আমাৰ চিনাকি তচদ্দুক/এজন অভিনেতা-শিল্পীৰ হৃদয়ৰ সন্ধানত

[ ৪০ ]
 

এজন অভিনেতা-শিল্পীৰ হৃদয়ৰ সন্ধানত…
দেবকুমাৰ শইকীয়া

 

এজন ছলেছমেনৰ মৃত্যু

 মঞ্চ অনাতাঁৰ আৰু চলচ্চিত্ৰৰ ‘সুন্দৰ পুৰুষ সুলভ’ কণ্ঠস্বৰৰ বিখ্যাত শিল্পী— নাম যাৰ তচদ্দুক ইউছুফ যাৰ আছিল অফুৰন্ত উৎসাহ, সূক্ষ্ম অনুভূতি, পোনপটীয়া আৰু একাগ্ৰতাবোধ। কিন্তু আনুষংগিক কথা আৰু কাৰ্য্যবিলাক বিচাৰ কৰি, তেখেত শেষৰ ফাললৈ নিজৰ দৃঢ় আত্মবিশ্বাস কিবা ‘অজান’ কাৰণত হেৰুৱাই জীয়াই থকাৰ বৃথা চেষ্টা চলাই আছিল যেন অনুমান কৰিবলগা হয়। ১৯৮২ চনৰ জানুৱাৰি মাহত Arthur Milierৰ ‘Death of a Salesman’ৰ কথা ওলাওঁতে তেখেতে এদিন কৈছিল, “তুমি নাটকখন অনুবাদ কৰা। ‘গতিৰ নাম পয়গম্বৰ’ আৰু ‘দহন’ৰ পিচত আমি ‘ছেলছমেনৰ মৃত্যু’ কৰিম। মই উইলি লুমেনৰ চৰিত্ৰটোৰ অভিনয় কৰিম।

 ……আচলতে আমি জীৱনৰ একোটা সময়ত প্ৰত্যেকেই উইলি লুমেন।” অলপ সময় [ ৪১ ] ছিগাৰেট খাই আকৌ কৈছিল, “ইয়াতে পাবা…… When a man does not have a grip on the forces of life…… তেতিয়া কিয় আত্মহত্যা কৰে,” মই চিন্তা কৰিছিলোঁ এৰা লুমেনে এটা সুন্দৰ আৰু ডাঙৰ সপোন দেখিছিল; কিন্তু বাস্তৱত ৰূপ দিব নোৱাৰিলে। সেইকাৰণেই এখন গাড়ী জোৰেৰে চলাই নি আত্মহত্যা কৰিলে। কিন্তু এই ঘটনাটো জানো ‘আত্মহত্যা’ আছিল? নে এইয়া আছিল নিজৰ সমাজৰ এটা অংশই কৰা হত্যা? এই নাটকখনে সামাজিক আৰু ব্যক্তিগত ট্ৰেজেডি দাঙি ধৰিছে। লুমেনৰ ট্ৰেজেডি হৈছে জীৱনত বৰ বেচি উচ্চ আশা কৰাটোৱেই। লুমেনৰ পৰাজয় অকল এজন মানুহৰ পৰাজয়েই নহয়— জীৱনৰ এটা পথৰো পৰাজয়। কিন্তু উইলি লুমেনক কেইজন মানুহে বুজিব পাৰিলে?

 তচদ্দুক ইউছুফক আমি ‘বাপুদাদা’ বুলি মাতোঁ। তেখেতে মোৰ নাটকত ‘মঞ্চ’ত অভিনয় আৰু মোৰ নাটক পৰিচালনাও কৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰপৰা প্ৰচাৰ হোৱা মোৰ নাটকতো অভিনয় কৰিছিল। বিভিন্ন নাটক, চলচ্চিত্ৰ আদিৰ বিষয়ে আলোচনা কৰিবলৈ তেখেতে প্ৰায়েই মোক মাতিছিল আৰু মই নিজেও [ ৪২ ] গৈছিলোঁ। কাৰণ আমি গতিশীল জীৱনৰ বিভিন্ন চৰিত্ৰক গভিৰভাবে লক্ষ্য কৰোঁ সৃষ্টিৰ সমল হিচাবে। সেইকাৰণেই আমি প্ৰায়েই বিশেষ বিশেষজনক (চৰিত্ৰ ৰূপে) ওচৰৰ পৰা নৰীক্ষণ কৰিবলগীয়া হয়। বাপুদাদাৰ লগত কৰা আলোচনা বিলাকৰ মাজেৰে বাহিৰে বুজিব নোৱাৰা ‘তচদ্দুক ইউছুফ’ৰ শিল্পী মনৰ ব্যথাতুৰ হিয়াখনৰ কিছুকথা মই বুজি পাইছিলোঁ।

 

