এনেকুৱা বা তেনেকুৱা হোৱা উচিত। কিন্তু যিহেতু বেদনা অনাত্মা, গতিকে সি উপদ্ৰৱকাৰী আৰু এই বুলি কব পৰা নাযায় যে সি এনেকুৱা হওক বা তেনে নহওক। এইদৰে সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান অনাত্মা। যদি বিজ্ঞান আত্মা হলহেঁতেন, সি উপদ্ৰৱকাৰী নহলহেঁতেন আৰু তেতিয়া আমি কব পাৰিলেহেঁতেন যে মোৰ বিজ্ঞান এনে হওক বা তেনে নহওক। কিন্তু বিজ্ঞান যিহেতু অনাত্মা, গতিকে সি উপদ্ৰৱকাৰী আৰু আমি কব নোৱাৰোঁ যে আমাৰ বিজ্ঞান এনে হওক বা তেনে নহওক।
‘হে ভিক্ষুসকল, জড় শৰীৰ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান নিত্য নে অনিত্য?'
ভিক্ষু—ভদন্ত, সিহঁত অনিত্য।
ভদন্ত—যি অনিত্য সি সুখকাৰক নে দুখকাৰক?
ভিক্ষু—ভদন্ত, সি দুখকাৰক।
ভদন্ত—আৰু যি দুখকাৰক, বিপৰীতগামী তাৰ বিষয়ে জানো এনেকৈ ভবাটো উচিত হব যে সি মোৰ, সিয়েই মই, ইয়ে মোৰ আত্মা!
ভিক্ষু—নহব, ভদন্ত!
ভদন্ত—গতিকে ভিক্ষুসকল, যথাৰ্থ আৰু সম্যক জ্ঞানেৰে এইটো জানি লোৱা উচিত যে যি কোনো জড় পদাৰ্থ অতীত, অনাগত, প্ৰত্যুৎপন্ন, নিজৰ শৰীৰৰ ভিতৰৰ বা বাহিৰৰ, স্থূল, সূক্ষ্ম, হীন, উৎকৃষ্ট, দূৰৈৰ বা ওচৰৰ—সেই আটাইবোৰে মোৰ নহয়, সি মই নহওঁ, সি মোৰ আত্মা নহয়। এইদৰে প্ৰকৃত সম্যক জ্ঞানেৰে এইটো জানি লোৱা উচিত যে যি কোনো বেদনা, যি কোনো সংজ্ঞা, যি কোনো সংস্কাৰ, যি কোনো বিজ্ঞান, অতীত, অনাগত, প্ৰত্যুৎপন্ন, আমাৰ শৰীৰৰ ভিতৰৰ বা বাহিৰৰ, স্থূল, সূক্ষ্ম, হীন, উৎকৃষ্ট, দূৰৈৰ বা ওচৰৰ—সেই আটাইবোৰ মোৰ নহয়, সি মই নহওঁ, সি মোৰ আত্মা নহয়। হে ভিক্ষুসকল, এইদৰে জনা