শুদ্ধিৱাদ-এই অক্ৰিয়ৱাদ আৰু মক্‌খলি গোসালৰ সংসাৰ-শুদ্ধিৱাদৰ মাজত বৰ বেচি ব্যৱধান নাছিল। তেওঁৰ বক্তব্য এয়ে আছিল যে আত্মা প্ৰকৃতিৰ পৰা অলিপ্ত হৈ থাকিলেও আত্মাই নিশ্চিতভাৱে জন্ম লবলগীয়া হয় আৰু তাৰ পিচত আপোনা আপুনি মুক্তি হৈ যায়। আজি-কালিও হিন্দু-সমাজত এই কল্পনা চলি


(৫)^ অধ্যায় ৩, শ্লোক ২৭।
(৬)^ অধ্যায় ২, শ্লোক ২১।
(৭)^ অধ্যায় ১৮, শ্লোক ১৭।