মৃত্যুৰ পাচত মোৰ চকু দুটা ঢাকি থবা

 অদম্য উৎসাহী আৰু কিছু আত্মাভিমানী বুলি মানুহে ভবা শিল্পী তচদ্দুক ইউছুফে এদিন মোক তেওঁৰ নিদাৰুণ ব্যথাৰ কথা এটা দিয়াত মই নিৰ্বাক হৈ গৈছিলোঁ। তেওঁ প্ৰায়েই মোক সুবোধ ঘোষৰ ‘চোখ গেল’ নামৰ গল্পটোক পূৰ্ণাংগ নাট্যৰূপ দিয়াৰ কথা কৈ থাকে। ‘চোখ গেল’ হৈছে এজন সুন্দৰ কান্তিৰ কিন্তু অন্ধ ডেকাৰ প্ৰণয়ৰ কাহিনী। সেইদিনা আছিল ১৯৮২ চনৰ জুলাই মাহৰ ৮ তাৰিখ। সেইদিনা বাপুদা সুস্থিৰ অৱস্থাত যেন নাছিল; মানসিক ভাৰসাম্য যেন কিছু হেৰুৱাই পেলাইছিল। ‘চোখ গেল’ৰ কথা আলোচনা কৰি থাকোঁতে হঠাৎ লৰ্ড বায়ৰণৰ কথা ওলায়ছিল। তেওঁ কৈছিল— “আজন্ম খঞ্জ [ ৪৩ ] সুন্দৰ ডেকা বায়ৰণৰ শেষ ইচ্ছা আছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ খঞ্জ ভৰিটো যেন আনে নেদেখাকৈ ঢাকি ৰাখিয়েই কবৰ দিয়া হয়।…… আৰু মোৰো এটা ইচ্ছা আছে বকুল। অলপ সময় ৰৈ আকৌ ছিগাৰেট খাব ধৰিছিল। কিন্তু একো নোকোৱাকৈ বৰ গহীনভাবে ৰৈ কৈছিল— “মোৰ মৃত্যুৰ পাচত মোৰ চকু দুটা যাতে ঢাকি ৰখা হয়।……” মই আচৰিত হৈ এটা প্ৰশ্নৰ ভাবেৰে চাইছিলোঁ। ‘অসম্ভব আত্ম-সচেতন এই শিল্পী গৰাকীৰ ব্যথাতুৰ অন্তৰৰ কথাখিনি মই বুজি পাইছিলোঁ।

 তেওঁৰ এটা চকু কিন্তু ঢাকি দিব লগা নহ’ল। কাৰণ তেওঁৰ চকু নিজেই জাপ খাই তেতিয়া চিৰ নিদ্ৰাত আছিল।

 

আশা নকৰাটো পাপ

১৯৬১ চনৰ ১৫ ছেপ্টেম্বৰ মোৰ কাৰণে এটা উল্লেখযোগ্য দিন। কপিলী নৈত বান আৰু ‘খৰ’ বতৰৰ লগত কপিলীপাৰৰ ৰাইজৰ সংগ্ৰামক লৈ ‘মৰ সুঁতিৰ জীয়া সাকোঁ’ নামেৰে এখন একাংক নাটক লিখিছিলোঁ। নাটকখনত গাঁৱে গাঁৱে আশাৰ বাণী দি ফুৰা ঔপন্যাসিক কাঞ্চন নামৰ চৰিত্ৰটিৰ মুখত এটা সংলাপ দিছিলোঁ “আশা নকৰাটো পাপ।… মানুহক ধ্বংস কৰিব পাৰি, হত্যা কৰিব পাৰি [ ৪৪ ] কিন্তু নিজে পৰাজয় বৰণ কৰি ন’ললে পৰাজিত কৰিব নোৱাৰি…”

 শ্ৰীপবিত্ৰকুমাৰ ডেকা (ৰূপকাৰ), শ্ৰীসদানন্দ শৰ্মা, শ্ৰীজ্ঞানদা বৰা আৰু মঃ কামাল আদিয়ে এই নাটকত অভিনয় কৰিছিল। নাটকখনে প্ৰথমে সদৌ নগাওঁ একাংক নাট প্ৰতিযোগিতাত আন বহুতো পুৰস্কাৰৰ লগতে শ্ৰেষ্ঠ দল আৰু শ্ৰেষ্ঠ নাটক ৰূপে পুৰস্কাৰ পাইছিল।

 পিচদিনা ৰাতিপুৱা ৰিক্সা এখনত বাপুদা আহি আমাৰ ঘৰ পালেহি। মোক কৈছিল “তোমাৰ নাটকখন এখন শ্ৰেষ্ঠ নাটক হৈছে। তোমাৰ গতিশীল সংলাপৰ ভিতৰতে এটা সংলাপ মই বৰ ভাল পাইছোঁ। ঠিক কথা আশা নকৰাটো পাপ।” মই কৈছিলোঁ, “ভাবটো মই আৰ্নেষ্ট হেমিংওৱেৰ পৰা পাইছোঁ।” এনে এজন মহৎ শিল্পীয়ে মোক তেনেকৈ কোৱাত মই লিখিবলৈ প্ৰেৰণা পাইছিলোঁ।

 সেই প্ৰতিযোগিতাৰ বিভিন্ন বিচাৰক মণ্ডলীৰ ভিতৰত তেখেতো এজন আছিল। ইয়াৰ পিচত তেখেতে যথেষ্ট কষ্ট কৰি নাটকখন পৰিচালনা কৰি গুৱাহাটীত হোৱা সদৌ অসম একাংক নাট প্ৰতিযোগিতালৈ নিজে লৈ গৈছিল। এই নাটকে গুৱাহাটীত প্ৰচুৰ অভিনন্দন লাভ কৰিব পাৰিছিল। [ ৪৫ ] মানুহৰ প্ৰশংসা শুনি শুনি আমি অভিভূত হৈ পৰিছিলোঁ।

 কিন্তু এই বাপুদায়েই ১৯৮১ চনৰ ছেপ্টেম্বৰ মাহত মোক কৈছিল— “আশা কৰি কৰি যেতিয়া মানুহৰ শেষ আশাকণো মনৰ পৰা মচখাই যায় তেতিয়া আশা নকৰাতো পাপ নহয়!” ইতিমধ্যে মই নাটকখন পূৰ্ণাংগ নাটৰূপে লিখি পেলাইছিলোঁ। মই সুধিছিলোঁ “আপোনাৰ জীৱনদৰ্শনৰ পৰিবৰ্তন হ’লনেকি?” তেওঁ সামান্যভাৱে হাঁহি কৈছিল— — Hope says to us constantly ‘go on— go on’— and thus leads us to the grave.”

