পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

the grass, the waters and the sky” (“নিজনতাৰ মাজত অথবা কোনো পৰিত্যক্ত পৰিবেশত যেতিয়া আমাক মানুহে বেঢ়ি থয় অথচ সিহঁতে আমাৰ প্ৰতি কোনো সহানুভূতিয়েই প্ৰকাশ নকৰে, তেতিয়া আমি ফুল, ঘঁহনি, জলাধাৰ আৰু আকাশক ভাল পাওঁ…”)

 আমাৰ সমাজত শিল্পকলা সকলোতে “স্বাৰ্থৰ লগত স্বাৰ্থৰ হৈছে সংঘাত— লোভৰ লগত লোভৰ সংগ্ৰাম নহয়, যুদ্ধ হয়— আদৰ্শৰ লগত আদৰ্শৰ তেতিয়া সেই সংঘাত হয় দীৰ্ঘস্থায়ী আৰু প্ৰাণঘাতকী। কাৰণ খাতি মানুহে অনায়াসে স্বাৰ্থ ত্যাগ কৰিবলৈ প্ৰস্তুত হয়, কিন্তু আদৰ্শ বৰ্জন কৰিবলৈ কোনোপধ্যে মান্তি নহয়। এই সংগ্ৰামত সন্ধি নাই— কম্প্ৰমাইজ হ’বই নোৱাৰে।” তাৰ বলি হৈছে কিছু শিল্পী।

তচদ্দুক ইউছুফে সংলাপ ভাল পালেই বাক্যটোৰ গুৰুত্ব দিবলৈ তলত আঁচ টানি দিছিল। ‘দহন’ত অমিতাভেই নিজৰ মনৰ ভাব ‘দৃষ্টিপাত’ৰ ভাবেৰে বুজাবলৈ যাওঁতে কৈছিল—

অমিতাভ: প্ৰেমে জীৱনক দিয়ে ঐশ্চৰ্য্য, মৃত্যুক দিয়ে মহিমা; কিন্তু প্ৰবঞ্চিতক দিয়ে কি? কোৱা?


৪৪