পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
ভগৱান বুদ্ধ
 


আৰু অপৰিগ্ৰহ—এই চাৰিটা যামৰ আৱশ্যকতা কি? আন কথাত কবলৈ গলে এই দুজনা আচাৰ্য্যৰ মতৰ মিল হব নোৱাৰিলে।

 আজীৱকসকলৰ চৌৰাশী-লাখৰ দৰ্শনৰ তুলনাত নিৰ্গ্ৰন্থসকলৰ চাতুৰ্যাম সংৱৰবাদ যদি ৰাইজৰ অধিক ভাল লাগিছিল, তেন্তে তাতো আচৰিত হবলগীয়া কোনো কথা নাছিল, কিয়নো তাৰ দ্বাৰা আৰু তপস্যাৰ দ্বাৰা পূৰ্ব্বজন্মত কৰা পাপৰ লোপ কৰিব পৰা গৈছিল আৰু একেটা জন্মতে মোক্ষ প্ৰাপ্তি হব পাৰিছিল।

 নিৰ্গ্ৰন্থসকলৰ সম্পৰ্কীয় তথ্যাদি—‘সুত্তপিটক’পৰা নিৰ্গ্ৰন্থ- সকলৰ মত সম্বন্ধে ভালেখিনি কথা জানিব পৰা যায়। ‘মঝ্জিম- নিকায়’ৰ চুলদুক্খক্খন্ধ সুত্তত বুদ্ধ আৰু নিৰ্গ্ৰন্থৰ মাজত হোৱা সংবাদ পোৱা যায়। তাৰ সাৰাংশ হল এই-

 ৰাজগৃহত কিছুমান নিৰ্গ্ৰন্থই থিয় হৈয়েই তপস্যা কৰি আছিল। ভগৱান বুদ্ধ তেওঁলোকৰ ওচৰলৈ গৈ কলে, ‘বন্ধুসকল, আপোনালোকে শৰীৰক এনেভাৱে কিয় কষ্ট দিছে?’

 তেওঁলোকে কলে, ‘নিৰ্গ্ৰন্থ নাথপুত্ৰ সৰ্ব্বজ্ঞ। তেওঁ কয় যে গৈ থাকোঁতে, থিয় হৈ থাকোঁতে, শুই থাকোঁতে, অথবা সাৰে থাকোঁতে সকলো অৱস্থাতে মোৰ জ্ঞান দৃষ্টি জাগৰিত থাকে। মই উপদেশ দিওঁ, “হে নিৰ্গ্ৰন্থসকল, তোমালোকে পূৰ্ব্বজন্মত যি পাপ কৰিছা, তাক এই- দৰে দেহ-দণ্ডন কৰি জীৰ্ণ কৰাহঁক (নিজ্জৰেথ ), আৰু এই জন্মত মন, বচন আৰু শৰীৰেৰে কোনো পাপকে নকৰিবা। এই ধৰণৰ তপস্যাৰে আগৰ জন্মৰ পাপৰ নাশ হব আৰু নতুন পাপ নকৰা হেতুকে ভৱিষ্যতৰ জম্মত কৰ্ম্ম-ক্ষয় হব। ইয়াৰ ফলত সকলো দুখ নষ্ট হব।” তেওঁৰ এই

কথা আমাৰ ভাল লাগে।’