 

নাটক নাটক

 ১৯৬৩ চনত মই অনুবাদ কৰা ‘ফিংগাৰ প্ৰিণ্ট’ নাটকখন বাপুদাই মূল ভূমিকাত অভিনয় কৰাৰ উপৰিও পৰিচালনা কৰিছিল। অসমত বিভিন্ন মঞ্চত এই নাটকখন আৰু তেখেতে অনুবাদ কৰা ‘নাট্যকাৰৰ সন্ধানত ছটি চৰিত্ৰ’ আৰু ড॰ ভবেন্দ্ৰনাথ শইকীয়াই অনুবাদ কৰা ‘থানাৰ পৰা আহিছো’ নাটক কেইখনে এটা আলোড়ণ আনিছিল। তেতিয়া তেখেতৰ আৰু সান্নিধ্যলৈ আহিছিলোঁ। সুস্থ চিন্তাধাৰৰ নাটক কৰাৰ কথা আলোচনা কৰিছিলো। বিভিন্ন ধাৰাৰ চলচ্চিত্ৰও আমাৰ আলোচনাৰ বিষয় আছিল।

 এদিন তেওঁ ‘Cannes ত grand prize [ ৪৬ ] পোৱা বিখ্যাত ফৰাচী চলচ্চিত্ৰ পৰিচালক Henry Georges Clouzot ৰ ‘The wages of Fear’ ছবিখন মোক চাবলৈ কৈছিল। তেখেতে karel Reisz ৰ দৰে কৈছিল— A load of nitroglycerine is to be taken by lorry to the barning well— a dangerous mission since the slightest jolt will send the whole load into the air…” আৰু কৈছিল— “বুজিছা? আমাৰ জীৱনতো তেনেকুৱা দুখ-যন্ত্ৰণাৰ আৰু মানসিক দুঃচিন্তাৰ বোজাৰে আমি দৈনন্দিক জীৱনত গৈ থাকোঁ— কোন মুহূৰ্তত ‘Explosion’ হব পাৰে ঠিক নাই।

 তেতিয়া এনেয়ে সহজভাৱে কোৱা কথাটোৱেই কেনেকৈ একেজন ব্যক্তিৰ জীৱনতে মিলি গ’ল।

 

মোক ভাল নাপালে মই শেষ হৈ যাম

 তচদ্দুক ইউছুফৰ বিবাহৰ পিচত এদিন তেওঁ Erich Maria Remorque ৰ ‘Arch of Triumph’ খন মোক পঢ়িবলৈ দি কৈছিল, ‘Ioan নামৰ আত্মহত্যা কৰিবলৈ যোৱা ছোৱালী এজনীক আত্মহত্যাৰ আগমুহূৰ্তত Ravic নামৰ মানুহ এজনে মৰম আৰু স্নেহেৰে কেনেকৈ ঘূৰাই আনিছিল— ইয়াতে পাবা। নভেলখনৰ এটা বাক্য মনত [ ৪৭ ] ৰাখিবা “…with you I am happy: I wake up with you and I go to sleep with you. I do not know anything else. I love you, you must love me— beloved! you must love me… otherwise I am lost…” মই মনত ৰাখিছিলোঁ। এই গহীন গম্ভীৰ মানুহজনৰ ভিতৰত থকা প্ৰেমৰ অনুভূতি দেখা পাই ভাল লাগিছিল। সেই কিতাপ খন পঢ়োঁতে তেওঁ চিন দি থোৱা বাক্য কেইটামান পাই মই লিখি ৰাখিছিলোঁ। তাৰে এটা বাক্য “…Strange that one can die— when one loves” আন এঠাইত “you have made me live. I was nothing but stone, you have made me live—”

 

দহন আৰু হৃদয়হীনা নাৰীৰ প্ৰতাৰণা

 তচদ্দুক ইউছুফে ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ চুটি গল্প বৰ ভাল পাইছিল। মই ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ ‘বালিভোজ’ নামৰ চুটিগল্পটোৰ অবলম্বনত ‘দহন’ নামেৰে এখন পূৰ্ণাংগ নাটক লিখিছিলোঁ। নাটকখন বাপুদাক পঢ়ি চাবলৈ দিছিলোঁ। নাটকখন পঢ়ি তেওঁ বৰ ভাল পাইছিল বুলি কৈছিল। তেখেতৰ এই নাটকত অভিনয় আৰু পৰিচালনা [ ৪৮ ] কৰিবলৈ বৰ মন আছিল। ‘ৰূপকাৰ’ৰ পবিত্ৰ কুমাৰ ডেকাৰ পৰা আবহ সংগীত, অ’ পি ৰ লাইট আৰু স্মৃতিৰেখা শইকীয়া (বেবী)ক মূল নায়িকা চৰিত্ৰত লৈ নাটকখন মঞ্চস্থ কৰাৰ কথা আছিল। তেওঁ এই হাবিয়াসৰ কথা মুকুট ভূঞা, ৰাজেন শৰ্মা আৰু মোৰ আগত কৈ আছিল। কিন্তু তেওঁৰ এই ইচ্ছা পূৰ্ণ নহ’লগৈ। এই নাটকখনৰ কাহিনীত প্ৰসংগক্ৰমে মদ খোৱাৰ কথা আহি পৰে। মদৰ কথা আলোচনা কৰি থাকোঁতে তেওঁৰপৰা এটা কথা জানিবলৈ প্ৰশ্ন কৰিছিলোঁ।

মই: বাৰু বাপুদা, মানুহে কিয় আফিং খায়? কিয় মৰফিয়া লয়? আৰু মদ খায় কিয়?

