পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বলৈ নিচাৰ প্ৰয়োজন আছে। এই কথাখিনি কওঁতে তেওঁক অত্যন্ত বিমৰ্ষ দেখা গৈছিল। তেখেতৰ সেই দৰ্শন মই মানি লোৱা নাছিলোঁ। এই ‘দহন’ নাটকৰ সম্পৰ্কতে মই তেখেতৰ জীৱনৰ কিছু সংঘাত আৰু মানসিক দ্বন্দৰ কথা জানিব পাৰিছিলোঁ। ‘দহন'ত স্বামী-স্ত্ৰীৰ মদখোৱাক লৈ কিছু মতান্তৰ ঘটাৰ কথা আছে। লগৰ সকলোবিলাক অধ্যাপক পিক্‌-নিক্‌ খাবলৈ গৈছিল। কিন্তু অমিতাভ নগ’ল। আগতে তেওঁৰ স্ত্ৰী মৈত্ৰেয়ীৰ সন্তান এটা হোৱাৰ পিচত ডাক্টৰৰ পৰামৰ্শমতে মৈত্ৰেয়ীক টনিকৰ দৰে খুৱাবলৈ ব্ৰাণ্ডিৰ বটল এটা আনি থোৱা আছিল। অমিতাভে সেইটো উলিয়াই আনি অলপ খাই চাবলৈ মন কৰে। স্ত্ৰীৰ অভিমানৰ সংঘাটপূৰ্ণ মুহূৰ্তৰ সংলাপ এটাত ৰৈ বাপুদাই মোক সুধিছিল— “বাৰু কোৱাচোন, নিজৰ মৰমৰ স্ত্ৰীক স্বামীয়ে অতিকৈ মৰমেৰে কি বুলি সম্বোধন কৰিব পাৰে?”

 মই মনতে ভাবি আছিলোঁ। মই লগত নিয়া বহীখনৰ এটা পাতত তেওঁ লিখি দিছিল ‘মোৰ মৰমৰ মানুহজনী’।

 তেতিয়া তেওঁ নগাঁৱৰ ঘৰত অকলশৰে থাকে। তেওঁৰ মৰমৰ মানুহজনী ছিলঙত!

 অমিতাভে বাৰে বাৰে তেওঁৰ স্ত্ৰীক অকণমান

৪১