চনৰে পৰা অবস্থাৰ মেৰপাকত পৰি মনৰ ভাৰসাম্য মাজে মাজে হেৰুৱাই পেলোৱাৰ ইংগিত বুজি মই যি পাৰোঁ আশাৰ কথা কৈছিলোঁ। নাটক আৰু চলচ্চিত্ৰৰ মাজত অন্ততঃ শিল্পীজনক সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ।
লেডি মেফিষ্টফিলিছ
যেতিয়া মই নাটকত চৰিত্ৰৰ প্ৰয়োজনত এগৰাকী নাৰী সম্বন্ধে নিৰাশাজনক সংলাপ দিছিলোঁ তেতিয়াই জীৱনৰ শেষৰ ফাললৈ তেওঁ চকু মুখ উজ্জ্বল কৰে “ঠিক কথা, গুড ডাইলগ্’ বুলি কৈছিল;
মোৰ ‘গতিৰ নাম পয়গম্বৰ’ নাটকখন সম্পৰ্কে
তেখেতে খুউব উচ্চ ধাৰণা কৰিছিল। গুৱাহাটীৰ
‘ঐক্যতান’ৰ পবিত্ৰকুমাৰ ডেকাৰ লগত আলোচনা
কৰি ‘মিউজিক’ আৰু লাইট ঠিক কৰাৰ কথা
পাতিছিলোঁ। নাটকৰ প্ৰথম পাতটোত সেই কথা
লিখি থৈ গৈছে। শ্ৰীমুকুট ভূঞা, শ্ৰীচুনী ভট্টাচাৰ্য্য,
শ্ৰীৰাজেন শৰ্মা আৰু শ্ৰবিনিত বৰাই এই নাটকখন
তেখেতৰদ্বাৰা কৰাবলৈ চেষ্টা কৰিছিল। তেওঁ
নিজেও মূল ভূমিকাত অভিনয় কৰাৰ উপৰিও
পৰিচালনা কৰিব বুলি কৈছিল। মূল নায়িকাৰ
চৰিত্ৰটোত স্মৃতিৰেখা শইকীয়া (বেবী)ই অভিনয়
কৰাৰ কথা আছিল। পূবেৰুণ থিয়েটাৰৰ পৰা ঘূৰি
৪৭