তেওঁ অলপ হাঁহি কৈছিল—

বাপুদা: human existence ৰ কাৰণে প্ৰয়োজন।

মই এইবাৰ ইচ্ছা কৰিয়েই সুধিছিলোঁ।

মই: তেন্তে— Why do most educated and cultured people all over the world in drinking? বাপুদা ৰৈ গৈছিল। ছিগাৰেট খাই খাই কৈছিল

বাপুদা: To forget his worries, his cares and anxieties, his sorrows and miseries and pains— দুঃচিন্তা আঁতৰাবলৈ, দুখ [ ৪৯ ] পাতলাবলৈ নিচাৰ প্ৰয়োজন আছে। এই কথাখিনি কওঁতে তেওঁক অত্যন্ত বিমৰ্ষ দেখা গৈছিল। তেখেতৰ সেই দৰ্শন মই মানি লোৱা নাছিলোঁ। এই ‘দহন’ নাটকৰ সম্পৰ্কতে মই তেখেতৰ জীৱনৰ কিছু সংঘাত আৰু মানসিক দ্বন্দৰ কথা জানিব পাৰিছিলোঁ। ‘দহন'ত স্বামী-স্ত্ৰীৰ মদখোৱাক লৈ কিছু মতান্তৰ ঘটাৰ কথা আছে। লগৰ সকলোবিলাক অধ্যাপক পিক্‌-নিক্‌ খাবলৈ গৈছিল। কিন্তু অমিতাভ নগ’ল। আগতে তেওঁৰ স্ত্ৰী মৈত্ৰেয়ীৰ সন্তান এটা হোৱাৰ পিচত ডাক্টৰৰ পৰামৰ্শমতে মৈত্ৰেয়ীক টনিকৰ দৰে খুৱাবলৈ ব্ৰাণ্ডিৰ বটল এটা আনি থোৱা আছিল। অমিতাভে সেইটো উলিয়াই আনি অলপ খাই চাবলৈ মন কৰে। স্ত্ৰীৰ অভিমানৰ সংঘাটপূৰ্ণ মুহূৰ্তৰ সংলাপ এটাত ৰৈ বাপুদাই মোক সুধিছিল— “বাৰু কোৱাচোন, নিজৰ মৰমৰ স্ত্ৰীক স্বামীয়ে অতিকৈ মৰমেৰে কি বুলি সম্বোধন কৰিব পাৰে?”

 মই মনতে ভাবি আছিলোঁ। মই লগত নিয়া বহীখনৰ এটা পাতত তেওঁ লিখি দিছিল ‘মোৰ মৰমৰ মানুহজনী’।

 তেতিয়া তেওঁ নগাঁৱৰ ঘৰত অকলশৰে থাকে। তেওঁৰ মৰমৰ মানুহজনী ছিলঙত!

 অমিতাভে বাৰে বাৰে তেওঁৰ স্ত্ৰীক অকণমান [ ৫০ ] ব্ৰাণ্ডি খালে যে একো নহয় সেই কথা বিভিন্ন উদাহৰণ দি বুজাই থাকোঁতে নাটকখনত অমিতাভৰ মুখত এটা সংলাপ দিছিলোঁ— অমিতাভ: এই সাধাৰণ ব্ৰাণ্ডিকণলৈ তুমি ভয় কৰিছা? কিন্তু এসময়ত ইউৰোপত ‘আঁব্‌সাঁত’ বুলি এবিধ মদ আছিল; সেউজীয়া ৰঙৰ কাৰণে কিছুমানে ইয়াক ‘green Devil’ বুলিও কৈছিল। এই ‘Prohibited drink’ কোনে খাইছিল জানা? ভেনগোগ, পলগগাঁ ইত্যাদি বিখ্যাত শিল্পীসকলে। এবছৰলৈ এই মদ খালে মানুহজন হয় পাগল হয়— ডেলিৰিয়াম ট্ৰেমনস্‌ত মৃত্যু হয়; নহ’লে Suicide কৰে— বাপুদাই এই সংলাপটো পঢ়ি কিছুসময় বহি আছিল। মোৰ বহীৰ এটা পাতত লিখিছিল আৰু চাৰিওফালে লাইন দি দিছিল—

আঁবাসাঁত = green Devil = Prohibited drink— এইটো এবছৰ Continualy খালে হয় মানুহজন পাগল হ’ব, নহ’লে Suicide কৰিব।

মানৱ জীৱনৰ বিচিত্ৰ ভাব চিন্তা আৰু কাৰ্য্যবোৰ চিত্ৰিত কৰাই আমাৰ কাম; কিন্তু চৰিত্ৰৰ অনুসন্ধানত যাওঁতে দেখিছিলোঁ অসমীয়া মানুহ মানুহৰ ব্যক্তিত্বৰ প্ৰতি যেন উদাসীন। অলপ বেলেগ আচাৰ ব্যবহাৰ আৰু বেলেগ ব্যক্তিত্বৰ মানুহক আমি [ ৫১ ] অমানুহৰ শ্ৰেণীতহে থব বিচাৰোঁ। পৃথিৱীৰ কিছু শিল্পীৰ জীৱনৰ কথা পঢ়োঁতে জানিছিলোঁ তেওঁলোকৰ ‘নিয়ম অলপ বেলেগ’, তেওঁলোকৰ দৃষ্টি বিৰাটৰ পিনে, ক্ষুদ্ৰত ৰৈ যাব নোৱাৰে। পল গঁগা, ভেনগোগ আদি শিল্পী সকলে কিছু অসামাজিক জীৱন-যাপন কৰিছিল, তেওঁলোকৰ সকলো বিলাক কাৰ্য্যই শৃংখলাময় নাছিল; কিন্তু তেওঁলোক আছিল মহৎ শিল্পী। যেতিয়া এখন সমাজৰ এক অংশই প্ৰতিহিংসা হিচাবেই বা আন কোনো উদ্দেশ্যৰে এজন শিল্পীক সকলো সৃষ্টিমূলক কৰ্মৰপৰা কৌশলেৰে বাধা দি ৰাখে— অৱজ্ঞা কৰে— তেওঁ হেৰাই যায়। তেওঁৰ মৃত্যুৰ পিচত তেওঁলোকেই ডাঙৰ অনুষ্ঠান পাতি সাধুবাদ লয়।

