পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্মবাদ
২০১
 


সমগ্ৰ পৃথিবী নিৰ্ম্মাণ কৰি তাৰ পিচত মানুহক আৰু মানুহৰ কামি- হাড়েৰে তিৰোতাৰ সৃষ্টি কৰে। দেৱ জগতৰ পৰা সম্পূৰ্ণ পৃথক। আনটোৰ মতে আকৌ পুৰুষৰূপী আত্মা স্বয়ং দ্বিধা হৈ তিৰোতা আৰু পুৰুষৰ সৃষ্টি কৰে।

 প্ৰজাপতিৰ উৎপত্তি—প্ৰজাপতি অৰ্থাৎ জগৎকৰ্ত্তা ব্ৰহ্মাৰ সম্বন্ধে ‘বৃহদাৰণ্যক উপনিষদ’ত[১৯] এই বুলি উল্লেখ কৰা হৈছে:

 আপ এৱেদমগ্ৰ আসুস্তা আপঃ সত্যমসৃজন্ত, সত্যং বক্ষ, ব্ৰহ্ম প্ৰজাপতিং, প্ৰজাপতিৰ্দেৱাংস্তে দেৱাঃ সত্যমেৱোপাসতে॥

 অৰ্থাৎ ‘পোন পহিলতে মাথোন পানী আছিল। সেই পানীয়ে সত্যক, সত্যই ব্ৰহ্মক, ব্ৰহ্মাই প্ৰজাপতিক আৰু প্ৰজাপতিয়ে দেৱসকলক সৃষ্টি কৰিলে, এই দেৱসকলে সত্যৰেই উপাসনা কৰে।’

 ‘বাইবেল’ৰ সপ্তম অধ্যায়ত জলপ্ৰলয়ৰ পিচত আকৌ সৃষ্টি নিৰ্ম্মাণৰ কথা পোৱা যায়, কিন্তু তেতিয়া ভগৱানে আগতেই নোৱাৰ পৰিয়াল আৰু পশুপক্ষীৰ জোৰ (মতা-মাইকী) নাৱত ভৰাই ৰখাৰ দিহা কৰিছিল আৰু তাৰ পিচত জলপ্ৰলয় কৰিছিল।[২০] উপনিষদত হলে জলপ্ৰলয়ৰ আগতে কি আছিল তাক কোৱা হোৱা নাই, আনকি সত্যক ব্ৰহ্মদেৱ আৰু ব্ৰহ্মত্বতকৈও ওখ আসনত ৰখা হৈছে। ‘ব্ৰহ্মজালসুত্ত’ত দিয়া ব্ৰহ্মোৎপত্তিৰ কথা এই কথাৰ ভালেখিনি ওচৰ চাপে।

 ঈশ্বৰ জগতৰ পৰা পৃথক আক তেৱেঁই সৃষ্টিৰ নিৰ্ম্মাণ কৰে— কল্পনা বোধহয় শকসকলে ভাৰতবৰ্ষলৈ আমদানী কৰিছিল, কিয়নো ইয়াৰ আগৰ সাহিত্যত এই কল্পনা এই ৰূপেৰে পোৱা নাযায়। গতিকে বুদ্ধই ঈশ্বৰ নামানিছিল আৰু তেওঁ নাস্তিক আছিল বুলি মন্তব্য কৰাটো


(১৯)^ বৃহদাৰণ্যক উপনিষদ, ৫।৫।১
(২০)^ Genesis, Ch. 7