পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্মবাদ
১৮৯
 


 ভগৱানে কলে, ‘হে নিৰ্গ্ৰন্থসকল, আপোনালোক পূৰ্ব্বজম্মত আছিল নে নাই, তাক আপোনালোকে জানে নে?’

 নিৰ্গ্ৰন্থ—আমি নাজানোহক।

 ভগৱান-বাৰু, পুৰ্ব্বজন্মত আপোনালোকে পাপ কৰিছিল নে নাই তাক জানো জানে?

 নিৰ্গ্ৰন্থ—তাকো আমি নাজানোহক।

 ভগৱান—আপোনালোকৰ কিমানখিনি দুখৰ নাশ হল আৰু কিমানখিনি বাকী আছে তাক জানো আপোনালোকে কব পাৰে?

 নিৰ্গ্ৰন্থ—তাকো আমি কব নোৱাৰোঁহক।

 ভগৱান—যদি এই কথা আপোনালোকে নাজানে তেন্তে তাৰ অৰ্থ জানো এয়ে নহয় যে আপোনলোক আগৰ জন্মত ব্যাধৰ নিচিনা নিষ্ঠুৰ আছিল আৰু এতিযা সেই জন্মৰ পাপ নাশ কৰিবলৈ এনেদৰে তপস্যা কৰিছে?

 নিৰ্গ্ৰন্থ—আয়ুষ্মন্ গৌতম, সুখৰ দ্বাৰা সুখ পোৱা নাযায়, দুখেৰেহে সুখ পোৱা যায়। সুখেৰে সুখ পোৱাহেঁতেন আয়ুষ্মন্ গৌতমৰ তুলনাত বিম্বিসাৰ ৰজাই অধিক সুখ পালেহেঁতেন।

 ভগৱান—হে নিৰ্গ্ৰন্থসকল, আপোনালোকে নভবা নিচিন্তাকৈ এই কথা কৈছে। মই আপোনালোকক এই কথাটোকে সোধোঁচোন— বিম্বিসাৰ ৰজাই সাত দিন ধৰি পোন হৈ বহি মুখেৰে এটাও শব্দ বাহিৰ নকৰাকৈ একান্ত সুখৰ অনুভৱ কৰিব পাৰেনে? বাৰু, সাত দিনৰ কথা এৰি দিয়ক, তেওঁ এদিনৰ বাবেও তেনেকুৱা সুখ অনুভৱ কৰিব পাৰেনে?

 নিৰ্গ্ৰন্থ—আয়ুষ্মন্, তেওঁৰ পক্ষে সেইটো সম্ভৱ নহয়।

 ভগৱান—মইতো এদিন নহয়, সাত দিনলৈকে তেনে সুখৰ অনুভৱ কৰিব পাৰোঁ। মই আপোনালোকক সোধো যে বিম্বিসাৰ ৰজা (নিজৰ বৈৰভৱ দ্বাৰা) অধিক সুখীনে মই?