 ইংৰাজ কবি শ্যেলী, যাৰ চকুত আছিল সপোনৰ কাজল, ‘এলাষ্টৰ’ নামৰ কবিতা এটাত মৃত্যু কাহিনীৰ কথা লিখি সাগৰৰ মাজত হেৰাই গৈছিল আৰু এনেকৈয়ে এই স্কাইলাৰ্ক পখীটি কোনো অসীম অনন্তলৈ গতি কৰিছিল। তেওঁ লিখিছিল—

 “In solitude or in that deserted state when we are surrounded by human beings and yet sympathise not with us; we love the flowers, [ ৫২ ] the grass, the waters and the sky” (“নিজনতাৰ মাজত অথবা কোনো পৰিত্যক্ত পৰিবেশত যেতিয়া আমাক মানুহে বেঢ়ি থয় অথচ সিহঁতে আমাৰ প্ৰতি কোনো সহানুভূতিয়েই প্ৰকাশ নকৰে, তেতিয়া আমি ফুল, ঘঁহনি, জলাধাৰ আৰু আকাশক ভাল পাওঁ…”)

 আমাৰ সমাজত শিল্পকলা সকলোতে “স্বাৰ্থৰ লগত স্বাৰ্থৰ হৈছে সংঘাত— লোভৰ লগত লোভৰ সংগ্ৰাম নহয়, যুদ্ধ হয়— আদৰ্শৰ লগত আদৰ্শৰ তেতিয়া সেই সংঘাত হয় দীৰ্ঘস্থায়ী আৰু প্ৰাণঘাতকী। কাৰণ খাতি মানুহে অনায়াসে স্বাৰ্থ ত্যাগ কৰিবলৈ প্ৰস্তুত হয়, কিন্তু আদৰ্শ বৰ্জন কৰিবলৈ কোনোপধ্যে মান্তি নহয়। এই সংগ্ৰামত সন্ধি নাই— কম্প্ৰমাইজ হ’বই নোৱাৰে।” তাৰ বলি হৈছে কিছু শিল্পী।

তচদ্দুক ইউছুফে সংলাপ ভাল পালেই বাক্যটোৰ গুৰুত্ব দিবলৈ তলত আঁচ টানি দিছিল। ‘দহন’ত অমিতাভেই নিজৰ মনৰ ভাব ‘দৃষ্টিপাত’ৰ ভাবেৰে বুজাবলৈ যাওঁতে কৈছিল—

অমিতাভ: প্ৰেমে জীৱনক দিয়ে ঐশ্চৰ্য্য, মৃত্যুক দিয়ে মহিমা; কিন্তু প্ৰবঞ্চিতক দিয়ে কি? কোৱা?
[ ৫৩ ]

মৈত্ৰেয়ী: দুখ।
অমিতাভ: নহয়! দহন—। যি জুইয়ে পোহৰ নিদিয়ে— অথচ দিয়ে আনৰ্গল দহন। এই দহনৰ পৰা মুক্তি পাবলৈ কোনোৱে লয় হাঁহিৰ আশ্ৰয়; কোনোৱে লয় মদৰ!

এই সংলাপ কেইটা আৰু তলত লিখা কেইটাও তেওঁৰ কোঠাৰ ভিতৰত কেনেকৈ ডাঙৰ ডাঙৰকৈ মঞ্চত অভিনয় কৰাৰ দৰে বুকুৰ ভিতৰৰ পৰা যেন পঢ়িছিল, মোৰ সদায় মনত থাকিব।

অমিতাভ: হৃদয়হীনা নাৰীৰ ছলনাকেই সত্য বুলি বিভ্ৰান্ত হয় কোনো পুৰুষ। পৰিহাসক ভাবে প্ৰেম— অভিনয়ক ভাবে সৰল সত্য।

 চিঞৰি উঠিছিল বাপুদাই “বকুল– good.”

অমিতাভ: “প্ৰেম নাৰীৰ প্ৰয়োজন এখন সস্তীয়া চাদৰ মেখেলাৰ দৰেই। নিতান্ত সাধাৰণ। তাত উল্লাস, বিস্ময় আৰু উচ্ছলতা নাথাকে; কিন্তু পুৰুষৰ কাৰণে প্ৰেম হৈছে জীৱনৰ দুৰ্লভ বিলাস। দুখীয়াৰ ঘৰৰ ছোৱালী এজনীয়ে পোৱা দামী বেনাৰসী শাড়ীৰ দৰেই ঐশ্চৰ্য্যময়।— যি সেই প্ৰেম পায় অনেক [ ৫৪ ] দাম দিহে পায়। সেই কাৰণেই পুৰুষেই কৰিব যুগে যুগে ছেক্ৰিফাইছ!”

বাপুদা উঠি গৈ বাহিৰত চছমাযেৰ মচি অলপ সময় ছিগাৰেট খাই আকৌ আহি বহিছিলহি। মৰিবৰ সময়ত যেন কাৰোবাৰ এটোপাল চকুলো দেখি মৰিব পাৰো

 আমি নাটক লিখোঁ। কাহিনীয়ে যি বিচাৰে হৃদয়ৰ উম দি চৰিত্ৰৰ মাজেৰে তাকে লিখোঁ। ‘দহন’ত মই শৰৎ চাটাৰ্জীৰ ‘দেবদাস’ৰ দেবদাসে চন্দ্ৰমুখীৰ ঘৰত মদ খোৱা এটা অংশ দিছিলোঁ। বাপুদাই কিন্তু ‘দেৱদাস’ৰ প্ৰমথেশ বৰুৱাই লিখা চিত্ৰনাট্যৰ অংশটোহে দিবলৈ কৈছিল। তেওঁ মুখস্থ মাতি গৈছিল। যিহেতু চিত্ৰনাট্যৰ কথাখিনি মূলতকৈ অলপ বেলেগ আছিল মই মই সেইদৰে লিখা নাছিলোঁ। পিচদিনা বহীখন লৈ যাওঁতে বাপুদাই লিখি থোৱা পাইছিলোঁ— ‘তবু যদি কখনও দেৱদাসেৰ মত এমন হতভাগ্য অসংযমী পাপিষ্ঠেৰ সহিত পৰিচয় ঘটে, তাহাৰ জন্য একটু প্ৰাৰ্থনা কৰিও। মৰিবাৰ সময় যেন কাহাৰও একফোঁটা চোখেৰ জল দেখিয়া সে মৰিতে পাৰে।’ তেখেতৰ দিনে দিনে ক্ষয় যোৱা মনৰ কথা বুজি মোৰ অন্তৰখন হাহাকাৰ কৰি উঠিছিল। ১৯৮১ [ ৫৫ ] চনৰে পৰা অবস্থাৰ মেৰপাকত পৰি মনৰ ভাৰসাম্য মাজে মাজে হেৰুৱাই পেলোৱাৰ ইংগিত বুজি মই যি পাৰোঁ আশাৰ কথা কৈছিলোঁ। নাটক আৰু চলচ্চিত্ৰৰ মাজত অন্ততঃ শিল্পীজনক সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ।

 

লেডি মেফিষ্টফিলিছ

 যেতিয়া মই নাটকত চৰিত্ৰৰ প্ৰয়োজনত এগৰাকী নাৰী সম্বন্ধে নিৰাশাজনক সংলাপ দিছিলোঁ তেতিয়াই জীৱনৰ শেষৰ ফাললৈ তেওঁ চকু মুখ উজ্জ্বল কৰে “ঠিক কথা, গুড ডাইলগ্’ বুলি কৈছিল;

 মোৰ ‘গতিৰ নাম পয়গম্বৰ’ নাটকখন সম্পৰ্কে তেখেতে খুউব উচ্চ ধাৰণা কৰিছিল। গুৱাহাটীৰ ‘ঐক্যতান’ৰ পবিত্ৰকুমাৰ ডেকাৰ লগত আলোচনা কৰি ‘মিউজিক’ আৰু লাইট ঠিক কৰাৰ কথা পাতিছিলোঁ। নাটকৰ প্ৰথম পাতটোত সেই কথা লিখি থৈ গৈছে। শ্ৰীমুকুট ভূঞা, শ্ৰীচুনী ভট্টাচাৰ্য্য, শ্ৰীৰাজেন শৰ্মা আৰু শ্ৰবিনিত বৰাই এই নাটকখন তেখেতৰদ্বাৰা কৰাবলৈ চেষ্টা কৰিছিল। তেওঁ নিজেও মূল ভূমিকাত অভিনয় কৰাৰ উপৰিও পৰিচালনা কৰিব বুলি কৈছিল। মূল নায়িকাৰ চৰিত্ৰটোত স্মৃতিৰেখা শইকীয়া (বেবী)ই অভিনয় কৰাৰ কথা আছিল। পূবেৰুণ থিয়েটাৰৰ পৰা ঘূৰি [ ৫৬ ] আহি এই আগষ্ট মাহৰ শেষৰ ফালৰ পৰা ৰিহাৰ্ছেল কৰাৰ কথা আছিল। এই নাটকৰো কেইটামান সংলাপ তলত আঁচ পাৰি দিয়াৰ উপৰিও ঘেৰি দিছে ৰঙা বলপেনেৰে।

ভাস্কৰ: …“জীৱনত পদে পদে এই ধৰণৰ পুৰুষক নাৰীয়ে মহৎ আৰু অসাধাৰণ হোৱাৰ পৰা বিচলিত কৰিছে। সেই কাৰণে মই প্ৰত্যেকজন দুৰাকাংক্ষী পণ্ডিত বা শিল্পীক বিপথে নি ধ্বংস কৰিবৰ কাৰণে তেওঁৰ ঠিক পিচতে এটি নাৰীৰূপী মেফিষ্টফিলিছ চয়তানৰ আবিৰ্ভাৱ দেখোঁ।”

গ্যেটেৰ ‘ফাউষ্ট’খনত আছে বিদগ্ধ পণ্ডিত ফাউষ্টক ধ্বংসৰ পথলৈ লৈ যাবলৈ ‘ডেভিল’ বা চয়তানে মেফিষ্টফিলিছৰ ছদ্মবেশত আহি প্ৰতাৰণা কৰে। সাধাৰণ মানুহৰ জীৱনতো এনে মেফিষ্টফিলিছৰ অভাৱ নহয়। বাপুদাক মই কৈছিলোঁ— চয়তানক চয়তানৰূপে জনাৰ পিচত প্ৰকৃত পুৰুষে ডেভিলৰ ওচৰত আত্মসমৰ্পণ কৰিব নালাগে। মই ভাবিছিলোঁ মঞ্চৰ মানুহজনক মঞ্চৰ মাজেৰে জীয়াই থাকিবলৈ দিব লাগে।

 
[ ৫৭ ] ট্ৰেজেডি

 খণ্ড ঘটনাৰ সমষ্টিয়েই অখণ্ড একোটি জীৱন। পৃথিৱীত আটাইতকৈ ভাল আৰু সৎ মানুহজনেও কেতিয়াবা খণ্ড ঘটনা এটাত সামান্য ভুল ত্ৰুটি কৰিব পাৰে। নায়কৰ জীৱনলৈ নামি আহে নানা বিপৰ্য্যয়। এটা ভুলে আৰু এটা ভুললৈ মানুহক টানি লৈ যায়। শেষত মৃত্যু পৰ্য্যন্ত হয়। ছেক্সপিয়েৰে বহু নাটকত এনে ট্ৰেজেডিৰ কথা কৈ গৈছে। তচদ্দুক ইউছুফে কিন্তু প্ৰায়েই কৈছিল, নাটকত এনে ট্ৰেজেডি হ’বলৈ মানুহৰ মৃত্যু নহলেও হয়। এসময়ত আশাৰ কথা, জীৱনৰ কথা আৰু প্ৰেমৰ কথা ভালপোৱা নাটকৰ নায়ক তচদ্দুক ইউছুফ মানুহজনৰ জীৱন শেষত এটা বাস্তৱ ট্ৰেজেডিত কেনেকৈ যে অন্ত হ’ল! সেইখিনিতে মোৰ উত্তৰ হেৰাই যায়।

এসময়ত, কিছুমান মানুহে মোক নাটক মঞ্চস্থ কৰিবলৈ যাওঁতে মিছা কথাৰে মিছা অভিযোগেৰে মোক বিপৰ্য্যয়ত পেলাবলৈ অহৰহ চেষ্টা চলাই থকা কথাবোৰ মুকুট ভূঞা, ডঃ কমল লস্কৰহঁতৰ পৰা জানি তেওঁ মোক কৈছিল— “কোনো চিন্তা নকৰিবা, নিজৰ কাম কৰি যোৱা— “The strongest man in the world is he, who [ ৫৮ ] stands most alone.” কিন্তু তেওঁতো নিজে অকলশৰীয়া হৈ দৃঢ়ভাবে থিয় হৈ থাকিব নোৱাৰিলে!

 

আব্বা…… বলানা

 তচদ্দুক ইউছুকে সকলোকে এৰিলেও তেওঁৰ প্ৰায় সাত বছৰীয়া একমাত্ৰ সন্তান ‘তাব্ৰিজ’ক এৰিব নোৱাৰিছিল। ৰাতি অকলশৰে শুই থাকোঁতে হঠাৎ যেন তাব্ৰিজৰ মাত শুনি উঠি বহিছিল আৰু উজাগৰী নিশা কটাই দিছিল। তেতিয়া তেওঁৰ নিচাৰ প্ৰয়োজন হৈছিল। ছিগাৰেটৰ পিছত ছিগাৰেট খাই খাই বেলি ওলোৱালৈ বাট চাইছিল। আগতে, মোৰ মনত আছে বাপুদা আহি মুকুট ভূঞাৰ ঘৰত বহি বাতৰি কাকত এখন হাতত ল’লেই তাব্ৰিজ দৌৰি আহি কৈছিল— ‘আব্বা?… ব’লানা! বাপুদাই মৰমেৰে কৈছিল— “অলপ পিছত যাম”। তাব্ৰিজে আকৌ কৈছিল— “ব—লা—না আব্বা?… আব্বা, মুকুট দাদাই এইয়া ছবি আঁকি দিছে— এখন গাড়ী— এটা ঘৰ!… আব্বা… বলানা…” বাপুদাৰ চকুত পিতৃত্বৰ গভীৰ চেনেহ উপচি পৰিছিল। তাব্ৰিজক হাতত ধৰি ঘৰলৈ লাহে লাহে আগবাঢ়িছিল। এহাতে পিতৃত্বৰ মৰমৰ পৰা বঞ্ছিত হৃদয়, আনহাতে বাপুদাই বিচাৰে নিজৰ কাষত নিজ পুত্ৰক! এটা দোমাজা! এই মৰমৰ আকৰ্ষণ [ ৫৯ ] ছিঙিব নোৱৰাৰ কাৰণেই সেই মৰম বা আকৰ্ষণেই বাপুদাক মৃত্যুৰ মুখলৈ লৈ গ’লনেকি?

 

হে ভগৱান অতীত পাহৰিব দিয়া

জীৱনত বহুত অঘাত পাইছোঁ। স্মৃতিৰ অন্তৰালত সেইবোৰ কথা ঢাকি থব খোজোঁ; কিন্তু সেই চৰম আঘাতৰ কথাবোৰ কিয় বাৰে বাৰে দিনে ৰাতিয়ে উভতি আহি মোক ভীষণ আঘাত দিয়ে? কিয়? জীৱনত যাকে বুজি উঠিছোঁ তেৱেঁই আঁতৰি যাব কিয়? তেওঁক দিয়া প্ৰতিশ্ৰুতি মই ৰক্ষা কৰিব নোৱাৰোঁ কিয়? বেদনাত মন কঁপি উঠাৰ বাহিৰে মোৰ কৰিবলৈকো একো নাথাকে। যিজনক মই জীৱনলৈ ঘূৰাই আনিবলৈ বিচাৰিছিলোঁ যিজনক মই বচাবলৈ চেষ্টা কৰিছিলোঁ, তেৱেঁই মৃত্যুৰে মোক নিজে বাচি থাকিবলৈ যুদ্ধত নমাব বুলি মই বুজা নাছিলোঁ। এৰা, পাহৰিব খুজিলেই সকলো কথাই পাহৰিব নোৱাৰি!

 যেতিয়াই দুখত মই ভাঙি গৈছোঁ, আদৰ্শৰ কাৰণে অবিৰাম সংগ্ৰাম কৰি ভাগৰি গৈছোঁ তেতিয়াই কৈছিল “Don’t be sentimental my boy”– মুকুট ভূঞাহঁতে মোক অনবৰত প্ৰেৰণা দিছে। জীৱনত জীয়াই থাকি সংগ্ৰাম কৰাৰ কথা কৈছে। বাপুদায়ো কৈছিল— “if you are [ ৬০ ] not optimistic and bring hope to people no one will welcome you.” কিন্তু তেতিয়া তেওঁৰ মনৰ স্থিৰতা নাছিল। আমাৰ নিজৰ ভঙা অন্তৰ লৈ মুকুটক প্ৰেৰণা দিছিলোঁ। ধেমালি কৰিছিলোঁ। চলচ্চিত্ৰৰ লাইনত বম্বেলৈ সকলো সুবিধা থকা সত্বেও নোযোৱাৰ কাৰণে এদিন বাপুদাৰ ঘৰত মই আৰু বাপুদাই এটা plan কৰি মুকুটক স্বামী ‘মুকুটানন্দ’ নাম দি ‘স্বামীজী’ হ’বলৈ ধেমালি কৰিছিলোঁ। মুকুটৰ ঘৰৰ আগত ‘স্বামী মুকুটানন্দ’ নামে ছাইনবৰ্ড দিবলৈ বাপুদাই মুকুট ভূঞাক কৈছিল। কিন্তু কি Irony of fate— হায় Destiny ভাগ্য!— নিজেই জীৱনৰ সকলো আশা আকাংক্ষা বাদ দি মুক্ত হৈ উৰি গুচি গ’ল। ১০ আগষ্টত কলংখনলৈ চাই থাকোঁতে কিয় বাৰে বাৰে বাপুদাদাৰ সেই কথাটো মনত পৰে?

“মুঝে ইয়ে কচফ অজীজ হ্যায়, ইহা জিতো লুংগা কৰাৰ চে।
মুঝে অব চমন মে না চলো, ম্যয় ঘাবৰা জায় হুঁ বহাৰ চে॥” (এই বন্দীত্বই মোৰ ভাল লাগে, ইয়াতে শান্তিতে থাকিব পাৰিম। মোক আকৌ ফুলৰ বাগিছালৈ লৈ নাযাবা, মুকলি সৌন্দৰ্য্য মোৰ আৰু সহ্য নহয়)।
[ ৬১ ] তেওঁ যেন মাজে মাজে ক’ব বিচাৰিছিল—

“গোটেৰ জীৱনত পোৱাৰ দৰে এনে এগৰাকী জ্যোতিৰ্ময়ী নাৰীৰ স্থিতি মোৰ জীৱনত বিচাৰিছিলোঁ যি মোক বাহুৰ বন্ধনত লৈ মোৰ আত্মাৰ জ্যোতিত ঝংকাৰ তুলিব পাৰিলেহেঁতেন।…… মোৰ দৃষ্টিত নাৰী সুন্দৰ আৰু সত্যৰ এটি মহিয়সী। বহ্নিশিখা। বিশ্বৰ চিৰ প্ৰবাহিকা শক্তিৰ এক সুৰীয়া তৰংগ।… পুৰুষ যদি মধ্য আকাশৰ দুৰ্জয় স্থিৰ শক্তি, নাৰী তাৰেই এক অবিচ্ছেদ গতিৰ বিদুৎ-প্ৰবাহ”— কিন্তু বাপুদাই কি পালে? সময়ে তাৰ উত্তৰ দিব। এইটো ঠিক, সূক্ষ্ম অনুভূতিশীল শিল্পীসকল হৃদয়ৰ একাগ্ৰ বাসনাৰে এগৰাকী আত্মাৰ সহোদৰো বিচাৰে। পিচে বিচাৰিলেই পায়নে? শিল্পীসকলে মানুহৰপৰাও অকণমান মৰম, অকণমান সহানুভূতি বিচাৰে; কিন্তু পায় কেইজনে? সুন্দৰৰ উপাসক মহান কবি কিটছ এপ জীৱন কালত কোনো স্বীকৃতি পোৱা নাছিল। সেই কাৰণে তেওঁ সমাধিত লিখি থবৰ কাৰণে এষাৰ কথা মৃত্যুৰ আগতেই ৰচনা কৰি থৈ গৈছিল। কথাষাৰ আছিল— Here lies one whose name was writen in water. “যাৰ নাম পানীৰ ওপৰত লেখা হৈছিল তেওঁ ইয়াতে শুই আছে”। [ ৬২ ] ঘোষক হিচাৰে তেখেতৰ যিমান অপূৰ্ব দক্ষতা অছিল— তাৰ স্বীকৃতি বা সেইয়া সম্পূৰ্ণ প্ৰকাশ কৰিবলৈ সুবিধা তেওঁ পাইছিলনে? অশ্ৰু অঞ্জলি দি সমাধি চাই চাই আকৌ মনত পৰিছিল তেওঁ মাজে মাজে কোৱা এটা কবিতা—

“অকেলা হুঁ, পৰ আবাদ কৰ দেতা হু বিৰনা বহোত্ ৰোয়েগী মেৰে বাদ্ ইয়ে শামে—তনহাই।” — (“মই অকলে, কিন্তু নিৰ্জনতাক মই ভৰাই ৰাখোঁ। মোৰ পিচত এই নিৰ্জন সন্ধ্যাই মোৰ কাৰণে কান্দিব”)

 

মানবতাৰ কংকাল

মই নাজানো তেওঁ এতিয়া ক’ত আছে! তথাপি মই তেওঁক আকৌ এবাৰ শুনাইছোঁ— যতে আছে তাতে শুনক— It silly got to hope— আশা কৰাতো পাপ।

“I am the guest of no one at the end of my day…
The long night is before me— and I am tired.”
[ ৬৩ ] মই এইবোৰ শুনিবলৈ বিচৰা নাই—

সেই ‘দি ওল্ড মেন এণ্ড দি ছিৰ’ বৃদ্ধৰ দৰে যুগৰ সৰ্বগ্ৰাসী হাঙৰৰ কবলৰ পবা মানবতাৰ কংকাল উদ্ধাৰ কৰোঁতেই ক্ষান্ত নাথাকি সেই কংকালত আমি প্ৰাণ সঞ্চাৰ কৰি নতুন সৃষ্টি কৰিব লাগিব। আমাৰ কাম বহুত— সময় বৰ কম। সেই কাৰণেই শিল্পী তচদ্দুক ইউছুফ— আমাৰ ‘বাপুদা’ গুচি যোৱাত মোৰ খং উঠিছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।